ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ২ পৃষ্ঠা ১০-১২
  • নতুন পৃথিৱীত বাস কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নতুন পৃথিৱীত বাস কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • অন্তৰপৰা বাচিবলৈ ঈশ্বৰৰ বিষয়ে জানক
  • প্ৰতিদিনে পবিত্ৰ শাস্ত্ৰ বাইবেল পঢ়ক
  • ঈশ্বৰৰপৰা সহায় লওক
  • ঈশ্বৰে এতিয়ালৈকে কি কি কৰিলে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • অতি সোনকালে পৃথিৱীৰ পৰিস্থিতি ভাল হʼব!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • যিহোৱাৰ কাষত থাকক
    বাইবেলে আমাক কি শিকায়?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ২ পৃষ্ঠা ১০-১২

নতুন পৃথিৱীত বাস কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন?

এতিয়ালৈকে আমি শিকিলোঁ যে ঈশ্বৰে অতি সোনকালে দুষ্ট লোকসকলক আৰু তেওঁলোকে কৰা বেয়া কামবোৰক শেষ কৰিব। আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে এইদৰে নিশ্চয় কৰিব, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰিছে:

‘এই জগতখন গুচি যাব লাগিছে।’—১ যোহন ২:১৭.

কিন্তু যেতিয়া ঈশ্বৰে এই জগতক অন্ত কৰিব, তেতিয়া কিছুমান লোক ৰক্ষা পৰিব। কিয়নো তেওঁ কৈছে:

“যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”

ইয়াৰ অৰ্থ হৈছে, যদি আমি জগতৰ ধ্বংসৰপৰা ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব লাগিব। কিন্তু তেওঁৰ ইচ্ছা কি হয়? এই বিষয়ে জানিবলৈ আমি ঈশ্বৰৰ বিষয়ে ভালদৰে জানিব লাগিব।

অন্তৰপৰা বাচিবলৈ ঈশ্বৰৰ বিষয়ে জানক

ছবি: ১. এগৰাকী নাৰ্চ চিন্তিত আছে আৰু ভাগৰি পৰিছে। তাই চিকিৎসালয়ৰ মজিয়াত বহি আছে। ২. তাই কেণ্টিনত বহি বিৰতি লৈছে আৰু লক্ষ্য কৰিছে যে তাইৰ সহকৰ্মীয়ে আনন্দেৰে এখন পত্ৰিকা পঢ়ি আছে। ৩. তাইৰ সহকৰ্মীয়ে তাইৰ বাবে এটা শাস্ত্ৰ পদ পঢ়িছে আৰু jw.org যোগাযোগৰ কাৰ্ড দিছে।

যীচুৱে কৈছিল, ‘একমাত্ৰ সত্য ঈশ্বৰক জনা এয়েই অনন্ত জীৱন।’ (যোহন ১৭:৩) যদি আমি আহিবলগীয়া অন্তৰপৰা বাচিব বিচাৰোঁ আৰু এই পৃথিৱীত সদায় জীয়াই থাকিব বিচাৰোঁ, তেনেহʼলে আমি ঈশ্বৰক ভালদৰে জানিব লাগিব। এজন ঈশ্বৰ আছে বুলি বহুতোলোকে বিশ্বাস কৰে আৰু তেওঁৰ বিষয়ে কম বেছি পৰিমাণে জানে। কিন্তু ইমানেই যথেষ্ট নহয়। ঈশ্বৰৰ লগত আমি এটা ভাল সম্পৰ্ক গঢ়ি তুলিব লাগিব, যিদৰে এজন বন্ধুৰ লগত থাকে। যেতিয়া আমি কাৰোবাৰ লগত বন্ধুত্ব কৰোঁ, তেতিয়া তেওঁৰ বিষয়ে ভালদৰে জানিবলৈ আমি তেওঁৰ লগত সময় অতিবাহিত কৰোঁ। এইদৰে আমাৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰে। ঈশ্বৰৰ লগত বন্ধুত্ব কৰিবলৈও আমি সময় উলিয়াই তেওঁৰ বিষয়ে জানিব লাগিব। তেনেহʼলে আহক, আমি বাইবেলৰপৰা ঈশ্বৰৰ বিষয়ে জানোঁ।

পবিত্ৰ শাস্ত্ৰত ঈশ্বৰৰ বিষয়ে কি লিখা আছে?

সেই নাৰ্চ গৰাকীয়ে ঘৰত jw.org ৱেবছাইট চাইছে।

ঈশ্বৰে মানুহক আনন্দেৰে জীয়াই থাকিবলৈ সৃষ্টি কৰিছিল।

ঈশ্বৰে যেতিয়া প্ৰথম দম্পতি আদম আৰু হৱাক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকক থাকিবলৈ এটা সুন্দৰ বাগিচা দিছিল। তেওঁলোকৰ ওচৰত কোনো বস্তুৰ অভাৱ নাছিল, তেওঁলোকৰ কেতিয়াও দুখ-কষ্ট আৰু বেমাৰ নহʼলহেঁতেন। ঈশ্বৰে তেওঁলোকক কৈছিল যে যদি তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰে, তেনেহʼলে তেওঁলোকৰ কেতিয়াও মৃত্যু নহʼব আৰু সদায় জীয়াই থাকিব। কিন্তু দুখৰ বিষয় যে তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে।

আমি কিয় দুখ-কষ্ট ভুগিবলগীয়া হয়?

ঈশ্বৰৰ আজ্ঞা উলংঘন কৰি আদমে নিজৰ আৰু সকলো মানুহৰ সদায় জীয়াই থকাৰ সুযোগ হেৰুৱালে। তেওঁ দুখ-কষ্ট ভুগিবলগীয়া হʼল আৰু অৱশেষত মৃত্যু হʼল। শাস্ত্ৰত লিখা আছে, “এজন মানুহৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।” (ৰোমীয়া ৫:১২) এটা উদাহৰণলৈ মন কৰক, কেতিয়াবা কেতিয়াবা পিতৃ-মাতৃৰ বেমাৰ তেওঁলোকৰ সন্তানসকলৰো হয়, ঠিক সেইদৰে, আদম আৰু হৱাই কৰা পাপ তেওঁলোকৰ সন্তান অৰ্থাৎ আমাৰ ওপৰতো আহি পৰিল। সেইবাবে, আমি দুখ-কষ্ট ভুগিবলগীয়া হয়, বৃদ্ধ হওঁ আৰু এদিন মৰি যাওঁ।

ঈশ্বৰে আমাক বহুত প্ৰেম কৰে।

শাস্ত্ৰত এইদৰে লিখা আছে, “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) আমাৰ বাবে জীৱন দিবলৈ ঈশ্বৰে নিজৰ পুত্ৰ যীচুক এই পৃথিৱীলৈ পঠিয়াইছিল। এই বিষয়ে ভাৰতত থকা ৮৬ বছৰীয়া প্ৰভাকৰে এইদৰে কৈছে, “যিহোৱাa ঈশ্বৰে মোৰ বাবে নিজৰ পুত্ৰক বলিদান দিলে। সঁচাকৈ তেওঁ মোক বহুত প্ৰেম কৰে। তেওঁৰ বলিদানৰ বাবে মই সদায় জীয়াই থকাৰ এটা আশা লাভ কৰিছোঁ।”

আমি ঈশ্বৰক কেনেকৈ ধন্যবাদ দিব পাৰোঁ?

ঈশ্বৰে আমাৰ বাবে যি কৰিলে, তাৰ বাবে আমি কৃতজ্ঞ। কিন্তু তেওঁৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ? ‘তেওঁৰ আজ্ঞাবোৰ পালন কৰি।’ (১ যোহন ২:৩) তেওঁৰ আজ্ঞাবোৰ পালন কৰিলে আমাৰে লাভ হʼব, কিয়নো ঈশ্বৰে আমাক প্ৰেম কৰে আৰু আমি দুখ-কষ্ট ভোগাটো তেওঁ কেতিয়াও নিবিচাৰে। (যিচয়া ৪৮:১৭, ১৮) তেওঁ প্ৰতিজ্ঞা কৰিছে যে যদি আমি তেওঁৰ আজ্ঞা পালন কৰিম, তেনেহʼলে আমি আনন্দত থাকিম আৰু ভৱিষ্যতে অনন্ত জীৱন লাভ কৰিম।

প্ৰতিদিনে পবিত্ৰ শাস্ত্ৰ বাইবেল পঢ়ক

সেই নাৰ্চ গৰাকীয়ে দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বাইবেল পঢ়িছে আৰু ওপৰলৈ চাইছে।

যদি আপুনি ঈশ্বৰৰপৰা সহায় লʼব আৰু তেওঁৰ কথা পালন কৰিব, তেনেহʼলে তেওঁ আপোনাক জগতৰ অন্তৰপৰা ৰক্ষা কৰিব

জীয়াই থাকিবলৈ আমি প্ৰতিদিনে আহাৰ খাওঁ। কিন্তু মন কৰক যীচুৱে কি কৈছে, “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।”—মথি ৪:৪.

বাইবেলৰপৰা আমি যিহোৱা ঈশ্বৰৰ বিষয়ে ভালদৰে জানিব পাৰিম। যেতিয়া আমি বাইবেলখন পঢ়িম, তেতিয়া আমি জানিম যে তেওঁ অতীতত কি কৰিলে, আজি কি কৰি আছে আৰু ভৱিষ্যতে কি কৰিব।

ঈশ্বৰৰপৰা সহায় লওক

আপুনি হয়তো ঈশ্বৰৰ কথা পালন কৰিব বিচাৰে, কিন্তু আপুনি এনে কাম কৰি আছে, যি ঈশ্বৰে ভাল নাপায়। তেনেহʼলে আপুনি কি কৰিব? ঈশ্বৰৰ বিষয়ে ভালদৰে জানক, ইয়ে আপোনাক সহায় কৰিব।

এছিয়াত থকা এগৰাকী তিৰোতাৰ বিষয়ে মন কৰক, তাই অনৈতিক জীৱন-যাপন কৰিছিল। কিন্তু তাই বাইবেল পঢ়ি ঈশ্বৰৰ এই আজ্ঞা জানিব পাৰিলে, “ব্যভিচাৰৰ পৰা পলোৱা।” (১ কৰিন্থীয়া ৬:১৭) বেয়া কাম এৰিবলৈ তাই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে আৰু ঈশ্বৰৰ সহায়ত তাই এইবোৰ এৰিব পাৰিলে। কিন্তু এতিয়াও তাই সংঘৰ্ষ কৰি থাকিবলগীয়া হয়। তাই এইদৰে কয়, “যেতিয়া মোৰ মনলৈ বেয়া ভাৱনা আহে, তেতিয়া মই যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ আৰু মই কেনে অনুভৱ কৰিছোঁ, সেই সকলো কথা ঈশ্বৰক খুলি কওঁ। মই জানোঁ যে মই নিজৰ শক্তিৰে এই যুদ্ধত জয়লাভ কৰিব নোৱাৰোঁ। প্ৰাৰ্থনাৰ যোগেদি মই যিহোৱাৰ কাষ চাপিব পাৰিছোঁ।” এই তিৰোতাগৰাকীৰ দৰে গোটেই পৃথিৱীত লাখ লাখ লোকে যিহোৱা ঈশ্বৰক ভালদৰে জানিবলৈ চেষ্টা কৰি আছে। নিজকে সলনি কৰিবলৈ আৰু ঈশ্বৰৰ ইচ্ছাৰ দৰে কাম কৰিবলৈ যিহোৱাই তেওঁলোকক সহায় কৰি আছে।—ফিলিপীয়া ৪:১৩.

যেতিয়া আপুনি ঈশ্বৰক ভালদৰে জানিব, তেতিয়া ঈশ্বৰেও আপোনাক জানিব আৰু আপুনি তেওঁৰ এজন ভাল বন্ধু হৈ পৰিব। (গালাতীয়া ৪:৯; গীতমালা ২৫:১৪) যেতিয়া এই পৃথিৱীৰ পৰিস্থিতি সলনি হʼব, তেতিয়া আপুনি তাত জীয়াই থাকিব। কিন্তু তাৰ পৰিস্থিতি কেনেকুৱা হʼব? আহক এই বিষয়ে পৰৱৰ্তী লেখত চাওঁ।

a বাইবেলৰ অনুসৰি ঈশ্বৰৰ নাম যিহোৱা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক