যীচুৰ মনোবৃত্তিক অনুকৰণ কৰক
১ যদিও আমি ঈশ্বৰৰ পুত্ৰ যীচুক কেতিয়াও দেখা নাই তথাপিও তেওঁৰ জীৱনী আৰু পৰিচৰ্য্যাৰ বিষয়ে পঢ়ি তেওঁৰ প্ৰতি প্ৰকৃত প্ৰেম প্ৰকাশ কৰিব পাৰিছোঁ। (১ পিত. ১:৮) তেওঁ নিজ পিতৃৰ আজ্ঞাকাৰী হৈ স্বৰ্গত থকা তেওঁৰ উচ্চস্থানক ত্যাগ কৰি পৃথিৱীলৈ আহিছিল। মানৱৰূপে পৃথিৱীত জন্ম লৈ তেওঁ নিস্বাৰ্থতাৰে আনক পৰিচৰ্য্যা আৰু সকলো মানৱজাতিৰ বাবে নিজৰ জীৱন বলিদানৰূপে উৎসৰ্গ কৰিলে। (মথি ২০:২৮) সেয়েহে ঈশ্বৰৰ বাক্যই আমাক এইদৰে উৎসাহিত কৰিছে: “খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে তোমালোকতো হওক।” তেওঁ দেখুৱা স্বাৰ্থত্যাগী মনোবৃত্তিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?—ফিলি. ২:৫-৮.
২ যেতিয়া ক্লান্ত অনুভৱ কৰোঁ: যীচু যদিও সিদ্ধ আছিল তথাপিও তেওঁ ক্লান্ত হৈ পৰিছিল। এবাৰ তেওঁ “যাত্ৰা কৰি কৰি শ্ৰান্ত” হোৱাৰ স্বত্ত্বেও এগৰাকী চমৰীয়া তিৰোতাক সম্পূৰ্ণকৈ সাক্ষী দিছিল। (যোহ. ৪:৬) বৰ্তমান সময়ত বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে সেই একেই পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয়। গোটেই সপ্তাহে চাকৰি কৰাৰ পিছত ইমানেই ক্লান্ত বা ভাগৰি পৰে যে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ অসুবিধা হয়। তথাপিও, যদি আমি পৰিচৰ্য্যা কাৰ্য্যত নিয়মিতৰূপে ভাগ লওঁ তেনেহʼলে ইয়ে আমাক আধ্যাত্মিকৰূপে সতেজ কৰি তুলিব।—যোহ. ৪:৩২-৩৪.
৩ আন এক সময়ত যীচু আৰু তেওঁৰ শিষ্যসকলে অলপ সময় জিৰণি লʼবলৈ এডোখৰ নিৰ্জ্জন ঠাইলৈ গৈছিল। কিন্তু এক বৃহৎ সমূহে তেওঁলোকক দেখি সাক্ষাৎ কৰিবলৈ আগবাঢ়ি আহিল। তেওঁলোকক দেখি যীচুৱে বিৰক্ত হোৱাৰ পৰিৱৰ্তে “তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল” আৰু “তেওঁবিলাকক অনেক উপদেশ দিবলৈ ধৰিলে।” (মাৰ্ক ৬:৩০-৩৪) এটা বাইবেল অধ্যয়ন পৰিচালনা আৰম্ভ আৰু একেৰাহে চলাই যাবলৈ সেই একেইদৰে মনোবৃত্তি ৰাখা আৱশ্যক। ইয়াৰ বাবে নেৰানেপেৰা প্ৰচেষ্টা আৰু লোকসকলৰ প্ৰতি প্ৰকৃত প্ৰেম থকা আৱশ্যক। যদি আপুনি বৰ্তমানে কোনো বাইবেল অধ্যয়ন পৰিচালনা কৰা নাই, তেন্তে একেৰাহে সুযোগ বিচাৰি থকাৰ আশা ত্যাগ নিদিব।
৪ আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়ক: সহযোগী অগ্ৰগ্ৰামী প্ৰচাৰকৰূপে সেৱা কাৰ্য্যই আমাক আধ্যাত্মিক বিষয়বোৰক জীৱনত প্ৰথম স্থান দিবলৈ সহায় কৰিব পাৰে। এই বিষয়ে এগৰাকী যুৱতী ভনীয়ে এইদৰে লিখিছিল: “মোৰ এগৰাকী বান্ধৱীৰ মাকে আমাৰ দুয়োজনীকে এমাহৰ বাবে তাইৰ সৈতে সহযোগী অগ্ৰগামী প্ৰচাৰ কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে। আমি তাইৰ সৈতে সহযোগী অগ্ৰগামী প্ৰচাৰ কাৰ্য্য কৰি অতি আনন্দিত হʼলোঁ। মই আমাৰ মণ্ডলীৰ খ্ৰীষ্টান ভাই-ভনীক ভালকৈ জানিব পাৰিলোঁ আৰু অতি কম সময়ৰ ভিতৰত তেওঁলোকক নিজৰ পৰিয়ালৰ দৰে অনুভৱ কৰিব ধৰিলোঁ। তদুপৰি মই আন লোকৰ সৈতে যিহোৱাৰ বিষয়ে কথোপকথন কৰি আৰু আশ্চৰ্য্যজনক ঈশ্বৰৰ ৰাজ্যৰ সত্যতাৰ বিষয়ে শিকাই অতি আনন্দ লাভ কৰিলোঁ। এই সকলোবোৰে মোক এনে বোধ কৰালে যে মই যেন যিহোৱা আৰু তেওঁৰ সঙ্গঠনৰ সৈতে অধিক কাষ চাপিলোঁ।”—গীত ৩৪:৮.
৫ আমাৰ সকলোৱে অসিদ্ধ শৰীৰ আৰু যিহোৱাৰ মন আনন্দিত কৰা ইচ্ছাৰ মাজত হোৱা যুদ্ধৰ সম্মুখীন হʼবলগীয়া হয়। (ৰোমী. ৭:২১-২৩) গতিকে আমি অৱশ্যেই এই জগতৰ অনিচ্ছাকৃত মনোবৃত্তিক প্ৰতিৰোধ কৰা উচিত। (মথি ১৬:২২, ২৩) যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ দ্বাৰা আমাক তেনে মনোবৃত্তিক প্ৰতিৰোধ কৰাত সফল হʼবলৈ সহায় কৰিব পাৰে। (গালা. ৫:১৬, ১৭) এতেকে আঁহক আমি ঈশ্বৰৰ ধাৰ্ম্মিকতাপূৰ্ণ নতুন জগতলৈ অপেক্ষা কৰি থকাৰ এই সময়ছোৱাত সকলোৱে খ্ৰীষ্টৰ মনোবৃত্তিক অনুকৰণ কৰি আমাৰ সকলো ব্যক্তিগত ইচ্ছাতকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ক যেন জীৱনত প্ৰথম স্থান দিওঁহঁক।—মথি ৬:৩৩; ৰোমী. ১৫:১-৩.
[Study Questions]
১. যীচুৱে কেনে মনোবৃত্তি প্ৰকাশ কৰিলে?
২. বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে কেনে প্ৰত্যাহ্বানৰ সম্মুখীন হয় আৰু এই প্ৰত্যাহ্বানত সফলতা পাবলৈ তেওঁলোকক কিহে সহায় কৰিব পাৰে?
৩. শিকাবলৈ আগ্ৰহী থকা যীচুৰ মনোভাৱক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?
৪. সহযোগী অগ্ৰগামী প্ৰচাৰ কাৰ্য্যই খ্ৰীষ্টৰ মনোবৃত্তি বিকশিত কৰাত আমাক কেনেকৈ সহায় কৰে?
৫. যীচুৰ মনোবৃত্তিক অনুকৰণ কৰিবলৈ আমাৰ সকলোৱে কিয় নেৰানেপেৰাকৈ চেষ্টা কৰা উচিত?