ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ২/১ পৃষ্ঠা ৪-৭
  • এই বিপদগ্ৰস্ত পৃথিৱীত সুৰক্ষা বিচাৰি পোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই বিপদগ্ৰস্ত পৃথিৱীত সুৰক্ষা বিচাৰি পোৱা
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মাৰাত্মক দুৰ্ঘটনাসমূহৰ পৰা আঁতৰি থাকক
  • মাৰাত্মক নিচা জাতীয় পদাৰ্থৰ সেৱন নকৰিবলৈ সংগ্ৰাম কৰা
  • বিপদজনক অভ্যাসবোৰৰ ওপৰত জয়লাভ কৰা
  • অনৈতিকতাৰ পৰা উৎপন্ন হোৱা গম্ভীৰ পৰিণাম
  • ধনৰ-সম্পত্তিৰ মোহে ফান্দত পেলায়
  • সকলো পৰিস্থিতিত মাত্ৰ জ্ঞানে আমাক ৰক্ষা কৰিব
  • বিপদগ্ৰস্ত পৃথিৱীত জীৱন-যাপন কৰা
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • কিয় ধৰ্ম-পৰায়ণ জীৱনে আনন্দ আনে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • জীৱন ঈশ্বৰে দিয়া উপহাৰ, ইয়াৰ প্ৰতি কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱাৰ আশীৰ্ব্বাদে আমাক ধনৱান কৰে
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ২/১ পৃষ্ঠা ৪-৭

এই বিপদগ্ৰস্ত পৃথিৱীত সুৰক্ষা বিচাৰি পোৱা

বিস্ফোৰক বা মাইন পুতি ৰখা বাটেদি যাত্ৰা কৰাটো একেবাৰে মাৰাত্মক বিষয়। যদি আপোনাৰ ওচৰত এনে এখন মানচিত্ৰ আছে যিয়ে আপোনাক কয় যে সেই ৰাস্তাৰ কোনবোৰ ঠাইত মাইন পুতি ৰখা হৈছে, তেনেহʼলে সেই বাটেদি যাত্ৰা কৰাটো আপোনাৰ বাবে অলপ সহজ নহবনে? ইয়াৰ বাজেও যদি আপোনাক এই মাইনবোৰ চিনি পাবলৈ প্ৰশিক্ষণ দিয়া যায়, তেন্তে আপোনাৰ বাবে সেই পথেদি যাত্ৰা কৰাটো অতি সহজ হৈ পৰিব। ইয়াত কোনো সন্দেহ নাই যে আপুনি পোৱা জ্ঞানে আপোনাক মৃত্যুৰ পৰাও ৰক্ষা কৰিব পাৰে।

এতেকে বাইবেলেই হৈছে সেই মানচিত্ৰ, যিয়ে আমাক মাইনবোৰৰ নিচিনা লুকাই থকা সমস্যাবোৰক চিনি পাবলৈ সহায় কৰে। সেইবাবে বাইবেলে আমাৰ দৈনন্দিন জীৱনলৈ অহা সমস্যা আৰু বিপদসমূহৰ পৰা হাত হাৰিবলৈ সঠিক উপায় প্ৰদান কৰে।

বাইবেলত পোৱা হিতোপদেশ নামৰ কিতাপখনৰ ২:১০, ১১ পদত এইদৰে কৈছে: “কিয়নো প্ৰজ্ঞাই তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ সুখজনক হব। কুপথৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ, আৰু যিবোৰে কুটিল বাক্য কয়।” বাইবেলত যি বুদ্ধি আৰু বিচাৰ-শক্তিৰ বিষয়ে উল্লেখ কৰিছে, সেইয়া কোনো মানুহৰ নহয়, কিন্তু ঈশ্বৰৰহে হয়। গতিকে বাইবেলত কৈছে, “কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, আৰু অমঙ্গলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিব।” (হিতোপদেশ ১:৩৩) সেইবাবে আহঁক আমি বিবেচনা কৰোঁ যে ই কেনেকৈ আমাক সুৰক্ষা প্ৰদান কৰে আৰু সমস্যাবোৰৰ পৰা আঁতৰি থাকিবলৈ সহায় আগবঢ়ায়।

মাৰাত্মক দুৰ্ঘটনাসমূহৰ পৰা আঁতৰি থাকক

অলপতে বিশ্ব স্বাস্থ্য সংঘৰ (WHO) পৰা পোৱা ৰিপৰ্টৰ অনুসাৰে এই গোটেই পৃথিৱীত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ সৰ্ব্বমুঠ সংখ্যা হৈছে প্ৰায় ১, ১৭১, ০০০ জন। প্ৰায় ৪ কোটি লোক আহত আৰু ৮০ লাখতকৈও অধিক লোক শাৰীৰিক বা মানসিকভাৱে চিৰদিনৰ বাবে পঙ্গু হৈ পৰে।

যিহেতু, গাড়ী চলোৱাৰ সময়ত যদিও সম্পূৰ্ণৰূপে নিৰাপত্তা পোৱাটো সম্ভৱ নহয়। তথাপিও, আমি যান-বাহনৰ সম্পৰ্কে দিয়া নিয়মসমূহ পালন কৰি ব্যক্তিগত নিৰাপত্তা বজাই ৰাখিব পাৰোঁ। এই নিয়মসমূহক স্থাপন আৰু বলবৎ কৰিবলৈ চৰকাৰী অধিকাৰীসকলক নিযুক্ত কৰা হৈছে। সেয়েহে বাইবেলে এইদৰে কৈছে: “প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।” (ৰোমীয়া ১৩:১) সেইবাবে যদি যান-বাহনৰ চালকসকলে এই নিয়মবোৰ মানি চলে, তেনেহʼলে ক্ৰমান্বয়ে হৈ থকা পথ-দুৰ্ঘটনাসমূহৰ সংখ্যা হ্ৰাস পাব।

নিৰাপত্তা বজাই ৰাখি গাড়ী চলোৱাৰ আন এটা কাৰণ হৈছে জীৱনৰ প্ৰতি শ্ৰদ্ধা দেখুৱা। বাইবেলে যিহোৱাৰ বিষয়ে এইদৰে কৈছে: “কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি দীপ্তি পাম।” (গীতমালা ৩৬:৯) এতেকে জীৱনটো হৈছে ঈশ্বৰে দিয়া এক উপহাৰ। গতিকে আমাৰে হওঁক বা আনৰে নহওঁক কিয় এই উপহাৰটো কাঢ়ি লোৱা বা জীৱনৰ প্ৰতি অনাদৰ দেখুৱাটো আমাৰ কোনো এজনৰো অধিকাৰ নাই।—আদিপুস্তক ৯:৫, ৬.

এতেকে মানৱ জীৱনৰ প্ৰতি আদৰ দেখুৱাৰ সৈতে আমাৰ যান-বাহন আৰু গৃহও সন্মিলিত আছে। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ত ইস্ৰায়েলসকলক জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত নিৰাপত্তা বজাই ৰখাৰ ব্যৱস্থাক সকলোতকৈ প্ৰথম স্থানত ৰখা আৱশ্যক আছিল। যেনেকৈ গৃহ নিৰ্ম্মাণ কৰাৰ সময়ত ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে ঘৰৰ চালৰ ওপৰত চাৰিওফালে বেৰ নিৰ্ম্মাণ কৰা আৱশ্যক আছিল। কিয়নো সেই ঠাই ডোখৰ পৰিয়ালৰ মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই সন্দৰ্ভত বাইবেলত এইদৰে কৈছে: “কোনো মানুহ তোমাৰ ঘৰৰ চালৰ পৰা পৰিলে তুমি নিজ ঘৰৰ ওপৰত ৰক্তপাতৰ দোষ নঘটাবৰ নিমিত্তে, তুমি নতুন ঘৰ সাজিলে, তাৰ চালৰ ওপৰত চাৰিওফালে বেৰ নিৰ্ম্মাণ কৰিবা।” (দ্বিতীয় বিবৰণ ২২:৮) ঘৰখনৰ গৃহস্থই যদি সেই নিৰাপত্তাৰ নিয়ম ভঙ্গ কৰাৰ বাবে কোনো এজনে ঘৰৰ চালৰ পৰা পৰি মৃত্যু হয়, তেনেহʼলে ইয়াৰ বাবে তেওঁ ঈশ্বৰৰ দৃষ্টিত দোষী হৈছিল। নিঃসন্দেহ, এই নিৰাপত্তাৰ নিয়মসমূহ পালন কৰাৰ অৰ্থ হৈছে, মনোৰঞ্জন আৰু কাৰ্য্য ক্ষেত্ৰত হোৱা দুৰ্ঘটনাবোৰক হ্ৰাস কৰা।

মাৰাত্মক নিচা জাতীয় পদাৰ্থৰ সেৱন নকৰিবলৈ সংগ্ৰাম কৰা

বিশ্ব স্বাস্থ্য সংঘৰ মতে আজি এই পৃথিৱীত প্ৰায় এশ কোটিতকৈও অধিক লোকে ধুম্ৰপান কৰে। ইয়াৰ ওপৰিও প্ৰত্যেক বছৰে চিগাৰেট খোৱাৰ ফলত প্ৰায় ৪০ লাখ জনৰ মৃত্যু হয়। কিন্তু অনুমান কৰা হৈছে যে আগন্তুক ২০ বা ৩০ বছৰৰ ভিতৰত ইয়াৰ সংখ্যা প্ৰায় ১ কোটিলৈ বৃদ্ধি পাব। আন বহু সংখ্যকে ধুম্ৰপান আৰু “মনোৰঞ্জনৰ” বাবে ড্ৰাগ সেৱন কৰি নিচাত আসক্ত হোৱাৰ বাবে ক্ৰমান্বয়ে মৃত্যুৰ মুখত পৰে।

যদিও ঈশ্বৰৰ বাক্যত নিচা জাতীয় পদাৰ্থৰ সেৱন বা ধুম্ৰপান নকৰিবলৈ পোনপটীয়াকৈ উল্লেখ কৰা নাই, কিন্তু তথাপিও ইয়াত পোৱা সিদ্ধান্তই আমাক তেনে অভ্যাসবোৰৰ পৰা আমাক ৰক্ষা কৰে। উদাহৰণস্বৰূপে ২ কৰিন্থীয়া ৭:১ পদত কোৱা হৈছে: “এই হেতুকে, হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহঁক।” নিঃসন্দেহ, ধপাত আৰু নিচা জাতীয় পদাৰ্থই আমাৰ শৰীৰক অশুচি কৰাৰ ওপৰিও ই আমাৰ শৰীৰৰ বাবে হানিকাৰক। তদুপৰি, ঈশ্বৰে বিচাৰে যে আমি আমাৰ শৰীৰক “পবিত্ৰ” ৰাখোঁ, যাৰ অৰ্থ হৈছে শুদ্ধ আৰু পৰিষ্কাৰ হোৱা। (ৰোমীয়া ১২:১) আপুনি বাইবেলৰ এই সিদ্ধান্তসমূহৰ সৈতে সন্মত নহবনে যিয়ে আপোনাৰ জীৱনত অহা বিপদজনক পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ সহায় আগবঢ়ায়?

বিপদজনক অভ্যাসবোৰৰ ওপৰত জয়লাভ কৰা

বৰ্তমান সময়ত বহুতে নিজৰ খোৱা-বোৱা আৰু মদ্যপান কৰাত ভাৰসাম্যতা বজাই নাৰাখে। ইয়াৰ ফলস্বৰূপে কেঞ্চাৰ, বহুমুত্ৰ ৰোগ আৰু হৃদয় ৰোগত ভূগিবলগীয়া হয়। অপৰিমিতৰূপে মদ্যপান কৰাৰ ফলত বিভিন্ন সমস্যা উৎপন্ন হোৱা দেখা যায় যেনে, মদাহীত পৰিণত হোৱা, মদ্যপানজনিত ৰোগ, প্ৰবেলিকা, পৰিয়াল ভাঙি যোৱা আৰু পথ দুঘৰ্টনা। আনহাতে ক্ষীণ হোৱাৰ উদ্দেশ্যৰে একেবাৰে খোৱা-বোৱা নকৰাৰ ফলত ক্ষুধাহীনতা অৰ্থাৎ ভোগ নলগা ৰোগ হʼব পাৰে যাৰ ফলত মৃত্যুৰ সন্মুখীন হবলগীয়া হয়।

যদিও বাইবেলখন এখন কোনো এক চিকিৎসা পাঠ্যপুথি নহয়, কিন্তু পৰিমিতৰূপে খোৱা-বোৱা কৰিবলৈ পোনপটীয়াকৈ পৰামৰ্শ দিছে। বাইবেলত কৈছে, “হে মোৰ বোপা, তুমি শুনি জ্ঞানী হোৱা, আৰু তোমাৰ মনক সৰল পথত চলোৱা। যিবোৰে অপৰিমিতৰূপে দ্ৰাক্ষাৰস পান কৰে আৰু মাংস ভোজন কৰে, সিহঁতৰ সঙ্গী নহবা; কিয়নো মতলীয়া আৰু খকুৱা লোকৰ দৰিদ্ৰতা ঘটে, নিদ্ৰালুতাই মানুহক ফটাকানি পিন্ধায়।” (হিতোপদেশ ২৩:১৯-২১) তথাপিও বাইবেলে কৈছে যে শাৰীৰিক সন্তুষ্টিৰ বাবে ভোজন-পান কৰা উচিত। সেয়ে বাইবেল এইদৰে কৈছে: “প্ৰত্যেক মানুহে যে ভোজন-পান আৰু তেওঁৰ সকলো পৰিশ্ৰমত সুখভোগ কৰে, ইও ঈশ্বৰৰ দান।”—উপদেশক ৩:১৩.

শাৰীৰিক ব্যায়াম কৰাত ভাৰসাম্য বজাই ৰাখিবলৈও বাইবেলে পৰামৰ্শ দিছে। যিহেতু “শাৰীৰিক নিপুণতাৰ [ব্যায়াম] অভ্যাস অলপ বিষয়ত লাভজনক, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক; কাৰণ সেয়ে বৰ্ত্তমান আৰু ভৱিষ্যত জীৱনৰো প্ৰতিজ্ঞাযুক্ত।” (১ তীমথিয় ৪:৮) আপুনি নিজকে সুধিব পাৰে যে কেনেকৈ ‘ঈশ্বৰীয় ভক্তি আজিও লাভজনক?’ জীৱনৰ বহুতো ক্ষেত্ৰত ই লাভদায়ক হয়। এজন ব্যক্তিক আধ্যাত্মিকৰূপে লাভ প্ৰদান কৰাৰ ওপৰিও ঈশ্বৰীয় ভক্তিয়ে এনে কিছুমান গুণ উৎপন্ন কৰাত সহায় কৰে। যেনে, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন, এই সকলোবোৰ আত্মাৰ ফলে আমাক উচিত দৃষ্টিভঙ্গী আৰু উত্তম স্বাস্থ্যৰ বাবে সহায় আগবঢ়ায়।—গালাতীয়া ৫:২২, ২৩.

অনৈতিকতাৰ পৰা উৎপন্ন হোৱা গম্ভীৰ পৰিণাম

আজিৰ সময়ত বহুতৰে নৈতিকতাৰ পতন হোৱা দেখা গৈছে। এই নৈতিকতাৰ পতন হোৱাৰ ফলত এইড্‌ছ ৰোগে মহামাৰীৰ ৰূপ লৈ মানুহৰ মাজত বিয়পি পৰিছে। বিশ্ব স্বাস্থ্যৰ সংঘৰ (WHO) মতে এইড্‌ছ ৰোগ আৰম্ভ হোৱাত প্ৰায় ১৬ কোটিতকৈও অধিক লোকে মৃত্যুক সাৱতি লʼব লগীয়া হৈছে আৰু বৰ্তমান সময়ত ৩. ৪ কোটি লোকে HIV নামৰ এইড্‌ছ ৰোগৰ ভাইৰাচত সংক্ৰামিত হৈছে। অবৈধ যৌন-সঙ্গম, ড্ৰাগ সেৱনকাৰী ব্যক্তিয়ে ব্যৱহাৰ কৰা চিৰিঞ্জ আৰু দূষিত ৰক্ত সঞ্চাৰণ গ্ৰহণ কৰাৰ বাবে এইড্‌ছ ৰোগৰ বলি হʼবলগীয়া হৈছে।

আনহাতে নৈতিক পতন হোৱাৰ ফলত আন বহুতো ৰোগে দেখা দিছে, যেনে, চৰ্ম্মৰোগ, প্ৰমেহ, হেপ্যাটাইটিচ্‌ B, হেপ্যাটাইটিচ্‌ C আৰু চিফিলিচ ৰোগ। যিহেতু যদিও বাইবেলত ৰোগৰ তেনেধৰণৰ ডাক্টৰি নামসমূহ নাই, তথাপিও অবৈধ যৌন-সঙ্গমৰ ফলত শৰীৰৰ অঙ্গত হোৱা বিভিন্ন সংক্ৰামক ৰোগৰ বিষয়ে আগতীয়াকৈ লিপিবদ্ধ কৰাই থোৱা হৈছিল। উদাহৰণস্বৰূপে, হিতোপদেশ ৭:২৩ পদত ব্যাভিচাৰৰ ফলত হোৱা ভয়ানক পৰিণামৰ বিষয়ে উল্লেখ কৰি এইদৰে কৈছিল যে “শেষত বাণে তাৰ কলিজা বিন্ধিব।” সাধাৰণতে হেপ্যাটাইটিচ্‌ ৰোগৰ দৰে চিফিলিচ ৰোগেও কলিজাত আক্ৰমণ কৰে। এতেকে বাইবেলত যথাসময়ত ‘তেজ আৰু ব্যভিচাৰৰ পৰা পৃথকে থাকিবা’ বুলি কোৱা বাক্যশাৰী খ্ৰীষ্টানসকলৰ বাবে কিমান যে লাভজনক!—পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯.

ধনৰ-সম্পত্তিৰ মোহে ফান্দত পেলায়

বহুতে কম সময়ৰ ভিতৰত ধনী হোৱাৰ ইচ্ছাৰে নিজে আৰ্জন কৰা সকলো ধন ব্যয় কৰিবলৈ সাজু থাকে। দুখৰ বিষয়ে এই যে তেনে কৰাৰ ফলত তেওঁলোকে প্ৰায়ে আৰ্থিক লোকচান ভূগিবলগীয়া হয়। কিন্তু ঈশ্বৰৰ সেৱক সকলৰ বাবে বাইবেলে এইদৰে কৈছে, “কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে নিজ হাতেৰে সদ্‌ ব্যৱসায়ত পৰিশ্ৰম কৰক।” (ইফিচীয়া ৪:২৮) প্ৰকৃততে পৰিশ্ৰম কৰোঁতাজনে যদিও ধনৱান হʼব নোৱাৰে তথাপিও তেওঁৰ মনত শান্তি থাকে, আত্ম-সন্মান আৰু কিছুমাত্ৰাত আনকো ধন দান কৰিবলৈ ক্ষমতা থাকে।

এতেকে বাইবেলে সতৰ্ক কৰি এইদৰে কৈছে: “কিন্তু যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে। ধন-লোভেই সকলো মন্দৰ মূল; তালৈ আকাঙ্ক্ষা কৰি, কোনো কোনো মানুহে . . . যাতনাৰূপ শলাৰে নিজকেই শালিলে।” (১ তীমথিয় ৬:৯, ১০) নিঃসন্দেহ, বহুতে ‘ধনৱন্ত হবলৈ ইচ্ছা কৰি’ ধনী হয়। বাস্তৱতে তেওঁলোকে ধনী হোৱাৰ বাবে স্বাস্থ্য, পৰিয়াল, আধ্যাত্মিক আৰু টোপনিক ক্ষতিসাধন নকৰেনে?—উপদেশক ৫:১২.

এজন বুদ্ধিমান ব্যক্তিয়ে বিবেচনা কৰে যে “মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়।” (লূক ১২:১৫) এইটো সঁচা কিছুমান সমাজত থাকিবলৈ ধন-সম্পত্তিৰ আৱশ্যক। আনকি বাইবেলেও কৈছে যে “কিয়নো ধন যেনে ৰক্ষক, প্ৰজ্ঞাও তেনে ৰক্ষক; কিন্তু জ্ঞানৰ উপকাৰ এই যে, প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰে।” (উপদেশক ৭:১২) গতিকে প্ৰকৃত জ্ঞান আৰু বুদ্ধিয়ে আমাক সকলোবোৰ পৰিস্থিতিৰ সন্মূখীন হবলৈ, বিশেষকৈ আমাৰ জীৱনৰ প্ৰভাৱিত ক্ষেত্ৰবোৰত উন্নতি কৰিবলৈ সহায় কৰে।—হিতোপদেশ ৪:৫-৯.

সকলো পৰিস্থিতিত মাত্ৰ জ্ঞানে আমাক ৰক্ষা কৰিব

যেতিয়া ঈশ্বৰে ‘মহাক্লেশৰ’ দ্বাৰা দুষ্ট লোকসকলৰ ধ্বংস কৰিব তেতিয়া প্ৰকৃত জ্ঞানে অসাধাৰণৰূপে ‘নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰিব।’ (মথি ২৪:২১) মন কৰিবলগীয়া এই যে বাইবেলে কৈছে সেইসময়ত মানুহবিলাকে নিজৰ ধন-সম্পত্তিবোৰ “অশুচি বস্তু” নিচিনা ৰাস্তাত দলিয়াই পেলাব। কিয় দলিয়াই পেলাব? কিয়নো তেওঁলোকে বেদনাদায়ক অনুভৱৰ পৰা জানিব পাৰিব যে “যিহোৱাৰ ক্ৰোধৰ দিনা” সেই ধন আৰু ৰূপে তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰে। (যিহিষ্কেল ৭:১৯) আনহাতে, “এক বৰ লোকসমূহ” নিজৰ জীৱনত আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দি স্বৰ্গত “ধন সাঁচি” থৈছে। এই সাঁচি থোৱা ধনে তেওঁলোকক আহিবলগীয়া ভৱিষ্যতে এই পৰমদেশীয় পৃথিৱীত চিৰকাল জীৱন প্ৰদান কৰিব।—প্ৰকাশিত বাক্য ৭:৯, ১৪; ২১:৩, ৪; মথি ৬:১৯, ২০.

কেনেকৈ আমি সুৰক্ষিত ভৱিষ্যত পাব পাৰোঁ? এই প্ৰশ্নৰ উত্তৰ দি যীচুৱে এইদৰে কৈছিল: “আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) আজি বহুতো লোকে বাইবেলৰ পৰা ঈশ্বৰৰ জ্ঞান গ্ৰহণ কৰিছে। কেৱল ভৱিষ্যতহে তেওঁলোকে যে উজ্জ্বল আশা লাভ কৰিব এনে নহয়, কিন্তু বৰ্ত্তমান সময়তো তেওঁলোকে অলপ মাত্ৰাত শান্তি আৰু সুৰক্ষা লাভ কৰিছে। এই সন্দৰ্ভত গীতমালাৰ লেখকে এইদৰে কৈছিল: “মই শান্তিৰে শয়ন কৰিয়েই টোপনি যাম; কিয়নো, হে যিহোৱা, অকল তুমিয়েই মোক নিৰ্ভয়ে বাস কৰাওঁতা।”—গীতমালা ৪:৮.

গতিকে, আপুনি বিবেচনা কৰিছেনে যে বাইবেলৰ বাহিৰে আন কোনো পুস্তক আছেনে, যিয়ে আপোনাৰ জীৱন আৰু স্বাস্থ্যৰ বাবে থকা বিপদসমূহৰ পৰা আঁতৰি থাকিবলৈ উত্তম নিৰ্দ্দেশনা দিয়ে? বাস্তৱতে বাইবেলৰ বাহিৰে আন কোনো পুস্তক নাই যিয়ে এই বিপদগ্ৰস্ত পৃথিৱীত আপোনাক প্ৰকৃত শান্তি আৰু সুৰক্ষা লাভ কৰিবলৈ সহায় কৰে। বাইবেলে আগলৈ কি কৈছে এই বিষয়ে বিবেচনা নকৰে কিয়? (w01 2/1)

[৬ পৃষ্ঠাৰ বক্স]

উত্তম স্বাস্থ্য আৰু নিৰাপত্তা দিয়াৰ বাবে—বাইবেলৰ প্ৰতি কৃতজ্ঞ হোৱা

জেনa নামৰ এগৰাকী মহিলাই, জীৱনৰ সমস্যাবোৰৰ পৰা হাত হাৰিবলৈ ভাং, ধপাত, কোকেইন, এম্ফিটামীন, এলেচডি আৰু বিভিন্ন প্ৰকাৰৰ নিচা জাতীয় দ্ৰব্য সেৱন কৰিব ধৰিলে। আনকি তাই অত্যাধিক মাত্ৰাত মদ্য-পান কৰিছিল। জেনৰ মতে, তাইৰ স্বামীৰো অৱস্থা একেই আছিল। তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ যেন বোধ হৈছিল। সেই সময়ছোৱাত জেনে যিহোৱাৰ সাক্ষীসকলৰ সৈতে সাক্ষাত হয় আৰু তাই সভাত উপস্থিত হবলৈ আৰম্ভ কৰে। ইয়াৰ ওপৰিও তাই প্ৰহৰীদুৰ্গ আৰু সচেতন! নামৰ আলোচনী পঢ়িবলৈ আৰম্ভ কৰে আৰু তাইৰ স্বামীকো পঢ়িবলৈ দিয়ে। পাছলৈ তেওঁলোক দুয়োৱে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিব ধৰে। যেনেকৈ তেওঁলোকে যিহোৱাৰ স্তৰসমূহৰ বিষয়ে শিকিব ধৰে, লাহে লাহে তেওঁলোকে সকলোবোৰ নিচা জাতীয় বস্তুক সম্পূৰ্ণকৈ বিসৰ্জন দিয়ে। ইয়াৰ পৰিণাম কি হʼল তাক আপুনি জানেনে? কিছু বছৰৰ পাছত জেনে এইদৰে লিখিলে: “আমি পোৱা নতুন জীৱনে আমাৰ বাবে অধিক আনন্দ কঢ়িয়াই আনিছে। যিহোৱাৰ বাক্যই যে আমাক বেয়া অভ্যাসৰ পৰা আঁতৰাই সুস্থ শৰীৰ লাভ কৰাত সক্ষম কৰিছে, তাৰ বাবে যিহোৱা ঈশ্বৰলৈ অশেষ ধন্যবাদ জনাইছোঁ।”

কোৰ্ট নামৰ এজন সৎ কৰ্ম্মচাৰীৰ কথা বিবেচনা কৰক। তেওঁৰ দায়িত্ব আছিল কম্পিউটাৰৰ প্ৰণালীসমূহৰ চোৱা-চিতা কৰা। এবাৰ কম্পিউটাৰৰ বাবে নতুন প্ৰণালীৰ আৱশ্যকতা আহি পৰাত কৰ্টোৰ মালিকে তেওঁক ভৰসা কৰি উচিত মূল্যত উত্তম বস্তু কিনি আনিবৰ বাবে দায়িত্ব দিলে। সেইমতে কোৰ্টে এখন ভাল দোকানৰ পৰা উচিত মূল্যত সেই বস্তু কিনিলে। কিন্তু দোকানৰ বিক্ৰেতাজনে ভুলতে সেই বিলখনত বস্তুটোৰ প্ৰকৃত মূল্যৰ পৰিবৰ্ত্তে প্ৰায় ২০, ০০, ০০০ টকা কম লিখিলে। যেতিয়া কোৰ্টে এই ভুলৰ বিষয়ে গম পালে, পলম নকৰাকৈ তেওঁ সেই কোম্পানীক এই বিষয়ে জনায়। সেই কোম্পানীৰ মেনেজাৰজনে তেওঁৰ সত্যবাদীতা দেখি আঁচৰিত হৈ কৈছিল যে মোৰ কৰ্ম্মজীৱনৰ ২৫ বছৰ কালৰ ভিতৰত তেওঁ কেতিয়াও এনেধৰণৰ ব্যক্তিক লগ পোৱা নাছিল। তেতিয়া কোৰ্টে বৰ্ণনা কৰি কৈছিল যে বাইবেলৰ পৰা পোৱা পৰামৰ্শক পালন কৰাৰ বাবে তেওঁৰ বিবেকে তেওঁক এজন সৎ কৰ্ম্মচাৰী হʼবলৈ সহায় কৰিছে। পৰিণামস্বৰূপে সেই মেনেজাৰজনে সাধুতাৰ ওপৰত আধাৰিত ৩০০ খন সচেতন! আলোচনীৰ কপি বিচাৰে, যাতে তেওঁ তেওঁৰ সহকৰ্ম্মীসকলক দিব পাৰে। কোৰ্টৰ এই উত্তম আৰ্হিৰ বাবে তেওঁৰ পদোন্নতি হয়।

[ফুটনোট]

a আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

[৭ পৃষ্ঠাৰ ছবি]

“তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা . . . তোমাৰ ঈশ্বৰ ময়েই।”–যিচয়া ৪৮:১৭

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক