ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১০/১ পৃষ্ঠা ২-৪
  • অশান্তিপূৰ্ণ সময়ছোৱাত শান্ত্বনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অশান্তিপূৰ্ণ সময়ছোৱাত শান্ত্বনা
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰে দুষ্টতাৰ প্ৰতি কেনে দৃষ্টি কৰে
  • এই দুষ্টতাৰ বাবে দায়ী কোন?
  • ঈশ্বৰৰ যথাৰ্থ জ্ঞানৰ পৰা শান্ত্বনা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমি “শেষ-কালত” জীয়াই আছোঁ নেকি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • এই জগতৰ অন্ত একেবাৰে কাষত আছে নেকি?
    বাইবেলে আমাক কি শিকায়?
  • পীড়িত লোকক শান্ত্বনা প্ৰদান কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১০/১ পৃষ্ঠা ২-৪

অশান্তিপূৰ্ণ সময়ছোৱাত শান্ত্বনা

বৰ্তমান সময়ছোৱাত শুনিবলৈ পোৱা খবৰবোৰ বাস্তৱতে বেদনাদায়ক। এই সম্পৰ্কে এজন ব্যক্তিয়ে এইদৰে লিখিছিল: “বৰ্তমানে শুনিবলৈ পোৱা ঘটনাবোৰ ইমানেই বেদনাদায়ক যে আমি ছয় বজাৰ বাতৰি শুনিবলৈ সাহ কৰিব নোৱাৰোঁ।” দৰাচলতে এই পৃথিৱীখনত যুদ্ধ, সন্ত্ৰাসবাদ, ক্লেশ, অপৰাধ আৰু বেমাৰ-আজাৰে ভৰি আছে। যদিও আমি সেইবোৰৰ সম্মুখীন হোৱা নাই, তথাপিও আমি আজি নহয় কিন্তু এদিনাখন সেইবোৰৰ সম্মুখীন হʼব লাগিব।

আজিৰ সময়ছোৱাৰ বিষয়ে পূৰ্ব্বেই বাইবেলত স্পষ্টকৈ বৰ্ণনা কৰা হৈছিল। আমাৰ সময়ৰ বিষয়ে বৰ্ণনা কৰি যীচুৱে এইদৰে কৈছিল, সেই সময়ছোৱাত বিশ্বযুদ্ধ, মহামাৰী, আকাল আৰু ভূমিকম্প হʼব। (লূক ২১:১০, ১১) একেইদৰে পাঁচনি পৌলেও “ভয়ঙ্কৰ সময় উপস্থিত হব” আৰু সেই সময়ত লোকবিলাকে উগ্ৰ, ধন-সম্পত্তিক প্ৰেম কৰা আৰু সাধুতাক ঘিণাব বুলি লিখিছিল। তেওঁ এই সময়ছোৱাক ‘শেষকাল’ বুলি উল্লেখ কৰিছিল।—২ তীমথিয় ৩:১-৫.

বাইবেলত পূৰ্বেই বৰ্ণনা কৰা অৱস্থাৰ বিষয়ে বৰ্তমান সময়ৰ বাতৰিবোৰেও একেইদৰে প্ৰকাশ কৰিছে। কিন্তু বাইবেলে এনে এক আশ্বাস প্ৰদান কৰিছে, যি বাতৰিবোৰে কৰিব পৰা নাই। ঈশ্বৰৰ প্ৰেৰিত বাক্যৰ যোগেদি আমি এই অৱস্থাৰ কাৰণবোৰ কেৱল বুজিবহে পাৰিছোঁ এনে নহয়, ভৱিষ্যতে কি ঘটিব সেই বিষয়েও জানিব পাৰিছোঁ।

ঈশ্বৰে দুষ্টতাৰ প্ৰতি কেনে দৃষ্টি কৰে

বাইবেলে আমাৰ সময়ত হোৱা বেদনাদায়ক পৰিস্থিতিবোৰত ঈশ্বৰৰ দৃষ্টিভঙ্গী কি এই বিষয়ে বৰ্ণনা কৰিছে। বৰ্তমানে ঘটা ঘটনাবোৰৰ বিষয়ে যদিও ঈশ্বৰৰ পূৰ্বজ্ঞান আছিল, তথাপিও তেওঁ এইবোৰক দীৰ্ঘসময়লৈকে অনুমতি দিয়া বা সহন কৰাৰ কোনো অভিপ্ৰায় নাই। কিয়নো পাঁচনি যোহনে লিখিছিল যে “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) যিহোৱাই তেওঁৰ লোকসকলৰ প্ৰতি গভীৰ চিন্তা আৰু সকলো প্ৰকাৰৰ দুষ্টতাক ঘিণ কৰে। সেয়েহে আমি শান্ত্বনাৰ বাবে উপযুক্তৰূপে ঈশ্বৰৰ কাষ চাপিব পাৰোঁ, কিয়নো তেওঁ প্ৰেমী, সহনশীল আৰু এই বেয়া পৰিস্থিতিসমূহক সম্পূৰ্ণকৈ আঁতৰ কৰিবলৈ তেওঁৰ ক্ষমতা আছে। এই সংক্ৰান্তত গীতমালাৰ ৰচোঁতাজনে এইদৰে লিখিছিল: “দুখীয়াই কাতৰোক্তি কৰিলে [ঈশ্বৰে নিযুক্ত কৰা স্বৰ্গীয় ৰজাই] তাক উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিতজনক তেওঁ ত্ৰাণ কৰিব। তেওঁ দুখী-দৰিদ্ৰক কৃপা কৰিব; তেওঁ দৰিদ্ৰবিলাকৰ প্ৰাণ ৰক্ষা কৰিব। অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সিবিলাকৰ তেজ বহুমূল্য হব।”—গীতমালা ৭২:১২-১৪.

ক্লেশত ভোগা লোকবিলাকক দেখি আপুনি সহানুভূতি অনুভৱ কৰেনে? সম্ভৱতঃ আপুনি নিশ্চয় কৰে। কিয়নো সঙ্গী মানৱৰ প্ৰতি থকা অনুভূতিৰে ঈশ্বৰে আমাক তেওঁৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিলে। (আদিপুস্তক ১:২৬, ২৭) গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে মানৱে ভোগী থকা ক্লেশদায়ক পৰিস্থিতিৰ প্ৰতি যিহোৱা অনুভূতিহীন নহয়। যিহোৱাক আনতকৈ ভালদৰে জনা যীচুৱে শিকাইছিল যে যিহোৱাই আমাৰ প্ৰতি অত্যন্ত আগ্ৰহী আৰু সহনশীল।—মথি ১০:২৯, ৩১.

ঈশ্বৰে যে মানুহৰ প্ৰতি যত্ন লয়, তাক প্ৰকৃতিয়ে স্বয়ং প্ৰমাণ দিছে। যীচুৱে কৈছিল যে ঈশ্বৰে, “দুষ্ট আৰু সন্ত দুয়োৰো ওপৰত তেওঁৰ সূৰ্য্য উদয় হবলৈ দিয়ে; আৰু ধাৰ্ম্মিক অধাৰ্ম্মিক এই দুয়োৰো ওপৰত বৰষুণো বৰষায়।” (মথি ৫:৪৫) লুকায়নিয়া চহৰত থকা বাসিন্দাসকলক উদ্দেশ্য কৰি পৌলে এইদৰে কৈছিল: “[ঈশ্বৰে] মঙ্গলকাৰী হৈ তোমালোকলৈ আকাশৰ পৰা বৰষুণ বৰষাই, শস্য উৎপন্ন হোৱা বতৰ কৰি, আহাৰ আৰু আনন্দৰে তোমালোকৰ হৃদয় তৃপ্ত কৰাই, সাক্ষী নথকাকৈ নিজকে নেৰিলে।”—পাঁচনিৰ কৰ্ম্ম ১৪:১৭.

এই দুষ্টতাৰ বাবে দায়ী কোন?

মন কৰিবলগীয়া এই যে পৌলে লুকায়নিয়া চহৰত থকা বাসিন্দাসকলক এইদৰেও কৈছিল: “আগৰ কালত আটাইবিলাক জাতিক নিজ নিজ পথত চলিবলৈ এৰি দিলে।” সম্মুখীন হোৱা তেনে বিপদজনক অৱস্থাৰ বাবে ঈশ্বৰ নহয় কিন্তু সেই লোকবিলাকে নিজেই বৃহৎমাত্ৰাত দায়ী আছিল।—পাঁচনিৰ কৰ্ম্ম ১৪:১৬.

এই দুষ্টতাক ঈশ্বৰে কিয় অনুমতি দিছে? ইয়াৰ বাবে তেওঁ ভৱিষ্যতে কোনো পদক্ষেপ লʼবনে? এই প্ৰশ্নবোৰৰ উত্তৰ কেৱল ঈশ্বৰৰ বাক্যতেহে পাব পাৰি। কিয়নো এই প্ৰশ্নবোৰৰ উত্তৰসমূহ আন এক অদৃশ্য আত্মিক প্ৰাণী আৰু তেওঁ উত্থাপন কৰা এক বাদ-বিবাদৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে। (w02 10/1)

[৪ পৃষ্ঠাৰ ছবিসমূহ]

এজন ব্যক্তিৰ আন সঙ্গী মানৱৰ প্ৰতি অনুভূতি আছে। মানৱে ভোগী থকা দুখ-কষ্টৰ প্ৰতি ঈশ্বৰে অনুভূতিহীন নে?

[২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

বেটুপাট: টেঙ্ক: UN PHOTO 158181/J. Isaac; earthquake: San Hong R-C Picture Company

[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

ওপৰৰ বাওঁফালে, ক্ৰটিয়া: UN PHOTO 159208/S. Whitehouse; অনাহাৰে থকা শিশু: UN PHOTO 146150 BY O. MONSEN

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক