ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ২ পৃষ্ঠা ৭-৯
  • জগতৰ অন্ত কেতিয়া হʼব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জগতৰ অন্ত কেতিয়া হʼব?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • জগতৰ অন্তৰ বিষয়ে শাস্ত্ৰত কি লিখা আছে?
  • জগতৰ অন্ত হোৱাৰ আগতে কি কি ঘটনা ঘটিব?
  • ‘শেষ-কাল’
  • অতি সোনকালে পৃথিৱীখন সুন্দৰ হৈ যাব!
  • আমি “শেষ-কালত” জীয়াই আছোঁ নেকি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • এই জগতৰ অন্ত একেবাৰে কাষত আছে নেকি?
    বাইবেলে আমাক কি শিকায়?
  • এই সকলোবোৰৰ অৰ্থ কি?
    পৰ দি থাকক!
  • তেওঁলোকে আপোনাক শুনাবলৈ বিচাৰা শুভবাৰ্ত্তা
    যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে?
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ২ পৃষ্ঠা ৭-৯
অন্তৰ আগতে কি কি ঘটনা ঘটিব, তাৰ বিষয়ে যীচুৱে নিজৰ শিষ্যসকলক জনাইছে।

জগতৰ অন্ত কেতিয়া হʼব?

আগৰ লেখত আমি শিকিলোঁ যে ঈশ্বৰে যেতিয়া জগতক অন্ত কৰিব, তেতিয়া তেওঁ সকলো মানুহ আৰু পৃথিৱীক ধ্বংস নকৰিব। তেওঁ কেৱল দুষ্ট লোক আৰু তেওঁলোকে কৰা বেয়া কামবোৰক শেষ কৰিব। জগতৰ অন্ত কেতিয়া হʼব, তাৰ বিষয়ে শাস্ত্ৰতো লিখা আছেনে?

জগতৰ অন্তৰ বিষয়ে শাস্ত্ৰত কি লিখা আছে?

“পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।”—মথি ২৫:১৩.

“সাৱধান হোৱা; আৰু পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই কাল কেতিয়া হব তাক তোমালোকে নাজানা।”—মাৰ্ক ১৩:৩৩.

শাস্ত্ৰত লিখা কথাবোৰৰপৰা বুজিব পাৰি যে এই জগতৰ অন্ত কেতিয়া হʼব, এই বিষয়ে কোনেও নাজানে। এয়া কেৱল ঈশ্বৰেহে জানে। এই জগতক অন্ত কৰিবলৈ তেওঁ এটা ‘দিন আৰু সময়’ ঠিক কৰিছে। (মথি ২৪:৩৬) ইয়াৰ অৰ্থ এয়া নেকি যে জগতৰ অন্ত কেতিয়া হʼব, আমি কেতিয়াও জানিব নোৱাৰিম, এনে নহয়। ঈশ্বৰৰ পুত্ৰ যীচুৱে পৃথিৱীত থকাৰ সময়ত নিজৰ শিষ্যসকলক কিছুমান ঘটনা ঘটিব বুলি কৈছিল আৰু এই ঘটনাবোৰে প্ৰমাণ কৰিব যে জগতৰ অন্ত নিচেই কাষত।

জগতৰ অন্ত হোৱাৰ আগতে কি কি ঘটনা ঘটিব?

যীচুৱে কৈছিল যে এই জগতৰ অন্ত হোৱাৰ আগতে কি কি ঘটনা ঘটিব। তেওঁ কৈছিল, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হব।” (মথি ২৪:৩, ৭) আনকি, “মহামাৰী” হʼব বুলিও তেওঁ কৈছিল। (লূক ২১:১১) আজি এই ঘটনাবোৰ ঘটি থকা আপুনি দেখিবলৈ পাইছেনে?

যুদ্ধ, আকাল, ভূমিকম্প আৰু বেমাৰৰ ফলত বহুতোলোকে দুখ-কষ্ট ভুগি আছে আৰু কিছুমান লোকৰ মৃত্যুও হৈছে। উদাহৰণস্বৰূপে, ২০০৪ চনত ভাৰত মহাসাগৰত এটা ডাঙৰ ভূমিকম্প হৈছিল আৰু ইয়াৰ ফলত হোৱা ছুনামীৰ বাবে প্ৰায় ২,২৫,০০০ লোকৰ মৃত্যু হʼল। যোৱা তিনি বছৰত কʼভিড-১৯ মহামাৰীৰ বাবে গোটেই পৃথিৱীত প্ৰায় ৬৯,০০,০০০ লোকৰ মৃত্যু হʼল। যীচুৱে কৈছিল যে যেতিয়া এই ঘটনাবোৰ ঘটিব, তেতিয়া বুজিব পাৰি যে এই দুষ্ট জগতৰ অন্ত নিচেই ওচৰ।

‘শেষ-কাল’

জগতৰ অন্তৰ আগৰ সময়ছোৱাক বাইবেলত ‘শেষ-কাল’ বুলি কোৱা হৈছে। (২ পিতৰ ৩:৩, ৪) শাস্ত্ৰত লিখা আছে যে শেষ-কালত লোকসকল স্বাৰ্থপৰ, লুভীয়া আৰু হিংস্ৰো হৈ পৰিব আৰু এজনে-আনজনক প্ৰেম নকৰিব। (২ তীমথিয় ৩:১-৫ “জগতৰ অন্তৰ আগতে কি হʼব?” নামৰ বক্সটো চাওক।) আজি এনে লোকসকলক দেখিবলৈ পোৱা নাযায় নে? ইয়ে প্ৰমাণ কৰে যে অতি সোনকালে এই জগতৰ অন্ত হʼব।

শেষ-কাল কিমান দীঘলীয়া হʼব? শাস্ত্ৰত লিখা আছে যে এয়া অলপ দিনৰ কাৰণে হয়। অতি সোনকালে ‘পৃথিৱীক নাশ’ কৰা লোকসকলক ঈশ্বৰে ধ্বংস কৰিব।—প্ৰকাশিত বাক্য ১১:১৫-১৮; ১২:১২.

যুদ্ধ

যুদ্ধ চলি আছে আৰু সৈনিকসকলে বন্দুক চলাইছে।
  • ২০০৭ চনৰপৰা ২০১৭ চনলৈকে যুদ্ধ আৰু উগ্ৰপন্থীৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা দুগুণ বাঢ়ি গৈছে

বেমাৰ

এজন অসুস্থ ব্যক্তিয়ে চিকিৎসালয়ত ভৰ্তি হৈ আছে।
  • হৃদয় ৰোগ, ষ্ট্ৰʼক, হাওঁফাওঁ ৰোগ, নৱজাত শিশুৰ ৰোগ, ডায়েৰিয়া, কেঞ্চাৰ আৰু টিবিৰ বাবে বহুতোলোকৰ মৃত্যু হৈছে

আকাল

এজনী ছোৱালী ভোকত আছে আৰু হাতত এটা বাটি লৈ আছে।
  • ২০২১ চনত গোটেই পৃথিৱীৰ প্ৰায় ১০ জনৰ ভিতৰত এজন লোকে ভালদৰে খাবলৈ নাপালে আৰু ১০ জনৰ ভিতৰত তিনিজন লʼৰাই (১ বছৰৰপৰা ৫ বছৰৰ) খোৱাৰ নাটনিৰ বাবে ভালদৰে বাঢ়িব নোৱাৰিলে

শুভবাৰ্তাৰ প্ৰচাৰ

যিহোৱাৰ সাক্ষীসকলে কাৰ্টৰ ওচৰত থিয় হৈ আছে আৰু এজন ব্যক্তিৰ লগত কথা পাতিছে।
  • প্ৰায় ৮৬ লাখ যিহোৱাৰ সাক্ষীয়ে ২৪০ খন দেশত অতি সোনকালে ঈশ্বৰৰ ৰাজ্য আহিব বুলি শুভবাৰ্তা জনাইছে। তেওঁলোকে কিতাপবোৰ ১০০০-তকৈ বেছি ভাষাত লোকসকলৰ বাবে উপলব্ধ কৰিছে

অতি সোনকালে পৃথিৱীখন সুন্দৰ হৈ যাব!

ঈশ্বৰে এই দুষ্ট জগতখনক অন্ত কৰিবলৈ এটা দিন আৰু সময় ঠিক কৰিছে। (মথি ২৪:৩৬) কিন্তু যেতিয়া অন্ত আহিব, তেতিয়া কোনেও ‘বিনষ্ট নোহোৱাটো’ ঈশ্বৰে বিচাৰে। (২ পিতৰ ৩:৯) সকলোৱে এই পৃথিৱীত আনন্দেৰে জীয়াই থকাটো ঈশ্বৰে বিচাৰে। সেইবাবে, ঈশ্বৰৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ ঈশ্বৰে আজি সকলো মানুহক সুযোগ দিছে।

যীচুৱে কৈছিল যে জগতৰ অন্ত হোৱাৰ আগতে ‘ৰাজ্যৰ শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হব।’ (মথি ২৪:১৪) আজি যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত লোকসকলক জনাইছে যে অতি সোনকালে ঈশ্বৰৰ ৰাজ্য আহিব আৰু এই পৃথিৱীখন সুন্দৰ হৈ যাব। পৃথিৱীৰ নতুন পৰিস্থিতিত জীয়াই থাকিবলৈ তেওঁলোকে এতিয়া কি কৰাৰ প্ৰয়োজন, ইয়াৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলে লোকসকলক শিকাইছে। যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত লোকসকলক এই বিষয়ে জনাবলৈ কোটি কোটি ঘণ্টা অতিবাহিত কৰিছিল। যীচুৱে কোৱা কথাষাৰ এতিয়া পূৰ হৈ আছে। ইয়ে প্ৰমাণ কৰে যে জগতৰ অন্ত নিচেই ওচৰ।

অতি সোনকালে ঈশ্বৰে এই দুষ্ট জগতক অন্ত কৰিব। তাৰ পাছত মানুহে কেতিয়াও এজনে-আনজনৰ ওপৰত শাসন নকৰিব। এই পৃথিৱীখন এক সুন্দৰ বাগিচালৈ পৰিণত হʼব আৰু আপুনি ইয়াত আনন্দেৰে জীয়াই থাকিব পাৰিব। পৰৱৰ্তী লেখত এই বিষয়ে আমি বেছিকৈ শিকিম।

জগতৰ অন্ত হোৱাৰ আগতে কি হʼব?

“শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোন মইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হব।”—২ তীমথিয় ৩:১-৫.

যীচুৱে ‘শেষ-কালৰ’ বিষয়ে কৰা ভৱিষ্যতবাণীৰপৰা বুজিব পাৰি যে ভৱিষ্যতে এটা ভাল পৰিস্থিতি হʼব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক