ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ২ পৃষ্ঠা ১৩-১৫
  • অতি সোনকালে পৃথিৱীৰ পৰিস্থিতি ভাল হʼব!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অতি সোনকালে পৃথিৱীৰ পৰিস্থিতি ভাল হʼব!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৃথিৱীত কেৱল এখন চৰকাৰে শাসন কৰিব
  • লোকসকলৰ মাজত একতা থাকিব
  • বানপানী আৰু ভূমিকম্প নহʼব
  • সকলোৰে সুস্বাস্থ্য আৰু প্ৰচুৰ খোৱা বস্তু থাকিব
  • শান্তি আৰু সুৰক্ষা থাকিব
  • সকলোৰে নিজৰ ঘৰ থাকিব আৰু নিজৰ কামৰপৰা আনন্দ লাভ কৰিব
  • সকলোকে ভাল শিক্ষা দিয়া হʼব
  • সদায় জীয়াই থাকিব
  • এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • ঈশ্বৰে মানৱজাতিক কিয় সৃষ্টি কৰিলে?
    বাইবেলে আমাক কি শিকায়?
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ২ পৃষ্ঠা ১৩-১৫
এহাল দম্পতিয়ে পৃথিৱীৰ নতুন পৰিস্থিতিত নিজৰ বন্ধুসকলক লগ পাই আনন্দিত হৈছে।

আপুনিও পৃথিৱীৰ নতুন পৰিস্থিতিৰ বাবে এতিয়াৰপৰা প্ৰস্তুতি কৰিব পাৰে

অতি সোনকালে পৃথিৱীৰ পৰিস্থিতি ভাল হʼব!

ঈশ্বৰে পৃথিৱীখন মানুহৰ বাবে সৃষ্টি কৰিছে আৰু ভাল লোকসকল ইয়াত সদায় জীয়াই থকাটো তেওঁ বিচাৰে। (গীতমালা ৩৭:২৯) তেওঁ প্ৰথম দম্পতি আদম আৰু হৱাৰ বাবে এখন সুন্দৰ বাগিচা বনাইছিল। আদম, হৱা আৰু তেওঁলোকৰ সন্তানসকলে গোটেই পৃথিৱীক সেই বাগিচাৰ দৰে সুন্দৰ কৰি তোলা আৰু চোৱা-চিতা কৰাটো ঈশ্বৰে বিচাৰিছিল।—আদিপুস্তক ১:২৮; ২:১৫.

দুখৰ বিষয় যে আজি এই পৃথিৱীখন সেই বাগিচাৰ দৰে সুন্দৰ হৈ থকা নাই। কিন্তু ঈশ্বৰে নিজৰ উদ্দেশ্য নিশ্চয় পূৰ কৰিব আৰু এদিন এই পৃথিৱীখন সুন্দৰ কৰি তুলিব। আগৰ লেখবোৰত আমি শিকিলোঁ যে ঈশ্বৰে পৃথিৱীখন ধ্বংস নকৰিব, কেৱল দুষ্ট লোকসকলক ধ্বংস কৰিব আৰু তাৰ পাছত এই পৃথিৱীত কেৱল ভাল লোকসকল থাকিব।

পৃথিৱীত কেৱল এখন চৰকাৰে শাসন কৰিব

অতি সোনকালে ঈশ্বৰৰ চৰকাৰে স্বৰ্গৰপৰা পৃথিৱীত শাসন কৰিব। সেইসময়ত পৃথিৱীত ভাল পৰিস্থিতি হʼব। লোকসকলৰ মাজত শান্তি থাকিব, সকলোৰে ওচৰত কাম থাকিব আৰু তাৰপৰা তেওঁলোকে আনন্দ লাভ কৰিব। ঈশ্বৰে যীচু খ্ৰীষ্টক নিজৰ চৰকাৰ বা ৰাজ্যৰ ৰজা হিচাপে বাছনি কৰিছে। তেওঁ বৰ্তমান সময়ৰ নেতাসকলৰ দৰে নহয়, তেওঁ লোকসকলৰ বিষয়ে চিন্তা কৰে, তেওঁলোকৰ ভাল হোৱাটো বিচাৰে আৰু তেওঁ সকলোৰে লগত ন্যায় কৰিব।—যিচয়া ১১:৪.

লোকসকলৰ মাজত একতা থাকিব

পৃথিৱীৰ নতুন পৰিস্থিতিত কিছুমান লোকে নিজৰ বন্ধুসকলৰ লগত আহাৰ খাইছে।

যেতিয়া ঈশ্বৰে পৃথিৱীৰ পৰিস্থিতি ভাল কৰিব, তেতিয়া লোকসকলে জাতি, ৰাষ্ট্ৰ আৰু কʼলা-বগাৰ বাবে পক্ষপাত নকৰিব। সকলোৱে এজনে-আনজনক প্ৰেম কৰিব, ঈশ্বৰক প্ৰেম কৰিব আৰু সকলোৰে মাজত একতা থাকিব। (প্ৰকাশিত বাক্য ৭:৯, ১০) সকলোৱে একেলগে মিলি কাম কৰিব। ঈশ্বৰে বিচৰাৰ দৰে সকলোৱে মিলি এই পৃথিৱীক এদন বাগিচাৰ দৰে সুন্দৰ কৰি তুলিব আৰু তাৰ চোৱা-চিতা কৰিব।—গীতমালা ১১৫:১৬.

বানপানী আৰু ভূমিকম্প নহʼব

আজি বানপানী আৰু ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে লোকসকলৰ মৃত্যু হৈছে আৰু বহুতো ধন-সম্পত্তি ক্ষতি হৈছে। কিন্তু যেতিয়া যীচুৱে এই পৃথিৱীত শাসন কৰিব, তেতিয়া প্ৰাকৃতিক দুৰ্যোগবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব। (গীতমালা ২৪:১, ২) প্ৰায় দুহেজাৰ বছৰৰ আগতে যীচুৱে এই পৃথিৱীত থকাৰ সময়ত এইদৰেই কৰিছিল। তেওঁ ঈশ্বৰৰ শক্তিৰ সহায়ত এটা ডাঙৰ ধুমুহাক শান্ত কৰিছিল। (মাৰ্ক ৪:৩৯, ৪১) ঈশ্বৰৰ ৰাজ্যত কোনেও পৰিৱেশ ধ্বংস নকৰিব আৰু সেইসময়ত পৰিষ্কাৰ বতাহ আৰু পানী পোৱা যাব। মানুহ আৰু জীৱ-জন্তুৱে এজনে-আনজনক হানি নকৰিব।—হোচেয়া ২:১৮.

সকলোৰে সুস্বাস্থ্য আৰু প্ৰচুৰ খোৱা বস্তু থাকিব

সকলোৰে স্বাস্থ্য ভাল হʼব। কোনেও বেমাৰ, বৃদ্ধ আৰু কোনো লোকৰ মৃত্যু নহʼব। (যিচয়া ৩৫:৫, ৬) এদন বাগিচাৰ দৰে পৃথিৱীখন সুন্দৰ আৰু পৰিষ্কাৰ হৈ পৰিব। পৃথিৱীৰ নতুন পৰিস্থিতিত প্ৰচুৰ পৰিমাণে শস্য উৎপাদন হʼব আৰু খোৱা বস্তুৰ কোনো অভাৱ নহʼব। (আদিপুস্তক ২:৯) যিদৰে প্ৰাচীন সময়ত ঈশ্বৰৰ লোকসকলৰ খোৱা-বোৱাৰ কোনো অভাৱ নাছিল, ঠিক সেইদৰে পৃথিৱীৰ নতুন পৰিস্থিতিতো কোনো বস্তুৰ অভাৱ নহʼব।—লেবীয়া পুস্তক ২৬:৪, ৫.

বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আৰু ব্ৰেড।

শান্তি আৰু সুৰক্ষা থাকিব

ঈশ্বৰৰ ৰাজ্যত চাৰিওফালে শান্তি থাকিব আৰু সকলোৱে এজনে-আনজনৰ লগত ভালদৰে ব্যৱহাৰ কৰিব। কোনেও এজনে-আনজনৰ ওপৰত অধিকাৰ নচলাব, যুদ্ধ নহʼব আৰু ঈশ্বৰে সকলোৰে প্ৰয়োজনীতা পূৰ কৰিব। তেওঁ এইদৰে প্ৰতিজ্ঞা কৰিছে, “প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।”—মীখা ৪:৩, ৪.

সকলোৰে নিজৰ ঘৰ থাকিব আৰু নিজৰ কামৰপৰা আনন্দ লাভ কৰিব

সকলোৰে নিজৰ নিজৰ ঘৰ থাকিব আৰু সেয়া হেৰুৱাৰ কোনো ভয় নাথাকিব। লোকসকলে নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে পৃথিৱীৰ নতুন পৰিস্থিতিত কাৰো ‘পৰিশ্ৰম ব্যৰ্থ’ নহʼব।—যিচয়া ৬৫:২১-২৩.

সকলোকে ভাল শিক্ষা দিয়া হʼব

যিহোৱা হৈছে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু তেওঁ এজন বুদ্ধিমান ঈশ্বৰ। পৃথিৱীৰ নতুন পৰিস্থিতিত আমি তেওঁৰপৰা বহুতো কথা শিকিম। তেওঁ যি সৃষ্টি কৰিছে, তাৰ বিষয়েও শিকিবলৈ পাম। পবিত্ৰ শাস্ত্ৰত লিখা আছে, ‘পৃথিৱী যিহোৱাৰ জ্ঞানেৰে পৰিপূৰ্ণ হব।’ (যিচয়া ১১:৯) সেইসময়ত লোকসকলে নিজৰ বুদ্ধি যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ বনাবলৈ ব্যৱহাৰ নকৰিব আৰু কোনো লোকৰ ক্ষতিও নকৰিব। (যিচয়া ২:৪) সকলোৱে শান্তিৰে জীয়াই থাকিব আৰু একেলগে মিলি পৃথিৱীখন সুন্দৰ কৰি তুলিব।—গীতমালা ৩৭:১১.

সদায় জীয়াই থাকিব

মানুহে আনন্দেৰে জীয়াই থাকিব পৰাকৈ ঈশ্বৰে এই পৃথিৱীখন সৃষ্টি কৰিছে। লোকসকলে ইয়াত সদায় জীয়াই থকাটো ঈশ্বৰে বিচাৰিছিল। (গীতমালা ৩৭:২৯; যিচয়া ৪৫:১৮) ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে অতি সোনকালে ‘চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিব।’ (যিচয়া ২৫:৮) সেইসময়ত “মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও” নহʼব। (প্ৰকাশিত বাক্য ২১:৪) যিসকলে এই দুষ্ট জগতৰপৰা ৰক্ষা পাব, তেওঁলোকে সদায় এই পৃথিৱীত জীয়াই থাকিব। যিসকলৰ মৃত্যু হৈছে, তেওঁলোকক ঈশ্বৰে পুনৰ জীয়াই তুলিব আৰু তেওঁলোকে সদায় জীয়াই থাকিব।—যোহন ৫:২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

লোকসকলে নিজৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলক লগ কৰিছে, যিসকল আকৌ জীৱিত হৈছে।

অতি সোনকালে পৃথিৱীৰ পৰিস্থিতি ভাল হʼব। বিশ্বজুৰিৰ লাখ লাখ লোকে সেইসময়ৰ বাবে অপেক্ষা কৰি আছে। আজি তেওঁলোকে যিহোৱা ঈশ্বৰ আৰু যীচুৰ বিষয়ে শিকি আছে, যাতে তেওঁলোকে নতুন পৃথিৱীত জীয়াই থাকিব পাৰে।—যোহন ১৭:৩.

আপুনিও জগতৰ অন্তৰপৰা ৰক্ষা পাব বিচাৰেনে আৰু পৃথিৱীৰ নতুন পৰিস্থিতিত জীয়াই থাকিব বিচাৰেনে? এই বিষয়ে বেছিকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলৰ লগত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পৰা আলোচনা কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ পৰা কোনো টকা-পইচা লোৱা নহʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক