আপুনি যি যি শিকিলে সেই অনুসাৰে একেৰাহে আচৰণ কৰক
“তোমালোকে যি যি শিকিলা, গ্ৰহণ কৰিলা, শুনিলা, আৰু মোত দেখিলা, সেই সকলোকে আচৰণ কৰা; তাতে শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।”—ফিলিপীয়া ৪:৯.
১, ২. সাধাৰণতে যিসকলে নিজকে ধৰ্ম্মপৰায়ণ বুলি কয়, তেওঁলোকৰ জীৱনত বাইবেলৰ কোনো প্ৰভাৱ পৰিছেনে? বৰ্ণনা কৰক।
ইমাৰ্জিং ট্ৰণ্ডচ নামৰ সংবাদ পত্ৰৰ শিৰোনামত আমেৰিকা যুক্ত ৰাষ্ট্ৰত চলোৱা এটা জৰীপৰ ফলাফল এইদৰে প্ৰকাশ কৰা হয়, “যিমানেই ধৰ্ম্মৰ প্ৰভাৱ বৃদ্ধি হৈছে সিমানেই নৈতিকতাৰ হ্ৰাস হৈছে।” প্ৰকৃততে সেই দেশৰ গীৰ্জাবোৰত উপস্থিতি হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে আৰু ধৰ্ম্মই তেওঁলোকৰ জীৱনত এক প্ৰমুখ স্থান অধিকাৰ কৰিছে। যিহেতু ৰিপৰ্টে আগলৈ এইদৰে কৈছে: “তেনেকৈ বৃদ্ধি হোৱা স্বত্বেও সাধাৰণতে সমাজত থকা প্ৰত্যেকজন ব্যক্তিৰ জীৱনত যে ধৰ্ম্মৰ ভাল প্ৰভাৱ পৰিছে বুলি বহুতো আমেৰিকা বাসীয়ে মনত সন্দেহ উৎপন্ন হৈছে।”
২ এনে পৰিস্থিতি কেৱল এখন দেশতহে দেখা দিছে বুলি কোৱাটো উচিত নহʼব। কিয়নো এই পৃথিৱীত থকা বহুতো লোকে বাইবেলৰ শিক্ষা গ্ৰহণ কৰি নিজকে ধাৰ্ম্মিক বুলি যদিও দাবী কৰে, দৰাচলতে তেওঁলোকে তাৰ অনুসাৰে জীৱন-যাপন নকৰে। (২ তীমথিয় ৩:৫) এই সন্দৰ্ভত এটা অনুসন্ধানকাৰীৰ সমূহে এইদৰে কৈছিল: “যদিও আমি আজি বাইবেলৰ শিক্ষাক উচ্চ বুলি স্বীকাৰ কৰিছোঁ, কিন্তু তথাপিও তাক পাঠ, অধ্যয়ন কৰিবলৈ সময় উলিওৱা আৰু তাৰ অনুসাৰে চলাটোক আমি এক অতীতৰ বিষয় বুলি বিবেচনা কৰোঁ।”
৩. (ক) বাইবেলে প্ৰকৃত খ্ৰীষ্টানসকলৰ জীৱন কেনেদৰে প্ৰভাৱিত কৰিছে? (খ) যীচুৰ অনুগামীসকলে ফিলিপীয়া ৪:৯ পদত উল্লেখ কৰা পাঁচনি পৌলৰ পৰামৰ্শক কেনেকৈ পালন কৰে?
৩ কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলে বাইবেলখনৰ প্ৰতি তেনে মনোবৃত্তি নাৰাখে। তেওঁলোকে ঈশ্বৰৰ বাক্যত দিয়া পৰামৰ্শৰ অনুসাৰে চলি নিজৰ বিচাৰধাৰা আৰু আচাৰ-ব্যৱহাৰ সাল-সলনি কৰিছে। তেওঁলোকে যি নতুন ব্যক্তিত্বক ধাৰণ কৰিছে তাক সকলোৱে স্পষ্টকৈ দেখা পাইছে। (কলচীয়া ৩:৫-১০) গতিকে যীচুৰ শিষ্যসকলৰ বাবে বাইবেলখন বহু বছৰে ব্যৱহাৰ নোহোৱা মেজত পৰি ধুলি-মাকতি লাগি থকা কোনো পুস্তক নহয়। ইয়াৰ বিপৰীতে পাঁচনি পৌলে ফিলিপীয়াৰ খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “তোমালোকে যি যি শিকিলা, গ্ৰহণ কৰিলা, শুনিলা, আৰু মোত দেখিলা, সেই সকলোকে আচৰণ কৰা; তাতে শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।” (ফিলিপীয়া ৪:৯) সেয়েহে খ্ৰীষ্টানসকলে ঈশ্বৰৰ বাক্যৰ সত্যতাক গ্ৰহণ কৰাতকৈ অধিক কাৰ্য্য কৰে। তেওঁলোকে একেৰাহে বাইবেলৰ পৰামৰ্শসমূহক পৰিয়াল জীৱন, চাকৰী, মণ্ডলী আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত পালন কৰে।
৪ ঈশ্বৰৰ ব্যৱস্থাক পালন কৰাটো কিয় এক সহজ বিষয় নহয়?
৪ কিন্তু ঈশ্বৰৰ ব্যৱস্থা আৰু সিদ্ধান্তবোৰ পালন কৰাটো কোনো সহজ কথা নহয়। কিয়নো আমি এনে এখন জগতত জীয়াই আছোঁ যাৰ শাসনকৰ্তা হৈছে চয়তান আৰু বাইবেলৰ অনুসৰি তাক “এই যুগৰ দেৱতা” বুলি কোৱা হৈছে। (২ কৰিন্থীয়া ৪:৪; ১ যোহন ৫:১৯) সেইবাবে যিহোৱাৰ প্ৰতি অখণ্ডতা বজাই ৰাখাত বাধা উৎপন্ন কৰা সকলোধৰণৰ বস্তুৰ পৰা আঁতৰি থকা আৱশ্যক। আমি কেনেকৈ অখণ্ডতা বজাই ৰাখিব পাৰোঁ?
‘নিৰাময় বাক্যৰ আৰ্হিক’ ধাৰণ কৰক
৫. “মোৰ পাছে পাছে আহঁক” বুলি কোৱা যীচুৰ বাক্যশাৰীৰ অৰ্থ কি আছিল?
৫ আমি যি শিকিলোঁ তাৰ অনুসাৰে আচৰণ কৰা এটা পথ হৈছে বিৰোধীতাৰ সম্মুখীন হোৱা স্বত্বেও নিষ্ঠাৰে সত্য উপাসনাত লাগি থকা। ইয়াৰ বাবে ধৈৰ্য্যৰ আৱশ্যক। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে দমন কৰক, আৰু নিজৰ [যাতনা স্তম্ভ, NW] তুলি লৈ, মোৰ পাছে পাছে আহক।” (মথি ১৬:২৪) ইয়াত যীচুৱে আমাক এসপ্তাহ, এমাহ বা এবছৰ ধৰি তেওঁক অনুকৰণ কৰাৰ বিষয়ে কোৱা নাছিল। বৰঞ্চ তেওঁ কৈছিল: “মোৰ পাছে পাছে আহক।” তেওঁৰ এই বাক্যশাৰীয়ে প্ৰকাশ কৰিছে যে আমি তেওঁৰ শিষ্য হোৱাটো কোনো অল্পকলীয়া বা অস্থায়ী বিষয় নহয়। নিষ্ঠাৰে তেওঁৰ সত্য উপাসনা কৰাৰ অৰ্থ হৈছে যে আমি বাছি লোৱা পথত অহা যিকোনো বাধাৰ স্বত্বেও তাত নিৰন্তৰে চলি থকা। আমি কেনেকৈ নিৰন্তৰে চলি থাকিব পাৰোঁ?
৬. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে পাঁচনি পৌলৰ পৰা শিকা সেই নিৰাময় বাক্যৰ আৰ্হি কি?
৬ পাঁচনি পৌলে তেওঁৰ সহকৰ্ম্মী তীমথিয়ক এনেদৰে উদগাইছিল: “মোৰ পৰা যি যি শুনিলা, তাক নিৰাময় বাক্যৰ আৰ্হি বুলি খ্ৰীষ্ট্ যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।” (২ তীমথিয় ১:১৩) আচলতে তেওঁ কোৱা কথাশাৰীৰ অৰ্থ কি আছিল? ইয়াত উল্লেখ কৰা গ্ৰীক ভাষাৰ “আৰ্হি” শব্দটোৱে এজন চিত্ৰাকাৰে আঁকা চিত্ৰখনক নিৰ্দ্দেশিত কৰিছে। যদিও সেই নক্সাখনত সম্পূৰ্ণ বৰ্ণনা কৰা নাই তথাপিও সুন্দৰকৈ আঁকা ইয়াৰ আকৃতিক দেখি দৰ্শকসকলে চিত্ৰখনৰ বিষয়ে সাধাৰণভাৱে উপলব্ধি কৰিব পাৰিব। ঠিক তেনেদৰে পাঁচনি পৌলে যি সত্যৰ আৰ্হিৰ বিষয়ে তীমথিয় আৰু আন ব্যক্তিসকলক কৈছিল, দৰাচলতে পৌলে প্ৰত্যেকটো বিষয়ত নিৰ্দ্দিষ্ট উত্তৰ দিয়াৰ উদ্দেশ্যৰে সেই আৰ্হি দিয়া নাছিল। তথাপিও সেই শিক্ষাবোৰে যথেষ্ট মাত্ৰাত পথ-প্ৰদৰ্শনা অৰ্থাৎ এটা পৰিলেখ দিয়া হৈছিল, যাতে নম্ৰ ব্যক্তিসকলে যিহোৱাই কি বিচাৰে তাক সম্পূৰ্ণকৈ উপলব্ধি কৰিব পাৰে। দৰাচলতে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ, তেওঁলোকে যি যি শিকিলে তাৰ অনুসাৰে আচৰণ কৰাৰ দ্বাৰা সত্যৰ আৰ্হিক বজাই ৰাখিব লাগিছিল।
৭. খ্ৰীষ্টানসকলে কেনেকৈ নিৰাময় বাক্যৰ আৰ্হিক নিৰন্তেৰে পালন কৰিব পাৰে?
৭ প্ৰথম শতিকাৰ হুমিনায়, আলেকজান্দৰ আৰু ফিলীত নামৰ কিছুমান ব্যক্তিয়ে দাঙি ধৰা বিচাৰ-ধাৰাবোৰ “নিৰাময় বাক্যৰ আৰ্হি” সৈতে মিল খোৱা নাছিল। (১ তীমথিয় ১:১৮-২০; ২ তীমথিয় ২:১৬, ১৭) এনে ধৰ্ম্মত্যাগী ব্যক্তিসকলৰ পৰা আঁতৰি থাকিবলৈ হʼলে প্ৰাৰম্ভিক খ্ৰীষ্টানবিলাকক কি কৰিব লাগিছিল? তেওঁলোকে মনোযোগেৰে প্ৰেৰিত বাক্যবোৰক অধ্যয়ন কৰি তাৰ অনুসাৰে জীৱন-যাপন কৰিব লাগিছিল। যিসকলে সেই আৰ্হিৰ অনুসাৰে চলিছিল, দৰাচলতে তেওঁলোকে পাঁচনি পৌল আৰু অন্য বিশ্বাসী ব্যক্তিসকলে ৰখা আৰ্হিক অনুকৰণ কৰি তেনেবোৰ বিষয়ৰ পৰা আঁতৰি থাকিব লাগিছিল যিবোৰ তেওঁলোকে শিকা সত্যতাৰ আৰ্হিৰ বিপৰীত আছিল। (ফিলিপীয়া ৩:১৭; ইব্ৰী ৫:১৪) তেওঁলোকে “বাদ-বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগগ্ৰস্ত” হোৱাৰ পৰিৱৰ্তে একেৰাহে সঠিক ভক্তিৰ অনুৰূপ শিক্ষাত আগবাঢ়ি গল। (১ তীমথিয় ৬:৩-৬) যেতিয়া গ্ৰহণ কৰা সত্য বাক্যবোৰক একেৰাহে পালন কৰোঁ তেতিয়া আমিও তেনে কৰাৰ প্ৰমাণ দিওঁ। গোটেই বিশ্বজুৰী লাখ লাখ যিহোৱাৰ সাক্ষীসকলে শিকা সত্যৰ আৰ্হিক নিৰন্তেৰে পালন কৰা দেখিবলৈ পাই আমাৰ বিশ্বাস কিমান যে শক্তিশালী হৈছে!—১ থিচলনীকীয়া ১:২-৫.
“গল্প-কথাৰ” পৰা আঁতৰি থাকক
৮. (ক) আজি চয়তানে আমাৰ বিশ্বাসক কেনেকৈ ধ্বংস কৰিবলৈ বিচাৰে? (খ) ২ তীমথিয় ৪:৩, ৪ পদত পাঁচনি পৌলে কোৱা কেনে সতৰ্কবাণী পোৱা যায়?
৮ আমি যি শিকিছোঁ তাৰ প্ৰতি সন্দেহ জন্মাই চয়তানে আমাৰ অখণ্ডতাক ভাঙিবলৈ চেষ্টা কৰে। প্ৰাচীন শতিকাৰ নিচিনাকৈ আজিও ধৰ্ম্মত্যাগী আৰু অন্যসকলে সৰল মনৰ ব্যক্তিসকলৰ বিশ্বাস ধ্বংস কৰিবলৈ সুযোগ বিচাৰি ফুৰে। (গালাতীয়া ২:৪; ৫:৭, ৮) কেতিয়াবা তেওঁলোকে যিহোৱাৰ সাক্ষীসকলৰ পদ্ধতি আৰু তেওঁলোকৰ অভিপ্ৰায়ৰ বিষয়ে বিভিন্ন ধৰণৰ মাধ্যমৰ জড়িয়তে মিছা তথ্য দাঙি ধৰে। এনেবোৰ বিষয়ৰ দ্বাৰা প্ৰভাৱিত হৈ কিছুমানে সত্যৰ পৰা আঁতৰি যাব বুলি পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “যি কালত মানুহিলাকে নিৰাময় শিক্ষা সহন নকৰিব, কিন্তু খজুউৱা কাণৰ মানুহ হৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দʼমে দʼমে শিক্ষক কৰি লব, আৰু সত্যৰ পৰা কাণ ঘূৰাই, গল্প-কথাৰ নিমিত্তে অপথে যাব, এনে কাল আহিব।”—২ তীমথিয় ৪:৩, ৪.
৯. যেতিয়া পাঁচনি পৌলে “গল্প-কথাৰ” বিষয়ে উল্লেখ কৰিছিল, সম্ভৱতঃ তেতিয়া তেওঁৰ মনত কি আছিল?
৯ নিৰাময় বাক্যৰ আৰ্হিক পালন কৰাৰ পৰিৱৰ্তে কিছুমানে “গল্প-কথাৰ” দ্বাৰা প্ৰলোভিত হৈছিল। সেইবোৰ কেনে ধৰণৰ মিছা কাহিনী আছিল? সম্ভৱতঃ পাঁচনি পৌলে তেনেদৰে কোৱাৰ সময়ত টবিতে লিখা কাল্পনিক কথাৰ ওপৰত আধাৰিত কিতাপখনক নিৰ্দ্দেশিত কৰিছিল।a তদুপৰি মিছা কাহিনীবোৰত হয়তো উত্তেজকমূলক আৰু ভাল-বেয়া বুলা উৰা-বাতৰিৰ সৈতে সন্মিলিত আছিল। তথাপিও কিছুমানে হয়তো “নিজ নিজ অভিলাষ অনুসাৰে” এনে ব্যক্তিসকলৰ দ্বাৰা প্ৰলোভিত হৈছিল যিসকলে ঈশ্বৰৰ স্তৰসমূহৰ প্ৰতি বিকল্পমূলক মনোবৃত্তি বা মণ্ডলীৰ অধ্যক্ষসকলৰ বিৰোদ্ধে থিয় হৈছিল। (৩ যোহন ৯, ১০; যিহূদা ৪) যিয়ে বাধাৰ কাৰণ নাথাকক কিয়, কিছুমানে ঈশ্বৰৰ বাক্যৰ সত্যতাৰ বিপৰীতে মিছা কাহিনীবোৰত অধিক জড়িত হৈ পৰিছিল। অতি কম সময়ৰ ভিতৰত তেওঁলোকে শিকা বিষয়বোৰৰ অনুসাৰে আচৰণ কৰিবলৈ ত্যাগ দিছিল আৰু ইয়ে তেওঁলোকৰ আধ্যাত্মিক সৰ্বনাশৰ কাৰণ হৈছিল।—২ পিতৰ ৩:১৫, ১৬.
১০. আধুনিক সময়ত দেখা কিছুমান মিছা কাহিনী কি আৰু পাঁচনি যোহনে এই বিষয়ে কেনে সাৱধানতা অৱলম্বন কৰা আৱশ্যক বুলি উল্লেখ কৰিছিল?
১০ যদি আমি শুনা আৰু পঢ়া কিতাপবোৰক বাছনি কৰোঁ তেন্তে মিছা কাহিনীবোৰৰ দ্বাৰা প্ৰলোভিত হোৱাৰ পৰা আঁতৰি থাকিব পাৰিম। উদাহৰণস্বৰূপে, বাতৰি কাকত, দূৰদৰ্শন বা আন আন মাধ্যমৰ জড়িয়তে সদায়েই অনৈতিক কাৰ্য্য কৰিবলৈ আগ্ৰহ কৰা হয়। বহুতে আকৌ নাস্তিক্য বা ঈশ্বৰৰ অস্তিত্বত সন্দেহী হʼবলৈ উৎসাহিত কৰে। উচ্চ শ্ৰেণীৰ সমালোচকসকলে বাইবেলখনক ঈশ্বৰৰ প্ৰেৰিত বাক্য নহয় বুলি দাবী কৰে। আধুনিক সময়ৰ ধৰ্ম্মত্যাগীসকলে সন্দেহৰ বীজ ৰুপন কৰি একেৰাহে খ্ৰীষ্টানবিলাকৰ বিশ্বাস ভাঙিবলৈ চেষ্টা কৰিছে। প্ৰথম শতিকাতো ধৰ্ম্মত্যাগীসকলৰ দ্বাৰা উৎপন্ন হোৱা সেই একেই বিপদসমূহৰ সম্পৰ্কে পাঁচনি যোহনে এইদৰে লখিছিল: “হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা; কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয়, তাক জানিবৰ কাৰণে, আত্মাবিলাকৰ পৰীক্ষা কৰা; কাৰণ অনেক ভাঁৰি-কোৱা ভাববাদী জগতত ওলাল।” (১ যোহন ৪:১) গতিকে এই বিষয়ে আমি সাৱধান হোৱা উচিত।
১১. আমি বিশ্বাসত থিৰে আছোঁ নে নাই তাক পৰীক্ষা কৰা এটা পদ্ধতি কি?
১১ এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোক বিশ্বাসত আছা নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা।” (২ কৰিন্থীয়া ১৩:৫) ইয়াত পৌলে আমাৰ নিজৰ বিশ্বাস সকলো খ্ৰীষ্টান বিশ্বাসৰ সামঞ্জস্যত আছে নে নাই তাক পৰীক্ষা কৰিবলৈ উৎসাহিত কৰিছিল। যদি আমি তেনে ধৰ্ম্মত্যাগী ব্যক্তিসকলৰ কথা শুনিবলৈ ইচ্ছুক হওঁ তেন্তে প্ৰাৰ্থনাপূৰ্বকভাৱে নিজকে এই প্ৰশ্নসমূহ সুধা আৱশ্যক। (গীতমালা ১৩৯:২৩, ২৪) আমি যিহোৱাৰ সেৱকসকলৰ ভুল বিচাৰি ফুৰোনে? যদি বিচাৰি ফুৰো, তেন্তে আমি কিয় তেনে কৰোঁ? আমি কেতিয়াবা কোনো এজনৰ কথা বা কাৰ্য্যৰ দ্বাৰা মানসিকভাৱে আঘাত পাইছোঁনে? যদি পাইছোঁ তেন্তে সেই বিষয়টোৰ প্ৰতি আৱেগীক নহৈ সেইবোৰক সাধাৰণ বিষয় যেন দৃষ্টি কৰোঁনে? যিহেতু আমি এই জগতত জীয়াই থকাৰ বাবে অস্থায়ীভাৱে বিভিন্ন তাড়না আৰু ক্লেশৰ সন্মুখীন হম। (২ কৰিন্থীয়া ৪:১৭) যদি মণ্ডলীৰ দ্বাৰা কিবা তাড়নাৰ সন্মুখীন হওঁ, তেন্তে আমি সত্যক ত্যাগ দিয়াটো উচিতনে? যদি কিহবাই আমাক নিৰুৎসাহিত কৰিছে তেন্তে তাক আমি নিজে সমাধান কৰাৰ পৰিৱৰ্তে যিহোৱাৰ হাতত এৰি দিয়াটো উত্তম নহʼবনে?—গীতমালা ৪:৪; হিতোপদেশ ৩:৫, ৬; ইফিচীয়া ৪:২৬.
১২. বিৰিয়া বাসীসকলে কেনেকৈ আমাৰ বাবে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?
১২ আমি কঠোৰ মনোবৃত্তি নাৰাখি ব্যক্তিগত অধ্যয়ন আৰু সভাসমূহৰ দ্বাৰা লাভ কৰা জ্ঞানৰ প্ৰতি এক হিতকাৰজনক মনোবৃত্তি বজাই ৰখা আৱশ্যক। (১ কৰিন্থীয়া ২:১৪, ১৫) তদুপৰি, ঈশ্বৰৰ বাক্যত সন্দেহ কৰাৰ পৰিৱৰ্তে যদি আমি বিৰিয়া বাসীসকলৰ দৰে মনোবৃত্তি ৰাখোঁ তেন্তে কিমান যে উত্তম হʼব! (পাঁচনিৰ কৰ্ম্ম ১৭:১০, ১১) তেন্তে আহঁক আমি যি শিকিলোঁ তাৰ অনুসাৰে কাৰ্য্য কৰি মিছা কাহিনীবোৰৰ প্ৰতি কাণ দিয়াৰ পৰা আঁতৰি থাকোঁহঁক।
১৩. আমি কেনেকৈ অনিচ্ছাকৃতভাবে মিছা কাহিনীবোৰ প্ৰচাৰ কৰিব পাৰোঁ?
১৩ ইয়াৰ উপৰিও প্ৰচলিত হোৱা আন ধৰণৰ মিছা কাহিনীৰ পৰা আমি আঁতৰি থকা আৱশ্যক। সেইয়া হৈছে ই-মেইলৰ দ্বাৰা প্ৰায়ে ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰেৰণ কৰা হয়। যদি আমি সেইবোৰক পঠাওঁতাজনক নাজানো, তেন্তে বিশেষভাৱে সতৰ্ক হোৱা আৱশ্যক। যদিও তেনে অভিজ্ঞতা বা কাহিনী পঠোৱাজন এজন ভাৰসাযুক্ত খ্ৰীষ্টান ব্যক্তি হয় তেন্তে তেওঁৰ হয়তো সেই বিষয়ে জ্ঞান নাথাকিব পাৰে। সেয়েহে তেনে বিষয়বোৰক কোনোবা এজনক কোৱা বা প্ৰেৰণ কৰাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। আমি নিশ্চয়ে এনে “ধৰ্ম্মানিন্দা” বা ‘গল্প-কথাক’ বাৰে বাৰে কোৱাৰ পৰা বিৰত থাকিম যিয়ে পবিত্ৰতাক কলঙ্কিত কৰে। (১ তীমথিয় ৪:৭) যিহেতু আমি আনক সঁচা কোৱাতো আমাৰ কৰ্তব্য, সেইবাবে আমি বুদ্ধিমানী হৈ অসত্যৰে ভৰি থকা বিষয়বোৰক কোৱাৰ পৰা আঁতৰি থকা আৱশ্যক।—ইফিচীয়া ৪:২৫.
সত্যতাক আচৰণ কৰাৰ দ্বাৰা পোৱা সঠিক লাভসমূহ
১৪. ঈশ্বৰৰ বাক্যৰ পৰা শিকা বিষয়বোৰৰ অনুসাৰে আচৰণ কৰি আমি কেনে লাভবান হʼব পাৰোঁ?
১৪ ব্যক্তিগত অধ্যয়ন আৰু সভাসমূহৰ পৰা পোৱা শিক্ষাৰ অনুসাৰে চলি অধিক লাভবান হʼব পাৰোঁ। উদাহৰণস্বৰূপে, সত্যত থকা ভাই-ভনীসকলৰ সৈতে আমাৰ সম্বন্ধ আগতকৈ অধিক উন্নত হোৱাটো অনুভৱ কৰিব পাৰোঁ। (গালাতীয়া ৬:১০) যেতিয়া বাইবেলৰ সিদ্ধান্তসমূহ পালন কৰোঁ তেতিয়া আমাৰ অনুচিত মনোবৃত্তিৰ সলনি হʼব। (গীতমালা ১৯:৮) ইয়াৰ উপৰিও যি শিকিছোঁ তাক আচৰণ কৰাৰ দ্বাৰা আমি ‘ঈশ্বৰৰ শিক্ষাত ভূষিত’ আৰু সত্য উপাসনাৰ প্ৰতি আনক আকৰ্ষিত কৰিম।—তীত ২:৬-১০)
১৫. (ক) এগৰাকী যিহোৱাৰ সাক্ষী কিশোৰীয়ে কেনেকৈ সাহসেৰে সাক্ষী দিবলৈ সক্ষম হয়? (খ) এই অভিজ্ঞতাৰ পৰা আপুনি কি শিকিলে?
১৫ যিহোৱাৰ সাক্ষীসকলৰ মাজত এনে বহুতো কিশোৰ-কিশোৰী আছে যিসকলে ব্যক্তিগত অধ্যয়ন, বাইবেল আধাৰিত আলোচনীসমূহ আৰু নিয়মীয়াকৈ সভাসমূহত উপস্থিত হৈ যি শিকিছে তাৰ অনুসাৰে আচৰণো কৰিছে। তেওঁলোকৰ সদাচৰণে সহপাঠী আৰু শিক্ষসকলক এক প্ৰভাৱকাৰী সাক্ষী দিছে। (১ পিতৰ ২:১২) এই বিষয়ে সংযুক্ত ৰাষ্ট্ৰৰ লেচেল নামৰ ১৩ বছৰীয়া এগৰাকী ছোৱালীৰ বিষয়ে বিবেচনা কৰক। তাই এইদৰে কৈছিল যে আৰম্ভণিতে সহপাঠীসকলক নিজ বিশ্বাসৰ বিষয়ে কোৱাটো তাইৰ বাবে এক কঠিন কাৰ্য্য আছিল। কিন্তু এদিনাখন তাই নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ বাধ্য হʼল। “এবাৰ লোকবিলাকে কেনেকৈ বস্তু বিক্ৰি কৰে তাৰ বিষয়ে ক্লাচৰ বিদ্যাৰ্থীসকলে আলোচনা কৰিবলৈ ধৰিলে। তেওঁলোকৰ মাজৰ এজনী ছাত্ৰীয়ে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে উল্লেখ কৰিলে।” এগৰাকী যিহোৱাৰ সাক্ষী হোৱাৰ বাবে তেনে পৰিস্থিতিত লেচলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে, তাৰ বিষয়ে তাই এইদৰে কলে: “মই নিজৰ বিশ্বাসক প্ৰতিৰক্ষা নকৰাকৈ মনে মনে বহি নাথাকিলোঁ।” আগলৈ তাই এইদৰে কয় যে, “ইয়াকে দেখি মই নিশ্চিত যে বহুতে আচৰিত হʼল। কিয়নো সাধাৰণতে মই স্কুলত সদায়ে মনে মনে থাকোঁ।” তাই সাহসী হৈ তেনে পদক্ষেপ লোৱাৰ কেনে ফলাফল পোৱা গʼল? সেই বিষয়ে তাই এইদৰে কৈছিল: “যিহেতু সেই ছাত্ৰী গৰাকীৰ আন প্ৰশ্নসমূহো থকাৰ বাবে মই তাইক এখন ব্ৰচাৰ আৰু ট্ৰেক্ট দিয়াত সক্ষম হলোঁ।” কিশোৰ-কিশোৰসকলক সাহসেৰে তেনে সাক্ষী দিয়া দেখি যিহোৱাই কিমানে যে আনন্দিত হয়!—হিতোপদেশ ২৭:১১; ইব্ৰী ৬:১০.
১৬. এজনী কিশোৰী সাক্ষীয়ে কেনেকৈ ঈশ্বৰ-শাসিত স্কুলৰ দ্বাৰা লাভবান হৈছিল?
১৬ আন এটা উদাহৰণ হৈছে এলীজাবেথ নামৰ এগৰাকী কিশোৰীৰ। তাই সাতবছৰ বয়সতে নিজৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক ঈশ্বৰ-শাসিত সভাত তাইৰ কোনো ভাষণ থাকা দিনত উপস্থিত হʼবলৈ সদায়ে আমন্ত্ৰন কৰিছিল। যদি কোনো কাৰণত এজনে সভাত উপস্থিত হʼব নোৱাৰে তেতিয়া তাই স্কুলৰ ছুটিৰ পিছত শিক্ষকে বা শিক্ষয়ত্ৰী গৰাকীক তাইৰ ভাষণটো শুনাইছিল। উচ্চতম বিদ্যায়লত কটোৱা শেষৰ বছৰছোৱাত তাই কেনেকৈ ঈশ্বৰ-শাসিত স্কুলৰ পৰা লাভবান হৈছে তাৰ বিষয়ে দহ পৃষ্ঠাৰ এখন ৰিপৰ্ট লিখিছিল আৰু এজন শিক্ষক আৰু তিনি গৰাকী শিক্ষয়ত্ৰীৰ সম্মুখত এটি প্ৰস্তাৱনা দাঙি ধৰিছিল। তদুপৰি, তাইক এক আৰ্হিস্বৰূপ ঈশ্বৰ-শাসিত ভাষণ দিবলৈ আমন্ত্ৰিত কৰা হৈছিল। সেই ভাষণৰ বাবে তাই এনে এটা আকৰ্ষণীয় বিষবস্তুৰ বাছনি কৰিছিল যাৰ বিষয় আছিল, “ঈশ্বৰে কিয় দুষ্টতাক অনুমতি দিছে?” যিহোৱাৰ সাক্ষীসকলে আয়োজন কৰা তেনে শৈক্ষিক কাৰ্য্যক্ৰমৰ পৰা এলীজাবেথে প্ৰকৃততে লাভবান হৈছিল। ঈশ্বৰৰ বাক্যৰ পৰা শিকাৰ অনুসাৰে আচৰণ কৰা কিশোৰ-কিশোৰীৰ মাজৰ তাই এনে এজনী কিশোৰী যিয়ে যিহোৱালৈ প্ৰশংসা কঢ়িয়াই আনিলে।
১৭, ১৮. (ক) সতবাদী হোৱাৰ বিষয়ে বাইবেলে কেনে পৰামৰ্শ আগবঢ়াইছে? (খ) এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষী হোৱা এজন ব্যক্তিৰ সত্যবাদীতাৰ আচৰণত কেনে প্ৰভাৱিত হৈছিল?
১৭ খ্ৰীষ্টানসকলক সকলো বিষয়তে সত্যবাদী হʼবলৈ বাইবেলে উৎসাহিত কৰিছে। (ইব্ৰী ১৩:১৮) কিয়নো অসাধুতাই আনৰ আৰু বিশেষকৈ যিহোৱাৰ সৈতে থকা আমাৰ সম্পৰ্কক ধ্বংস কৰিব পাৰে। (হিতোপদেশ ১২:২২) আমাৰ বিশ্বস্ত আচাৰ-ব্যৱহাৰে প্ৰমাণ দিয়ে যে আমি বাইবেলৰ পৰা যি শিকিছোঁ তাৰ অনুসাৰে জীৱন-যাপন কৰিছোঁ আৰু ইয়াৰ বাবে বহুতে যিহোৱাৰ সাক্ষীসকলক অধিক সন্মান কৰে।
১৮ ফিলিপ নামৰ এজন সৈনিক বিষয়াৰ অভিজ্ঞতাক বিবেচনা কৰক। তেওঁ এবাৰ বেঙ্কত চহী কৰা এখন শুদা চেক হেৰুৱাই। তেওঁ তেতিয়ালৈকে তাৰ বিষয়ে অজ্ঞাত আছিল যেতিয়ালৈকে সেইখন তেওঁ ডাক যোগে ঘূৰাই পোৱা নাছিল। সেই চেকখন এজন যিহোৱাৰ সাক্ষীয়ে পাইছিল। সাক্ষীজনে সেই চেকখনৰ সৈতে এটা সৰু টোকাত নিজৰ ধৰ্ম্মীয় বিশ্বাস আৰু কিহে তেওঁক সেইখন উভতাই দিবলৈ প্ৰেৰিত কৰিলে এই বিষয়ে লিখি পঠিয়াইছিল। তাক দেখি ফিলিপে অতি আচৰিত হʼল আৰু এইদৰে কৈছিল: “তেওঁলোকে মোৰ ৪,৩২,০০০ টকা বেঙ্কৰ পৰা উলিয়াব পাৰিলেহেঁতেন!” আন এবাৰ গীৰ্জালৈ যাওঁতে তাত কোনোবাই তেওঁৰ টুপীতো চুৰি কৰি নিয়াত তেওঁ অতি নিৰুৎসাহিত হৈছিল। প্ৰতীয়মানভাৱে টুপীটো কোনোবা চিনাকি ব্যক্তিয়ে চুৰি কৰিছিল আৰু আনহাতে এজন অচিনাকি ব্যক্তিয়ে তেওঁৰ কেইবা লাখ টকাৰ চেকখন পাই উভটাই দিছিল। প্ৰকৃততে সত্যবাদী খ্ৰীষ্টাসকলৰ তেনে কাৰ্য্যই যিহোৱালৈ কিমান যে প্ৰশংসা কঢ়িয়াই আনে!
আপুনি যি শিকিলে সেই অনুসাৰে একেৰাহে আচৰণ কৰক
১৯, ২০. আমি শিকা শাস্ত্ৰ বিষয়বোৰৰ অনুসাৰে আচৰণ কৰাৰ দ্বাৰা কেনেকৈ লাভবান হʼম?
১৯ ঈশ্বৰৰ বাক্যৰ পৰা শিকা শিক্ষাক যিসকলে গ্ৰহণ কৰি সেই অনুসাৰে আচৰণ কৰে তেওঁলোকে অনেক আশীৰ্ব্বাদ লাভ কৰে। এই সন্দৰ্ভত যাকোবে এইদৰে লিখিছিল: “যি কোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে, আৰু চাই থাকে, আৰু শুনি পাহৰোঁতা নহৈ পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্য্যত ধন্য হব।” (যাকোব ১:২৫) যদি আমি বাইবেল পৰা যি শিকিছোঁ তাৰ অনুসাৰে কাৰ্য্য কৰোঁ তেন্তে প্ৰকৃততে সুখী হʼম আৰু সফলতাৰে জীৱনলৈ অহা সমস্যাবোৰৰ সৈতে সম্মুখীন হʼব পাৰিম। আমাৰ বেছিভাগেই যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিব আৰু ভৱিষ্যতে চিৰকালৰ বাবে জীয়াই থাকাৰ আশা আছে!—হিতোপদেশ ১০:২২; ১ তীমথিয় ৬:৬.
২০ এই আশীৰ্ব্বাদ লাভ কৰিবলৈ আপুনি একেৰাহে ঈশ্বৰৰ বাক্যৰ অনুসাৰে চলি থাকিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰা আৱশ্যক। নিয়মীয়াকৈ যিহোৱাৰ উপাসকসকলৰ সৈতে একত্ৰিত হওক আৰু সভাসমূহত প্ৰস্তুত কৰা বিষয়সমূহক মনোযোগেৰে শুনক। যদি আপুনি শিকা বিষয়বোৰৰ অনুসাৰে একেৰাহে আচৰণ কৰে তেন্তে ‘শান্তিৰ আকৰ ঈশ্বৰ আপোনাৰ লগত থাকিব।’—ফিলিপীয়া ৪:৯. (w02 9/15)
[ফুটনোট]
a সম্ভৱতঃ টবিটৰ সাধুকথা নামৰ কিতাপখন সা.যু.পূ. তৃতীয় শতিকাত লিখা হৈছিল। ইয়াত টবাইছ নামৰ এজন ইহুদী ব্যক্তিয়ে লিখা অন্ধবিশ্বাসৰ উপাখ্যানেৰে ভৰি আছিল। এই কিতাপখনত তেওঁ উল্লেখ কৰিছিল যে কোনোবা এজনক সুস্থ আৰু পিশাচবোৰক খেদোৱাটো এটা বিৰাট আকাৰৰ মাছৰ হাওফাঁও, কলিজা আৰু পিত্তৰ দ্বাৰা সম্ভৱ।
আপোনাৰ মনত আছেনে?
• “নিৰাময় বাক্যৰ আৰ্হি” কি আৰু ইয়াক আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ?
• কেনে ধৰণৰ ‘গল্প-কথাবোৰৰ’ পৰা আঁতৰি থকা আৱশ্যক?
• যিসকলে ঈশ্বৰৰ বাক্যৰ পৰা শিকা অনুসাৰে আচৰণ কৰে তেওঁলোকে কেনেদৰে লাভাবান হয়?