আনক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা গ্ৰহণ কৰাত সহায় কৰক
“আগ্ৰিপ্পই পৌলক কলে, তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খোজা।”—পাঁচনিৰ কৰ্ম্ম ২৬:২৮.
১, ২. পাঁচনি পৌলে কিয় ৰাজ্যপাল ফীষ্ট আৰু দ্বিতীয় হেৰোদ আগ্ৰিপ্প ৰজাৰ সম্মুখত আহিবলগীয়া হʼল?
কৈচৰীয়াত থকা ৰোমৰ ৰাজ্যপাল পৰ্কিয় ফীষ্টৰ আমন্ত্ৰণ পাই তেওঁক মঙ্গলবাদ কৰিবলৈ সা.যু. ৫৮ চনত দ্বিতীয় আগ্ৰিপ্প ৰজা আৰু তেওঁৰ সৰু ভনীয়েক বৰ্ণীকী যিৰূচালেমৰ পৰা আহি তাত উপস্থিত হৈছিল। পিছদিনা তেওঁলোকে “বৰ প্ৰতাপেৰে আহি, হাজাৰৰ সেনাপতিবিলাক আৰু নগৰৰ মানুহবিলাকে সৈতে ৰাজদৰবাৰত” প্ৰৱেশ কৰিলে। তেওঁলোকৰ উপস্থিতিত ফীষ্টৰ আদেশ অনুসাৰে পাঁচনি পৌলক তালৈ অনা হʼল। যীচুৰ এই শিষ্যজনে ৰাজ্যপাল ফীষ্টৰ দৰবাৰলৈ কিয় আহিবলগীয়া হʼল?—পাঁচনিৰ কৰ্ম্ম ২৫:১৩-২৩.
২ ফীষ্টে তেওঁৰ আতিথিসকলক কোৱা কথাষাৰে সেই প্ৰশ্নটোৰ উত্তৰ দিয়ে। তেওঁ এইদৰে কৈছিল: “হে আগ্ৰিপ্প ৰজা, আৰু হে আমাৰ লগত উপস্থিত থকা সকলো মানুহ, যিৰূচালেমত আৰু ইয়াতো যিহূদীবিলাকৰ গোটেই লোকসমূহে এই যি জনৰ বিষয়ে মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, বোলে, ই আৰু জীয়াই থকা উচিত নহয়; এই জনক আপোনালোকে দেখিছে। কিন্তু মই জানিব পাৰিলোঁ, ই প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু ই নিজে ৰাজাধিৰাজত আপীল কৰিলত, মই পঠাবলৈ নিশ্চয় কৰিলোঁ; কিন্তু আমাৰ প্ৰভুৰ তʼলৈ লিখিবলৈ ইয়াৰ বিষয়ে একো নিশ্চয়তা নাপালোঁ। এতেকে বিচাৰৰ পাছত, মই যাতে লিখিবলৈ কোনো কথা পাওঁ, এই কাৰণে আপোনালোকৰ আগলৈ, আৰু হে আগ্ৰিপ্প ৰজা, বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলোঁ। কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তাৰ অহিতে দিয়া অপবাদ নজনোৱা, মই অসঙ্গত যেন দেখোঁ।”—পাঁচনিৰ কৰ্ম্ম ২৫:২৪-২৭.
৩. ধৰ্ম্মগুৰুসকলে কিয় পাঁচনি পৌলৰ ওপৰত মিছা অভিযোগ দিছিল?
৩ ফীষ্টে কোৱা কথাষাৰৰ দ্বাৰা এইটো জানিব পৰা যায় যে পাঁচনি পৌলৰ ওপৰত মিছা অভিযোগ দিয়া হৈছিল যাৰ পৰিণাম কেৱল মৃত্যুদণ্ড আছিল। (পাঁচনিৰ কৰ্ম্ম ২৫:১১) যিয়েই নহওঁক, তেওঁ এজন নিৰ্দ্দোষী ব্যক্তি আছিল। যিহেতু ধৰ্ম্মগুৰুসকলে তেওঁৰ কাৰ্য্যত অসন্তুষ্ট হৈ তেনে অভিযোগ দিছিল। পাঁচনি পৌলে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ বাবে আপত্তি জনাইছিল আৰু লোকসকলে যীচুক অনুকৰণ কৰা দেখি তেওঁলোকে ক্ৰোধিত হৈছিল। সেয়েহে তেওঁক কট্কটীয়া নিৰাপত্তাৰে সমুদ্ৰবন্দৰত অৱস্থিত চহৰ অৰ্থাৎ কৈচৰীয়ালৈ অনা হʼল যʼত তেওঁ কৈচৰক আপীল কৰিলে। তাৰ পৰা তেওঁক ৰোম চহৰলৈ নিয়া হৈছিল।
৪. আগ্ৰিপ্প ৰজাই কেনে এক অসাধাৰণ কথা কʼলে?
৪ কল্পনা কৰক যে তেওঁ ৰাজদৰবাৰত শাসক আৰু অধিকাৰীসকলৰ সম্মুখত থিয় হৈ আছে। আগ্ৰিপ্প ৰজাই পৌলক দৃষ্টি কৰি এইদৰে কৈছে: “তোমাক নিজৰ পক্ষে কথা কবলৈ অনুমতি দিয়া হৈছে।” যেতিয়া পাঁচনি পৌলে নিজৰ পক্ষে উত্তৰ দিব ধৰিলে তেতিয়া এক আচৰিতজনক পৰিৱেশ সৃষ্টি হʼল। তেওঁ কোৱা কথাবোৰে ৰজাজনক প্ৰভাৱিত কৰি তুলিলে। সেইবাবে আগ্ৰিপ্পই এইদৰে কʼলে: “তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খোজা।”—পাঁচনিৰ কৰ্ম্ম ২৬:১-২৮.
৫. পাঁচনি পৌলে কোৱা বাক্যবোৰে আগ্ৰিপ্প ৰজাক কিয় অতিশয়ৰূপে প্ৰভাৱিত কৰিলে?
৫ ক্ষন্তেক বিবেচনা কৰি চাওক যে পাঁচনি পৌলৰ তেনে দক্ষতাপূৰ্ণতাৰে নিজকে প্ৰতিৰক্ষাৰ বাবে কোৱা ঈশ্বৰৰ বাক্যৰ দ্বাৰা ৰজাজনক প্ৰভাৱিত কৰি তুলিব পাৰিছিল। (ইব্ৰী ৪:১২) তেওঁৰ প্ৰতিৰক্ষামূলক বাক্যবোৰ কিয় হৃদয়স্পৰ্শী আছিল? শিষ্য বনোৱা কাৰ্য্যৰ সম্বন্ধে আমি পাঁচনি পৌলৰ পৰা কেনে শিক্ষা লাভ কৰিব পাৰোঁ? যদি আমি তেওঁৰ প্ৰতিৰক্ষামূলক বাক্যবোৰক বিবেচনা কৰোঁ তেন্তে স্পষ্টকৈ এই দুটা বিষয় জানিব পাৰিম: (১) পাঁচনি পৌলে তেওঁৰ প্ৰস্তুতিকৰণৰ দ্বাৰা প্ৰবৃত্তি জন্মাইছিল। (২) তেওঁ এজন দক্ষতাপূৰ্ণ কাৰিকৰৰ দৰে ঈশ্বৰৰ বাক্যক বুজাবলৈ নিজৰ জ্ঞান ব্যৱহাৰ কৰিছিল।
প্ৰবৃত্তি জন্মোৱা কৌশল ব্যৱহাৰ কৰক
৬, ৭. (ক) বাইবেলত উল্লেখ কৰা “প্ৰবৃত্তি জন্মোৱা” শব্দটোৰ অৰ্থ কি? (খ) আনক বাইবেলৰ শিক্ষা গ্ৰহণ কৰিবলৈ সহায় কৰাত প্ৰবৃত্তি জন্মোৱা শব্দটোৱে কেনে ভূমিকা আদায় কৰে?
৬ বাইবেলত পোৱা পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপখনত প্ৰবৃত্তি জন্মোৱা বুলি উল্লেখ কৰা গ্ৰীক শব্দটো পৌলে কৰা প্ৰচাৰ কাৰ্য্যত বাৰম্বাৰভাৱে ব্যৱহৃত হৈছে। এই শব্দটো কেনেকৈ শিষ্য বনোৱা কাৰ্য্যৰ সৈতে জড়িত আছে?
৭ ৱাইনচ্ এক্সপজিটেৰী ডিকশ্বন্ৰী অৱ নিউ টেষ্টামেন্ট ৱৰ্ডচে কৈছে যে মূল গ্ৰীক শাস্ত্ৰীয় পদত উল্লেখ কৰা “প্ৰবৃত্তি জন্মোৱা” শব্দটোৰ অৰ্থ হৈছে “জয় কৰা” বা “যুক্তি দেখুৱাই অথবা নৈতিক বিবেচনাৰে মন সলনি কৰা।” তদুপৰি ইয়াৰ মূল অৰ্থটোক নিৰীক্ষণ কৰাৰ দ্বাৰা আমি আৰু অধিক জানিব পাৰিম। ই ভাৰসা ৰাখাৰ বিচাৰধাৰা প্ৰকাশ কৰিছে। যদি আপুনি এজন ব্যক্তিক বাইবেলৰ শিক্ষা গ্ৰহণ কৰাত প্ৰবৃত্তি জন্মাইছে তেন্তে আপুনি তেওঁৰ ভাৰসাক জিকিব পাৰিছে, যাতে তেওঁ শিক্ষাৰ সত্যতাক বিশ্বাস কৰে। অৱশ্যে এজন ব্যক্তিক বাইবেলৰ ওপৰত ভাৰসা ৰাখা আৰু তাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ কোৱাটোৱেই যথেষ্ট নহয়। শুনোতাজন এটা শিশু, চুবুৰীয়া, সহকৰ্ম্মী, সহপাঠী বা সম্বন্ধীয়া ব্যক্তিয়েই নহওঁক কিয়, তেওঁ এইটো বিশ্বাস কৰিব লাগিব যে আপুনি কোৱা কথাষাৰ একেবাৰে সত্য।—২ তীমথিয় ৩:১৪, ১৫.
৮. এজন ব্যক্তিক বাইবেলৰ সত্যতাৰ বিষয়ে বিশ্বাস জন্মোৱাৰ সৈতে কেনে বিষয় সন্মিলিত আছে?
৮ আপুনি প্ৰচাৰ কৰা ঈশ্বৰৰ বাক্য যে সত্য তাক এজন ব্যক্তিক কেনেকৈ বিশ্বাস জন্মাব পাৰে? যুক্তি দাঙি ধৰি সঙ্গতপূৰ্ণ তৰ্ক-বিতৰ্ক আৰু আন্তৰিকতাৰে কৰা অনুৰোধেৰে পাঁচনি পৌলে তাত উপস্থিত থকাসকলৰ মন সলনি কৰিব পাৰিছিল।a সেয়েহে কেৱল সত্যৰ বিষয়ে কোৱাটোৱে সকলো নহয় কিন্তু আপুনি তাৰ সন্তুষ্টিদায়ক প্ৰমাণো দাঙি ধৰা আৱশ্যক। ইয়াক কেনেকৈ কৰিব পাৰি? নিশ্চিত কৰক যে আপুনি কোৱা কথাষাৰ আপোনাৰ নিজা মতামতৰ অনুসাৰে নহয় কিন্তু ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত হোৱা উচিত। তদুপৰি শাস্ত্ৰীয় বিষয়বোৰৰ সমৰ্থন কৰিবলৈ অতিৰিক্ত প্ৰমাণ দাঙি ধৰক। (হিতোপদেশ ১৬:২৩) উদাহৰণস্বৰূপে, যদি আপুনি আজ্ঞাকাৰী মানৱে পৰমদেশৰ অধিকাৰী হʼব বুলি কৈছে, তেন্তে এই বাক্যশাৰী এটা শাস্ত্ৰীয় পদৰ পৰা উল্লেখ কৰক, যেনে, লূক ২৩:৪৩; যিচয়া ৬৫:২১-২৫. আপুনি ব্যৱহাৰ কৰা শাস্ত্ৰীয় পদটোৰ বিষয়বোৰক কেনেকৈ অতিৰিক্তভাৱে দাঙি ধৰিব? আপুনি হয়তো শুনোতাজনে অভিজ্ঞতা থকা কোনো উদাহৰণ ব্যৱহাৰ কৰিব পাৰে। আপুনি তেওঁক সূৰ্য্য অস্ত যোৱাৰ সৌন্দৰ্য্যতা, ফুলৰ গোন্ধ, ফলৰ মধুৰ সোৱাদ বা চৰাইজনীয়ে নিজৰ পোৱালীক আহাৰ খুউৱাৰ দৃশ্য দেখি বিনামূল্যে আনন্দ উপভোগ কৰাৰ বিষয়ে স্মৰণ কৰাব পাৰে। সৃষ্টিকৰ্ত্তাজনেও যে আমাক আনন্দিত হোৱাটো বিচাৰে তাক সেই প্ৰমাণবোৰৰ দ্বাৰা বুজিবলৈ সহায় কৰক।—উপদেশক ৩:১১, ১২.
৯. আমি প্ৰচাৰ কাৰ্য্যত কেনেকৈ যুক্তিসঙ্গতভাৱে বিষয়বোৰক দাঙি ধৰিব পাৰোঁ?
৯ যেতিয়া আপুনি এজন ব্যক্তিক বাইবেলৰ কোনো এটা শিক্ষাৰ দ্বাৰা প্ৰবৃত্তি জন্মাবলৈ বিচাৰে তেতিয়া তেওঁৰ বাবে থকা আপোনাৰ উদ্দীপনা যেন অযুক্তিকৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখা উচিত। এইদৰে আপুনি শুনোতাজনৰ মন আৰু হৃদয় স্পৰ্ষ কৰিব পাৰিব। এই সন্দৰ্ভত পৰিচৰ্য্যা স্কুল কিতাপখনে এইদৰে সকিয়াই দিছে: “যদি আমি সত্যতাৰ বিষয়ে পোনপটীয়াভাৱে কৈ লোকসকলৰ বিশ্বাসত আঘাত কৰোঁ তেন্তে তেওঁলোকে আমি কোৱা কথাৰ প্ৰতি মনোযোগ নিদিব। উদাহৰণস্বৰূপে, প্ৰচলিত উৎসৱবোৰ মিছা ধৰ্ম্মৰ পৰা আহিছে বুলি আমি কোৱা কথাষাৰ শুনি তেওঁলোকে যে নিজৰ ধাৰণা সাল-সলনি কৰিব তাৰ কোনো নিশ্চয়তা নাই। সেইবাবে যুক্তি দৰ্শাই বুজোৱাটো অতি উত্তম হʼব।” আমি যুক্তিসঙ্গতভাৱে কথা-বতৰা হʼবলৈ কিয় প্ৰচেষ্টা কৰা উচিত? পৰিচৰ্য্যা স্কুল কিতাপখনত এইদৰে কৈছে: “যুক্তি দৰ্শোৱা পদ্ধতিয়ে লোকসকলক আলোচনা কৰিবলৈ উৎসাহিত, সেই বিষয়ে বিবেচনা আৰু ভৱিষ্যতে তেওঁলোকৰ সৈতে কথোপকথন হʼবলৈ পথ মুকলি কৰে। এইদৰে প্ৰভাৱকাৰীৰূপে প্ৰবৃত্তি জন্মাব পাৰি।”—কলচীয়া ৪:৬.
হৃদয় পৰিচালিত কৰা প্ৰবৃত্তি
১০. ৰজা আগ্ৰিপ্পৰ আগত নিজকে প্ৰতিৰক্ষা কৰাৰ সময়ত পাঁচনি পৌলে কেনে ধৰণে আচৰণ কৰিলে?
১০ আঁহক আমি পাঁচনি পৌলৰ প্ৰতিৰক্ষামূলক বাক্যবোৰ ভালদৰে জানিবলৈ পাঁচনিৰ কৰ্ম্ম ২৬ অধ্যায়টো নিৰীক্ষণ কৰোঁহঁক। লক্ষ্য কৰক যে তেওঁ কেনেকৈ ভাষণ আৰম্ভ কৰিছিল। আগ্ৰিপ্পই নিজৰ ভনীয়েক বৰ্ণীকীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি জানিও ভাষণ আৰম্ভ কৰাৰ পূৰ্বেই পৌলে তেওঁক উচিতভাৱে সন্মান কৰিলে। ৰজাক সম্বোধিত কৰি পৌলে এইদৰে কʼলে: “হে আগ্ৰিপ্প ৰজা, যিহূদীবিলাকে মোক যি সকলো অপবাদ দিছে, সেই সকলোৰ বিষয়ে আপোনাৰ আগত মই আজি নিজৰ পক্ষে উত্তৰ দিবলৈ পাই, মোৰ সৌভাগ্য যেন মানিছোঁ; বিশেষকৈ যিহূদীবিলাকৰ মাজত যিবিলাক ৰীতি আৰু বাদ-বিচাৰ আছে, সেই সকলোকে আপুনি জানি আছে; এই কাৰণে বিনয় কৰোঁ, আপুনি সহন কৰি মোৰ কথা শুনক।”—পাঁচনিৰ কৰ্ম্ম ২৬:২, ৩.
১১. সম্বোধিত কৰি কোৱা পাঁচনি পৌলৰ বাক্যবোৰে কেনেকৈ আগ্ৰিপ্পক সন্মান কৰাটো প্ৰকাশ কৰিলে আৰু তাৰ কেনে ফলাফল পোৱা গʼল?
১১ পাঁচনি পৌলে তেওঁক ৰজা বুলি সম্বোধিত কৰি তেওঁৰ উচ্চ পদক সন্মান কৰাটোৰ বিষয়ে আপুনি লক্ষ্য কৰিলেনে? সম্বোধিত কৰিবলৈ বুদ্ধিমানেৰে ব্যৱহাৰ কৰা শব্দ বাছনিয়ে দৰ্শাইছে যে পৌলে আগ্ৰিপ্পক উচিতভাৱে সন্মান দিবলৈ তেনে কৰিছিল। (১ পিতৰ ২:১৭) আগ্ৰিপ্পই যে ইহুদী পৰম্পৰা আৰু নীতি-নিয়মৰ বিষয়ে ভালদৰে জানে, এই সম্পৰ্কে পাঁচনি পৌল অৱগত আছিল। সেয়েহে ৰজাৰ বাবে তেওঁক প্ৰতিৰক্ষা দিয়াটো ইমান কঠিন নহয় বুলি পৌলে ভাবি আনন্দিত হৈছিল। আনহাতে এজন খ্ৰীষ্টান ব্যক্তি হোৱাৰ বাবে তেওঁ আগ্ৰিপ্পক তুচ্ছ জ্ঞান কৰা নাছিল। (ফিলিপীয়া ২:৩) বৰঞ্চ তেওঁ কোৱা কথাবোৰ যেন ধৈৰ্য্যৰে শুনে তাৰ বাবে নিৱেদন কৰিছিল। ইয়াৰ দ্বাৰা পাঁচনি পৌলে এনে এক পৰিৱেশ সৃষ্টি কৰিলে যাতে আগ্ৰিপ্পৰ সৈতে তাত উপস্থিত হোৱা আনবিলাকেও যেন তেওঁৰ প্ৰতি মনোযোগ দিয়ে। এইদৰে তেওঁ এক উপযুক্ত আধাৰশিলা স্থাপন কৰিলে যাতে যুক্তিসঙ্গত কথোপকথন কৰিব পাৰে।
১২. ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত আমি কেনেকৈ আমাৰ শুনোতাসকলৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ?
১২ আঁহক আমি পৌলে আগ্ৰিপ্পৰ সম্মুখত কৰাৰ দৰে আমিও ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক আদিৰে পৰা অন্তলৈকে লোকসকলৰ আগত প্ৰস্তুত কৰোঁহঁক, যাতে ই তেওঁলোকৰ হৃদয় স্পৰ্ষ কৰে। ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ? আমাৰ বাৰ্ত্তাত মনোযোগ দিয়া ব্যক্তিজনৰ প্ৰতি সন্মান, তেওঁ বা তাইৰ পটভূমি আৰু বিচাৰধাৰাৰ প্ৰতি আন্তৰিক আগ্ৰহকতা দেখুৱাৰ দ্বাৰা আমি তেনে কৰিব পাৰোঁ।—১ কৰিন্থীয়া ৯:২০-২৩.
নিপুণতাৰে ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰক
১৩. আপুনি কেনেকৈ পাঁচনি পৌলৰ দৰে শুনোতাসকলৰ হৃদয় অনুপ্ৰেৰিত কৰিব পাৰে?
১৩ পাঁচনি পৌলে বিচাৰিছিল যে তেওঁৰ শুনোতাসকলে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ অনুসাৰে কাৰ্য্য কৰাত যেন প্ৰেৰিত হয়। (১ থিচলনীকীয়া ১:৫-৭) সেয়েহে তেওঁ কথোপকথনৰ সামৰণিত তেওঁলোকৰ লাক্ষণিক হৃদয়ক অনুপ্ৰাণিত কৰি তুলিলে। আগ্ৰিপ্পৰ সম্মুখত পাঁচনি পৌলে কেনেকৈ মোচি আৰু ভাববাদীসকলে কোৱা বিষয়বোৰ দাঙি ধৰি ‘ঈশ্বৰৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণতাৰ’ পৰিচয় দিছিল, সেই বিষয়ে লক্ষ্য কৰক।—২ তীমথিয় ২:১৫.
১৪. আগ্ৰিপ্পৰ সম্মুখত উপস্থিত থাকোতে পাঁচনি পৌলে কেনেকৈ প্ৰবৃত্তি জন্মাইছিল, সেই বিষয়ে বৰ্ণনা কৰক।
১৪ পাঁচনি পৌলে জানিছিল যে আগ্ৰিপ্প কেৱল নামতহে এজন ইহুদী ব্যক্তি আছিল। ইহুদী ধৰ্ম্মৰ সম্পৰ্কে থকা আগ্ৰিপ্পৰ জ্ঞানৰ বিষয়ে মনত ৰাখি খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থান সম্বন্ধে কৰা প্ৰচাৰ কাৰ্য্যত “ভাববাদীসকল আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, তাৰ বাহিৰে আন একো কথা কোৱা নাই” বুলি পৌলে যুক্তি দাঙি ধৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৬:২২, ২৩) তেওঁ আগ্ৰিপ্পক এইদৰে সম্বোধিত কৰি কৈছিল: “হে আগ্ৰিপ্প ৰজা, আপুনি ভাববাদীসকলৰ কথা বিশ্বাস কৰে নে?” এই কথা শুনি আগ্ৰিপ্প ৰজাই বিবুধিত পৰিছিল। কিয়নো যদি তেওঁ বিশ্বাস নকৰোঁ বুলি কয় তেন্তে ইহুদী ব্যক্তি বুলি থকা তেওঁৰ সুখ্যাতিক মানহানি কৰা হʼব। কিন্তু যদি পাঁচনি পৌলৰ সৈতে সন্মত হয় তেন্তে তেওঁ খ্ৰীষ্টান হৈ নিজলৈ বিপদ মাতি অনা হʼব। সেই সময়ত পাঁচনি পৌলে বুদ্ধিমানেৰে নিজৰ প্ৰশ্নৰ উত্তৰ দি এইদৰে কৈছিল: “মই জানো, আপুনি বিশ্বাস কৰে।” এই কথাষাৰ শুনি আগ্ৰিপ্পই কি কʼবলৈ প্ৰেৰিত হৈছিল? তেওঁ এইদৰে কৈছিল: “তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খোজা।” (পাঁচনিৰ কৰ্ম্ম ২৬:২৭, ২৮) যদিও তেওঁ পিছলৈ খ্ৰীষ্টান হোৱা নাছিল তথাপিও পাঁচনি পৌলৰ বাৰ্ত্তাই তেওঁৰ হৃদয় স্পৰ্শ কৰিলে।—ইব্ৰী ৪:১২.
১৫. পাঁচনি পৌলে কেনেকৈ থিচলনীকীয়াত মণ্ডলী স্থাপন কৰিবলৈ সক্ষম হʼল?
১৫ আপুনি লক্ষ্য কৰিব পাৰিছেনে যে পাঁচনি পৌলৰ প্ৰস্তুতিত শুভবাৰ্ত্তা প্ৰচাৰ আৰু প্ৰবৃত্তি জন্মোৱা এই উভয়ে সন্মিলিত আছিল? পৌলে ‘ঈশ্বৰৰ বাক্যক নিপুণতাৰে বিভাগ কৰি’ কোৱা তেওঁৰ বাৰ্ত্তা শুনি কিছুমানে বিশ্বাসী হৈ পৰিল। উদাহৰণস্বৰূপে, পাঁচনি পৌলে থিচলনীকীয়াৰ নামঘৰত ইহুদী আৰু ঈশ্বৰলৈ ভয় ৰাখোঁতা পৰজাতি লোকৰ অনুসন্ধান কৰিছিল। পাঁচনিৰ কৰ্ম্ম ১৭:২-৪ পদত উল্লেখ কৰা বৃত্তান্তই এইদৰে কৈছে: “পৌলে তেওঁৰ ব্যৱহাৰৰ দৰে, তেওঁবিলাকৰ ওচৰলৈ গৈ, তিনিটা বিশ্ৰাম-বাৰে তেওঁবিলাকক শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই, ভাঙি বুজাই দিলে যে, খ্ৰীষ্টে দুখভোগ কৰি মৃতবিলাকৰ মাজৰ পৰা উঠিব লগা আছিল, . . . তাতে তেওঁবিলাকৰ মাজৰ কিছুমান, . . . বিশ্বাস” কৰিলে। পাঁচনি পৌলে আনক বিশ্বাস জন্মাব পাৰিছিল। যীচুৱে যে অতীতত কোৱা সেই প্ৰতিজ্ঞাত মচীহ আছিল তাক তেওঁ যুক্তি দৰ্শাই শাস্ত্ৰীয় পদবোৰৰ দ্বাৰা প্ৰমাণ দি ব্যাখ্যা কৰিছিল। তাৰ কেনে ফলাফল দেখা গʼল? সেই ঠাইত বিশ্বাসীসকলৰ এখন মণ্ডলী স্থাপন হʼল।
১৬. আপুনি প্ৰচাৰ কাৰ্য্যত কেনেকৈ অধিক আনন্দিত হʼব পাৰে?
১৬ ঈশ্বৰৰ বাক্যক বৰ্ণনা কৰাৰ সময়ত আপুনি প্ৰবৃত্তি জন্মোৱা দক্ষতাত অধিক নিপুণ হʼব পাৰেনে? যদি পাৰে তেন্তে আপুনি প্ৰচাৰ কাৰ্য্য আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লোকসকলক শিকাই অধিক ব্যক্তিগত সন্তুষ্টি লাভ কৰিব পাৰে। যিসকল প্ৰচাৰকে এই পৰামৰ্শৰ অনুসাৰে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰিলে তেওঁলোকে বহুতো অভিজ্ঞতা লাভ কৰিছে।
১৭. আমি কেনেকৈ প্ৰচাৰ কাৰ্য্যত বাইবেলখন কাৰ্য্যকাৰী হিচাবে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ এটা ব্যক্তিগত বা অনুচ্ছেদত দিয়া অনুভৱটো কওক।
১৭ উদাহৰণস্বৰূপে, যিহোৱাৰ সাক্ষীসকলৰ এজন পৰিব্ৰাজক অধ্যক্ষই এইদৰে লিখিছিল: “বেছিভাগ ভাই-ভনীয়ে ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত বাইবেলখন হাতত লৈ ফুৰে। এনে কৰাৰ বাবে প্ৰকাশকসকলে তেওঁলোকে লগ পোৱা বহুতো লোকৰ আগত শাস্ত্ৰীয় পদ পঢ়িবলৈ সুযোগ পালে। তদুপৰি ইয়ে গৃহস্থ আৰু প্ৰচাৰক এই উভয়কে কেৱল আলোচনী আৰু কিতাপেই নহয় কিন্তু বাইবেলখনৰ পৰা চাবলৈও সহায় কৰিলে।” আমি বাইবেলখন সকলোৱে দেখি পোৱাকৈ লগত কঢ়িয়াই নিব পাৰিম নে নোৱাৰিম অৱশ্যে সেইটো স্থানীয় পৰম্পৰাগত ৰীতি-নীতি আৰু আন কাৰণসমূহৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও ঈশ্বৰৰ বাক্যক নিপুণতাৰে ব্যৱহাৰ কৰি আনক প্ৰবৃত্তি জন্মাবলৈ আমাৰ লক্ষ্য হোৱা উচিত।
প্ৰচাৰ কাৰ্য্যত ঈশ্বৰীয় দৃষ্টিভঙ্গী বজাই ৰাখক
১৮, ১৯. (ক) আমাৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি ঈশ্বৰে কেনে দৃষ্টিভঙ্গী ৰাখে আৰু আমি কিয় তেনে মনোবৃত্তি বিকাশিত কৰা উচিত? (খ) কিহে আমাক সফলতাৰে পুনৰ সাক্ষাৎ কৰিবলৈ সহায় কৰিব? (২৬ পৃষ্ঠাত দিয়া “কেনেকৈ সফলতাৰে পুনৰ সাক্ষাৎ কৰিব পাৰি” নামৰ বক্সটো চাওক।)
১৮ আমাৰ শুনোতাসকলৰ হৃদয় স্পৰ্শ কৰাৰ আন এটা পদ্ধতি হৈছে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি ঈশ্বৰীয় দৃষ্টিভঙ্গী আৰু সহনশীলতা বজাই ৰাখা। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে সকলো মানুহে যেন “সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৩, ৪) আমিও তেনে হোৱাটো নিবিচাৰোঁনে? যিহোৱা এজন সহনশীল ব্যক্তি হোৱাৰ বাবে বহুতো লোকে মনপালটন কৰিবলৈ সুযোগ পাইছে। (২ পিতৰ ৩:৯) যেতিয়া কোনোবাই আমাৰ শুভবাৰ্ত্তাক মনোযোগেৰে শুনে তেতিয়া বাৰে বাৰে ব্যক্তিজনৰ ওচৰলৈ গৈ তেওঁৰ আগ্ৰহকতাক জগাই তুলা উচিত। সত্যতাৰ বীজ গজি উঠিবলৈ সময় আৰু ধৈৰ্য্যৰ আৱশ্যক। (১ কৰিন্থীয়া ৩:৬) ইয়াত আগ্ৰহকতা জগাই তুলাৰ সম্বন্ধে “কেনেকৈ সফলতাৰে পুনৰ সাক্ষাৎ কৰিব পাৰি” নামৰ বক্সটোত বহুতো প্ৰস্তাৱনা দিয়া হৈছে। মনত ৰাখক যে লোকসকলৰ জীৱনধাৰা, অৱস্থা আৰু সমস্যাবোৰ একেৰাহে পৰিৱৰ্তন ঘটিছে। গতিকে লোকসকলক ঘৰত পোৱাটো ইমান সহজ নহয়। ইয়াৰ বাবে হয়তো অশেষ চেষ্টা কৰা আৱশ্যক। কিয়নো আমি তেওঁলোকক সুযোগ দিব বিচাৰোঁ যাতে তেওঁলোকে উদ্ধাৰৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়ে। গতিকে আঁহক আমি প্ৰবৃত্তি জন্মোৱাত নিপুণ হʼবলৈ ঈশ্বৰলৈ জ্ঞান আৰু বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰোঁহঁক যাতে লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক গ্ৰহণ কৰিব পাৰে।
১৯ যদি এজন ব্যক্তিয়ে শুভবাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়ে তেন্তে আমি প্ৰকৃত খ্ৰীষ্টান কৰ্ম্মী হিচাবে আৰু অধিক কি কৰিব পাৰোঁ? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w03 11/15)
[ফুটনোট]
a প্ৰবৃত্তি জন্মোৱা সম্বন্ধে অধিককৈ জানিবলৈ হʼলে যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা নামৰ কিতাপখনৰ ৪৮ আৰু ৪৯ নং অধ্যয়নটো চাওক।
আপোনাৰ মনত আছেনে?
• পাঁচনি পৌলে ৰজা আগ্ৰিপ্পৰ সম্মুখত কৰা নিজৰ প্ৰতিৰক্ষাক কিহে কাৰ্য্যকাৰী কৰি তুলিছিল?
• আমাৰ বাৰ্ত্তা কেনেকৈ হৃদয়স্পৰ্শী হʼব পাৰে?
• ঈশ্বৰৰ বাক্যক কাৰ্য্যকাৰীৰূপে লোকসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ আমাক কিহে সহায় কৰিব?
• প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আমি কেনেকৈ ঈশ্বৰীয় দৃষ্টিভঙ্গী বজাই ৰাখিব পাৰোঁ?
[২৬ পৃষ্ঠাৰ বক্স/ছবিসমূহ]
কেনেকৈ সফলতাৰে পুনৰ সাক্ষাৎ কৰিব পাৰি
• লোকসকলৰ প্ৰতি আন্তৰিকতাৰে আগ্ৰহী হওক
• বাইবেলৰ পৰা হৃদয় স্পৰ্শ কৰা এটা বিষয় বাছনি কৰক
• প্ৰত্যেকটো সফলপূৰ্বক পুনৰ সাক্ষাতৰ বাবে আধাৰ গঢ়ি তুলক
• ব্যক্তিজনৰ ওচৰৰ পৰা অহাৰ পিছতো তেওঁৰ বিষয়ে চিন্তা কৰক
• তেওঁৰ আগ্ৰহকতা জগাই তুলিবলৈ এদিন বা দুদিনৰ পিছতেই পুনৰ সাক্ষাৎ কৰক
• মনত ৰাখক যে আমাৰ লক্ষ্য হৈছে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰা
• তেওঁৰ আগ্ৰহকতাক জগাই তুলিবলৈ যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰক