ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ১ পৃষ্ঠা ৩
  • ঈশ্বৰ কোন হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ কোন হয়?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • মিল থকা বিষয়
  • ঈশ্বৰ কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ বিষয়ে সত্যতা কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • বিশ্বাস কৰা ঈশ্বৰক আমি নাজানিবও পাৰোঁ
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মই মোৰ জীৱনত সন্তুষ্টি লাভ কৰা নাই—ধৰ্ম্ম, ঈশ্বৰ অথবা বাইবেলে মোক সহায় কৰিব পাৰিবনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ১ পৃষ্ঠা ৩
এজন ব্যক্তিয়ে সুন্দৰ দৃশ্যৰ আনন্দ লৈছে

ঈশ্বৰ কোন হয়?

আজি পৃথিৱীত বহুতোলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে। কিন্তু তেওঁলোকক যদি সোধে যে ঈশ্বৰ কোন হয়, তেনেহʼলে তেওঁলোকে বেলেগ বেলেগ মন্তব্য দিয়ে। কিছুমানে কয় যে যি জনে পৃথিৱীখন সৃষ্টি কৰিছে, তেৱে ঈশ্বৰ। আন কিছুমানে কয় যে যাক আপুনি মানে, তেৱে ঈশ্বৰ আৰু আন কিছুমানে কয়, আমি ঈশ্বৰৰ দয়াতে জীয়াই আছোঁ। আনহাতে কিছুমানে কয়, ঈশ্বৰে আমাৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱাই, আকৌ আন কিছুমানে কয়, ঈশ্বৰ কোন হয়? আমি এয়া জানিবই নোৱাৰোঁ।

ঈশ্বৰৰ বিষয়ে জনাটো প্ৰয়োজন নে? হয়। ঈশ্বৰৰ বিষয়ে জানিলে আপুনি ভালদৰে জীৱন-যাপন কৰিব পাৰিব। (পাঁচনিৰ কৰ্ম্ম ১৭:২৬-২৮) আপুনি ঈশ্বৰৰ লগত এক মজবুত সম্পৰ্ক গঢ়ি তুলিব পাৰিব। তেওঁ আপোনাক প্ৰেম কৰিব আৰু সহায়ো কৰিব। (যাকোব ৪:৮) ঈশ্বৰ কোন হয়, এই বিষয়ে সঠিকভাৱে জানিলে আপুনি অনন্ত জীৱন জীয়াই থকাৰ সুযোগ লাভ কৰিব।—যোহন ১৭:৩.

আপুনি ঈশ্বৰৰ বিষয়ে কেনেকৈ জানিব পাৰে? খন্তেকৰ বাবে আপোনাৰ এজন বন্ধুৰ বিষয়ে চিন্তা কৰক। আপুনি তেওঁৰ লগত কেনেকৈ বন্ধুত্ব কৰিলে? আপুনি হয়তো প্ৰথমে তেওঁৰ নাম সুধিলে, তাৰ পাছত আপুনি তেওঁৰ ভাল গুণবোৰলৈ লক্ষ্য কৰিলে। আপুনি জানিব পাৰিলে যে তেওঁ কি ভাল পাই আৰু কি বেয়া পায়। আপুনি তেওঁৰ অতীত আৰু তেওঁ আগলৈ কি কৰিব বিচাৰে, হয়তো এই বিষয়ে জানিব পাৰিলে। এই কথাবোৰ জনাৰ বাবে আপুনি হয়তো তেওঁৰ কাষ চাপিব পাৰিলে।

আমি ঈশ্বৰৰ বিষয়েও এনেধৰণৰ কথাবোৰ জানিব লাগিব। যেনে:

  • ঈশ্বৰৰ নাম কি হয়?

  • ঈশ্বৰৰ কি কি গুণ আছে?

  • ঈশ্বৰে এতিয়ালৈকে কি কি কৰিলে?

  • ঈশ্বৰে ভৱিষ্যতে কি কৰিব?

  • ঈশ্বৰক জানিলে আপোনাৰ কি লাভ হʼব?

এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলত দিয়া আছে। পৰৱৰ্তী লেখবোৰত আপুনি বাইবেলৰ পৰা জানিব পাৰিব যে ঈশ্বৰ কোন হয় আৰু তেওঁৰ লগত এক মজবুত সম্পৰ্ক গঢ়ি তুলিলে আপোনাৰ কি লাভ হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক