ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১০/১ পৃষ্ঠা ৮-১৩
  • যিহোৱাই আজ্ঞাকাৰীসকলক নিৰাপত্তা আৰু আশীৰ্ব্বাদ প্ৰদান কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আজ্ঞাকাৰীসকলক নিৰাপত্তা আৰু আশীৰ্ব্বাদ প্ৰদান কৰে
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এটা অবাধ্য জাতি চয়তানৰ ফান্দত পৰিল
  • কুসঙ্গে নষ্ট কৰা এজন ৰজা
  • আজ্ঞাকাৰীতাৰ বাবে এজন সচিবে ৰক্ষা পোৱা
  • আক্ৰমণৰ কিছু সময়ৰ পূৰ্বেই আজ্ঞা পালন কৰি প্ৰাণ ৰক্ষা পোৱা
  • গোগে আক্ৰমণ কৰাৰ সময়ত আজ্ঞাকাৰী হোৱা
  • আজ্ঞাকাৰীতাই আশা প্ৰদান কৰে
  • যিৰিমিয়াৰ দৰে সাহিয়াল হোৱা
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱালৈ কিয় ভয় ৰাখিব লাগে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১০/১ পৃষ্ঠা ৮-১৩

যিহোৱাই আজ্ঞাকাৰীসকলক নিৰাপত্তা আৰু আশীৰ্ব্বাদ প্ৰদান কৰে

“যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, আৰু অমঙ্গলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিব।”—হিতোপদেশ ১:৩৩.

১, ২. ঈশ্বৰৰ আজ্ঞাকাৰী হোৱাটো কিয় অধিক গুৰুত্বপূৰ্ণ? বৰ্ণনা কৰক।

সৰু সৰু কুকুৰা পোৱালীবোৰে ঘাঁহনিৰ ওপৰত নিজৰ খাদ্য বিচাৰি ফুঁৰোতে আকাশত উৰি ফুৰা চিলনীজনীলৈ মন কৰা নাছিল। হঠাতে কুকুৰাজনীয়ে উচ্চস্বৰত চিঞৰি নিজৰ পোৱালীবোৰক সতৰ্ক কৰিলে আৰু নিজৰ পাখী মেলি দিলে। কোনো পলম নকৰাকৈ নিৰাপত্তাৰ বাবে তাইৰ পোৱালীবোৰে কুকুৰাজনীৰ ডেউকাৰ তলত সুমাই পৰিল। চিলনীজনীয়ে পোৱালীবোৰক আক্ৰমণ কৰাৰ পৰা আঁতৰি গʼল।a এই দৃষ্টান্তটোৰ পৰা আমি কি শিক্ষা পাওঁ? আমি এইটোৱে শিক্ষা পাওঁ যে আজ্ঞাকাৰী হোৱাৰ দ্বাৰা নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰি!

২ এই পাঠটো বিশেষকৈ বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলৰ বাবে অধিক প্ৰযোজ্য। কিয়নো চয়তানে যিমান পাৰে ঈশ্বৰৰ সেৱকসকলক গ্ৰাস কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰিছে। (প্ৰকাশিত বাক্য ১২:৯, ১২, ১৭) তাৰ একমাত্ৰ লক্ষ্য হৈছে আমাৰ আধ্যাত্মিকতাক ধ্বংস কৰি অনন্ত জীৱন পোৱাৰ আশাৰ পৰা বঞ্চিত কৰা। (১ পিতৰ ৫:৮) কিন্তু যদি ঈশ্বৰৰ কাষত থাকি তেওঁৰ বাক্য আৰু সংগঠনৰ নিৰ্দ্দেশনাক কোনো পলম নকৰাকৈ পালন কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ নিৰাপত্তা লাভ কৰিম। এই সম্পৰ্কে গীতমালা ৰচোঁতাজনে এইদৰে লিখিছিল: “তেওঁ তেওঁৰ পাখিৰে তোমাক আবৃত কৰিব; তাতে তেওঁৰ ডেউকাৰ তলত তুমি আশ্ৰয় পাবা।”—গীতমালা ৯১:৪.

এটা অবাধ্য জাতি চয়তানৰ ফান্দত পৰিল

৩. একেৰাহে অবাধ্য হোৱাৰ পৰিণামস্বৰূপে ইহুদীসকললৈ কি ঘটিল?

৩ যেতিয়ালৈকে ইহুদী জাতিয়ে যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী আছিল তেতিয়ালৈকে তেওঁলোকে নিয়মীয়াকৈ তেওঁৰ নিৰাপত্তা লাভ কৰিছিল। তথাপিও সেই লোকবিলাকে তেওঁলোকৰ সৃষ্টিকৰ্ত্তাক ত্যাগ দি কাঠ আৰু শিলেৰে নিৰ্ম্মাণ কৰা দেৱ-দেৱীবোৰ, “যিবোৰে উপকাৰ আৰু ৰক্ষা কৰিব নোৱাৰে” সেইবোৰৰ উপাসনা কৰিছিল। (১ চমূৱেল ১২:২১) তেনে ঈশ্বৰৰ বিৰোদ্ধে কাৰ্য্য কৰাৰ কেইবা শতিকাৰ পিছত সমূদায় ইহুদীজাতিয়ে পৰাচিত কৰিব নোৱাৰাকৈ ধৰ্ম্মত্যাগী হৈ পৰিল। সেয়েহে যীচুৱে দুখ প্ৰকাশ কৰি এইদৰে কৈছিল: “হে ভাববাদীসকলক বধ কৰোঁতা, আৰু তোমালৈ পঠোৱাবিলাকক শিল দলিয়াই মাৰোঁতা যিৰূচালেম, যিৰূচালেম, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তান বিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিলোঁ, কিন্তু তুমি সন্মত নহলা। চোৱা, তোমাৰ ঘৰ নিৰ্জ্জন হবলৈ তোমালৈ ত্যক্ত হৈ গৈছে।”—মথি ২৩:৩৭, ৩৮.

৪. সা.যু. ৭০ চনত যিহোৱাই যে যিৰূচালেম ত্যাগ কৰিলে, ই কেনেকৈ স্পষ্টৰূপে প্ৰমাণিত হʼল?

৪ যিহোৱাই সা.যু. ৭০ চনত ইস্ৰায়েলসকলক ত্যাগ কৰিলে আৰু পৰিণামস্বৰূপে তেওঁলোকে এনে যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সন্মুখীন হʼল। সেই বছৰটোত ৰোমান সৈন্যবিলাকে যিৰূচালেমৰ ওপৰত ঈগলৰ ছবি থকা তেওঁলোকৰ পতাকা উত্তোলন কৰিলে আৰু তাত থকা নিবাসীসকলক নিৰ্ম্মমভাৱে হত্যা কৰিছিল। সেই সময়ছোৱাত যিৰূচালেমত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ অহা লোকসকলেৰে ভৰি আছিল। তেওঁলোকে কৰা বলিদানৰ দ্বাৰা ঈশ্বৰৰ অনুমোদন লাভ কৰিব নোৱাৰিলে। সেইটোৱে আছিল ভৱিষ্যতবক্তা চমূৱেলে অবাধ্য ৰজা চৌলক দিয়া কৰুণাত্মক সোঁৱৰণী, যʼত তেওঁ এইদৰে কৈছিল: “যিহোৱাৰ বাক্য পালন কৰাত যেনেকৈ তেওঁ সন্তোষ পায় তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তোষ পায়? চোৱা, বলিদানতকৈ আজ্ঞা-পালন উত্তম, আৰু মেৰৰ তেলতকৈ বাক্যলৈ কাণ দিয়া উত্তম।”—১ চমূৱেল ১৫:২২.

৫. যিহোৱাই কেনে ধৰণৰ আজ্ঞাকাৰী হোৱাটো বিচাৰে আৰু তেনেধৰণৰ আজ্ঞাকাৰী হোৱাটো যে সম্ভৱ তাক আমি কেনেকৈ জানিব পাৰোঁ?

৫ যিহোৱাই অসিদ্ধ মানৱক আজ্ঞাকাৰী হʼবলৈ জোৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ পৰিসীমাৰ বিষয়ে ভালকৈ জানে। (গীতমালা ১৩০:৩, ৪) সেয়েহে তেওঁ বিচৰা আৱশ্যকতাসমূহ হৈছে অকপট হৃদয়, প্ৰেম আৰু বিশ্বাসৰ ওপৰত আধাৰিত কৰি আজ্ঞাকাৰী হোৱা। তদুপৰি তেওঁৰ মন অসন্তুষ্ট নকৰিবলৈ ভয় বিকাশিত কৰাটো বিচাৰে। (দ্বিতীয় বিবৰণ ১০:১২, ১৩; হিতোপদেশ ১৬:৬; যিচয়া ৪৩:১০; মীখা ৬:৮; ৰোমীয়া ৬:১৭) তেনেদৰে আজ্ঞাকাৰী হোৱাটো যে সম্ভৱ তাক প্ৰাচীন খ্ৰীষ্টানসকলে কাৰ্য্যকাৰীৰূপে প্ৰকাশ কৰিলে। তেওঁলোকে নিৰ্ম্মম যাতনা, আনকি মৃত্যুৰ সন্মুখীন হোৱাৰ স্বত্বেও ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখিলে। (ইব্ৰী ১১:৩৬, ৩৭; ১২:১) তেওঁলোকে প্ৰকৃততে যিহোৱাৰ হৃদয় আনন্দিত কৰিছিল! (হিতোপদেশ ২৭:১১) আনসকলে যদিও আৰম্ভণিতে বিশ্বাসী আছিল কিন্তু পিছলৈ তেওঁলোকে আজ্ঞাকাৰী হৈ থাকিবলৈ বিফল হৈছিল। উদাহৰণস্বৰূপে, প্ৰাচীন যিহূদাৰ ৰজা যিহোৱাচ এজন আছিল

কুসঙ্গে নষ্ট কৰা এজন ৰজা

৬, ৭. যিহোয়াদ জীয়াই থকা কালছোৱাত যিহোৱাচে কেনেধৰণৰ ৰজা হোৱা পৰিচয় দিছিল?

৬ শিশু কালত ৰজা যিহোৱাচে কথমপি গুপ্ত হত্যাকাৰীৰ হাতৰ পৰা ৰক্ষা পাইছিল। যেতিয়া যিহোৱাচৰ বয়স সাত বছৰ আছিল তেতিয়া মহাপুৰোহিত যিহোয়াদে সাহ কৰি লুকোৱাই ৰখা স্থানৰ পৰা যিহোৱাচক আনি ৰজা পাতিলে। কিয়নো ঈশ্বৰৰ প্ৰতি ভয় কৰোঁতা যিহোয়াদাই পিতৃৰ দৰে কণমাণি যিহোৱাচক পৰামৰ্শ দিছিল আৰু সেই কণমাণি ৰজাজনে “পুৰোহিতৰ জীৱনৰ সকলো কালত, যিহোৱাৰ দৃষ্টিত যি ন্যায়, . . . তাকে কৰিলে।”—২ বংশাৱলি ২২:১০-২৩:১; ২৩:১১; ২৪:১, ২.

৭ তেওঁৰ উত্তম কৰ্ম্মত সন্মিলিত থকা যিহোৱাৰ মন্দিৰক আগৰ নিচিনা কৰিবলৈ কৰা ইচ্ছাক ‘যিহোৱাচৰ মনৰ’ কাৰ্য্য বুলি প্ৰকাশ পাইছে। তেওঁ ঈশ্বৰৰ মন্দিৰক মেৰামতি কৰিবৰ বাবে প্ৰধান পুৰোহিত যিহোয়াদক যিহূদা আৰু যিৰূচালেমৰ পৰা ‘মোচিয়ে নিৰূপণ কৰাৰ অনুসাৰে কৰ’ আনিবলৈ সোঁৱৰাই দিছিল। স্পষ্টৰূপে যিহোয়াদে ডেকা ৰজাক ঈশ্বৰৰ ব্যৱস্থাক অধ্যয়ন আৰু পালন কৰিবলৈ উৎসাহিত কৰাত সফল হৈছিল। ইয়াৰ ফলস্বৰূপে মন্দিৰ আৰু মন্দিৰৰ পাত্ৰৰ কাৰ্য্য অতি শীঘ্ৰেই সমাপ্ত হৈছিল।—২ বংশাৱলি ২৪:৪, ৬, ১৩, ১৪; দ্বিতীয় বিবৰণ ১৭:১৮.

৮. (ক) প্ৰথম অৱস্থাত কিহে যিহোৱাচক আধ্যাত্মিক পতনলৈ গতি কৰালে? (খ) ঈশ্বৰৰ আজ্ঞাৰ প্ৰতি অৱজ্ঞাকাৰীতাই ৰজাজনক কিহলৈ পৰিচালিত কৰিলে?

৮ দুখৰ বিষয় এই যে যিহোৱাৰ প্ৰতি থকা যিহোৱাচৰ সেই আজ্ঞাকাৰীতা স্থায়ী নাছিল। কিয় স্থায়ী নাছিল? এই বিষয়ে ঈশ্বৰৰ বাক্যই আমাক এইদৰে কৈছে: “যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষবিলাকে আহি ৰজাক প্ৰণিপাত কৰিলে; তেতিয়া ৰজাই তেওঁবিলাকৰ কথা শুনিলে। পাছে তেওঁবিলাকে তেওঁবিলাকৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰি, আচেৰা মূৰ্ত্তি আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে, তেওঁবিলাকৰ সেই দোষৰ কাৰণে যিহূদালৈ আৰু যিৰূচালেমলৈ ক্ৰোধ হল।” যিহূদাৰ ৰাজকুমাৰবিলাকেও ৰজাক পুৰোহিতসকলৰ কথাৰ প্ৰতি কাণ নিদিবলৈ পৰিচালিত কৰিলে। সেই পুৰোহিতসকলৰ এজন আছিল যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়া। যিজনে যিহোৱাচ আৰু লোকসকলক অবাধ্য হোৱাৰ বাবে সাহসী হৈ অনুযোগ কৰিছিল। জখৰিয়াৰ কথা শুনি যিহোৱাচে পৰাচিত কৰাৰ পৰিৱৰ্তে তেওঁক শিল দলিয়াই বধ কৰিলে। যিহোৱাচে বেয়া সঙ্গীসকলৰ সৈতে সঙ্গতি কৰি কিমান যে অৱজ্ঞাকাৰী ব্যক্তি হৈ পৰিল!—২ বংশাৱলি ২৪:১৭-২২; ১ কৰিন্থীয়া ১৫:৩৩.

৯. অৱজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাচ আৰু তেওঁৰ দুষ্ট ৰাজকুমাৰবিলাকৰ কেনে দশা হʼল?

৯ যিহোৱাক ত্যাগ দিয়াৰ পিছত যিহোৱাচ আৰু তেওঁৰ দুষ্ট সঙ্গী ৰাজকুমাৰবিলাকলৈ কি ঘটিল? অৰামীয়াৰ “অলপ লোক থকা” সেনাবাহিনীয়ে যিহূদাক আক্ৰমণ কৰি “লোকবিলাকৰ মাজৰ সকলো অধ্যক্ষক বিনষ্ট কৰিলে।” তদুপৰি আক্ৰমণকাৰীসকলে ৰজাৰ পৰা তেওঁৰ নিজা সম্পত্তিৰ সৈতে মন্দিৰৰ সোণ আৰু ৰূপ বলেৰে নিলে। যদিও যিহোৱাচে ৰক্ষা পালে, কিন্তু তেওঁ টান নৰিয়াত পৰিল। তাৰ কিছু দিনৰ পিছত তেওঁৰ নিজৰ দাসবিলাকে ষড়যন্ত্ৰ কৰি শৰ্য্যাত থকা সময়ত তেওঁক হত্যা কৰিলে। (২ বংশাৱলি ২৪:২৩-২৫; ২ ৰাজাৱলি ১২:১৭, ১৮) যিহোৱাই ইস্ৰায়েলক কোৱা এই কথাষাৰ কিমান যে সত্য আছিল, যʼত এইদৰে কোৱা হৈছিল: “সেই সকলোকে পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ যদি তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বাক্যলৈ কাণ নিদিয়া, তেন্তে এই সকলো শাও তোমাৰ ওপৰত পৰিব, আৰু তোমাত ফলিয়াব।”—দ্বিতীয় বিবৰণ ২৮:১৫.

আজ্ঞাকাৰীতাৰ বাবে এজন সচিবে ৰক্ষা পোৱা

১০, ১১. (ক) যিহোৱাই বাৰূকক দিয়া উপদেশক পালন কৰাটো কিয় লাভজনক? (খ) যিহোৱাই বাৰূকক কেনে উপদেশ দিছিল?

১০ খ্ৰীষ্টান পৰিচৰ্য্যাত লগ পোৱা বেছিভাগেই শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নোহোৱাৰ বাবে আপুনি কেতিয়াবা নিৰুৎসাহী হৈছেনে? আপুনি কেতিয়াবা তেওঁলোকৰ দৰে আত্মপ্ৰশ্ৰয়শীলতা আৰু ধনী নোহোৱাৰ বাবে অন্তৰ্দ্দাহ অনুভৱ কৰিছেনে? যদি তেনে অনুভৱ কৰিছে তেনেহʼলে যিৰিমিয়াই নিজৰ সচিব বাৰূকক দিয়া প্ৰেমময় উপদেশসমূহক বিবেচনা কৰক।

১১ বাৰূকে ভৱিষ্যতবাণীমূলক বাৰ্ত্তাসমূহক লিখি নিজেই যিহোৱাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। কিয় হৈ পৰিছিল? কিয়নো বাৰূকে নিজৰ অৱস্থাৰ বিষয়ে বিলাপ কৰিছিল আৰু যিহোৱাৰ সেৱা কৰা বিশেষ অধিকাৰতকৈও অধিক উত্তম কিবা লাভ কৰিবলৈ ইচ্ছা কৰিছিল। বাৰূকৰ তেনে মনোবৃত্তিৰ বিষয়ে জানিব পাৰি যিহোৱাই স্পষ্টৰূপে এইদৰে উপদেশ দি কৈছিল: “তুমি নিজৰ নিমিত্তে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, . . . মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম।”—যিৰিমিয়া ৪৫:৫.

১২. আমি এই জগতৰ ৰীতি-ব্যৱস্থাৰ পৰা নিজলৈ “মহত্ব” বিচৰাৰ পৰা কিয় আঁতৰি থকা উচিত?

১২ সাহসী আৰু বিশ্বাসী হৈ যিৰিমিয়াৰ সৈতে যিহোৱাৰ আজ্ঞাসমূহক পালন কৰা এই ভাল ব্যক্তিজনৰ প্ৰতি থকা ঈশ্বৰৰ গভীৰ চিন্তাধাৰক উপলব্ধি কৰিব পাৰিছেনে? একেইদৰে যিহোৱাই তেনে ব্যক্তিসকলৰ প্ৰতি চিন্তা কৰে যিসকলে এই জগতৰ বস্তুবোৰক উত্তম বুলি বিবেচনা কৰি তাৰ প্ৰতি আকৰ্ষিত হয়। আনন্দৰ বিষয় এই যে বাৰূকৰ দৰে বহুতো ব্যক্তিয়ে দায়িত্বপ্ৰাপ্ত আধ্যাত্মিক ভাইসকলে দিয়া পৰামৰ্শৰ অনুসাৰে নিজৰ চিন্তাধাৰাক সাল-সলনি কৰে। (লূক ১৫:৪-৭) এতেকে আমাৰ সকলোৱে এই বিষয়ে বিবেচনা কৰা আৱশ্যক যে যিসকলে এই জগতৰ ৰীতি-ব্যৱস্থাত “মহত্ব” বিচাৰে তেওঁলোকৰ বাবে কোনো উজ্জ্বল ভৱিষ্যত নাই। তদুপৰি তেওঁলোকে প্ৰকৃত আনন্দত বিচাৰি পোৱাত বিফল হয়। ইয়াৰ উপৰিও তেওঁলোকে অতি শীঘ্ৰেই এই জগতৰ সকলোবোৰ স্বাৰ্থপৰ অভিলাষৰ সৈতে গুচি যাব।—মথি ৬:১৯, ২০; ১ যোহন ২:১৫-১৭.

১৩. বাৰূকৰ বিৱৰণীৰ পৰা নম্ৰতাৰ বিষয়ে আমি কেনে শিক্ষা শিকিবলৈ পাওঁ?

১৩ বাৰূকৰ এই বিৱৰণীয়ে আমাক নম্ৰতা হোৱাৰ এক উত্তম শিক্ষা প্ৰদান কৰে। মন কৰিবলগীয়া যে যিহোৱাই বাৰূকক পোনপটীয়াকৈ উপদেশ প্ৰদান কৰা নাছিল, যিৰিমিয়াৰ যোগেদিহে কৰিছিল। যিৰিমিয়াই হয়তো বাৰূকৰ অসিদ্ধতা আৰু তেওঁৰ দুৰ্ব্বলতাৰ বিষয়ে ভালকৈ জানিছিল। (যিৰিমিয়া ৪৫:১, ২) তথাপিও বাৰূকে অহঙ্কাৰ কৰা নাছিল; ইয়াৰ বিপৰীতে তেওঁ প্ৰকৃততে যিহোৱাই প্ৰদান কৰা সেই উপদেশসমূহক নম্ৰভাৱে গ্ৰহণ কৰিছিল। (২ বংশাৱলি ২৬:৩, ৪, ১৬; হিতোপদেশ ১৮:১২; ১৯:২০) এতেকে যদি আমি ‘অজানিতে কোনো অপৰাধত পৰাৰ’ বাবে ঈশ্বৰৰ পৰা কোনো উপদেশ পাইছোঁ, তেনেহʼলে আঁহক আমি বাৰূকৰ দৰে পৰিপক্ক, আধ্যাত্মিক বিবেচনা আৰু নম্ৰতাৰে সেই উপদেশসমূহক গ্ৰহণ কৰোঁহঁক।—গালাতীয়া ৬:১.

১৪. যিসকলে আমাক পৰিচালনা কৰে তেওঁলোকৰ আজ্ঞাকাৰী হোৱাটো কিয় লাভজনক?

১৪ আমি নম্ৰতা হোৱাৰ বাবে যিসকলে আমাক পৰামৰ্শ দিয়ে তেওঁলোককো সহায় কৰে। এই বিষয়ে ইব্ৰী ১৩:১৭ পদত এইদৰে কৈছে: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা; কিয়নো হিচাব দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য্য কৰিছে; এতেকে তেওঁলোকে যেন কৰ্ম্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে, তোমালোকৰ একো হিত নহব।” সেয়েহে প্ৰাচীনসকলে তেওঁলোকৰ ৰখীয়া কাৰ্য্যৰ কোনো কঠিন সমস্যাক সমাধান কৰিবলৈ আৱশ্যকীয় সাহস, জ্ঞান আৰু বিবেচনাবোধ শক্তি বিচাৰি কিমানবাৰ যে যিহোৱালৈ প্ৰাৰ্থনা কৰে! এতেকে আঁহক আমি “এনে লোকৰ লগত পৰিচয়” হওঁহঁক।—১ কৰিন্থীয়া ১৬:১৮.

১৫. (ক) যিৰিমিয়াই বাৰূকৰ ওপৰত কৰা ভাৰসাক কিদৰে প্ৰকাশ কৰিলে? (খ) বাৰূকে নম্ৰতাৰে আজ্ঞা পালন কৰাৰ বাবে কেনে পুৰস্কাৰ লাভ কৰিলে?

১৫ বাৰূকে যিহোৱাৰ উপদেশ গ্ৰহণ কৰি নিজৰ মনোবৃত্তি সলনি কৰিলে, সেইবাবে যিৰিমিয়াই তেওঁক আটাইতকৈ কঠিন কাৰ্য্য কৰাৰ বাবে নিযুক্তি দিলে। সেই কঠিন কাৰ্য্য আছিল, বাৰূকে মন্দিৰলৈ গৈ যিৰিমিয়াৰ মুখৰ পৰা শুনি লিখা ইস্ৰায়েলৰ অহিতে ঈশ্বৰৰ ন্যায়-বিচাৰৰ বাৰ্ত্তাক লোকসকলৰ আগত উচ্চস্বৰত পঢ়ি শুনোৱা। বাৰূকে সেই আজ্ঞা পালন কৰিলেনে? অৱশ্যেই কৰিলে। তেওঁ “যিহোৱাৰ গৃহত পাঠ কৰি যিৰিমিয়া ভাববাদীৰ আজ্ঞা পালন কৰিলে।” স্পষ্টৰূপে তেওঁক এই একেই বাৰ্ত্তাক যিৰূচালেমত থকা ৰাজকুমাৰসকলৰ আগতো পঢ়ি শুনাব লাগিছিল, যাৰ বাবে তেওঁক অতি সাহসী হোৱা আৱশ্যক আছিল। (যিৰিমিয়া ৩৬:১-৬, ৮, ১৪, ১৫) বাৰূকে বাৰ্ত্তা শুনোৱাৰ প্ৰায় ১৮ বছৰৰ পিছত যেতিয়া বাবিলে যিৰূচালেমক আক্ৰমণ কৰিলে তেতিয়া তেওঁ “নিজৰ নিমিত্তে মহত্ব” বিচৰা মনোবৃত্তি সলনি কৰিবলৈ দিয়া যিহোৱাৰ সতৰ্কবাণীক পালন কৰাৰ দ্বাৰা ৰক্ষা পাই কিমান যে কৃতজ্ঞতা অনুভৱ কৰিছিল!—যিৰিমিয়া ৩৯:১, ২, ১১, ১২; ৪৩:৬.

আক্ৰমণৰ কিছু সময়ৰ পূৰ্বেই আজ্ঞা পালন কৰি প্ৰাণ ৰক্ষা পোৱা

১৬. সা.যু.পূ. ৬০৭ চনত যিৰূচালেম আক্ৰমণ হোৱাৰ পূৰ্বেই যিহোৱাই কেনেকৈ আজ্ঞাকাৰীতাসকললৈ সহানুভূতি প্ৰকাশ কৰিছিল?

১৬ সা.যু.পূ. ৬০৭ চনত যিৰূচালেম আক্ৰমণ হোৱাৰ সময়ত যিহোৱাই আজ্ঞাকাৰীসকলৰ প্ৰতি আকৌ এবাৰ সহানুভূতি দেখুৱালে। আক্ৰমণৰ মাত্ৰ অলপ সময়ৰ পূৰ্বেই যিহোৱাই ইহুদীসকলক উদ্দেশ্য কৰি এইদৰে কৈছিল: “মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছো। যি মানুহ এই নগৰত থাকিব, তেওঁ তৰোৱাল, আকাল, বা মহামাৰীত মৰা পৰিব; কিন্তু যি মানুহে বাহিৰলৈ গৈ, তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াবিলাকৰ ফলীয়া হবলৈ ওলাই যাব, তেওঁ জীব, আৰু তেওঁৰ প্ৰাণ তালৈ লুটদ্ৰব্য যেন হব।” (যিৰিমিয়া ২১:৮, ৯) যদিও যিৰূচালেমৰ নিবাসী ধ্বংসৰ বাবে উপযুক্ত আছিল তথাপিও যিহোৱাই এনে কঠিন আৰু শেষ মুহূৰ্ত্তত আজ্ঞাকাৰীতাসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিলে।b

১৭. (ক) ইহুদীসকলক ‘কলদীয়াবিলাকৰ হাতত সমৰ্পণ’ কৰিব লাগিব বুলি যিহোৱাই যিৰিমিয়াক ঘোষণা কৰিবলৈ আজ্ঞা দিয়াৰ সময়ত কেনে দুইধৰণে তেওঁৰ আজ্ঞাকাৰীতাৰ পৰীক্ষা হৈছিল? (খ) যিৰিমিয়াই সাহসেৰে আজ্ঞাকাৰীতা হোৱাৰ এই আৰ্হিয়ে আমাৰ বাবে কেনে লাভজনক হʼব পাৰে?

১৭ ইয়াত কোনো সন্দেহ নাই যে ইহুদীসকলক কোৱাৰ সময়ত যিৰিমিয়াৰো আজ্ঞাকাৰীতাৰ পৰীক্ষা হৈছিল। কিয়নো তেওঁ ঈশ্বৰৰ নামৰ প্ৰতি উদ্যোগী আছিল। সেয়েহে মিছা দেৱ-দেৱীবিলাকক এই জয়ৰ কাৰণ বুলি উল্লেখ কৰিবলগীয়া শত্ৰুবিলাকৰ দ্বাৰা তেওঁ নিন্দিত হʼব বিচৰা নাছিল। (যিৰিমিয়া ৫০:২, ১১; বিলাপ ২:১৬) ইয়াৰ উপৰিও যিৰিমিয়াই জানিছিল যে লোকসকলক প্ৰত্যাৰ্পণ কৰা মানেই হৈছে নিজৰ জীৱনলৈ বিপদ মাতি আনা। কিয়নো বহুতে তেওঁৰ বাক্য শুনি বিদ্ৰোহ কৰিলেহেঁতেন। তথাপিও তেওঁ ভয়ভিত নোহোৱাকৈ আজ্ঞাকাৰীতাৰে যিহোৱাৰ আজ্ঞাৰ দৰে ঘোষণা কৰিলে। (যিৰিমিয়া ৩৮:৪, ১৭, ১৮) যিৰিমিয়াৰ দৰে আমিও লোকসকলক এক অপ্ৰীতিকৰ বাৰ্ত্তা ঘোষণা কৰোঁ। এইটো সেই একেই বাৰ্ত্তা যাৰ বাবে যীচুক তুচ্ছজ্ঞান অথবা ঘৃণা কৰা হʼল। (যিচয়া ৫৩:৩; মথি ২৪:৯) এতেকে আঁহক আমি কোনো ‘লোকলৈ ভয় নকৰি’ যিৰিমিয়াৰ দৰে সম্পূৰ্ণকৈ যিহোৱাত ভাৰসা কৰি সাহসেৰে তেওঁৰ আজ্ঞাক পালন কৰোঁহঁক।—হিতোপদেশ ২৯:২৫.

গোগে আক্ৰমণ কৰাৰ সময়ত আজ্ঞাকাৰী হোৱা

১৮. যিহোৱাৰ সেৱকসকলে ভৱিষ্যতে আজ্ঞাকাৰীতাৰ কেনে পৰীক্ষাৰ সম্মুখীন হʼব?

১৮ অতি শীঘ্ৰেই চয়তানৰ সমস্ত দুষ্ট ৰীতি-ব্যৱস্থাক “মহাক্লেশৰ” দ্বাৰা ধ্বংস কৰা হʼব। (মথি ২৪:২১) ইয়াত কোনো সন্দেহ নাই যে সেই সময়ত ঈশ্বৰৰ লোকসকলৰ বিশ্বাস আৰু আজ্ঞকাৰীতা বৃহৎভাৱে পৰীক্ষিত হʼব। উদাহৰণস্বৰূপে, বাইবেলে কৈছে যে চয়তানে ‘মাগোগদেশীয় গোগৰ’ দৰে শাসন কৰিছে আৰু সি যিহোৱাৰ সেৱকসকলৰ বিৰোদ্ধে আক্ৰমণ কৰিবলৈ তাৰ লোকসকলক সঞ্চালিত কৰিব। যাক বাইবেলত ‘পৰাক্ৰমী সৈন্যসামন্তই . . . এডোখৰ মেঘৰ নিচিনাকৈ দেশ ঢাকিব’ বুলি বৰ্ণনা কৰিছে। (যিহিষ্কেল ৩৮:২, ১৪-১৬) অস্ত্ৰহীন আৰু সৰহ সংখ্যক লোকে যিহোৱাই আজ্ঞাকাৰীসকলৰ বাবে মেলি দিয়া “ডেউকাৰ” তলত আশ্ৰয় লʼব।

১৯, ২০. (ক) চূফ সাগৰৰ দাঁতিত ইস্ৰায়েলসকলক আজ্ঞাকাৰী হোৱাটো কিয় গুৰুত্বপূৰ্ণ আছিল? (খ) চূফ সাগৰৰ বিৱৰণীক প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰাটো আমাৰ বাবে কেনেকৈ লাভজনক হʼব পাৰে?

১৯ এই পৰিস্থিতিয়ে আমাক ইস্ৰায়েলসকলে বৃহৎ সংখ্যাত মিচৰৰ পৰা ওলাই অহাৰ সময়ছোৱাৰ বিষয়ে স্মৰণ কৰায়। মিচৰক দহোটা প্লেগে মহতিয়াই নিয়াৰ পিছত যিহোৱাই তেওঁৰ লোকসকলক চমু বাটেৰে নহয় কিন্তু চূফ সাগৰত থকা দীঘলীয়া বাটেৰে প্ৰতিজ্ঞাত দেশলৈ পৰিচালিত কৰিলে, যʼত তেওঁলোকে সহজে শত্ৰুৰ হাতত পৰিলেহেঁতেন। সৈনিক দৃষ্টিভঙ্গীৰে তেনেদৰে আগবাঢ়ি যোৱাটো তেওঁলোকৰ বাবে বিপদজনক আছিল। যদি আপুনি সেই সময়ত তাত উপস্থিত থকা হʼলে আপুনি প্ৰতিজ্ঞাত দেশখন আন এটা দিশত থকা বুলি জানি মোচিয়ে চূফ সাগৰৰফালে আগবাঢ়িবলৈ কোৱা আজ্ঞাক সম্পূৰ্ণ নিশ্চয়তাৰে পালন কৰিলেহেঁতেন নে?—যাত্ৰাপুস্তক ১৪:১-৪.

২০ যেনেকৈ যাত্ৰাপুস্তক ১৪ অধ্যায়টো পঢ়ো, তাত আমি দেখিবলৈ পাওঁ যে কেনেকৈ যিহোৱাই নিজৰ অসীম শক্তি ব্যৱহাৰ কৰি তেওঁৰ লোকসকলক উদ্ধাৰ কৰিলে। যেতিয়া আমি সেই বিৱৰণীটো পঢ়ো আৰু ধ্যান কৰোঁ তেতিয়া আমাৰ বিশ্বাস কিমান যে শক্তিশালী হয়! (২ পিতৰ ২:৯) দৃঢ় বিশ্বাস ৰখাৰ ফলস্বৰূপে আমি মানুহৰ দৃষ্টিত ভুল যেন লগা ঈশ্বৰৰ আৱশ্যকতাসমূহক পালন কৰিবলৈ প্ৰেৰিত হওঁ। (হিতোপদেশ ৩:৫, ৬) গতিকে আপুনি নিজকে এইদৰে সোধক, ‘মই নিয়মীয়াকৈ ঈশ্বৰৰ লোকসকলৰ সৈতে সঙ্গতি, সম্পূৰ্ণ মনোযোগেৰে বাইবেল অধ্যয়ন, প্ৰাৰ্থনা আৰু ধ্যান কৰাৰ দ্বাৰা নিজৰ বিশ্বাসক দৃঢ় কৰি তুলিবলৈ চেষ্টা কৰিছোঁনে?’—ইব্ৰী ১০:২৪, ২৫; ১২:১-৩.

আজ্ঞাকাৰীতাই আশা প্ৰদান কৰে

২১. যিসকলে যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী হʼব তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতে কেনে আশীৰ্ব্বাদসমূহৰ ভাগী হʼব?

২১ যিসকলে যিহোৱাৰ প্ৰতি আজ্ঞাকাৰীতা হোৱাৰ প্ৰমাণ দিয়ে তেওঁলোকে নিজৰ জীৱনত হিতোপদেশ ১:৩৩ পদত উল্লেখ কৰা বাক্যৰ পূৰ্ণতাক অনুভৱ কৰিব। সেই পদত এইদৰে কোৱা হৈছে: “যি জনে মোৰ কথা [আজ্ঞাকাৰীতাৰে] শুনে, তেওঁ নিৰাপদে থাকিব, আৰু অমঙ্গলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিব।” যিহোৱাৰ আহিব লগীয়া সেই ভয়ানক প্ৰতিশোধৰ দিনত আমাক শান্ত্বনা প্ৰদান কৰিবলৈ এই বাক্যই কিমান যে আশ্চৰ্য্যজনকৰূপে প্ৰযোজ্য হয়। দৰাচলতে যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “এইবোৰ কথা ঘটিবৰ আৰম্ভন হলে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছেহি।” (লূক ২১:২৮) স্পষ্টৰূপে, কেৱল আজ্ঞাকাৰীসকলে ঈশ্বৰৰ সেই বাক্যসমূহক সম্পূৰ্ণ নিশ্চয়তাৰে পালন কৰিব।—মথি ৭:২১.

২২. (ক) যিহোৱাৰ লোকসকলৰ ওচৰত ভাৰসা কৰাৰ কেনে কাৰণ আছে? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২২ ভাৰসা কৰাৰ আন এটা কাৰণ হৈছে, “প্ৰভু যিহোৱাই নিজ দাস ভাববাদীবিলাকৰ গুৰিত নিজৰ নিগূঢ় মন্ত্ৰণা প্ৰকাশ নকৰাকৈ একোকে নকৰে।” (আমোচ ৩:৭) প্ৰাচীন সময়ৰ দৰে যিহোৱাই বৰ্তমান যুগত কোনো ভৱিষ্যতবক্তাক প্ৰেৰিত কৰা নাই; ইয়াৰ পৰিৱৰ্তে তেওঁ বিশ্বাসী বুদ্ধিমান দাসবৰ্গক নিৰ্দ্দেশনা প্ৰদান কৰিছে, যিসকলে তেওঁৰ ঘৰখনত থকা সকলোকে উচিত সময়ত আহাৰ প্ৰদান কৰে। (মথি ২৪:৪৫-৪৭) এইহেতুকে আমি সেই ‘দাসৰ’ প্ৰতি আজ্ঞাকাৰীতা হোৱাটো আমাৰ বাবে কিমান যে গুৰুত্বপূৰ্ণ! পৰৱৰ্তী লেখত বৰ্ণনা কৰা হৈছে যে আমি সেই ‘দাসৰ’ গৰাকী অৰ্থাৎ যীচুৰ প্ৰতি কেনেকৈ আজ্ঞাকাৰীতা হোৱাৰ মনোবৃত্তি বজাই ৰাখিব পাৰোঁ। কিয়নো “লোকসমূহে সেই জনাৰ আজ্ঞাধীন হব।”—আদিপুস্তক ৪৯:১০. (w02 10/1)

[ফুটনোটবোৰ]

a জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰা এখন আলোচনীত এইদৰে কোৱা হৈছিল, প্ৰায়ে নিৰ্জ্জু যেন লগা “এজনী কুকুৰাই নিজৰ পোৱালীক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ মৃত্যু পৰ্য্যন্তলৈকে যুঁজ কৰে।”

b যিৰিমিয়া ৩৮:১৯ পদত বৰ্ণনা কৰিছে যে ইহুদীসকলৰ কিছুমানে কলদীয়াবিলাকৰ ‘পক্ষ’ লৈছিল আৰু সেইবাবে তেওঁলোকক মৃত্যুদণ্ড দিয়া নহল কিন্তু বন্দী কৰি নিয়া হʼল। তেওঁলোকে যিৰিমিয়াৰ বাক্য শুনি তাক পালন কৰিছিল নে নাই, এই বিষয়ে আমাক ইয়াত একো কোৱা নাই। যিয়েই নহওক, তেওঁলোকে যিৰিমিয়াৰ বাক্যৰ অনুসাৰে নিশ্চয়ে জীৱিত আছিল।

আপোনাৰ মনত আছেনে?

• ইস্ৰায়েলসকলে একেৰাহে অৱজ্ঞাকাৰী হোৱাৰ পৰিণামস্বৰূপে তেওঁলোকলৈ কি ঘটিল?

• যিহোৱাচে শিশু অৱস্থাত আৰু ডেকা কালত কৰা সঙ্গতিয়ে তেওঁৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল?

• বাৰূকৰ আৰ্হিৰ পৰা আমি কেনে শিক্ষা লাভ কৰিব পাৰোঁ?

• বৰ্তমান জগতৰ ৰীতি-ব্যৱস্থা ধ্বংসৰ দুৱাৰ-ডলিত থকাৰ স্বত্বেও যিহোৱাৰ আজ্ঞাকাৰী সেৱকসকলে ভয়ভিত হোৱাৰ কিয় কোনো কাৰণ নাই?

[৯ পৃষ্ঠাৰ ছবি]

শিশু অৱস্থাত যিহোৱাচে মহাপুৰোহিত যিহোয়াদৰ নিৰ্দ্দেশনাত থাকি যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী আছিল

[১১ পৃষ্ঠাৰ ছবি]

বেয়া সঙ্গতিয়ে যিহোৱাচক ঈশ্বৰৰ ভৱিষ্যতবক্তাক হত্যা কৰিবলৈ প্ৰেৰিত কৰিলে

[১২ পৃষ্ঠাৰ ছবি]

আপুনি যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী আৰু তেওঁৰ আশ্চৰ্য্যজনক উদ্ধাৰ শক্তিৰ সাক্ষী হʼব পাৰিলেহেঁতেন নে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক