ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১/১ পৃষ্ঠা ২৯-৩২
  • প্ৰশাসন গোষ্ঠী আইনগত নিগমৰ পৰা কেনেকৈ ভিন্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশাসন গোষ্ঠী আইনগত নিগমৰ পৰা কেনেকৈ ভিন্ন
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এক ঐতিহাসিক বাৰ্ষিক সভা
  • পাহৰিব নোৱাৰা আন এক বাৰ্ষিক সভা
  • যিহোৱাৰ নামক প্ৰথম স্থান দিয়া
  • প্ৰচাৰ কাৰ্য্যৰ প্ৰণালীক উন্নত কৰি ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰা
  • এক বিশেষ ঘোষণা
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু তেওঁলোকে কি কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ কাৰ্য্য কৰে?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১/১ পৃষ্ঠা ২৯-৩২

প্ৰশাসন গোষ্ঠী আইনগত নিগমৰ পৰা কেনেকৈ ভিন্ন

উত্তৰ আমেৰিকাৰ পেনচেলভেনীয়াত ১৮৮৫ চনৰ জানুৱাৰী মাহৰ পৰা ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটিৰ বাৰ্ষিক সভা অনুষ্ঠিত কৰা হয়। ১৯ শতাব্দীৰ পাছতো যেতিয়া অভিষিক্ত খ্ৰীষ্টানসকলক একত্ৰিত কৰাৰ কাৰ্য্য চলি আছিল, তেতিয়া আইনগত নিগমৰ অধিকৰ্তা (ডাৰেক্টৰ) আৰু বিষয়াসকলৰ (অফিচাৰ) স্বৰ্গীয় জীৱনৰ আশা আছিল। আচলতে, প্ৰত্যেক বাৰে সেই পদত নিযুক্ত হোৱা লোকসকলৰ স্বৰ্গীয় জীৱনৰ আশা আছিল।

মাত্ৰ এটা পদতহে পাৰ্থিৱ জীৱনৰ আশা থকা ‘অন্য মেৰ’ বৰ্গৰ উপযুক্ত ভাইকহে নিযুক্ত কৰা হৈছিল। সেইবাবে ১৯৪০ চনত আইন পৰামৰ্শ দিয়া পদৰ বাবে হেডেন চি. কভিংটন নামৰ এজন ভাইক সংস্থাৰ অধিকৰ্তা হিচাপে বাছি লোৱা হয়। তেওঁ পাৰ্থিৱ জীৱনৰ আশা থকা ‘অন্য মেৰ’ বৰ্গৰ সদস্য আছিল। (যোহন ১০:১৬) তেওঁ ১৯৪২-১৯৪৫ চন লৈকে সংস্থাৰ উপ-সভাপতি হিচাপে কাৰ্য্য কৰে। কিন্তু এটা সময়ত ভাই কভিংটনে সেই পদৰ পৰা ত্যাগ দিয়ে। কিয়নো সেই সময়ত এইটো বুজোৱা হʼল যে পেনচেলভেনীয়া নিগমৰ অধিকৰ্তা আৰু বিষয়াসকলৰ সকলো সদস্যই অভিষিক্ত খ্ৰীষ্টান হোৱাৰ আৱশ্যক কিয়নো এইটো যিহোৱাৰ ইচ্ছা। গতিকে তেওঁৰ সলনি লেইমান এ. চুইংগিল নাম আন এজন ভাইক নিযুক্ত কৰে আৰু ফেড্ৰিক ডাব্লিউ. ফ্ৰান্জ নামৰ ভাইক উপ-সভাপতিৰ বাবে বাছি লোৱা হয়।

উত্তৰ আমেৰিকাৰ পেনচেলভেনীয়াত থকা যিহোৱাৰ সাক্ষীসকলৰ ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটিয়ে, অধিকৰ্তা আৰু বিষয়াসকলৰ বাবে মাত্ৰ অভিষিক্ত ভাইকহে নিযুক্ত কৰা আৱশ্যক বুলি কিয় বিশ্বাস কৰিছিল? কিয়নো সেই সময়ত পেনচেলভেনীয়াত থকা আইনগত নিগমৰ অধিকৰ্তা আৰু বিষয়াসকলক যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী হিচাপে জনা গৈছিল আৰু তেওঁলোক ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত ব্যক্তি আছিল।

এক ঐতিহাসিক বাৰ্ষিক সভা

১৯৪৪ চনৰ অক্টোবৰ ২ তাৰিখে পেনচেলভেনীয়াৰ পিটছবাৰ্গত অনুষ্ঠিত হোৱা বাৰ্ষিক সভাত নিৰ্ধাৰিত ছয়টা প্ৰস্তাৱনা আগবঢ়াই নিগমৰ প্ৰণালীক সংশোধনৰ কৰা হʼল। যিহেতু এই প্ৰস্তাৱনাৰ প্ৰথমখনৰ অনুসাৰে নিৰ্বাচনীত মাত্ৰ সেইসকলৰহে ভোট দিবলৈ অধিকাৰ আছিল যিসকলে সন্থাৰ কাৰ্য্যৰ বাবে দান-বৰঙণী দিব। কিন্তু তৃতীয়খন প্ৰস্তাৱনাই এই নিয়মক পৰিহাৰ কৰিলে। এই বিষয়ে বাৰ্ষিক সভাৰ এখন ৰিপৰ্টে এইদৰে কয়: “এতিয়াৰ পৰা সংস্থাৰ সদস্যসকলৰ সংখ্যা ৫০০ জনকতকৈ অধিক নহʼব। . . . মাত্ৰ এনে লোকসকলকহে সদস্যৰূপে নিযুক্তি দিয়া হʼব যিসকল সংস্থাৰ পূৰ্ণ-সময়ৰ সেৱক বা যিহোৱাৰ সাক্ষীসকলৰ সমাজত [মণ্ডলীত] পাৰ্ট-টাইম সেৱক আৰু যাৰ ওপৰত প্ৰভুৰ আত্মা প্ৰতিফলিত হৈছে।”

ইয়াৰ পাছৰ পৰাই সংস্থাৰ অধিকৰ্তাসকলক কাৰ্য্যলয়ত নিযুক্তি কৰা অধিকাৰ সেইসকলক দিয়া হʼল যিসকল সম্পূৰ্ণৰূপে যিহোৱালৈ সমৰ্পিত, লাগিলে তেওঁ যিমানেই দান নিদিয়ক কিয়। কিন্তু সময় অতিক্ৰম কৰা লগে লগেই এই প্ৰণালীক সংশোধন কৰা হয়। এই বিষয়ে যিচয়া ৬০:১৭ পদত এইদৰে কৈছে: “মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু মই তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে, আৰু তোমাৰ কৰগ্ৰাহীবিলাকক ধাৰ্ম্মিকতাস্বৰূপে নিযুক্ত কৰিম।” এই পদত উল্লেখ কৰা ভৱিষ্যতবাণী, যিহোৱাৰ সংগঠনৰ “অধ্যক্ষবিলাকক” আৰু তেওঁলোকক “নিযুক্ত” কৰা কাৰ্য্যক সংশোধন কৰাক নিৰ্দ্দেশিত কৰে।

এই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ যোগেদি সংগঠনত দানিয়েল ৮:১৪ পদৰ শেষৰ ভাগত কোৱা ঈশ্বৰৰ ব্যৱস্থাৰ অনুসৰি “দুই হাজাৰ তিনি শ গধূলি আৰু ৰাতিপূৱাৰ” সময়কাল পূৰ্ণ হʼল। ইয়াত এইটো স্পষ্ট হৈ পৰিল যে এনে এটা সময়ত “ধৰ্ম্মধাম শুচি কৰা যাব।”

কিন্তু ১৯৪৪ চনত হোৱা ঐতিহাসিক বাৰ্ষিক সভাত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বাকী থাকিল। সেই সময়ত পেনচেলভেনীয়াত থকা সংস্থাৰ বৰ্ডৰ সাতজন অধিকৰ্তাক প্ৰশাসন গোষ্ঠী হিচাপে জনা হৈছিল। এতেকে ইয়াৰ অৰ্থ এইটোনে যে প্ৰশাসন গোষ্ঠীত কেতিয়াও সাতজনতকৈ অধিক অভিষিক্ত ব্যক্তি হোৱা উচিত নহয়? যিহেতু, তেতিয়াৰ অধিকৰ্তাসকলক সংস্থাৰ সদস্যসকলৰ দ্বাৰাই বাছি লোৱা হৈছিল। কিন্তু প্ৰশাসন গোষ্ঠীৰ সদস্যসকলক প্ৰত্যেক বছৰে হোৱা বাৰ্ষিক সভাত বাছি লোৱা হৈছিলনে? পেনচেলভেনীয়া চহৰত থকা ওৱাচ্‌ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোৱাইটিৰ অধিকৰ্তা আৰু বিষয়াসকল আৰু প্ৰশাসন গোষ্ঠীৰ সদস্যসকলৰ মাজত কোনো পাৰ্থক্য আছেনে?

পাহৰিব নোৱাৰা আন এক বাৰ্ষিক সভা

১৯৭১ চনৰ অক্টোবৰ মাহৰ ১ তাৰিখে হোৱা বাৰ্ষিক সভাত সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়া হয়। সেই সভাত বক্তাই কয় যে “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গৰ প্ৰশাসন গোষ্ঠীয়ে এশ বছৰতকৈও অধিক সময় ধৰি ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটিক চলাই আহিছে। (মথি ২৪:৪৫-৪৭) পেনচেলভেনীয়াত আইনগত নিগম স্থাপন হোৱাৰ পূৰ্বেই ১৮ শতাব্দীৰ পেন্টাকোষ্ট ৩৩ চনত এক প্ৰশাসন গোষ্ঠীক গঠন কৰা হৈছিল। সেই প্ৰশাসন গোষ্ঠী ৭ জন সদস্যৰে নহয় কিন্তু ১২ জন পাঁচনিৰ দ্বাৰাই গঠিত আছিল। সেই বাৰ্ষিক সভাৰ পাছত আধুনিক সময়ৰ প্ৰশাসন গোষ্ঠীৰ সদস্যসকলৰ সংখ্যাও ১২ জনলৈ বৃদ্ধি কৰা হʼল, যাতে বাইবেলত কোৱা অনুসাৰে ‘যিৰূচালেমত থকা পাঁচনি আৰু বৃদ্ধলোকসকলেৰ’ দৰে তেওঁলোকেও পৰিচালনা কাৰ্য্য কৰে।—পাঁচনিৰ কৰ্ম্ম ১৫:২.

১৯৭১ চনত সেই একেইজন বক্তাই বৰ্ণনা কৰি কয় যে ওৱাচ টাৱাৰ চোচাইটিৰ সদস্যই প্ৰশাসন গোষ্ঠীৰ সদস্যক বাচঁনি কৰিব নোৱাৰে। কিয় নোৱাৰে? বক্তাজনে এইদৰে কয় “কিয়নো, প্ৰশাসন গোষ্ঠীৰ সদস্যসকল হৈছে ‘দাস,’ তেওঁলোকক কোনো মানুহে নিযুক্ত কৰিব নোৱাৰে। . . . সত্য মণ্ডলীৰ মুৰস্বৰূপে থকা যীচু খ্ৰীষ্ট অৰ্থাত যিজন ‘বিশ্বাসী বুদ্ধিমান দাস’ বৰ্গৰ মালিক আৰু প্ৰভু, তেওঁয়েই মাত্ৰ তেওঁলোকক নিযুক্ত কৰিব পাৰে।” স্পষ্টৰূপে ইয়াৰ পৰা এইটো বুজি পোৱা গʼল যে প্ৰশাসন গোষ্ঠীৰ সদস্যসকলক আইনগত নিগমৰ সদস্যসকলে বাঁচনি কৰিব নোৱাৰে।

বক্তাজনে আগলৈ এক বিশেষ উক্তিক উল্লেখ কৰি এইদৰে কয়: “সংস্থাৰ বৰ্ডৰ অধিকৰ্তাৰ বিভাগত থকা সভাপতি, উপ-সভাপতি, অৰ্থকোষৰ সম্পাদক, অৰ্থকোষৰ সহসম্পাদক আদিৰ দৰে প্ৰশাসন গোষ্ঠীত তেনে কোনো বিভাগ নাথাকে। ইয়াত মাত্ৰ এজনহে সভাপতি থাকে।” বহু বছৰ ধৰি পেনচেলভেনীয়া নিগমৰ সভাপতিজনে প্ৰশাসন গোষ্ঠীৰ আটাইতকৈ প্ৰমুখ সদস্য হিচাপে কাৰ্য্য কৰিছিল। কিন্তু এতিয়া এই প্ৰণালীত সংশোধন কৰা হʼল। যিহেতু প্ৰশাসন গোষ্ঠীৰ সকলো সদস্যৰে একেই অনুভৱ আৰু দক্ষতা নাই তথাপিও তেওঁলোকৰ সকলোৰে সমান দায়িত্ব আছে। বক্তাজনে কয়: “এতেকে প্ৰশাসন গোষ্ঠীৰ একেজন সদস্যকে সভাপতি বনোৱাৰ পৰিৱৰ্ত্তে যিকোনো সদস্যকে সভাপতি পদত নিযুক্ত কৰিব পাৰি। . . . সংস্থাৰ সভাপতি বাবে তেওঁলোকৰ ভিতৰতে পালপতি নিৰ্বাচিত কৰা হʼব . . .।”

১৯৭১ চনত হোৱা সেই বাৰ্ষিক সভাত, প্ৰশাসন গোষ্ঠীৰ আত্মা অভিষিক্ত সদস্য আৰু পেনচেলভেনীয়াত থকা নিগমৰ অধিকৰ্তাসকলৰ মাজত থকা পাৰ্থক্যতা স্পষ্টকৈ প্ৰকাশ কৰা হয়। কিন্তু তাৰ পাছতো প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে একেৰাহে সংস্থাৰ অধিকৰ্তা আৰু বিষয়া হিচাপে কাৰ্য্য কৰি আহিছিল। যিহেতু বৰ্তমান সময়ত এইটো প্ৰশ্ন উদয় হয়: পেনচেলভেনীয়াত থকা ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাটিইৰ অধিকৰ্তাৰ বাবে মাত্ৰ প্ৰশাসন গোষ্ঠীৰে যে সদস্য হোৱা আৱশ্যক, ইয়াৰ বিষয়ে বাইবেলত কোনো কাৰণ দেখুৱাইছেনে?

ইয়াৰ উত্তৰ হৈছে, তেনে কোনো কাৰণ বাইবেলত দিয়া নাই। কিয়নো পেনচেলভেনীয়াত থকা মাত্ৰ আইনগত নিগমকহে যে যিহোৱাৰ সাক্ষীসকলে আইন সমিতি হিচাপে ব্যৱহাৰ কৰা নাই। ইয়াৰ ওপৰিও আন আন নিগমসমূহো আছে। তাৰে এখনৰ নাম হৈছে ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটি আৱ নিউ ইয়ৰ্ক, ইনকৰপৰেটেড। ইয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত আমাৰ কাৰ্য্যসমূহ আগবঢ়াবলৈ সুবিধা যোগাইছে। ইয়াৰ যোগেদি স্পষ্টকৈ এইটো জানিব পাৰ গৈছে যে যদিও এই নিগমৰ বেছি ভাগ সদস্যই “অন্য মেৰ” বৰ্গৰ, তথাপিও এই নিগমৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ আছে। বৃটেইনত ব্যৱহাৰ কৰা নিগমটোৰ নাম হৈছে ইন্টাৰনেশ্বনেল বাইবেল ষ্টুডেন্টচ এচোচিয়েশ্বন। আন দেশবোৰতো তেনে ধৰণৰ আইনগত নিগমবোৰক ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যৰ বাবে বিভিন্ন নামেৰে ব্যৱহাৰ কৰা হয়। যদিও এই আইনগত নিগম বিলাকক বিভিন্ন নামেৰে জনা যায়, কিন্তু তেওঁলোকে গোটেই বিশ্বত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ একেটাই ভূমিকা আদায় কৰে। সেই আইনগত নিগমবিলাক যʼতেই নাথাকক কিয় বা যিজনেই অধিকৰ্তা আৰু বিষয়াৰূপে কাৰ্য্য নকৰক কিয় সকলোৱে ঈশ্বৰৰ দ্বাৰা নিৰ্দ্দেশনা পাই আৰু প্ৰশাসন গোষ্ঠীয়ে তেওঁলোকক ব্যৱহাৰ কৰে। ইয়াৰ ওপৰিও প্ৰশাসন গোষ্ঠীয়ে তেওঁলোকৰ আৱেদনসমূহক পুনৰ নিৰীক্ষণ কৰে আৰু স্বীকৃতি দিয়ে আৰু এনে ধৰণৰ নিযুক্তিয়ে ৰাজ্যৰ কাৰ্য্যকো আগবঢ়োৱাত সহায় কৰে।

গতিকে আমাৰ বাবে আইনগত নিগম হোৱাটো অতি আৱশ্যক। আমি তেতিয়াহে ঈশ্বৰৰ বাক্যৰ অনুসাৰে স্থানীয় আৰু দেশৰ আইনৰ সামঞ্জস্যত থাকিম। (যিৰিমিয়া ৩২:১১; ৰোমীয়া ১৩:১) এই আইনগত নিগমসমূহে, বাইবেল, কিতাপ, আলোচনী, ব্ৰচাৰ আৰু আন আন বাইবেল আধাৰিত সাহিত্যক প্ৰকাশ কৰি ৰাজ্যৰ বাৰ্ত্তাক প্ৰচাৰ কৰিবলৈ আমাক সহায় কৰে। ইয়াৰ ওপৰিও এই আইনগত কমিটিয়ে অধিৱেশনৰ বাবে যোগাযোগৰ সুবিধা, সা-সম্পত্তিৰ স্বত্বাধিকাৰ, বিপৰ্য্যৰ সময়ত আগবঢ়োৱা সাহাৰ্য্যৰ দৰে বিভিন্ন কাৰ্য্যত সহায় কৰে। গতিকে এই কমিটিসমূহে আমাক আইন সম্বন্ধীয় সহায় আগবঢ়োৱাৰ বাবে নথৈ ধন্যবাদ কৰিছোঁ।

যিহোৱাৰ নামক প্ৰথম স্থান দিয়া

১৯৪৪ চনত দলীলৰ দ্বিতীয়খন লেখত পেনচেলভেনীয়াত থকা ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটিৰ বিষয়ে এইদৰে কয় যে এই নিগমৰ গুৰুত্বপূৰ্ণ লক্ষ্যবোৰক উন্নত কৰা হৈছে। এতেকে দলীলখনৰ অনুসাৰে সংস্থাৰ মুখ্য উদ্দেশ্য হৈছে: “যীচুৰ খ্ৰীষ্টৰ অধীনত সকলো জাতিকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰি সেই সৰ্বশক্তিমান যিহোৱা ঈশ্বৰৰ নাম, বাক্য আৰু আধিপত্যৰ বিষয়ে সাক্ষী দিয়া।”

১৯২৬ চনৰ পৰা ‘বিশ্বাসী বুদ্ধিমান দাস’ বৰ্গই যিহোৱাৰ নামক প্ৰথম স্থান দিয়ে। মন কৰিবলগীয়া বিষয় এই যে ১৯৩১ চনৰ পৰা যিহোৱাৰ সেৱকসকলে বাইবেল বিদ্যাৰ্থীৰ নামৰ পৰিৱৰ্ত্তে যিহোৱাৰ সাক্ষীৰ নাম গ্ৰহণ কৰে। (যিচয়া ৪৩:১০-১২) সংন্থাই প্ৰকাশ কৰা আলোচনীবোৰতো যিহোৱাৰ নামক বাৰে বাৰে উল্লেখ কৰিছিল। সেই আলোচনীবোৰ হৈছে যিহোৱা (১৯৩৪ চন), “লেট ইয়ৰ নেম বি চেনংটিফাইড্‌” (১৯৬১ চন) আৰু “দ্যা নেশ্বেন চেল নৌ দ্যাট আই এম যিহৌৱা”—হাউ? (১০৭১ চন)।

১৯৬০ চনত বিশেষকৈ যিহোৱাৰ নাম উল্লেখ কৰি ইংৰাজী ভাষাত নিউ ৱৰ্ল্ড ট্ৰানচেলেশ্বন অৱ দ্যা হলি স্ক্ৰিপশ্বাৰ নামৰ বাইবেল প্ৰকাশ কৰা হয়। এই বাইবেলখন মূল হিব্ৰু শাস্ত্ৰৰ পৰা অনুবাদ কৰা হৈছে। সেইবাবে হিব্ৰু শাস্ত্ৰত যি যি স্থানত টেট্ৰাগ্ৰামেটন বুলি উল্লেখ কৰা হৈছিল, ইংৰাজী বাইবেলত সেই সকলোবোৰ ঠাইত যিহোৱা বুলি উল্লেখ কৰিছে। ইয়াৰ ওপৰিও খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰক সাৱধানে নিৰীক্ষণ কৰাৰ পাছত ২৩৭ ঠাইত যিহোৱাৰ নাম উল্লেখ কৰি প্ৰকাশ কৰি উলিয়ায়। এতেকে “দাস” আৰু প্ৰশাসন গোষ্ঠীক যিহোৱাই প্ৰকাশ কৰা বিষয়বোৰক ব্যৱহাৰ কৰিবলৈ আৰু গোটেই বিশ্বতে তেওঁৰ নামক প্ৰকাশ কৰিবলৈ আইনগত নিগমক বিভিন্ন প্ৰকাৰে সহায় কৰাৰ বাবে আমি যিহোৱালৈ কিমান যে কৃতজ্ঞ!

প্ৰচাৰ কাৰ্য্যৰ প্ৰণালীক উন্নত কৰি ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰা

যিহোৱাৰ লোকসকলে ঈশ্বৰৰ বাক্য আধাৰিত কোটি কোটি আলোচনী আৰু বাইবেলৰ বিতৰণ কৰি একেৰাহে যিহোৱাৰ নামেৰে সাক্ষী দিছে। সেয়েহে ১৯০০ চনত ওৱাচ টাৱাৰ চোচাইটিয়ে, বেনজামিন উইলচনে লিখা গ্ৰীক-ইংলিছ ইন্টাৰলিনিয়াৰ এমফেটিক ডাইগ্লট নামৰ পুস্তকখনৰ স্বত্বাধিকাৰী লাভ কৰে। গতিকে সংস্থাই বাইবেল বিদ্যাৰ্থীসকলৰ সংস্কৰণ কিং জেমচ্‌ ভাৰচন প্ৰকাশ কৰে। সেই পুস্তকখন ৫০০ পৃষ্ঠাৰ পৰিশিষ্টৰে তৈয়াৰ কৰি ছপা কৰা হৈছে। ১৯৪২ চনত কিং জেমচ্‌ ভাৰচনʼক উল্লেখসমূহৰ সৈতে প্ৰকাশ কৰা হয়। ১৯৪৪ চনত সংস্থাই ঈশ্বৰৰ নাম উল্লেখ কৰি আমেৰিকান ষ্টেনদাৰ্ড ভাৰচন্‌ ১৯০১, নামৰ পুস্তকখন প্ৰকাশ কৰে। ১৯৭২ চনত সংস্থাই ষ্টেফন টি. বাইংটনে লিখা দ্যা বাইবেল ইন লিভিং ইংলিচ নামৰ পুস্তকখন প্ৰকাশ কৰে।

যিহোৱাৰ সাক্ষীসকলে অনুবাদ কৰা সকলোবোৰ বাইবেলক ছপা কৰা আৰু বিতৰণ কৰিবলৈ আইনগত অনুষ্ঠানে সহায় কৰে। মন কৰিবলগীয়া বিষয় হৈছে ওৱাচ টাৱাৰ চোচাইটি আৰু অভিষিক্ত যিহোৱাৰ সাক্ষীসকলৰ নিউ ৱৰ্ল্ড বাইবেল অনুবাদ সমিতিৰ মাজত একেবাৰে ঘনিষ্ঠ সম্পৰ্কে আছে। তেওঁলোকৰ উমৈহতীয়া চেষ্টাৰ ফলত সম্পূৰ্ণ বাইবেল অথবা ইয়াৰ খণ্ডসমূহক ৩৮ টা ভাষাত ১০৬, ৪০০, ০০০ খনতকৈও অধিক কপি প্ৰকাশ কৰা হয়। বাস্তৱতে পেনচেলভেনীয়াত থকা ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটি এখন সঁচাকৈ বাইবেল চোচাইটি!

‘বিশ্বাসী দাসসকলক’ প্ৰভুৱে ‘তেওঁৰ সকলোবোৰ বস্তুৰ ওপৰত গৰাকী পাতিলে।’ প্ৰভুৰ সকলোবোৰ বস্তুত অন্তৰ্ভুক্ত আছে উত্তৰ আমেৰিকাৰ নিউ য়ৰ্কত থকা মুখ্য কাৰ্য্যলয়ৰ পৰা লৈ গোটেই বিশ্বত থকা ১১০ খন শাখা কাৰ্য্যলয়। সেয়েহে দাস বৰ্গই জানে যে তেওঁলোকৰ হাতত যি সম্পত্তি গটাই দিয়া হৈছে সেই সকলোবোৰৰ লেখ-বুজ দিব লাগিব। (মথি ২৫:১৪-৩০) যিহেতু এই কাৰ্য্যই ‘দাস’ বৰ্গক ‘অন্য মেৰ’ শ্ৰেণীৰ পৰা প্ৰশাসন আৰু আইনৰ দায়িত্বসমূহক চোৱা-চিতা কৰিবলৈ আমন্ত্ৰণ কৰাৰ বাবে কোনো বাধা নিদিয়ে। আচলতে এইদৰে কৰাৰ দ্বাৰাই প্ৰশাসন গোষ্ঠীয়ে নিজৰ বেছিভাগ সময় “প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্য্যাত” ব্যয় কৰাত সহায় লাভ কৰে।—পাঁচনিৰ কৰ্ম্ম ৬:৪.

এই জগতৰ ৰীতি ব্যৱস্থাই যিমান সময় লৈকে অনুমতি দিব প্ৰশাসন গোষ্ঠী অৰ্থাত “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই আইনগত নিগমক ব্যৱহাৰ কৰিব। এই আইনগত নিগমৰ যোগেদি ঈশ্বৰৰ কাৰ্য্যক আগবঢ়োৱাত অধিক সুবিধাজনক হয়। কিন্তু এই নিগমসমূহ নহʼলে যে প্ৰচাৰ কাৰ্য্য বন্ধ হৈ যাব এনে নহয়। ভৱিষ্যতে যদিও চৰকাৰে এই আইনগত নিগমবোৰক বন্ধ কৰি দিয়ে, তেতিয়াও প্ৰচাৰ কাৰ্য্য একেৰাহে চলি থাকিব। উদাহৰণস্বৰূপে কিছুমান দেশত আইনগত নিগমবোৰত প্ৰতিবন্ধ লগোৱাৰ স্বত্ত্বেও ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য, শিষ্য বনোৱা আৰু ঈশ্বৰৰ কাৰ্য্যবোৰত একেৰাহে অগ্ৰগতি লাভ কৰিছে। এইটো এইবাবে হৈছে কিয়নো যিহোৱাৰ সাক্ষীসকলে ৰুইছে আৰু পানী দিছে, কিন্তু ‘যিহোৱাইহে বৃদ্ধি কৰিছে।’—১ কৰিন্থীয়া ৩:৬, ৭.

এতেকে আমাৰ সম্পূৰ্ণ ভৰসা আছে যে ভৱিষ্যতেও যিহোৱাই নিজৰ সেৱকসকলৰ আধ্যাত্মিক আৰু ভৌতিক আৱশ্যকতাসমূহ একেৰাহে পূৰণ কৰিব। যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৱে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক সম্পূৰ্ণ কৰিবলৈ স্বৰ্গীয় নিৰ্দ্দেশনা আৰু সাহায্য প্ৰদান কৰিব। ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ সেৱকসকলে সম্পন্ন কৰা কাৰ্য্যবোৰ কোনো ‘সৈনীক শক্তি বা পৰাক্ৰমৰ দ্বাৰাই কৰা নাই, কিন্তু যিহোৱাৰ আত্মাৰ দ্বাৰাহে কৰিছে।’ (জখৰিয়া ৪:৬) গতিকে এই জগতখনৰ শেষৰ সময়ত আমাক দিয়া কাৰ্য্যক সম্পূৰ্ণ কৰিবলৈ যিহোৱাৰ শক্তি আৰু পৰাক্ৰমৰ বাবে তেওঁলৈহে প্ৰাৰ্থনা কৰোঁহঁক! (w01 1/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক