ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ২/১ পৃষ্ঠা ১২-১৭
  • আপুনি যিহোৱালৈ কৰা সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি যিহোৱালৈ কৰা সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিছেনে?
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • তেওঁলোকে যিহোৱালৈ কৰা সমৰ্পণ প্ৰতিজ্ঞাৰ অনুসাৰে চলিলে
  • সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ বিষয়ে কিছুমান আধুনিক উদাহৰণ
  • সমৰ্পণত কৰা প্ৰতিজ্ঞাৰ প্ৰতি সঠিক দৃষ্টিকোণ
  • প্ৰত্যেক দিনে সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন
  • আপোনাৰ দৃষ্টিভঙ্গীক শুদ্ধ ৰাখক
  • আপোনাৰ নিৰ্ণয় কি?
  • একেৰাহে স্থিৰ হৃদয়েৰে যিহোৱাৰ সেৱা কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ২/১ পৃষ্ঠা ১২-১৭

আপুনি যিহোৱালৈ কৰা সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিছেনে?

“যি কৰা, তাক মানুহৰ উদ্দেশে নহয়, কিন্তু প্ৰভুৰ উদ্দেশে মনে চিত্তে সৈতে কৰা।”—কলচীয়া ৩:২৪.

১. জগতৰ লোকে “সমৰ্পণ” এই শব্দটোৰ ভাঙনি কেনেকৈ কৰিছে?

কেনেকৈ খেলুৱৈসকলে, তেওঁলোকৰ যোগ্যতা প্ৰকাশ কৰে? টেনিছ, ফুটবল, বাস্কেটবল, বেচ্‌ বল, ঘোঁৰাৰ দৌৰ, গল্ফ্‌ খেল আদি প্ৰতিযোগিতাবোৰত তেতিয়াহে নিজৰ দক্ষতা দেখুৱাব পাৰে যেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰে। ইয়াৰ বাবে শাৰীৰিক আৰু মানসিকৰূপে প্ৰস্তুত হোৱা উচিত। ওপৰত উল্লেখ কৰা সমৰ্পণ শব্দটোৰ অৰ্থ হৈছে সম্পূৰ্ণকৈ নিজকে ত্যাগ কৰা। বাইবেলৰ মতে আমি সমৰ্পণ শব্দৰ অৰ্থ কেৱল কাৰোবাৰ সৈতে শপত খোৱা বুলি ভবাটো উচিত হʼবনে?

২. বাইবেলৰ মতে সমৰ্পণ শব্দৰ অৰ্থ কি? বৰ্ণনা কৰক।

২ “সমৰ্পণ,” এই শব্দটোৰ অৰ্থ বাইবেলে কেনেকৈ প্ৰকাশ কৰিছে? এই শব্দটো ইব্ৰী ক্ৰিয়া পদৰ পৰা তুলি অনা হৈছে যাৰ অৰ্থ “নিজকে পৃথক ৰাখা; প্ৰতিসাৰণ কৰা।”a উদাহৰণস্বৰূপে, যেতিয়া মহাপুৰোহিত হাৰোণক পাগ পিন্ধি তাৰ ওপৰত মুকুটস্বৰূপে শুদ্ধ সোণৰ পতা লগোৱা হৈছিল আৰু তাৰ ওপৰত “যিহোৱাৰ উদ্দেশে পবিত্ৰ” এই বচন লিখা হৈছিল। যিটো এক সোঁৱৰণি বাক্যৰ দৰে আছিল আৰু হাৰোণক সদায় মনত পেলাইছিল যে যাতে তেওঁ যিহোৱাৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰাৰ পৰা দূৰত থাকে। কিয়নো সেই পবিত্ৰ সেৱাৰ বাবে হাৰোণক তেল ঢালি অভিষেক কৰা হৈছিল আৰু ইয়াৰ ওপৰিও সেইয়ে “সমৰ্পণ কৰা চিহ্নও” আছিল।—যাত্ৰাপুস্তক ২৯:৬; ৩৯:৩০; লেবীয়া পুস্তক ২১:১২.

৩. কেনেকৈ খ্ৰীষ্টান সমৰ্পণে আমাৰ আচাৰ-ব্যৱহাৰক প্ৰভাৱিত কৰে?

৩ যিহেতু ইয়াৰ পৰা আমি এইটোৱে জানিব পাৰিছোঁ যে সমৰ্পণ হৈছে এক গম্ভীৰ বিষয়। ই হৈছে স্বইচ্ছাৰে নিজকে ঈশ্বৰলৈ দিয়া সেৱকসকলৰ চিনাক্তকৰণ আৰু ইয়াৰ বাবে নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ ৰখা আৱশ্যক। গতিকে পাঁচনি পৌলে কোৱা এই বাক্যশাৰীৰ প্ৰতি কৃতজ্ঞতা হোৱা উচিত যেতিয়া তেওঁ কৈছিল: “তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হোৱা, কিয়নো লিখা আছে, তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।” (১ পিতৰ ১:১৫, ১৬) সেইবাবে আমি সমৰ্পিত খ্ৰীষ্টান হোৱাৰ বাবে এক বিশেষ দায়িত্ব আছে। সেইয়া হৈছে যিহোৱালৈ কৰা সমৰ্পণ আৰু শেষলৈকে তাৰ অনুসাৰে জীৱন-যাপন কৰা। এতিয়া প্ৰশ্ন হৈছে, খ্ৰীষ্টান সমৰ্পণৰ সৈতে কি সন্মিলিত আছে?—লেবীয়া পুস্তক ১৯:২; মথি ২৪:১৩.

৪.আমি কেনেকৈ সমৰ্পণ লোৱা পদক্ষেপটোলৈ আগবাঢ়িব পাৰোঁ আৰু ইয়াক কাৰ সৈতে তুলনা কৰিব পৰা যায়?

৪ অৱশেষত যিহোৱা আৰু যিজনে তেওঁক পঠিয়ালে অৰ্থাৎ যীচুৰ খ্ৰীষ্টৰ সঠিক জ্ঞান লোৱা আৰু উদ্দেশ্যবোৰৰ প্ৰতি থকা তেওঁৰ ভূমিকাক জনাৰ পাছত, আমি ব্যক্তিগতভাৱে যিহোৱাক সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু সকলো শক্তিৰে প্ৰেম কৰাত নিৰ্ণয় লৈছিলোঁ। (মাৰ্ক ৮:৩৪; ১২:৩০; যোহন ১৭:৩) ইয়াকে হয়তো আমি ব্যক্তিগত প্ৰতিজ্ঞাৰ দৰে অৰ্থাৎ ঈশ্বৰলৈ কৰা এক কপটহীন সমৰ্পণৰূপে দৃষ্টি কৰিব পাৰোঁ। যিহেতু, আমি ভাবাত্মক হৈ যিহোৱালৈ সমৰ্পণ কৰা নাছিলোঁ। কিন্তু, আমাৰ নিজকে ভালকৈ নিৰীক্ষণ কৰা আৰু প্ৰাৰ্থনাৰে সৈতে এই পদক্ষেপটো লৈছিলোঁ। গতিকে, আমি লোৱা নিৰ্ণয়টো মাত্ৰ কিছু দিন, মাহ বা বছৰৰ বাবে নাছিল। ইয়াৰ তুলনা এনে এক খেতিয়কৰ সৈতে কৰিব পৰা যায় যিজনে পথাৰত হাল চলাই মাটিত ৰেখা টানিলে, কিন্তু অতি কষ্ট হোৱাৰ বাবে বা পৰিশ্ৰমৰ ফল যে কেতিয়া আহিব তাকে ভাবি তেওঁ ত্যাগ দিলে। আঁহক আমি এনে কিছু উদাহৰণসমূহক বিবেচনা কৰোঁ যিসকলে সকলো কষ্টৰ সন্মূখীন হৈও যিহোৱালৈ কৰা সমৰ্পণ প্ৰতিজ্ঞাক বজাই ৰাখিলে।—লূক ৯:৬২; ৰোমীয়া ১২:১, ২.

তেওঁলোকে যিহোৱালৈ কৰা সমৰ্পণ প্ৰতিজ্ঞাৰ অনুসাৰে চলিলে

৫. কেনেকৈ ভৱিষ্যতবক্তা যিৰিমিয়াই ঈশ্বৰৰ এজন সমৰ্পিত সেৱকৰূপে থাকি এক উত্তম উদাহৰণ প্ৰস্তুত কৰিলে?

৫ ভৱিষ্যতবক্তা যিৰিমিয়া প্ৰায় ৪০ বছৰ (৬৪৭-৬০৭ সা.যু.পূ.) সময় যিহোৱাৰ সেৱা কৰিছিল আৰু এই কাৰ্য্য কৰাত তেওঁক বিভিন্ন ধৰণৰ সমস্যাৰো সন্মূখীন হʼবলগীয়া হৈছিল। ইয়াৰ ওপৰিও তেওঁ নিজৰ সীমাৰ বিষয়ে পৰিচিত আছিল। (যিৰিমিয়া ১:২-৬) গতিকে যিৰিমিয়াক সাহস আৰু ধৈৰ্য্যৰ আৱশ্যকতা আছিল যাতে যিহূদা লোকসকলৰ পৰা অহা তেওঁৰ দৈনন্দিন জীৱনৰ সমস্যাবোৰৰ সন্মূখীন হʼব পাৰে। (যিৰিমিয়া ১৮:১৮; ৩৮:৪-৬) তথাপিও যিহোৱা ঈশ্বৰত তেওঁ সম্পূৰ্ণ ভৰসা ৰাখিলে। যিহোৱাই তেওঁক সমস্যাবোৰৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিলে আৰু যাৰ দ্বাৰা তেওঁ গোটেই জীৱন এজন বিশ্বাসী সমৰ্পিত সেৱকৰূপে ঈশ্বৰৰ সেৱাত কটাইছিল।—যিৰিমিয়া ১:১৮, ১৯.

৬. পাঁচনি যোহনে আমাৰ বাবে কেনে উদাহৰণ প্ৰস্তুত কৰিলে?

৬ ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামৰ দ্বীপত বন্ধী হৈ থকা বৃদ্ধ পাঁচনি যোহনৰ বিষয়ে কি কব পৰা যায়? (প্ৰকাশিত বাক্য ১:৯) তেৱোঁ ধৈৰ্য্য ধৰিলে আৰু প্ৰায় ৬০ বছৰলৈকে যিহোৱাৰ এজন সমৰ্পিত সেৱকৰূপে গোটেই জীৱন কটাইছিল। তেওঁৰ জীৱনৰ শেষ কালছোৱাত ৰোমান সৈনিকৰ দ্বাৰা যিৰূচালেমৰ ধ্বংসও দেখা পাইছিল। ইয়াৰ ওপৰিও তেওঁ পাঁচনিবিলাকৰ এখন কিতাপ, তিনিখন পত্ৰ আৰু প্ৰকাশিত বাক্য নামৰ কিতাপখন লিখিছিল। সেই কিতাপখনত উল্লেখ কৰা হৰমাগিদোন নামৰ যুদ্ধৰ বিষয়ে তেওঁ পূৰ্বেই জ্ঞান পাইছিল। যেতিয়া তেওঁ জানিব পাৰিছিল যে সেই যুদ্ধ তেওঁৰ জীৱন কালছোৱাত নাহিব, তেনেহʼলে কি পাঁচনি যোহনে ঈশ্বৰৰ সেৱা কৰিব ত্যাগ দিছিলনে? তেওঁ নিৰুৎসাহিত হৈছিলনে? নিশ্চয়ে নহয়। কিন্তু ইয়াৰ পৰিবৰ্ত্তে তেওঁ মৃত্যুলৈকে ঈশ্বৰৰ এজন বিশ্বাসী সেৱক হৈ থাকিল। যিহেতু তেওঁ জানিছিল যে ‘ঈশ্বৰৰ নিযুক্ত সময়’ ওচৰ চাপিছে আৰু সেই দৰ্শনৰ বাক্যবোৰ পূৰ হʼবলৈ এতিয়াও সময় আছে।—প্ৰকাশিত বাক্য ১:৩; দানিয়েল ১২:৪.

সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ বিষয়ে কিছুমান আধুনিক উদাহৰণ

৭. কেনেকৈ এজন খ্ৰীষ্টান ভায়ে তেওঁৰ সমৰ্পণৰ প্ৰতিজ্ঞাৰ অনুসৰি কাৰ্য্য কৰিলে?

৭ আজিৰ আধুনিক সময়ত হাজাৰ হাজাৰ বিশ্বাসী খ্ৰীষ্টানসকলে নিজৰ সমৰ্পণ প্ৰতিজ্ঞাক মনত ৰাখি আৰু হৰমাগিদোনৰ সাক্ষ্য হবলৈ সুযোগ পাব নে নপাব, বিবেচনা নকৰাকৈ আৰু যিহোৱাৰ কাৰ্য্য অতি উৎসাহেৰে কৰি আছে। উদাহৰণস্বৰূপে, ইংলেণ্ডত থকা আৰনেষ্ট ই. বিভেৰ নামৰ এজন ভাইৰ অনুভৱক বিবেচনা কৰি চাওঁক। ১৯৩৯ চনত যেতিয়া দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত তেওঁ যিহোৱাৰ সেৱক হিচাপে নিজৰ পৰিচয় দিয়ে আৰু তেওঁৰ ভাল ফটোগ্ৰাফী ব্যৱসায় ত্যাগ দি পূৰ্ণ-সময়ৰ সেৱা কাৰণে নিজকে প্ৰস্তুত কৰে। যিহেতু তেওঁ খ্ৰীষ্টান নিৰপেক্ষতা বজাই ৰখাৰ বাবে দুই বছৰলৈকে জেইলো খাটিবলগীয়া হৈছিল। তদুপৰি তেওঁৰ পৰিয়ালৰ সদস্যইও এই নিৰ্ণয়ক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল। ১৯৫০ চনত, তেওঁৰ তিনিজন সন্তানে নিউয়ৰ্ক চহৰত সম্পন্ন হোৱা মিচনেৰী প্ৰশিক্ষণৰ বাবে ওৱাচ্‌ টাৱাৰ গিলিয়াদ স্কুলত যাবলৈ সুযোগ পালে। প্ৰচাৰ কাৰ্য্যৰ প্ৰতি অত্যন্ত আগ্ৰহী হোৱাৰ কাৰণে তেওঁৰ মিত্ৰসকলে তেওঁক হৰমাগিদোন-আৰনি বুলি কৈছিল। অৱশেষত ১৯৮৬ চনত তেওঁৰ মৃত্যু হয়। কিন্তু ভাই বিভেৰ মৃত্যুলৈকে তেওঁ সমৰ্পণত কৰা প্ৰতিজ্ঞাৰ অনুসাৰে কাৰ্য্য কৰিলে। তেওঁ সদায়ে ঈশ্বৰে আনিবলগীয়া ন্যায়ৰ দিন অৰ্থাৎ হৰমাগিদোনৰ বিষয়ে জনাইছিল। কেতিয়াও তেওঁৰ সমৰ্পণ কৰা প্ৰতিজ্ঞাক সীমিত বুলি ভবা নাছিল!b—১ কৰিন্থীয়া ১৫:৫৮.

৮, ৯. (ক)ফ্ৰেন্সকো ৰেজীমৰ শাসনৰ সময়ত ফ্ৰান্সৰ যুবক সাক্ষীসকলে কেনে উদাহৰণ প্ৰস্তুত কৰিলে? (খ) এতিয়া কেনে ধৰণৰ প্ৰশ্নসমূহৰ বিবেচনা কৰা আৱশ্যক?

৮ স্পেইন দেশৰ আন এক উৎসাহজনক উদাহৰণক বিবেচনা কৰক। ফ্ৰেন্সকো ৰেজীমৰ শাসন কালত (১৯৩৯-৭৫), বহুতো সমৰ্পিত যিহোৱাৰ যুৱা সাক্ষীসকলে খ্ৰীষ্টান নিৰপেক্ষতা বজাই ৰাখিলে। তেওঁলোকৰ এনে কাৰ্য্যৰ বাবে বহুতো ভায়ে সৈনিক কাৰাগাৰত দহ বছৰতকৈ বেছি সময় কটাবলগীয়া হৈছিল। তেওঁলোকৰ মাজৰে এজন ভাইৰ নাম আছিল যেচুচ মাৰ্টিন। তেওঁ প্ৰায় ২২ বছৰলৈকে জেইল খাটিবলগীয়া হৈছিল। তদুপৰি, তেওঁ উত্তৰ আমেৰিকাৰ সৈনিক শিবিৰত থকা সময়ত তেওঁক অধিকৈ অত্যাচাৰ কৰা হৈছিল। কিন্তু, তথাপিও তেওঁ নিৰ্ণয়ত অটল হৈ থাকিল।

৯ সেই যুৱক সাক্ষীসকলৰ প্ৰায়ভাগে ভাবিছিল যে তেওঁলোকে মুক্তি হয়তো কেতিয়াও নাপাব। যিহেতু তেওঁলোকৰ ওপৰত বহুতো আৰোপ লগোৱা হৈছিল। যিয়ে নহওঁক, যিহোৱাৰ প্ৰতি বিশ্বাসী আৰু প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা উৎসাহ বজাই ৰাখিবলৈ নিৰ্ণয় ললে। অৱশেষত ১৯৭৩ চনত যেতিয়া পৰিস্থিতি সলনি হʼল আৰু বহুতো সাক্ষীক জেলৰ পৰা প্ৰায় ৩০ বছৰ বয়সত মুক্তি দিলে, তেওঁলোকৰ বহুতে পলম নকৰি বিশেষ অগ্ৰগামী সেৱাত ভৰ্ত্তি হয়। তাৰে কিছু সকলে আকৌ পূৰ্ণ-সময়ৰ সেৱা আৰু কিছুমানে ট্ৰেভেলিং ওভাৰচিয়াৰ হিচাপে সেৱা আৰম্ভ কৰে। তেওঁলোকে জেইলত থকা সময়তো সমৰ্পণ কৰা প্ৰতিজ্ঞাত অটল হৈ আছিল আৰু মুক্তি হোৱাৰ পিছতো সেই একেই বিশ্বাস বজাই ৰাখিছিল।c বৰ্তমান সময়ত আমাৰ বিষয়ে কি? সেই বিশ্বাসী ব্যক্তিসকলৰ দৰে কি আমি আমাৰ সমৰ্পণ কৰা প্ৰতিজ্ঞাক বজাই ৰাখিছোঁ?—ইব্ৰী ১০:৩২-৩৪; ১৩:৩.

সমৰ্পণত কৰা প্ৰতিজ্ঞাৰ প্ৰতি সঠিক দৃষ্টিকোণ

১০. (ক)আমি আমাৰ সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ প্ৰতি কেনেধৰণৰ দৃষ্টিভঙ্গী ৰখা উচিত? (খ) যিহোৱা ঈশ্বৰে আমাৰ সেৱাৰ প্ৰতি কেনে দৃষ্টিকোণ ৰাখে?

১০ ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ আমি আমাৰ সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ প্ৰতি কেনে দৃষ্টিকোণ ৰাখোঁ? ই আমাৰ জীৱনত প্ৰথম স্থান পায়নে? যুবক বা বৃদ্ধ, বিবাহিত বা অবিবাহিত, সুস্থ বা অসুস্থ অৱস্থাত থকা স্বত্ত্বেও আমি আমাৰ সমৰ্পণ কৰা প্ৰতিজ্ঞাত অটল হৈ থকা আৱশ্যক। হয়তো এজন ব্যক্তিৰ পৰিস্থিতিয়ে তেওঁক পূৰ্ণ-সময়ৰ সেৱক হবলৈ বা স্বয়ং সেৱক হিচাপে ওৱাচ্‌ টাৱাৰ চোচাইটিৰ শাখা দপ্তৰত সেৱা কৰিবলৈ, মিছনাৰী বা পৰিব্ৰাজক ওভাৰচিয়াৰ হৈ সেৱা কৰিবলৈ অনুমতি দিব পাৰে। আনহাতে কিছুমান পিতৃ-মাতৃয়ে তেওঁলোকৰ পৰিয়ালক আধ্যাত্মিক আৰু ভৌতিকৰূপে পালন-পোষণ কৰাত সহায় কৰিব পাৰে। গতিকে, ইয়াৰ অৰ্থ এইটোনে যে পূৰ্ণ-সময়ত থকা সেৱকসকলৰ তুলনাত তেওঁলোকে প্ৰত্যেক মাহত মাত্ৰ কিছু ঘন্টা ব্যয় কৰা সেৱা যিহোৱাৰ দৃষ্টিত কোনো মান্যতা নাই? অৱশ্যেই নহয়। কিয়নো যিহোৱাই কেতিয়াও আমাৰ পৰা অত্যাধিক পোৱাতো অপেক্ষা নকৰে। যিহেতু তেওঁ সকলোৰে পৰিস্থিতিৰ বিষয়ে ভালদৰে জানে। সেইবাবে পাঁচনি পৌলে এই সিদ্ধান্তৰ বিষয়ে এইদৰে কৈছিল: “কিয়নো যদি প্ৰস্তুততা থাকে, তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে গ্ৰাহ্য হয়।”—২ কৰিন্থীয়া ৮:১২.

১১. আমাৰ উদ্ধাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

১১ গতিকে, আমি কৰা কাৰ্য্য নহয় কিন্তু যীচুৰ দ্বাৰা দেখুওৱা যিহোৱাৰ মহান অনুগ্ৰহৰ ওপৰত আমাৰ উদ্ধাৰ নিৰ্ভৰ কৰে। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “কিয়নো একো প্ৰভেদ নাই; কাৰণ সকলোৱে পাপ কৰিলে, আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে, কিন্তু খ্ৰীষ্ট্‌ যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্ম্মিক বুলি গণিত হয়।” এতেকে আমাৰ কাৰ্য্যয়ে প্ৰমাণ কৰিব যে আমি ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহত সম্পূৰ্ণকৈ বিশ্বাস কৰোঁ।—ৰোমীয়া ৩:২৩, ২৪; যাকোব ২:১৭, ১৮, ২৪.

১২. কিয় আমি তুলনা কৰাটো উচিত নহয়?

১২ যিহোৱাৰ সেৱাত কিমান সময় ব্যয় কৰিব পাৰোঁ অৰ্থাৎ কিমান বাইবেল সাহিত্যবোৰ বিতৰণ বা বাইবেল অধ্যয়ন পৰিচলনা কৰিব পৰা যায়, ইয়াক আনৰ সৈতে তুলনা কৰাৰ কোনো প্ৰয়োজন নাই। (গালাতীয়া ৬:৩, ৪) এই সকলোবোৰ কৰা স্বত্ত্বেও আমি সকলোৱে ইয়াকে মনত ৰখা উচিত যিটো হৈছে “আমি অনুপযোগী দাস, আমাৰ যি কৰ্তব্য, তাকেহে কৰিলোঁ, এই কথা কবা।” (লূক ১৭:১০) আমাক যিবোৰ কৰিবলৈ কোৱা হৈছিল সেই সকলোবোৰ আমি কৰিলোঁ, এই কথাফাঁকি আমি কিমান বাৰ মনত পেলাওঁ? গতিকে, আমি সকলোৱে সুধিব লাগে যে যিহোৱাৰ প্ৰতি থকা আমাৰ সেৱা কেনেধৰণৰ হোৱা উচিত?—২ কৰিন্থীয়া ১০:১৭, ১৮.

প্ৰত্যেক দিনে সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন

১৩. আমি আমাৰ সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰাত কেনেধৰণৰ মনোবৃত্তি দেখুৱা উচিত?

১৩ স্বামী-স্ত্ৰী, লʼৰা-ছোৱালী, পিতৃ-মাতৃ আৰু দাসবিলাকক পৰামৰ্শ দিয়াৰ পিছত পাঁচনি পৌলে এইদৰে কৈছিল: “আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাবা বুলি তোমালোকে জানি, যি কৰা, তাক মানুহৰ উদ্দেশে নহয়, কিন্তু প্ৰভুৰ উদ্দেশে মনে চিত্তে সৈতে কৰা; তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্য-কৰ্ম্ম কৰা।” (কলচীয়া ৩:২৩, ২৪) যিহেতু যিহোৱাৰ সেৱা মানুহৰ মনক আনন্দিত কৰিবলৈ কৰা নাই। কিন্তু ইয়াৰ পৰিবৰ্ত্তে আমি যিহোৱাৰ সেৱা যীচুৰ পদ চিহ্নক অনুকৰণ কৰি কৰিছোঁ। কিয়নো তেওঁ পৃথিৱীত থকা সময়ত সময়ৰ গুৰুত্বতাক বুজি তেওঁৰ সেৱা কৰিছিল।—১ পিতৰ ২:২১.

১৪. পাঁচনি পিতৰে শেষ-কালৰ বাবে কি সাৱধান বাণী দিছে?

১৪ পাঁচনি পিতৰেও সময়ৰ গুৰুত্বতাক বুজি যিহোৱাৰ সেৱা কৰিছিল। কিয়নো তেওঁ লিখা দ্বিতীয় পত্ৰত সতৰ্ক কৰি কৈছিল যে শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হব আছিল; তেওঁবিলাকে নিজ নিজ কু-অভিলাষৰ দৰে চলিব আছিল, আৰু তেওঁৰ আগমনৰ প্ৰতিজ্ঞাৰ বিষয়ে প্ৰশ্ন কৰিবলৈ আছিল। সেইবাবে তেওঁ কৈছিল: “কোনো কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি, তোমালোকলৈ দীৰ্ঘ-সহিষ্ণু হয়। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব।” যিহেতু যিহোৱাৰ দিন অৱশ্যেই আহিব। গতিকে আমি সকলোৱে ইয়াকে বিবেচনা কৰা উচিত যে আমি আমাৰ বিশ্বাস যিহোৱাৰ প্ৰতিজ্ঞাৰ বিষয়ে কিমান দৃঢ় ৰূপে গঢ়ি তুলিছোঁ।—২ পিতৰ ৩:৩, ৪, ৯, ১০.

১৫. আমি আমাৰ জীৱনৰ প্ৰত্যেকটো দিনৰ প্ৰতি কেনে দৃষ্টি ৰখা উচিত?

১৫ আমি সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ অনুসাৰে এনেদৰে জীৱন-যাপন কৰিব লাগে যাতে প্ৰত্যেক দিনে আমি যিহোৱাৰ প্ৰশংসা কৰোঁ। কি আমি প্ৰত্যেক দিনটোৰ শেষত এই প্ৰশ্নটোক বিবেচনা কৰোঁনে যে কেনেকৈ আমি যিহোৱাৰ নাম পবিত্ৰকৰণ আৰু শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লওঁনে? হয়তো আমাৰ উত্তম আচৰণ, উৎসাহজনক কথা-বতৰা আৰু পৰিয়ালৰ প্ৰতি স্নেহভৰা বিবেচনাৰ যোগেদি চাগৈ কৰিছোঁ। কি আমি সকলোবোৰ সুযোগ ব্যৱহাৰ কৰি অন্য সৈতে আমাৰ উজ্জ্বল আশাৰ বিষয়ে জনালোঁনে? তদুপৰি কি আমি অন্যক ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে গভীৰৰূপে বিবেচনা কৰিবলৈ সহায় আগবঢ়ালোঁনে? গতিকে আঁহক আমি সকলোৱে প্ৰত্যেক দিনা আধ্যাত্মিকৰূপে এনে কাৰ্য্য কৰোঁহঁক যিয়ে সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰাত সহায় কৰে।—মথি ৬:২০ ১ পিতৰ ২:১২; ৩:১৫; যাকোব ৩:১৩.

আপোনাৰ দৃষ্টিভঙ্গীক শুদ্ধ ৰাখক

১৬. কেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি চয়তানে আমাৰ সমৰ্পণ প্ৰতিজ্ঞাৰ প্ৰতি থকা দৃষ্টিভঙ্গীক দুৰ্বল কৰে?

১৬ আমি এনে এক কঠিন সময়ত জীয়াই আছোঁ যʼত খ্ৰীষ্টানসকলে প্ৰত্যেক দিনে পৰীক্ষাৰ সন্মূখীন হয়। চয়তান আৰু তেওঁৰ এজেন্টসকলে ভাল আৰু বেয়া, নৈতিক আৰু অনৈতিক বা জাতি আৰু অজাতিৰ মাজত আমাৰ আধ্যাত্মিক দৃষ্টিভঙ্গীক অশুদ্ধ কৰিবলৈ প্ৰচেষ্টা চলায়। (ৰোমীয়া ১:২৪-২৮; ১৬:১৭-১৯) মন কৰিবলগীয়া এই যে চয়তানে অতি সহজে টিভি আৰু কমপিউটাৰ অৰ্থাৎ ইন্টাৰনেটৰ দ্বাৰা আমাৰ দৃষ্টিভঙ্গীক অশুদ্ধ কৰে। যদি আমি আধ্যাত্মিকতাৰ সৈতে নিস্পত্তি কৰি লওঁ তেন্তে আমাৰ হাত “নাঙলত” জোৰেৰে খামোচি মাৰি ধৰি থকাৰ পৰিৱৰ্তে শিথিল হৈ পৰিব।—লূক ৯:৬২; ফিলিপীয়া ৪:৮.

১৭. কেনেকৈ পাঁচনি পৌলৰ পৰামৰ্শই আমাক ঈশ্বৰৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিবলৈ সহায় কৰে?

১৭ থিচলনীকীয়া মণ্ডলীলৈ লিখা পাঁচনি পৌলৰ এই বাক্যশাৰী সঁচাকৈ আমাৰ সময়তো ব্যৱহাৰিক, যʼত কৈছে, “কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা; আৰু ঈশ্বৰক নজনা পৰজাতি লোকবিলাকৰ নিচিনা কামাভিলাষৰ বশৱৰ্ত্তী নহৈ, পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা।” (১ থিচলনীকীয়া ৪:৩-৫) অনৈতিক কাৰ্য্যৰ দ্বাৰা কিছুমান খ্ৰীষ্টানক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা হʼল। কিয়নো তেওঁলোকে সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ বিফল হʼল। আনকি তেওঁলোকে যিহোৱাৰ সৈতে বন্ধা ভাল সম্বন্ধকো দুৰ্বল হবলৈ এৰি দিলে। তথাপিও পাঁচনি পৌলে কৈছিল: “কিয়নো ঈশ্বৰে আমাক অশুচিতালৈ নহয়, পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। এতেকে যি জনাই নিজ পবিত্ৰ আত্মা তোমালোকক দিয়ে, সেই ঈশ্বৰকহে অগ্ৰাহ্য কৰে।”—১ থিচলনীকীয়া ৪:৭, ৮.

আপোনাৰ নিৰ্ণয় কি?

১৮. আমাৰ নিৰ্ণয় কি হোৱা উচিত?

১৮ যদি আমি যিহোৱালৈ সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ প্ৰতি গভীৰৰূপে শ্ৰদ্ধা দেখুৱা তেন্তে কি কৰিবলৈ নিৰ্ণয় লব লাগিব? আমাৰ আচৰণ আৰু সেৱাৰ প্ৰতি এক শুদ্ধ বিবেক বজাই ৰাখিবলৈ দৃঢ় নিৰ্ণয় লোৱা উচিত। এই সন্দৰ্ভত পাঁচনি পিতৰে কৈছিল: “যিবিলাকে, খ্ৰীষ্টত থাকি কৰা তোমালোকৰ সদাচৰণৰ নিন্দা কৰে, তোমালোক যি বিষয়ত নিন্দিত হোৱা, সেই বিষয়ত তেওঁবিলাক যেন লাজত পৰিব, এই কাৰণে তোমালোকে উত্তম বিবেকো ৰাখিবা।” (১ পিতৰ ৩:১৬) বিশ্বাস আৰু যিহোৱাৰ প্ৰতি থকা নিষ্ঠাৰ বাবে হয়তো আমিও উৎপীড়ন আৰু কষ্টৰ সন্মূখীন হবলগীয়া হব, যেনেকৈ এই পৃথিৱীত থকা সময়ত যীচুৱে তেনেধৰণৰ পৰিস্থিতিৰ সন্মূখীন হৈছিল। সেইবাবে পাঁচনি পিতৰে কৈছিল: “এতেকে খ্ৰীষ্টে মাংসত দুখভোগ কৰা কাৰণে, তোমালোকে যেন মানুহৰ অভিলাষৰ দৰে আৰু কাল নিনিয়াই, ঈশ্বৰৰ ইচ্ছাৰ দৰে শৰীৰত কৰা বাসৰ অৱশিষ্ট কাল নিওৱা, এই কাৰণে নিজকো সেই একে ভাবেৰে সুসজ্জিত কৰা; কিয়নো যি জনে মাংসত দুখভোগ কৰিলে, তেওঁ পাপৰ পৰা ক্ষান্ত হল।”—১ পিতৰ ৪:১, ২.

১৯. আমি নিজৰ বিষয়ে কি কʼব বিচাৰোঁ?

১৯ ইয়াত কোনো সন্দেহ নাই যে আমাৰ সমৰ্পণৰ সময়ত কৰা প্ৰতিজ্ঞাই আমাক চয়তানৰ পৰা অহা আধ্যাত্মিক, নৈতিক আৰু শাৰীৰিক অশুদ্ধতাবোৰত ৰক্ষা কৰিব। তদুপৰি, এই নিৰ্ণয়ে আমাক ঈশ্বৰৰ অনুমোদনত সম্পূৰ্ণকৈ বিশ্বাস বৃদ্ধি কৰিব, যিটো চয়তানৰ প্ৰতিনিধিসকলে আগবঢ়োৱা ফান্দবোৰতকৈ অধিক উত্তম। গতিকে আহঁক আমি কেতিয়াও আমাৰ সত্যৰ প্ৰতি থকা প্ৰেমক হ্ৰাস হবলৈ নিদি ইয়াৰ পৰিবৰ্ত্তে প্ৰথম শতাব্দীৰ থুয়াতীৰাত থকা খ্ৰীষ্টানসকলৰ দৰে ইয়াকে কওঁ: “তোমাৰ কৰ্ম্ম, প্ৰেম বিশ্বাস, পৰিচৰ্য্যা, ধৈৰ্য্য আৰু প্ৰথম কৰ্ম্মতকৈ অধিক হোৱা তোমাৰ শেষ কৰ্ম্ম মই জানো।” (প্ৰকাশিত বাক্য ২:৪, ১৮, ১৯) সঁচাকৈ আঁহক আমি সমৰ্পণ প্ৰতিজ্ঞাৰ প্ৰতি যেন চেঁচা নহৈ শেষলৈকে “আত্মাত উৎসাহী” হৈ থাকোঁহঁক, কিয়নো শেষকাল একেবাৰে দুৱাৰদলি পালেহি।—ৰোমীয়া ১২:১১; প্ৰকাশিত বাক্য ৩:১৫, ১৬. (w01 2/1)

[ফুটনোটবোৰ]

a এপ্ৰিল ১৫, ১৯৮৭ চনৰ প্ৰহৰীদুৰ্গ, ৩১ পৃষ্ঠা চাওঁক।

b আৰনেষ্ট বিভেৰৰ জীৱনিৰ বিষয়ে প্ৰহৰীদুৰ্গ মাৰ্চ ১৫, ১৯৮০, পৃষ্ঠা ৮-১১ লৈকে চাওঁক।

c ওৱাচ্‌ টাৱাৰ বাইবেল এণ্ড ট্ৰেক্ট চোচাইটি অৱ নিউয়ৰ্কৰ দ্বাৰা প্ৰকাশিত যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পুস্তক ১৯৭৮, ১৫৬-৮, ২০১-১৮ পৃষ্ঠাত চাওঁক।

আপুনি স্মৰণ কৰেনে?

•আমি কেনেকৈ সন্দেহবোৰক আঁতৰাব পাৰোঁ?

•ইলীচাৰ পৰিচাৰকৰ পৰা আমি কি শিকিব পাৰোঁ?

•কি কি নৈতিক প্ৰলোভনৰ বিৰুদ্ধে আমি নিজকে একেৰাহে সুৰক্ষা দিয়া আৱশ্যক?

•আমি নিজকে কিয় এজন যিহোৱাৰ সাক্ষীৰূপে চিনাক্ত কৰা উচিত?

[১৫ পৃষ্ঠাৰ ছবি]

ভৱিষ্যতবক্তা যিৰিমিয়াই কঠিন পৰিস্থিতিটো বিশ্বাসত স্থিৰ থাকিল

[১৬ পৃষ্ঠাৰ ছবি]

আঁহক প্ৰত্যেক দিনা আধ্যাত্মিকতাৰ সঠিক কাৰ্য্য কৰোঁহঁক

আপোনাৰ মনত আছেনে?

•সমৰ্পণ কৰাত কি সন্মিলিত আছে?

•প্ৰাচীন আৰু আধুনিক সমৰ্পিত খ্ৰীষ্টানসকলৰ কেনেধৰণৰ উত্তম আৰ্হিক আমি অনুকৰণ কৰা আৱশ্যক?

•যিহোৱাৰ প্ৰতি কৰা সেৱাক আমি কেনে দৃষ্টিভঙ্গীৰে চোৱা উচিত?

•আমাৰ সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ প্ৰতি কেনেধৰণৰ নিৰ্ণয় লোৱা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক