আপুনি সত্যক আপোন কৰি লৈছেনে?
“যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।”—ৰোমীয়া ১২:২.
১, ২. বৰ্তমান সময়ত সত্যৰ পথত চলি থকাটো খ্ৰীষ্টানসকলৰ বাবে ইমান সহজ নহয় কিয়?
এই শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হোৱা হেতুকে সত্য খ্ৰীষ্টানসকলৰ বাবে সত্যৰ পথত চলাটো ইমান সহজ নহয়। (২ তীমথিয় ৩:১) কিন্তু, খ্ৰীষ্টৰ আৰ্হিক অনুকৰণ কৰিলে আমি নিশ্চয় এই জগতত জয়ী হʼব পাৰিম। (১ যোহন ৫:৪) সেইবাবে যীচুৱে, খ্ৰীষ্টানসকলে প্ৰৱেশ কৰা পথৰ বিষয়ে উল্লেখ কৰি এইদৰে কৈছিল: “ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো মুকলি আৰু সেয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ।” তেওঁ এইদৰেও কৈছিল: “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে নিজে দমন কৰক আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহক।”—মথি ৭:১৩, ১৪; লূক ৯:২৩.
২ এজন খ্ৰীষ্টানে যেতিয়া জীৱনৰ ঠেক বাটেদি প্ৰৱেশ কৰে, তেওঁৰ বাবে এই বাটেদি চলাটো এক প্ৰত্যাহ্বানজনক হৈ পৰে। কিয় এক প্ৰত্যাহ্বান? কিয়নো আমি ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ দিনৰ পৰাই চয়তানৰ লক্ষ্য হৈছে, আমাক তাৰ কুকল্পনা বা কৌশলেৰে কৰা ষড়যন্ত্ৰৰ জালত পেলোৱা। (ইফিচীয়া ৬:১১) আমাৰ আধ্যাত্মিকতাক ধ্বংস কৰিবলৈ সি আমাৰ দুৰ্ব্বলতাবোৰ বিচাৰি সেইবোৰৰ ওপৰত কাৰ্য্যকাৰী হʼবলৈ চেষ্টা কৰে। আনকি সি যীচুৰ নিষ্ঠাকো ভাঙিবলৈ চেষ্টা কৰিছিল, গতিকে আমি কেতিয়াও অনুমান কৰা উচিত নহয় যে সি আমাৰ প্ৰতি ধ্যান নিদিব।—মথি ৪:১-১১.
চয়তানৰ ধুৰ্ত কৌশলবোৰ
৩. চয়তানে কেনেকৈ হৱাৰ মনত সন্দেহৰ বীজ ৰোলে?
৩ ইয়াৰ এটা কৌশল হৈছে চয়তানে আমাৰ মনত সন্দেহ উৎপন্ন কৰিবলৈ চেষ্টা কৰে। আমাৰ আধ্যাত্মিক কবচত সি দুৰ্ব্বলতাবোৰ বিচাৰি ফুৰে। ঠিক একেইদৰে সি এনে কৌশলক ব্যৱহাৰ কৰি হৱাক ভুলাইছিল, তেওঁ এইদৰে সুধিছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কলে নে?” (আদিপুস্তক ৩:১) আন শব্দত কবলৈ গʼলে, চয়তানে তাইক ইয়াকে কʼব বিচাৰিছিল যে ‘বাস্তৱতে এইটো সম্ভৱনে যে ঈশ্বৰে তোমাক এনে নিষেধাজ্ঞা দিছে? তেওঁ তোমালোকৰ পৰা যিটো ভাল তাক লুকুৱাই ৰাখিবনে? কিয় ঈশ্বৰে তোমালোকলৈ তেনে কৰিলে! কিয়নো তেওঁ জানিছিল যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হʼব।’ এইদৰে চয়তানে তেওঁলোকৰ মনত এটা সন্দেহৰ বীজ ৰুই তাক বাঢ়িবলৈ এৰি দিলে।—আদিপুস্তক ৩:৫.
৪. বৰ্তমান সময়তো কিছুমান লোকৰ মনত কেনেধৰণৰ সন্দেহ উৎপন্ন হʼব পাৰে?
৪ বৰ্তমান সময়ত চয়তানে কেনেকৈ এই কৌশল ব্যৱহাৰ কৰিছে? যদি আমি বাইবেল অধ্যয়ন, ব্যক্তিগত অধ্যয়ন, প্ৰাৰ্থনা কৰা, খ্ৰীষ্টান পৰিচৰ্য্যা আৰু সভাবোৰত ভাগ লোৱাত অৱহেলা কৰোঁ, তেনেহʼলে আমি নিজকে সন্দেহৰ গহ্বৰলৈ ঠেলি দিম। উদাহৰণস্বৰূপে: “এইটোৱেই যে যীচুৱে শিকোৱা সত্যৰ পথ, তাক আমি কেনেকৈ জানিব পাৰোঁ?” “এই সময়ছোৱা সঁচাকৈ শেষ কালনে? যিহেতু আমি ইতিমধ্যে ২১ শতাব্দীত ভৰি দিলোহি।” “আমি আৰমাগিদোনৰ একেবাৰে দুৱাৰ দলিত উপস্থিত হৈছোঁনে, নতুবা আৰমাগিদোন আহিবলৈ এতিয়াও বহু সময় আছেনে?” যদি তেনেধৰণৰ সন্দেহ আমাৰ মনত উৎপন্ন হয়, তেনেহʼলে ইয়াক আঁতৰাবলৈ আমি কি কৰিব পাৰোঁ?
৫, ৬. যদি আমাৰ মনত কোনো সন্দেহ উৎপন্ন হয়, তেনেহʼলে আমি কি কৰা আৱশ্যক?
৫ ইয়াৰ বাবে যাকোবে ব্যৱহাৰিক উপদেশ দি এইদৰে কৈছিল: “তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচ্না কৰক; তাতে তেওঁক দিয়া হব। কিন্তু নিঃসংশয় হৈ, তেওঁ বিশ্বাসেৰে যাচ্না কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক; তেওঁ দুই মনৰ মানুহ, নিজৰ সকলো গতিতে অস্থিৰ।”—যাকোব ১:৫-৮.
৬ তেনেহʼলে আমি কি কৰা আৱশ্যক? বিশ্বাস, বুজশক্তি আৰু ব্যক্তিগত অধ্যয়নৰ যোগেদি তেনে সন্দেহ উৎপন্ন কৰা প্ৰশ্নসমূহক সমাধান কৰিবৰ বাবে আমি “ঈশ্বৰলৈ যাচ্না কৰা” উচিত। যিসকল বিশ্বাসত দৃঢ়, তেওঁলোকৰ পৰাও আমি সহায় বিচাৰিব পাৰোঁ। নিঃসন্দেহ যিহোৱাই আমাক আমাৰ আৱশ্যকতাবোৰ পূৰ কৰিবলৈ শক্তি প্ৰদান কৰিব। সেইবাবে যাকোবে কৈছিল: “তোমালোক ঈশ্বৰৰ বশীভূত হোৱা; কিন্তু চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব। ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” সচাঁকৈ, যেনেকৈ আমি বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপি আহিম, আমাত থকা সন্দেহবোৰো আঁতৰ হʼব।—যাকোব ৪:৭, ৮.
৭, ৮. যীচুৱে শিকোৱা সত্য উপাসনাক চিনাক্ত কৰা কিছুমান মুখ্য সিদ্ধান্ত কি কি আৰু কোনে এই সিদ্ধান্তবোৰক সম্পূৰ্ণৰূপে পালন কৰিছে?
৭ উদাহৰণস্বৰূপে, এই প্ৰশ্নটোক বিবেচনা কৰক: আমি কেনেকৈ জানিব পাৰোঁ যে যীচুৱে উপাসনাৰ বিষয়ে যি শিকাইছিল তাক আমি পালন কৰিছোঁ? ইয়াৰ উত্তৰৰ বাবে কোনটো সিদ্ধান্তক বিবেচনা কৰা আৱশ্যক? বাইবেলে উল্লেখ কৰিছে যে বিশ্বাসী খ্ৰীষ্টান ভাই-ভনীসকলৰ মাজত প্ৰকৃত প্ৰেম হোৱা আৱশ্যক। (যোহন ১৩:৩৪, ৩৫) তেওঁলোকে ঈশ্বৰ যিহোৱাৰ নাম পবিত্ৰকৃত কৰা আৱশ্যক। (যিচয়া ১২:৪, ৫; মথি ৬:৯) তদুপৰি তেওঁলোকে যিহোৱাৰ নাম গোটেই পৃথিৱীত জনোৱা আৱশ্যক।—যাত্ৰাপুস্তক ৩:১৫; যোহন ১৭:২৬.
৮ সত্য উপাসনাক চিনি পোৱাৰ আন এটা চিহ্ন হৈছে ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলক সন্মান কৰা। কিয়নো ই এনে এখন অতুলনীয় শাস্ত্ৰ যিয়ে ঈশ্বৰৰ ব্যক্তিত্ব আৰু তেওঁৰ উদ্দেশ্যক প্ৰকাশ কৰে। (যোহন ১৭:১৭; ২ তীমথিয় ৩:১৬, ১৭) তদুপৰি, সত্য খ্ৰীষ্টানসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰি এইদৰে কয় যে একমাত্ৰ ইয়ে মানৱজাতিৰ বাবে পৰমদেশীয় পৃথিৱী আৰু অনন্তজীৱনৰ আশা প্ৰদান কৰে। (মাৰ্ক ১৩:১০; প্ৰকাশিত বাক্য ২১:১-৪) তেওঁলোকে ভ্ৰষ্টাচাৰী ৰাজনৈতিক আৰু ইয়াৰ কলঙ্কিত জীৱন-প্ৰণালীৰ পৰা নিজকে আঁতৰাই ৰাখে। (যোহন ১৫:১৯; যাকোব ১:২৭; ৪:৪) বৰ্তমান সময়ত কোনে এই সিদ্ধান্তবোৰক পালন কৰিছে? ইয়াৰ উত্তৰ হৈছে—মাত্ৰ যিহোৱাৰ সাক্ষীসকল।
সেই সময়ত কি যেতিয়া সন্দেহবোৰক আঁতৰ কৰা কাৰ্য্যত পলম হয়?
৯, ১০. পলম হোৱা সন্দেহবোৰক আঁতৰ কৰিবলৈ আমি কি কৰিব পাৰোঁ?
৯ যদি আমাৰ মনত বহুতো সন্দেহে বাঁহ লৈছে সেই সময়ত আমি কি কৰা উচিত? এই বিষয়ে চলোমন ৰজাই এইদৰে কৈছিল: “হে মোৰ বোপা, তুমি যদি মোৰ কথা এনেকৈ গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ এনেকৈ মনত ৰাখা, যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা, আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা; এনে কি, তুমি যদি সুবিবেচনাক মাতা, আৰু সুবুদ্ধিৰ নিমিত্তে ৰিঙিওৱা, যদি ৰূপৰ দৰে তেওঁক বিচাৰা, আৰু গুপ্ত ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা, তেন্তে তুমি যিহোৱাৰ ভয় বুজিব পাৰিবা, আৰু ঈশ্বৰবিষয়ক জ্ঞান পাবা।”—হিতোপদেশ ২:১-৫.
১০ যদি আমি ঈশ্বৰৰ প্ৰজ্ঞালৈ ইচ্ছাকৃতভাৱে আন্তৰিকতাৰে মনোযোগ দিওঁ, তেনেহʼলে আমি “ঈশ্বৰবিষয়ক জ্ঞান” পাম। আপোনাক এইটো এক আচৰিত যেন নালাগেনে? সঁচাকৈ যদি আমি ইচ্ছাকৃতভাৱে তেওঁ কোৱা বাক্যক পালন কৰোঁ আৰু জ্ঞানক আহৰণ কৰোঁ তেনেহʼলে আমি সাৰ্ব্বভৌম প্ৰভুৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিম। ইয়াৰ অৰ্থ হৈছে প্ৰাৰ্থনা আৰু ব্যক্তিগত অধ্যয়নৰ যোগেদি যিহোৱাৰ কাষ চপা। তেওঁৰ বাক্যত থকা গুপ্ত ধনে আমাক যিকোনো সন্দেহ আঁতৰ কৰি সত্যৰ পোহৰক দেখি পাবলৈ সহায় কৰিব।
১১. ইলীচাৰ পৰিচাৰকজনে কেনেকৈ সন্দেহৰ জালত পাক খাই পৰিছিল?
১১ কেনেকৈ প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰে এজন ভয়ভীত আৰু সন্দেহ কৰোঁতা সেৱকক সহায় কৰিছিল, এই বিষয়ে আমি ২ ৰাজাৱলি ৬:১১-১৮ পদত স্পষ্টকৈ পঢ়িবলৈ পাওঁ। ইয়াত কোৱা হৈছে যে ইলীচাৰ পৰিচাৰকজন আধ্যাত্মিকৰূপে দুৰ্ব্বল আছিল। গতিকে তেওঁ, ঈশ্বৰৰ ভৱিষ্যতবক্তাক সমৰ্থনৰ বাবে থকা ঈশ্বৰৰ স্বৰ্গীয় বাহিনীক উপলব্ধি কৰিব পৰা নাছিল আৰু অৰামীয়াৰ সৈনিকসকলে আক্ৰমণ কৰিবলৈ প্ৰস্তুত থকা দেখি ভয়ভীত হৈছিল। এইহেতুকে, ভয়ত তেওঁ কান্দি কৈছিল: “হায় হায় মোৰ প্ৰভু, আমি কি কৰিম?” সেই সময়ত ইলীচাই কিদৰে প্ৰত্যুত্তৰ দিলে? তেওঁ কʼলে: “ভয় নকৰিবা; কিয়নো সিহঁতৰ সঙ্গীবোৰতকৈ আমাৰ সঙ্গী অধিক।” যিহেতু সেই ভয়ভীত হোৱা সেৱকজনে স্বৰ্গীয় বাহিনীবোৰক দেখি পোৱা নাছিল, এতেকে ইলীচাই সেই পৰিচাৰকজনক কেনেকৈ ভৰসা প্ৰদান কৰিলে?
১২. (ক)সেই পৰিচাৰকজনৰ সন্দেহ কেনেকৈ দূৰ কৰা হৈছিল? (খ) যেতিয়া আমাৰ মনত কোনো সন্দেহ উৎপন্ন হয় তেনেহʼলে আমি কেনেকৈ তাক দূৰ কৰিব পাৰোঁ?
১২ “তেতিয়া ইলীচাই প্ৰাৰ্থনা কৰি কলে, হে যিহোৱা, বিনয় কৰোঁ, ই যেন দেখিবলৈ পায়, এই নিমিত্তে ইয়াৰ চকু মুকলি কৰা। তাতে যিহোৱাই সেই দাসৰ চকু মুকলি কৰিলত, সি চাই দেখিলে, যে ইলীচাৰ চাৰিওফালে অগ্নিময় ঘোঁৰা আৰু ৰথেৰে পৰ্ব্বত পৰিপূৰ্ণ আছে।” এইদৰে ইলীচাক সুৰক্ষা দিয়া স্বৰ্গীয় বাহিনীক দেখা পাবলৈ যিহোৱাই পৰিচাৰকজনক সহায় কৰিছিল। কিন্তু বৰ্তমান সময়ত আমি সেই একেদৰে ঈশ্বৰীয় সহায় পাবলৈ আশা কৰাটো উচিত নহয়। গতিকে খন্তেক বিবেচনা কৰক, সেই সময়ত ভৱিষ্যতবক্তাৰ পৰিচাৰকজনৰ বিশ্বাসক দৃঢ় কৰিবলৈ সম্পূৰ্ণ বাইবেলখন উপলব্ধ নাছিল। কিন্তু আমাৰ সময়ত সম্পূৰ্ণ বাইবেলখন উপলব্ধ কৰা হৈছে। যদি আমি বাইবেলখনক গভীৰভাৱে অধ্যয়ন কৰোঁ, তেনেহʼলে আমি আমাৰ বিশ্বাস পৰিচাৰকজনৰ দৰে দৃঢ় কৰিব পাৰিম। উদাহৰণস্বৰূপে, যিহোৱাই নিজৰ স্বৰ্গীয় ৰাজসভাৰ বিষয়ে বৰ্ণনা কৰা বিৱৰণিবোৰ আমি প্ৰায়ে ধ্যান কৰিব পাৰোঁ। ইয়ে আমাৰ মনৰ পৰা সন্দেহবোৰক আঁতৰাই পেলাই বুজিবলৈ সহায় কৰিব যে যিহোৱাৰ এখন স্বৰ্গীয় সংগঠন আছে যাৰ যোগেদি তেওঁ নিজৰ সেৱকসকলক বৰ্তমান সময়ত গোটেই বিশ্বজুৰি শিক্ষাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ সহায় আগবঢ়ায়।—যিচয়া ৬:১-৪; যিহিষ্কেল ১:৪-২৮; দানিয়েল ৭:৯, ১০; প্ৰকাশিত বাক্য ৪:১-১১; ১৪:৬, ৭.
চয়তানৰ কৌশলবোৰৰ পৰা সাৱধান হওঁক!
১৩. আমাৰ আধ্যাত্মিকতাক দুৰ্ব্বল কৰি সত্যৰ পথৰ পৰা আঁতৰাই নিবলৈ চয়তানে কেনে ধৰণৰ প্ৰচেষ্টা চলায়?
১৩ আমাৰ আধ্যাত্মিকতাক দুৰ্ব্বল কৰিবলৈ আৰু সত্যৰ পৰা আঁতৰাই নিবলৈ চয়তানৰ অন্য পদ্ধতিবোৰ কি কি? ইয়াৰে এটা হৈছে ব্যভিচাৰ আৰু ই অন্যান্য ক্ষেত্ৰতো ভিন্ন ৰূপত দেখা পোৱা যায়। বৰ্তমান সময়ত আমি অনৈতিক যৌন কাৰ্য্যত সুখী আৰু সুখ-বিলাসত মগ্ন হোৱা এখন জগতত জীয়াই আছোঁ। কিছুমান লোকে এইবোৰ পাবলৈ যিকোনো কাৰ্য্য কৰিবলৈ প্ৰস্তুত থাকে। তদুপৰি বৰ্তমান সময়ত অনৈতিক যৌন কাৰ্য্যসমূহ মনোৰঞ্জনৰ বিষয় হৈ পৰিছে আৰু বিবাহিত ব্যক্তিয়ে নিজৰ সঙ্গীক এৰি অন্য সঙ্গীৰ সৈতে যৌন সমন্ধ ৰখাটো একেবাৰে সাধাৰণ বিষয় হৈ পৰিছে। চিনেমা, টিভি আৰু ভিডিঅʼই এনেধৰণৰ জীৱন-প্ৰণালীক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। কামোত্তেজক প্ৰবৃত্তিক বিশেষকৈ ইন্টাৰনেটৰ দ্বাৰা উত্তেজিত কৰা হয়। যিসকলে এনে অশ্লীল দৃশ্যবোৰ চাই থাকে, তেনে কাৰ্য্যৰ প্ৰতি তেওঁলোকৰ অভিলাষ বৃদ্ধি হয় আৰু চয়তানৰ ফান্দত পৰে।—১ থিচলনীকীয়া ৪:৩-৫; যাকোব ১:১৩-১৫.
১৪. কিয় কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে চয়তানৰ ফান্দত পৰে?
১৪ কিছুমান খ্ৰীষ্টানে এনে অসৎ অভিলাষবোৰ বৃদ্ধি কৰি অশ্লীল ছবি থকা বা প্ৰকৃত যৌন কাৰ্য্যৰ বিষয়ে বুজোৱা কিতাপ বা ভিডিঅ চোৱাৰ দ্বাৰাই নিজৰ মন আৰু হৃদয়ক দূষিত কৰিলে। এইহেতুকে, তেওঁলোকে সহজে চয়তানৰ ফান্দত সোমাই পৰিল আৰু তেওঁলোকৰ আধ্যাত্মিক জাহাজ ডুবিব ধৰিলে। তেনেধৰণৰ ব্যক্তিসকলে “[অনৈতিক কাৰ্য্যত] হিংসাত শিশু” হʼব নোৱাৰিলে। ইয়াৰ ওপৰিও তেওঁলোকে নিজকে “বিবেচনাত বয়সস্থ” দৰে গঢ়ি তুলিব নোৱাৰিলে। (১ কৰিন্থীয়া ১৪:২০) ফলস্বৰূপে, প্ৰত্যেক বছৰে, ঈশ্বৰৰ বাক্যৰ সিদ্ধান্তত আৰু নিয়মৰ অনুসাৰে নচলাৰ বাবে হাজাৰ-হাজাৰ জনে ইয়াৰ পৰিণাম ভূগিবলগীয়া হৈছে। তেওঁলোকে “ঈশ্বৰৰ আটাই সাজ” পিন্ধিবলৈ আৰু ইয়াক বজাই ৰাখিবলৈ অৱহেলা কৰিলে।—ইফিচীয়া ৬:১০-১৩; কলচীয়া ৩:৫-১০; ১ তীমথিয় ১:১৮, ১৯.
আমাত থকা ধন
১৫. কিছুমানে নিজৰ আধ্যাত্মিক উত্তৰাধিকাৰক মুল্যাঙ্কন কৰিবলৈ কিয় বিফল হৈছে?
১৫ যীচুৱে কৈছিল “তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।” (যোহন ৮:৩২) বহুতো যিহোৱাৰ সাক্ষীয়ে সত্য শিকাৰ বাবে পূৰ্বৰ জীৱন-প্ৰণালী আৰু ধৰ্ম্মীয় সঙ্গীসকলক ত্যাগ কৰিলে। সেইবাবে সত্যই তেওঁলোকৰ জীৱনলৈ অনা পৰিবৰ্ত্তনৰ বাবে তেওঁলোকে সকলো সময়তে সত্যৰ প্ৰতি মুল্যাঙ্কন দেখুৱাব পাৰে। আনহাতে, সত্যত ডাঙৰ-দীঘল হোৱা কিছুমান লʼৰা-ছোৱালীয়ে তেওঁলোকৰ আধ্যাত্মিক উত্তৰাধিকাৰক মুল্যাঙ্কন কৰিবলৈ কঠিন যেন অনুভৱ কৰে। কিয়নো তেওঁলোকে কেতিয়াও মিছা ধৰ্ম্মত বা ভাল যেন দেখা মনোৰঞ্জন, মাদক দ্ৰব্যৰ সেৱনকাৰী আৰু ব্যভিচাৰে ভৰা জগতত কোনো ভাগ লোৱা নাই। যাৰ ফলস্বৰূপে, তেওঁলোক আধ্যাত্মিক পৰমদেশ আৰু চয়তানৰ ভ্ৰষ্ট জগতৰ মাজত থকা বৃহৎ পাৰ্থক্যতাক দেখা নাপায়। আনকি তেওঁলোকৰ কিছুমানে এই জগতৰ বিষাক্ত আনন্দক লাভ কৰিবলৈ নিজকে প্ৰলোভনৰ হাতত গতাই দিয়ে।—১ যোহন ২:১৫-১৭; প্ৰকাশিত বাক্য ১৮:১-৫.
১৬. (ক)আমি নিজকে কেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰোঁ? (খ) আমাক কি কৰিবলৈ শিক্ষা আৰু উৎসাহিত কৰা হৈছে?
১৬ বেদনা আৰু কষ্টক অনুভৱ কৰিবলৈ আমি নিজেই তেনে পৰিস্থিতিৰ সন্মূখীন হোৱাটো আৱশ্যকনে? আনে ইয়াৰ দ্বাৰা পোৱা কষ্টদায়ক অনুভৱৰ পৰা আমি বিবেচনা কৰাটো কি উচিত নহবনে? তদুপৰি, আমি কিবা হেৰুৱাইছোঁ নে নাই তাক অনুভৱ কৰিবলৈ এই জগতৰ “বোকাত” ভৰি পেলোৱাটো আৱশ্যকনে? (২ পিতৰ ২:২০-২২) সত্যক জনাৰ আগতে চয়তানৰ জগতৰ ভাগ থকা প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলক পিতৰে এইদৰে কৈছিল: “লম্পট-আচৰণ, অভিলাষ, সুৰা-পান, ৰং-ৰস, পানাৰ্থক আমোদ-প্ৰমোদ, আৰু ঘিণলগীয়া দেৱপূজা, এই সকলোতে চলি, পৰজাতিবিলাকৰ ইচ্ছা সাধন কৰিবলৈ যি কাল অতীত হল, সেয়ে যথেষ্ট।” নিঃসন্দেহ, অপকৃষ্ট জীৱন কেনেধৰণৰ হʼব পাৰে তাক জানিবলৈ জগতৰ “নষ্টামিৰ উপচয়লৈ ধাৱমান” অনুভৱ কৰাটো আৱশ্যকতা নাই। (১ পিতৰ ৪:৩, ৪) ইয়াৰ বিপৰীতে, যিহোৱাই আমাক ৰাজ্যগৃহত বাইবেলৰ যোগেদি তেওঁৰ উচ্চ নৈতিক স্তৰৰ শিক্ষা দিয়ে। ইয়াৰ ওপৰিও ই আমাৰ যুক্তিশক্তিক ব্যৱহাৰ কৰি নিজেই প্ৰমাণ কৰিবলৈ উৎসাহ দিয়ে যে আমি সত্যৰ পথত চলোঁ। আমি সেই পথটোত যেন গোটেই জীৱন চলি থাকোঁ তাক বিবেচনা কৰা উচিত।—যিহোচূৱা ১:৮; ৰোমীয়া ১২:১, ২; ২ তীমথিয় ৩:১৪-১৭.
যিহোৱাৰ সাক্ষীৰ নাম মাত্ৰ তেওঁলোকৰ পৰিচয়ৰ বাবে নহয়
১৭. আমি কেনেকৈ যিহোৱাৰ এজন কাৰ্য্যকাৰী সাক্ষী হʼব পাৰোঁ?
১৭ যদি আমি এই সত্যক নিজৰ আপোন কৰি লওঁ, তেন্তে আমি প্ৰত্যেক সুযোগতে সত্যৰ বিষয়ে আনক কবলৈ চেষ্টা কৰিম। ইয়াৰ অৰ্থ এইটো নহয় যে যিসকল লোকে আমাৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আগ্ৰহী নহয়, তেওঁলোকক আমি কোৱা বাৰ্ত্তাৰ প্ৰতি কাণ দিবলৈ জোৰ কৰিম। (মথি ৭:৬) তাৰ পৰিৱৰ্ত্তে, আমাৰ উত্তম আচাৰ-ব্যৱহাৰৰ যোগেদি আমি নিজকে যিহোৱাৰ সাক্ষী হিচাপে চিনাকি দিম। যদি কোনো ব্যক্তিয়ে আগ্ৰহী হৈ প্ৰশ্ন কৰে বা বাইবেলৰ সাহিত্যবোৰ গ্ৰহণ কৰে, তেনেহʼলে আমি তেওঁলোকক ভৱিষ্যতৰ আশাৰ বিষয়ে কবলৈ সদায় প্ৰস্তুত থকা আৱশ্যক। নিঃসন্দেহ, আমি সকলো ক্ষেত্ৰত—ঘৰ, স্কুল, দোকান, পাৰ্ক আদি স্থানত প্ৰচাৰ কৰিবলৈ আমাৰ ওচৰত বাইবেলৰ আলোচনীসমূহ থকা আৱশ্যক।—১ পিতৰ ৩:১৫.
১৮. নিজকে সত্য খ্ৰীষ্টান হিচাপে স্পষ্টকৈ পৰিচয় দিয়াৰ যোগেদি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?
১৮ যেতিয়া আমি নিজকে স্পষ্টকৈ খ্ৰীষ্টানৰূপে চিনাকি দিওঁ, সেই সময়ত আমি চয়তানৰ সকলোবোৰ কৌশলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমাৰ প্ৰতিৰোধ শক্তিক অধিক শক্তিশালী কৰি তোলোঁ। যদি আপুনি জন্মদিন, বৰদিনৰ পাৰ্টি বা অন্য অফিচৰ চিঠিখেলত ভাগ নলয় সেই সময়ত সঙ্গী কৰ্ম্মচাৰীসকলে প্ৰায়ে কব, “দেখিছেনে তাই/তেওঁ এইবোৰত ভাগ নলয়। কিয়নো তাই বা তেওঁ এজন যিহোৱাৰ সাক্ষী।” সেই একেই কাৰণৰ বাবে লোকসকলে হয়তো আমাৰ সন্মূখত অশ্লীল বা লাম্পট্যপূৰ্ণ ধেমালী কৰাৰ পৰাও দূৰত থাকিব। এইদৰে এই উত্তম সিদ্ধান্তটোৱে আমাৰ জীৱনৰ বাবে লাভজনক আৰু আনকি পাঁচনি পিতৰেও ইয়াৰ বিষয়ে উল্লেখ কৰিছিল: “তোমালোক যদি উত্তমলৈ উদ্যোগী হোৱা, তেন্তে তোমালোকক অত্যাচাৰ কৰিব পৰা কোন? আৰু ধৰ্ম্মৰ কাৰণে যদিও দুখ ভোগ কৰিবলগা হয়, তথাপি তোমালোক ধন্য।”—১ পিতৰ ৩:১৩, ১৪.
১৯. আমি কেনেকৈ জানিব পাৰোঁ যে আমি একেবাৰে শেষ-কালত জীয়াই আছোঁ?
১৯ সত্যক আপোন কৰি লোৱাৰ আন এক লাভজনক বিষয় হৈছে, ই আমাক ভৰসা দিয়ে যে আমি সঁচাকৈ এই ৰীতি-ব্যৱস্থাৰ শেষ কালত জীয়াই আছোঁ। কিয়নো আমি জানো যে বাইবেলত উল্লেখ কৰা ভৱিষ্যতবাণীসমূহ আমাৰ সময়ত বহুলভাৱে পূৰ্ণ হৈছে।a “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত” হোৱাৰ বিষয়ে কোৱা পৌলৰ সতৰ্কবাণীসমূহক বিগত শতাব্দীবোৰত ঘটা ভয়ানক ঘটনাসমূহে প্ৰমাণিত কৰিছে। (২ তীমথিয় ৩:১-৫; মাৰ্ক ১৩:৩-৩৭) বিশং শতাব্দীৰ বিষয়ে এখন বাতৰি কাকতৰ শিৰোনামাত এটা লেখ প্ৰকাশ কৰা হৈছিল, যাৰ বিষয় আছিল “বিগত শতাব্দীক বৰ্বৰতাৰ যুগ হিচাপে স্মৰণ কৰা হʼব।” সেই লেখত এইদৰেও কৈছিল: “১৯৯৯ চনটো আটাইতকৈ প্ৰাণঘাতী বছৰৰূপে চিহ্নিত হʼল।”
২০. এতিয়া কেনে কাৰ্য্যত ভাগ লোৱাটো অতি আৱশ্যক?
২০ এতেকে পলম কৰাটো বুদ্ধিমানৰ বিষয় নহʼব। বাইবেলৰ শিক্ষাৰ দ্বাৰা সমূদায় জাতিক সাক্ষী দিয়া কাৰ্য্যই স্পষ্টকৈ এইটো প্ৰমাণ কৰিছে যে এই কাৰ্য্যত যিহোৱাৰ আশীৰ্ব্বাদ আছে। (মথি ২৪:১৪) সেইবাবে সত্যক আপোন কৰি লৈ আনকো এই সত্যৰ বিষয়ে কওঁক। আপুনি এতিয়া যি নিৰ্ণয় লʼব তাৰ ওপৰত আপোনাৰ অনন্তকলীয়া ভৱিষ্যত নিৰ্ভৰ কৰে। এলেহুৱা লোকে কেতিয়াও যিহোৱাৰ আশীৰ্ব্বাদ নাপাব। (লূক ৯:৬২) গতিকে বাইবেলে কৈছে, “প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াকে জানি, তোমালোক থিৰ আৰু অলৰ হৈ, প্ৰভুৰ কাৰ্য্যত সদায় উপচি” পৰাৰ এইয়াই সময়।—১ কৰিন্থীয়া ১৫:৫৮. (w01 2/1)
[ফুটনোট]
a প্ৰহৰীদুৰ্গ, জানুৱাৰী ১৫, ২০০০, পৃষ্ঠা ১২-১৪ চাওঁক। ১৩-১৮ অনুচ্ছেদত উল্লেখ কৰা প্ৰথম ছয় শাৰীয়ে এক শক্তিশালী প্ৰমাণ দিয়ে যে ১৯১৪ চনৰ পৰা আমি শেষ-কালত জীয়াই আছোঁ।
আপুনি স্মৰণ কৰেনে?
•আমি কেনেকৈ সন্দেহবোৰক আঁতৰাব পাৰোঁ?
•ইলীচাৰ পৰিচাৰকৰ পৰা আমি কি শিকিব পাৰোঁ?
•কি কি নৈতিক প্ৰলোভনৰ বিৰুদ্ধে আমি নিজকে একেৰাহে সুৰক্ষা দিয়া আৱশ্যক?
•আমি নিজকে কিয় এজন যিহোৱাৰ সাক্ষীৰূপে চিনাক্ত কৰা উচিত?
[৯ পৃষ্ঠাৰ ছবি]
ইলীচাৰ পৰিচাৰকৰ মনত উৎপন্ন হোৱা সন্দেহ দৰ্শনৰ দ্বাৰা আঁতৰোৱা হʼল
[১০ পৃষ্ঠাৰ ছবি]
নিয়মিত বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাই আমাৰ মনত উৎপন্ন হোৱা সন্দেহবোৰক আঁতৰ কৰিবলৈ সহায় কৰিব