ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ২/১ পৃষ্ঠা ৩
  • বিশ্বাস কৰা ঈশ্বৰক আমি নাজানিবও পাৰোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিশ্বাস কৰা ঈশ্বৰক আমি নাজানিবও পাৰোঁ
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ সৈতে আপুনি ব্যক্তিগতভাৱে পৰিচিত নে?
  • ঈশ্বৰ কোন হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • যিহোৱাৰ বিষয়ে জনাটো লাভদায়ক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ২/১ পৃষ্ঠা ৩

বিশ্বাস কৰা ঈশ্বৰক আমি নাজানিবও পাৰোঁ

জাৰ্মানীত বাস কৰা অনেকক যেতিয়া তেওঁলোকে বিশ্বাস কৰা ঈশ্বৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ কোৱা হৈছিল তেতিয়া প্ৰত্যেকেই ভিন্ন প্ৰকাৰে উত্তৰ দিয়ে। জাৰ্মানত প্ৰকাশ পোৱা ফকাচ্‌ নামৰ সপ্তাহিক আলোচনীখনৰ ৰিপৰ্টত এইদৰে কোৱা হয় যে, “তিনিজনৰ ভিতৰত দুজনে ঈশ্বৰক বিশ্বাস কৰে। ঈশ্বৰৰ সম্পৰ্কে জাৰ্মানীৰ লোকসকলৰ ব্যক্তিগত ধাৰণা আছে আৰু সেইটো এজনৰ আনজনতকৈ বেলেগ।” যিহেতু ঈশ্বৰক বিশ্বাস কৰাটো হৈছে উত্তম বিষয়, কিন্তু তেওঁৰ ব্যক্তিত্ব কেনেকুৱা এই বিষয়ে নজনাকৈ বিশ্বাস কৰাটো এটা দুখৰ বিষয় নহয়নে বাৰু?

ঈশ্বৰৰ ব্যক্তিত্বৰ সৈতে কেৱল জাৰ্মানীৰ লোকসকলেই যে অপৰিচিত এনে নহয়, কিন্তু ইউৰোপৰ আন আন ঠাইত বাস কৰা লোকসকলেও অপৰিচিত। এটা জৰীপৰ অনুসাৰে অষ্ট্ৰিয়া, বৃটেইন আৰু নেদাৰলেণ্ডত বাস কৰা বেছিভাগ লোকে ঈশ্বৰক “এক উচ্চ শক্তি সম্পন্ন বা বৰ্ণনা কৰিব নোৱাৰা গুপ্ত শক্তি” বুলি বিশ্বাস কৰে। বিশেষকৈ যুৱক লোকসকলে ঈশ্বৰক এজন প্ৰহেলিকা বুলি বিশ্বাস কৰে।

ঈশ্বৰৰ সৈতে আপুনি ব্যক্তিগতভাৱে পৰিচিত নে?

কোনোবা এজনক কেৱল জনা আৰু তেওঁৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হোৱা উক্তি দুটাৰ মাজত বৃহৎ প্ৰভেদতা দেখিবলৈ পোৱা যায়। কোনোবা এজনক কেৱল জনাৰ অৰ্থ হৈছে, উচ্চ বিষয়া, এজন নামী খেলুৱৈ বা বোলছবিৰ এজন নায়ক বা নায়িকা সাধাৰণভাৱে অস্তিত্বত আছে বুলি অৱগত হোৱা। ইয়াৰ বিপৰীতে কোনোবা এজনৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হোৱাৰ অৰ্থ হৈছে, ব্যক্তিজনৰ চৰিত্ৰ, আচৰণ, অনুভূতি, তেওঁৰ পছন্দ অপছন্দ আৰু ভৱিষ্যতে থকা তেওঁৰ পৰিকল্পনাসমূহক ঘনিষ্ঠভাৱে অৱগত হোৱা। তদুপৰি কোনোবা এজনৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হৈ তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক ৰাখিব পাৰি।

বৰ্তমান লাখ লাখ লোকে কেৱল ঈশ্বৰৰ সম্পৰ্কে অনিশ্চিত বিচাৰধাৰা ৰাখা বা সাধাৰণভাৱে তেওঁক কেৱল জনাটোতে সন্তুষ্ট হোৱা নাই। তেওঁলোকে ঈশ্বৰৰ বিষয়ে নিবিড়ভাৱে জানিবলৈ বহুখিনি আগবাঢ়ি গৈছে। তেওঁলোকৰ এই চেষ্টা বাস্তৱতে অৰ্থপূৰ্ণ নে? উত্তৰ জাৰ্মানীত বাস কৰা পৌল নামৰ এজন ব্যক্তিয়ে প্ৰথমতে ঈশ্বৰক কেৱল সাধাৰণভাৱে বিশ্বাস কৰিছিল। কিন্তু পাছলৈ তেওঁ ঈশ্বৰৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হʼবলৈ সিদ্ধান্ত লʼলে। এই বিষয়ে পৌলে এইদৰে বৰ্ণনা কৰি কৈছিল: “ঈশ্বৰৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হʼবলৈ সময় আৰু প্ৰচেষ্টাৰ আৱশ্যক, কিন্তু তাৰ লাভসমূহ বাস্তৱতে অৰ্থপূৰ্ণ। গতিকে সৃষ্টিকৰ্ত্তাৰ সৈতে নিবিড় সম্পৰ্ক ৰাখাটোৱে প্ৰত্যেকদিনা জীৱনটোক অধিক উন্নত কৰে।”

ঈশ্বৰৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হʼবলৈ অতিবাহিত কৰা সময় আৰু প্ৰচেষ্টা কৰাটো লাভদায়ক নে? এই বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি পৰৱৰ্তী প্ৰবন্ধটো পঢ়ক। (w03 2/15)

[৩ পৃষ্ঠাৰ ব্লাৰ্ব]

কোনোবা এজনক কেৱল জনা আৰু তেওঁৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হোৱা উক্তি দুটাৰ মাজত বৃহৎ প্ৰভেদতা দেখিবলৈ পোৱা যায়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক