ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১/১ পৃষ্ঠা ৩২
  • এক বিশেষ ঘোষণা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক বিশেষ ঘোষণা
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • প্ৰশাসন গোষ্ঠী আইনগত নিগমৰ পৰা কেনেকৈ ভিন্ন
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু তেওঁলোকে কি কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • এজন বিশ্বাসী বুদ্ধিমান “দাস”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১/১ পৃষ্ঠা ৩২

এক বিশেষ ঘোষণা

অক্টোবৰ ৭ তাৰিখ, ২০০০ চনত পেনচেলভেনীয়াত থকা ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটিত এক বাৰ্ষিক সভা আয়োজিত কৰা হয়। এই সভাত থিয়ডৰ্‌ জাৰকেজ আৰু দানিয়েল চিদলীক্‌য়ে যি ভাষণ প্ৰস্তুত কৰিছিল, সেই ভাষণবোৰক আধাৰ কৰি সভাৰ সামৰণিত প্ৰশাসন গোষ্ঠীৰ সভাপতি জন্‌ ই. বাৰ্‌ নামৰ ভাইজনে এক বিশেষ ঘোষণা কৰে।—এই আলোচনীখনৰ ১৯-২৪ আৰু ২৯-৩২ পৃষ্ঠা চাওঁক।

ভাই জন্‌ ই. বাৰে নিজৰ ভাষণত এটা বিষয়ক বিশেষভাৱে উল্লেখ কৰি এইদৰে কয়: “আইনগত নিগমক যিবোৰ দায়ীত্বৰ ভাৰ দিয়া হৈছিল তাতকৈ অধিক দায়ীত্ব ‘বুদ্ধিমান বিশ্বাসী দাস’ বৰ্গ আৰু ইয়াৰ প্ৰশাসন গোষ্ঠীক দিয়া হৈছে। প্ৰত্যেক আইনগত নিগমৰ নিয়মবোৰৰ পৰা আমি দেখোঁ যে তেওঁলোকক কিছুমান সীমিত দায়ীত্ব দিয়া হৈছে। কিন্তু আমাৰ প্ৰভু যীচুৱে পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক আগবঢ়াবলৈ বুদ্ধিমান দাসক তেওঁৰ সকলোবোৰ ‘বস্তুৰ’ ওপৰত গৰাকী পাতিলে।”—মথি ২৪:৪৫-৪৭.

পেনচেলভেনীয়াৰ আইনগত নিগমৰ বিষয়ে, ভাই জন্‌ ই. বাৰে আগলৈ এইদৰে কয়: “১৯৮৪ চনত যেতিয়াৰ পৰা পেনচেলভেনীয়াত থকা ওৱাচ টাৱৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটিক

আইনগত নিগমৰূপে নিযুক্তি দিয়ে, তেতিয়াৰে পৰা এতিয়ালৈকে এই অনুষ্ঠানে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিছে। তথাপি ই মাত্ৰ এক আইনৰ ব্যৱস্থা যাক ‘বিশ্বাসী বুদ্ধিমান দাস’ বৰ্গই আৱশ্যকীয় সময়তহে ব্যৱহাৰ কৰে।”

সেই ভাষণত জাৰকেজ আৰু চিদলীক্‌ নামৰ সেই ভাই দুজনক বুজাই দিয়া হয় যে প্ৰভুৱে “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গক পৃথিৱীত থকা তেওঁৰ সকলোবোৰ বস্তুৰ ওপৰত গৰাকী পতা কাৰ্য্যই ‘অন্য মেৰ’ শ্ৰেণীৰ পৰা উপযুক্ত ভাইসকলক প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে বাছি লবলৈ কোনো প্ৰতিবন্ধ নকৰে। (যোহন ১০:১৬) নতুবা যিহোৱাৰ সাক্ষীসকলে ব্যৱহাৰ কৰা আইনগত অনুষ্ঠানত মাত্ৰ অভিষিক্ত ভাইসকলকহে নিযুক্ত কৰা আৱশ্যক, ইয়াৰ কোনো শাস্ত্ৰীয় কাৰণ নাই।

ভাই জন্‌ ই. বাৰে শ্ৰোতাসকলক উদ্দেশ্য কৰি এইদৰে কয় যে অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সকলোবোৰ আইনগত অনুষ্ঠান বৰ্ডত অধিকৰ্তা আৰু বিষয়া হিচাপে কাৰ্য্য কৰা যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ কিছুমান সদস্যই, স্বইচ্ছাৰে তেওঁলোকৰ নিযুক্ত পদক ত্যাগ কৰে। এই পদৰ বাবে অন্য মেৰ শ্ৰেণীৰ পৰা ভৰসাযুক্ত ভাইসকলক বাছি লোৱা হʼল।

প্ৰশাসন গোষ্ঠীৰ নিৰ্দ্দেশনাৰ অনুসাৰে অন্য মেৰ শ্ৰেণীৰ পৰা যোগ্য ভাইসকলক যিহোৱাৰ সাক্ষীসকলে ব্যৱহাৰ কৰা আইনগত নিগমত অধিকৰ্তাৰূপে নিযুক্ত কৰাটো লাভদায়ক হʼব। এনে কৰাৰ যোগেদি প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে, তেওঁলোকৰ বেছিভাগ সময় গোটেই বিশ্বত থকা ভাই-ভনীসকললৈ আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ আৰু তেওঁলোকৰ আধ্যাত্মিক আৱশ্যকতাসমূহক পূৰণ কৰাত ব্যয় কৰিব পাৰিব।

সভাৰ সামৰণীত সভপতিজনে তাত উপস্থিত থকা আনন্দিত শ্ৰোতাসকলক এইদৰে কয়: “সকলোবোৰ বিধিসঙ্গত আৰু প্ৰশাসন সম্বন্ধীয় দায়িত্ব বহন কৰিবলৈ যদিও অনুভৱী প্ৰাচীনসকলক নিযুক্ত কৰা হৈছে, . . . তেওঁলোকৰ সকলোৱে প্ৰশাসন গোষ্ঠীৰ আধ্যাত্মিক নিৰ্দ্দেশনাৰ অনুসাৰে কাৰ্য্য কৰিব। . . . আমাৰ এনে উমৈহতীয়া প্ৰচেষ্ঠাৰে যিহোৱাৰ ইচ্ছাক পূৰণ কৰিবলৈ আৰু তেওঁৰ মহান নামক সন্মানিত আৰু মহিমান্বিত কৰিবলৈ, সকলোৱে প্ৰাৰ্থনাপূৰ্বক যিহোৱাৰ আশীৰ্ব্বাদৰ বাবে নিৱেদন কৰা আৱশ্যক।”

(w01 1/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক