ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ২/১ পৃষ্ঠা ৩
  • বিপদগ্ৰস্ত পৃথিৱীত জীৱন-যাপন কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিপদগ্ৰস্ত পৃথিৱীত জীৱন-যাপন কৰা
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • এই বিপদগ্ৰস্ত পৃথিৱীত সুৰক্ষা বিচাৰি পোৱা
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ২/১ পৃষ্ঠা ৩

বিপদগ্ৰস্ত পৃথিৱীত জীৱন-যাপন কৰা

“জীৱনৰ প্ৰতিটো মুহূৰ্ততে বিপদে অপেক্ষা কৰি আছে। হয়তো কেতিয়াবা টোপনি যোৱাৰ পাছত পুনৰ সাৰ পাবনে নে নাই তাক কোনেও কʼব নোৱাৰে।”—ডিচ্‌ক্যাভ্যাৰ মেগজিন।

মানৱ জীৱনৰ তুলনা বিস্ফোৰক বা মাইনেৰে ভৰি থকা এখন পথাৰৰ সৈতে কৰা হৈছে যʼত খোজে প্ৰতি মৃত্যুৱে অপেক্ষা কৰি আছে। কেতিয়াবা হয়তো কোনো উমান নোপোৱাকৈ মৃত্যু আহে। বাস্তৱতে কবলৈ গʼলে প্ৰত্যেকখন দেশতেই বিভিন্ন প্ৰকাৰৰ বিপদৰ গোন্ধ পোৱা যায়। যেনে, পথ-দুঘৰ্টনা, গৃহ-যুদ্ধ, আকাল, এইড্‌ছ, কেঞ্চাৰ, হৃদয় ৰোগ আদি। উদাহৰণস্বৰূপে, অলপতে ইউ এচ নিউজ এন্ড ৱৰ্ল্ড ৰিপৰ্টে আফ্ৰিকা মহাদেশত থকা চাহাৰা মৰুভূমিৰ দক্ষিণ অংশৰ বিষয়ে এইদৰে কয় যে তাত বাস কৰা লোকসকলৰ মৃত্যুৰ প্ৰধান কাৰণ হৈছে এইড্‌ছ। এই ৰোগৰ বাবে প্ৰায় ২২ লাখ লোকে প্ৰাণ হেৰুৱাইছে। এই মৃত্যু হোৱা সংখ্যা গৃহ-যুদ্ধত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ দহ গুণ অধিক।

আনহাতে, মানৱৰ জীৱনকাল বঢ়াই তুলিবলৈ আৰু বিভিন্ন ৰোগৰ পৰা হাত হাৰিবলৈ বাবে আজি বিশ্বই কোটি কোটি টকা ব্যয় কৰিছে। স্বাস্থ্য ভাল ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱা, ব্যায়াম কৰাৰ বাবে বহুতো উন্নতজনক পৰামৰ্শ দিয়া হৈছে, যিহে কিছুমাত্ৰাত লাভজনক হʼব পাৰে। কিন্তু এনে এটা উৎস আছে যাৰ সংবাদসমূহ ভৰসাযুক্ত আৰু ইয়াৰ দ্বাৰা আমি জীৱনত অধিক নিৰাপত্তা লাভ কৰিব পাৰোঁ। সেই উৎসটো হৈছে বাইবেল। ইয়াত পোৱা সকলোবোৰ পৰামৰ্শ আমাৰ স্বাস্থ্যৰ বাবে দীৰ্ঘকলীয়া হিত প্ৰদান কৰে। অৱশ্যে বাইবেলত

সকলোবোৰ সমস্যাৰ বিষয়ে উল্লেখ কৰা নাই। কিন্তু তথাপিও, আমাৰ খোৱা-বোৱা, সুস্থ শৰীৰ, মানসিক মনোবৃত্তি, যৌন, মদ্যপান, ধুম্ৰপান, শাৰীৰিক আনন্দ দিব পৰা বুলি কোৱা ড্ৰাগ আৰু অন্যান্য বস্তুসমূহৰ সম্পৰ্কে বাইবেলে পৰামৰ্শ প্ৰদান কৰে।

বৰ্তমান সময়ত বহুতৰে আৰ্থিক স্থিতি ভাল নোহোৱাৰ বাবে জীৱনটো এটা গধুৰ বোজা যেন হৈ পৰিছে। তেনে ক্ষেত্ৰতো বাইবেলে কাৰ্য্যকাৰী সহায় আগবঢ়াইছে। ই কেৱল ধন-সম্পত্তিৰ প্ৰতি উচিত মনোবৃত্তি ৰাখিবলৈহে উৎসাহিত কৰে এনে নহয়, কিন্তু ধন-সম্পত্তিক কেনেকৈ সঠিকৰূপে কাৰ্য্যত লগাব পাৰে তাৰ বাবেও এক উত্তম পথ-প্ৰদৰ্শন দিয়ে। সাধাৰণ ভাষাত কবলৈ গʼলে বাইবেলে কেৱল আৰ্থিক আৰু স্বাস্থ্যৰ বিষয়ে নিদেৰ্শনাই নহয়, কিন্তু জীৱনৰ বিষয়েও বহু কিছু কয়। বাইবেলখন বৰ্তমান সময়ৰ বাবে কেনেকৈ ব্যৱহাৰিক, আপুনি এই বিষয়ে জানিব নিবিচাৰিবনে? যদি বিচাৰে তেন্তে, এই আলোচনীখনে ইয়াৰ বিষয়ে আগলৈ কি কৈছে তাক মনোযোগেৰে পঢ়ক। (w01 2/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক