ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bhs অধ্যায় ৯ পৃষ্ঠা ৯৪-১০৪
  • এই জগতৰ অন্ত একেবাৰে কাষত আছে নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই জগতৰ অন্ত একেবাৰে কাষত আছে নেকি?
  • বাইবেলে আমাক কি শিকায়?
  • বাইবেল শিকায় পঢ়ক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • স্বৰ্গত এখন যুদ্ধ হ’ল
  • শেষ-কালত হ’বলগীয়া ঘটনা
  • শেষ-কালত লোকসকল কেনে ধৰণৰ হ’ব
  • শেষ-কালত ভাল খবৰ
  • আপুনি কি কৰিব
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • জগতৰ অন্ত কেতিয়া হʼব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • এয়া হৈছে শেষ কাল!
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
বাইবেলে আমাক কি শিকায়?
bhs অধ্যায় ৯ পৃষ্ঠা ৯৪-১০৪

ন অধ্যায়

এই জগতৰ শেষ একেবাৰে কাষ চাপিছে নেকি?

১. ভৱিষ্যতৰ বিষয়ে আমি ক’ৰপৰা শিকিবলৈ পাম?

‘এই জগতৰ পৰিস্থিতি কি হ’ব,’ তাৰ বিষয়ে আপুনি কেতিয়াবা বাতৰি চাই চিন্তা কৰিছেনে? বহুতো দুখজনক ঘটনা আৰু মানুহৰ হত্যা হৈয়ে আছে আৰু এইবোৰ দেখি কিছুমান মানুহে বিশ্বাস কৰে যে জগতৰ শেষ একেবাৰে কাষ চাপিছে। এয়া সঁচাকৈ হ’বনে? ভৱিষ্যতে কি হ’ব আমি জানিব পাৰোঁনে? ভৱিষ্যতে কি হ’ব কোনো মানুহে নাজানে, কিন্তু যিহোৱা ঈশ্বৰে জানে। তেওঁ বাইবেলত উল্লেখ কৰিছে যে ভৱিষ্যতে মানুহ আৰু এই পৃথিৱীৰ কি হ’ব।—যিচয়া ৪৬:১০; যাকোব ৪:১৪.

২, ৩. (ক) যীচুৰ শিষ্যসকলে কি জানিব বিচাৰিছিল? (খ) যীচুৱে তেওঁলোকক কি উত্তৰ দিছিল?

২ এই জগতৰ শেষ হ’ব বুলি বাইবেলত উল্লেখ আছে। ইয়াৰ অৰ্থ কি বাৰু? ইয়াৰ অৰ্থ এইটো নহয় যে পৃথিৱীখন ধ্বংস হ’ব, তাৰ পৰিৱৰ্তে পৃথিৱীৰ বেয়া কামবোৰ ধ্বংস হ’ব। যীচুৱে লোকসকলক শিকাইছিল যে ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শাসন কৰিব। (লূক ৪:৪৩) তেওঁৰ শিষ্যসকলে জানিব বিচাৰিছিল যে ঈশ্বৰৰ ৰাজ্যই কেতিয়াৰপৰা শাসন কৰিবলৈ আৰম্ভ কৰিব। সেইবাবে, তেওঁলোকে যীচুক শুধিছিল: “এইবোৰ কেতিয়া হব? আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” (মথি ২৪:৩) যীচুৱে তেওঁলোকক কোনো তাৰিখ দিয়া নাছিল, কিন্তু তেওঁ কৈছিল যে জগতৰ শেষ হোৱাৰ আগতে কি কি ঘটনা ঘটিব। এই ঘটনাবোৰ আজি ঘটি আছে।

৩ এই অধ্যায়ত আমি এইবোৰ ঘটনাৰ বিষয়ে আলোচনা কৰিম। কিন্তু ইয়াৰ আগতে আমি স্বৰ্গত হোৱা যুদ্ধৰ বিষয়ে শিকিব লাগিব আৰু তেতিয়া আমি বুজিব পাৰিম যে পৃথিৱীৰ পৰিস্থিতি ইমান কিয় বেয়া হৈছে।

স্বৰ্গত এখন যুদ্ধ হ’ল

৪, ৫. (ক) যীচুৱে স্বৰ্গত ৰজা হোৱাৰ লগে লগে কি হ’ল? (খ) প্ৰকাশিত বাক্য ১২:১২ পদৰ অনুসৰি চয়তানক পৃথিৱীলৈ পেলাই দিয়াৰ পাছত কি হ’ল?

৪ আঠ অধ্যায়ত আমি শিকিলোঁ যে ১৯১৪ চনত যীচু খ্ৰীষ্টই স্বৰ্গত ৰজা হ’ল। (দানিয়েল ৭:১৩, ১৪) তাৰ পাছত কি হ’ল? প্ৰকাশিত বাক্য কিতাপখনত এইদৰে লিখা আছে: “স্বৰ্গত যুদ্ধ হল; মীখায়েল [অৰ্থাৎ যীচু] আৰু তেওঁৰ দূতবিলাকে নাগে [অৰ্থাৎ চয়তান] সৈতে যুদ্ধ কৰিলে।”a চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাক পৰাজয় হ’ল আৰু তেওঁলোকক পৃথিৱীত পেলাই দিয়া হ’ল। কল্পনা কৰকচোন, এই যুদ্ধৰ পাছত স্বৰ্গদূতবিলাকে কিমান আনন্দ কৰিলে! কিন্তু পৃথিৱীত মানুহৰ বিষয়নো কি? বাইবেলে উল্লেখ কৰিছে যে তেওঁলোকৰ ওপৰত বেয়া পৰিস্থিতি আৰম্ভ হ’ল। কিয় বাৰু? কিয়নো চয়তানে বহুত খঙত আছে, সি জানে যে “তাৰ কাল অলপ” সময় আছে।—প্ৰকাশিত বাক্য ১২:৭, ৯, ১২.

৫ চয়তানে এই পৃথিৱীলৈ বেয়া পৰিস্থিতি কঢ়িয়াই আনিছে। কিয়নো সি বৰ খঙত আছে আৰু সি জানে যে ঈশ্বৰে তাক অতি সোনকালে আঁতৰাই দিব। যীচুৱে শেষ-কালৰ বিষয়ে কি কৈছিল আহক আমি ইয়াৰ বিষয়ে চাওঁ।—“শেষ-কাল” চাওক।

শেষ-কালত হ’বলগীয়া ঘটনা

৬, ৭. যুদ্ধ আৰু ভূমিকম্পৰ বিষয়ে কোৱা ভৱিষ্যতবাণী আজি কেনেকৈ পূৰ হৈ আছে?

৬ যুদ্ধ: যীচুৱে এইদৰে কৈছিল: “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব।” (মথি ২৪:৭) বৰ্তমান সময়ত যুদ্ধৰ বাবে যিমান লোকৰ মৃত্যু হৈছে, কিন্তু ইয়াৰ আগতে সিমান মৃত্যু হোৱা নাছিল। বিশ্বদৰ্শন প্ৰতিষ্ঠানে কৈছে যে ১৯১৪ চনৰপৰা এতিয়ালৈকে ১০ কোটিতকৈ বেছি লোকৰ যুদ্ধত মৃত্যু হৈছে। প্ৰথম শতিকাৰপৰা ১৯০০ চনৰলৈকে যিমান লোকসকলৰ মৃত্যু হৈছে, তাতকৈ তিনি গুণ বেছি লোকৰ ১৯০০ চনৰপৰা ২০০০ চনৰ এই ১০০ বছৰ সময়ছোৱাত মৃত্যু হৈছে। কল্পনা কৰকচোন, যুদ্ধৰ বাবে আজি লাখ লাখ লোকে দুখ-কষ্ট আৰু বেদনা ভুগিছে!

শেষ কালৰ দৃশ্যসমূহ: বোমা বিস্ফোৰণ, পুষ্টিহীন শিশু, যুদ্ধ বিমাণ, ভূমিকম্পৰ পাছত এজন ব্যক্তি আবদ্ধ হৈ আছে

৭ আকাল: যীচুৱে কৈছিল: “ঠায়ে ঠায়ে আকাল” হ’ব। (মথি ২৪:৭) বৰ্তমান সময়ত শস্যৰ উৎপাদন আগতকৈ বেছি হোৱাৰ সত্ত্বেও আজি বহুতো লোকৰ খাদ্যৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে। কিয় বাৰু? কিয়নো লোকসকলৰ আহাৰ কিনিবলৈ টকা-পইচা নাই বা খেতি-বাৰী কৰিবলৈ মাটি নাই। এশ কোটিতকৈ বেছি লোকৰ এদিনৰ আহাৰ যোগান ধৰিবলৈ কঠিন হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসৰি প্ৰতিবছৰে লাখ লাখ ল’ৰা-ছোৱালীৰ মৃত্যু হোৱাৰ এটা ডাঙৰ কাৰণ হৈছে আকাল।

৮, ৯. ভূমিকম্প আৰু বেমাৰৰ বিষয়ে যীচুৱে কৰা ভৱিষ্যতবাণীবোৰ পূৰ হৈছে বুলি আজি কিহে প্ৰমাণ কৰিছে?

৮ ভূমিকম্প: যীচুৱে ভৱিষ্যতবাণী কৰিছিল: “বৰ ভূমিকম্প . . . হব।” (লূক ২১:১১) অনুসন্ধানকাৰীসকলে কয় যে প্ৰতিবছৰে ডাঙৰ ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভৱনাআছে। ১৯০০ চনৰপৰা এতিয়ালৈকে ২০ লাখতকৈ বেছি লোকসকলৰ ভূমিকম্পত মৃত্যু হৈছে। যদিও আজি এনে বহুতো মেচিন আছে, যাৰ সহায়ত ভূমিকম্প অহাৰ আগতে গম পোৱা যায়, তথাপিও বহুতো লোকৰ ভূমিকম্পৰ বাবে মৃত্যু হোৱা দেখিবলৈ পোৱা যায়।

৯ বেমাৰ: যীচুৱে কৈছিল যে “মহামাৰী” হ’ব। ভয়ানক বেমাৰ অতি সোনকালে বিয়পি পৰিব আৰু বহুতো লোকৰ মৃত্যু হ’ব। (লূক ২১:১১) যদিও চিকিৎসকে বহুতো বেমাৰৰ চিকিৎসা কৰিবলৈ শিকিলে, কিন্তু আজিও এনে বহুতো বেমাৰ আছে যাৰ কোনো চিকিৎসা নাই। এটা ৰিপৰ্টৰ মতে প্ৰতিবছৰে লাখ লাখ লোক যক্ষ্মা, মেলেৰিয়া আৰু ক’লেৰা আদি বেমাৰৰ বাবে মৃত্যু হৈছে। কেৱল ইমানেই নহয়, চিকিৎসকে ৩০ টা আৰু নতুন বেমাৰ বিচাৰি পালে আৰু ইয়াৰ ভিতৰত কিছুমান বেমাৰৰ চিকিৎসা নাই।

শেষ-কালত লোকসকল কেনে ধৰণৰ হ’ব

শেষ কালৰ দৃশ্যসমূহ: এগৰাকী অসুস্থ মহিলা, লোকসকল টকা-পইচাৰ প্ৰতি লোভ দেখাইছে, পৰিয়ালত অশান্তি, যুদ্ধত সৈনিকসকল

১০. দ্বিতীয় তীমথিয় ৩:১-৫ পদত লিখা কথাবোৰ আজি কেনেকৈ পূৰ হৈছে?

১০ বাইবেলত ২ তীমথিয় ৩:১-৫ পদত এইদৰে উল্লেখ কৰিছে: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব” শেষ-কালত লোকসকলৰ আচাৰ-ব্যৱহাৰ কেনে হ’ব, তাৰ বিষয়ে পৌলে কৈছিল। তেওঁ কৈছিল যে লোকসকল

  • নিজকে প্ৰীতি কৰোঁতা

  • ধন-লুভীয়া

  • পিতৃ-মাতৃক নমনা

  • বিশ্বাস-ঘাতক

  • স্নেহহীন

  • ইন্দ্ৰিয় দমন নকৰা

  • প্ৰচণ্ড

  • ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়

  • ভক্তিৰ আকাৰধাৰী, কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হ’ব।

১১. গীতমালা ৯২:৭ পদত বৰ্ণনা কৰাৰ অনুসৰি দুষ্ট লোকসকলৰ কি হ’ব?

১১ আপোনাৰ ওচৰে-পাজৰে এনে লোকসকল আছেনে? গোটেই পৃথিৱীতে এনেকুৱা লোক আছে। কিন্তু ঈশ্বৰে অতি সোনকালে ইয়াৰ বিষয়ে কিবা কৰিব। তেওঁ প্ৰতিজ্ঞা কৰিছে: “দুষ্টবোৰে চিৰকাললৈকে বিনষ্ট হবৰ অৰ্থেই তৃণৰ দৰে ঠন ধৰে, আৰু দুৰাচাৰীবোৰ প্ৰফুল্লিত হয়।”—গীতমালা ৯২:৭.

শেষ-কালত ভাল খবৰ

১২, ১৩. যিহোৱা ঈশ্বৰে এই শেষ-কালত আমাক কি শিকালে?

১২ বাইবেলত ভৱিষ্যতবাণী কৰা হৈছে যে শেষ-কালত চাৰিওফালে দুখ-কষ্ট হ’ব। কিন্তু বাইবেলত এয়াও উল্লেখ আছে যে ভাল ঘটনাও ঘটিব।

যিহোৱাৰ সাক্ষীসকলে গোটেই জগতত ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰিছে

“ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।”—মথি ২৪:১৪

১৩ বাইবেলৰ জ্ঞান দিয়া হ’ব। ভাববাদী দানিয়েলে কৈছিল: “জ্ঞান বৃদ্ধি হব।” (দানিয়েল ১২:৪) সঁচাকৈ, ঈশ্বৰে নিজৰ লোকসকলক বাইবেলৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ সহায় কৰিব। বিশেষকৈ, ১৯১৪ চনৰপৰা যিহোৱা ঈশ্বৰে এনে কৰি আছে। উদাহৰণস্বৰূপে, ঈশ্বৰৰ নাম জনা আৰু ব্যৱহাৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে তেওঁ আমাক শিকাইছে। তেওঁ পৃথিৱীখন কিয় সৃষ্টি কৰিলে, মুক্তিপণ কি হয়, মৃত্যুৰ পাছত কি হয় আৰু মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব, আদি বিষয়বোৰৰ সত্যতা জানিবলৈ ঈশ্বৰে আমাক সহায় কৰিছে। আমি শিকিলোঁ যে কেৱল তেওঁৰ ৰাজ্যই সকলো সমস্যাৰ সমাধান কৰিব পাৰে। আমি ইয়াকো শিকিলোঁ যে আমি কেনেকৈ সুখী থাকিব পাৰোঁ আৰু ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কেনে জীৱন-যাপন কৰা উচিত। কিন্তু এই সকলো সত্যতা শিকাৰ পাছত, ঈশ্বৰৰ সেৱকসকলে কি কৰা উচিত? ইয়াৰ উত্তৰ আমাক আন এটা ভৱিষ্যতবাণীয়ে দিয়ে।—“মুক্তিপণ” আৰু “মৃত লোকসকলক পুনৰ জীৱিত কৰা” চাওক।

১৪. (ক) ৰাজ্যৰ শুভবাৰ্তা কিমান দেশত প্ৰচাৰ কৰা হৈছে? (খ) এই শুভবাৰ্তা কোনে প্ৰচাৰ কৰিছে?

১৪ বিশ্বজুৰিত প্ৰচাৰ কাম হ’ব। যীচুৱে শেষ-কালৰ বিষয়ে এইদৰে কৈছিল: “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:৩, ১৪) বৰ্তমান সময়ত ৰাজ্যৰ শুভবাৰ্তা প্ৰায় ২৩০ দেশত আৰু ৭০০ তকৈ বেছি ভাষাত প্ৰচাৰ কৰা হৈছে। সঁচাকৈ, এই ৰাজ্য কি হয় আৰু এই ৰাজ্যই মানৱজাতিৰ বাবে কি কৰিব, তাৰ বিষয়ে বুজিবলৈ যিহোৱাৰ সাক্ষীসকলে ‘সকলো জাতিৰ’ লোকক সহায় কৰি আছে। (প্ৰকাশিত বাক্য ৭:৯) তেওঁলোকে এই কামৰ বাবে টকা-পইচা নলয়। যীচুৱে ভৱিষ্যতবাণীত কোৱাৰ দৰে আজি বহুতোলোকে যিহোৱাৰ সাক্ষীসকলক ঘিণ কৰে আৰু তেওঁলোকক অত্যাচাৰ কৰে। (লূক ২১:১৭) তথাপিও প্ৰচাৰ কাম কোনেও বন্ধ কৰিব নোৱাৰে।

আপুনি কি কৰিব

১৫. (ক) আমি শেষ-কালত জীয়াই আছোঁ বুলি আপুনি বিশ্বাস কৰেনে? যদি কৰে, কিয়? (খ) যিহোৱাৰ আজ্ঞা পালন কৰা আৰু নকৰা, লোকসকলৰ কি হ’ব?

১৫ আমি শেষ-কালত জীয়াই আছোঁ বুলি আপুনি বিশ্বাস কৰেনে? শেষ-কালৰ বিষয়ে বাইবেলৰ বহুতো ভৱিষ্যতবাণী পূৰ হৈ আছে। অতি সোনকালে যিহোৱা ঈশ্বৰে প্ৰচাৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশনা দিব আৰু তেতিয়াহে “শেষ” হ’ব। (মথি ২৪:১৪) ইয়াৰ শেষ হৈছে হৰমাগিদোনৰ যুদ্ধ, য’ত সকলো দুষ্টতাক ধ্বংস কৰা হ’ব । যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্ট আৰু শক্তিশালী স্বৰ্গদূতৰ সহায় এই কাম কৰিব। যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ আজ্ঞা পালন নকৰা সকলো লোকক ধ্বংস কৰিব। (২ থিচলনীকীয়া ১:৬-৯) ইয়াৰ পাছত চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকে লোকসকলক ভুল পথলৈ নিব নোৱাৰিব। ঈশ্বৰৰ আজ্ঞা পালন কৰা আৰু তেওঁৰ ৰাজ্যক বিশ্বাস কৰা সকলো ব্যক্তিয়ে ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা পূৰ হোৱাটো নিজৰ চকুৰে দেখিবলৈ পাব।—প্ৰকাশিত বাক্য ২০:১-৩; ২১:৩-৫.

১৬. যিহেতু শেষ বহুত ওচৰ চাপিছে, সেইবাবে, আপুনি কি কৰা উচিত?

১৬ চয়তানে শাসন কৰা, এই পৃথিৱীখন অতি সোনকালে ধ্বংস হ’ব। সেইবাবে, আমি নিজকে এইদৰে প্ৰশ্ন সোধা উচিত, ‘মই কি কৰা উচিত?’ আপুনি বাইবেলৰপৰা আৰু বেছিকৈ শিকাটো যিহোৱা ঈশ্বৰে বিচাৰে। সেইবাবে, নিজৰ অধ্যয়নক গভীৰভাৱে লওক। (যোহন ১৭:৩) যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি সপ্তাহে সভা হয়, য’ত বাইবেলৰপৰা বেছিকৈ বুজিবলৈ সহায় কৰে। সেই সভাত নিয়মীয়াকৈ উপস্থিত হ’বলৈ চেষ্টা কৰক। (ইব্ৰী ১০:২৪, ২৫ পঢ়ক।) যদি আপোনাক কিবা পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে, তেনেহ’লে পৰিৱৰ্তন কৰক। যদি আপুনি এইদৰে কৰি থাকে, তেনেহ’লে যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব দৃঢ় হ’ব।—যাকোব ৪:৮.

১৭. যেতিয়া জগতৰ শেষ হ’ব, তেতিয়া বেছিভাগ লোকে কিয় আচৰিত হ’ব?

১৭ পাঁচনি পৌলে বৰ্ণনা কৰিছিল যে যেতিয়া বেছিভাগ লোকে আশাই নকৰিব, তেতিয়া সকলো দুষ্টতাক ধ্বংস কৰা হ’ব। এই দিনৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “ৰাতি যেনেকৈ চোৰ আহে” এই দিন তেনেকৈ আহিব। (১ থিচলনীকীয়া ৫:২) যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে আমি শেষ-কালত জীয়াই থকাৰ যিমানো প্ৰমাণ আছে, সেই সকলো প্ৰমাণবোৰক বহুতোলোকে বিশ্বাস নকৰিব। তেওঁ এইদৰে কৈছিল, “কিন্তু নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব [অৰ্থাৎ শেষ-কালত তেনে হ’ব]। কিয়নো জলপ্লাবনৰ আগেয়ে নোহ, জাহাজত সোমোৱা দিনলৈকে, যেনেকৈ মানুহবিলাকে ভোজন-পান কৰি, বিয়া কৰি, বিয়া দি আছিল, আৰু জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব।”—মথি ২৪:৩৭-৩৯.

১৮. যীচুৱে আমাক কি সতৰ্কবাণী দিছিল?

১৮ যীচুৱে আমাক সতৰ্কবাণী দিছিল যে ‘জীৱিকাৰ চিন্তা, মত্ততা, আৰু অপৰিমিত ভোজনৰপৰা’ আঁতৰি থাকা, যাতে আমি বিচলিত নহওঁ। তেওঁ কৈছিল যে শেষ “ফান্দৰ নিচিনা” হঠাতে আহিব। তেওঁ ইয়াকো কৈছিল যে “সেই দিন গোটেই পৃথিবীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব।” তেতিয়া তেওঁ এইদৰে কৈছিল, “এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ, আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই নিমিত্তে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা।” (লূক ২১:৩৪-৩৬) যীচুৰ সতৰ্কবাণী পালন কৰা কিয় প্ৰয়োজন? কিয়নো অতি সোনকালে চয়তানৰ দুষ্ট ব্যৱস্থাক ধ্বংস কৰা হ’ব। কেৱল সেই লোকসকল ধ্বংসৰপৰা ৰক্ষা পাব, যিসকলক যিহোৱা আৰু যীচু খ্ৰীষ্টই স্বীকাৰ কৰে আৰু তেওঁলোকে নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব।—যোহন ৩:১৬; ২ পিতৰ ৩:১৩.

a মীখায়েল হৈছে যীচু খ্ৰীষ্টৰ আন এক নাম। ইয়াৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ “প্ৰধান স্বৰ্গদূত মীখায়েল” চাওক।

আপুনি কি শিকিলে?

প্ৰথম সত্যতা: যিহোৱা ঈশ্বৰে আমাক ভৱিষ্যতৰ বিষয়ে জনায়।

“শেষত ঘটিব লগীয়া কথা আদিৰে পৰা, আৰু এতিয়াও যি সিদ্ধ হোৱা নাই, সেইবোৰ পুৰণি কালৰ পৰা প্ৰকাশ কৰি আহিছোঁ।”—যিচয়া ৪৬:১০

শেষ-কালৰ বিষয়ে আমি কি জানোঁ?

  • দানিয়েল ৭:১৩, ১৪

    ১৯১৪ চনত যীচু খ্ৰীষ্টই স্বৰ্গত ৰজা হ’ল।

  • মথি ২৪:৩-১৪

    যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে মানৱজাতিৰ ওপৰত দুখ-কষ্ট হ’ব।

  • প্ৰকাশিত বাক্য ১২:৭-৯, ১২

    যীচুৱে ৰজা হোৱাৰ লগে লগে চয়তানক স্বৰ্গৰপৰা পৃথিৱীলৈ পেলাই দিলে। চয়তান বহুত খঙত আছে, কাৰণ তাৰ “অলপ” সময় বাকী আছে আৰু তাৰ পাছত চয়তানক ঈশ্বৰে আঁতৰাই দিব।

দ্বিতীয় সত্যতা: আমি শেষ-কালত জীয়াই আছোঁ

“এই জগতৰ শেষ হোৱাৰ চিন কি?”—মথি ২৪:৩

আপুনি বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ হোৱাটো দেখিবলৈ পাইছেনে?

  • মথি ২৪:৭; লূক ২১:১১

    আজি আগতকৈ বেছি যুদ্ধ, ভূমিকম্প, আকাল আৰু বেমাৰ হৈ আছে।

  • ২ তীমথিয় ৩:১-৫

    শেষ-কালত লোকসকল কেনে ধৰণৰ হ’ব, তাৰ বিষয়ে পাঁচনি পৌলে কৈছিল।

  • দানিয়েল ১২:৪

    আজি ঈশ্বৰে নিজৰ লোকসকলক বাইবেলৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিছে।

  • মথি ২৪:১৪

    ৰাজ্যৰ শুভবাৰ্তা গোটেই পৃথিৱীজুৰি প্ৰচাৰ কৰা হৈছে।

তৃতীয় সত্যতা: যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিবলৈ এতিয়াই পদক্ষেপ লওক

“ৰাতি যেনেকৈ চোৰ আহে, তেনেকৈ প্ৰভুৰ দিন আহিব।”—১ থিচলনীকীয়া ৫:২

যিহেতু শেষ ওচৰ চাপিছে, সেইবাবে আপুনি কি কৰা প্ৰয়োজন?

  • যোহন ১৭:৩

    বাইবেলৰ অধ্যয়ন গভীৰভাৱে কৰি থাকক।

  • ইব্ৰী ১০:২৪, ২৫

    যিহোৱাৰ সাক্ষীসকলৰ সভাত উপস্থিত হৈ আৰু বেছিকৈ শিকি থাকক।

  • যাকোব ৪:৮

    যদি আপোনাক কিবা পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে, তেনেহ’লে পৰিৱৰ্তন কৰক, যাতে আপুনি যিহোৱাৰ কাষ চাপিব পাৰে।

  • লূক ২১:৩৪-৩৬

    নিজৰ জীৱনত যিহোৱাৰ উপাসনাক প্ৰথম স্থান দিয়ক আৰু বিচলিত হোৱাৰপৰা দূৰে থাকক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক