সত্যৰ প্ৰতি কেনেকৈ আনক বিশ্বাস জন্মাব পাৰি
১ লোকসকলে পাঁচনি পৌলক, প্ৰবৃত্তি দি অপথে নিয়া প্ৰচাৰক বুলি জ্ঞাত কৰিছিল। (পাঁচ. ১৯:২৬) আনকি আগ্ৰিপ্প ৰজাই তেওঁক কৈছিল: “তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি [বিশ্বাস NW] জন্মাব খোজা।” (পাঁচ. ২৬:২৮) কিদৰে পৌলৰ প্ৰচাৰ কাৰ্য্যই আনৰ বিশ্বাস জন্মাইছিল? কিয়নো তেওঁ শাস্ত্ৰৰ পৰা যথাৰ্থৰূপে যুক্তি দেখুৱাইছিল আৰু তেওঁৰ যুক্তিয়ে শুনোতাসকলক আকৰ্ষিত কৰিছিল।—পাঁচ. ২৮:২৩.
২ পৌলৰ আৰ্হিক অনুকৰণ কৰি আমিও আমাৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আনক বিশ্বাস জন্মোৱা আৱশ্যক। আমি কেনেকৈ এইদৰে কৰিব পাৰোঁ? আনৰ সৈতে কথা-বতৰা আৰু তেওঁলোকৰ প্ৰতি কাণ দিয়াৰ সময়ত আমাৰ অন্তদৃষ্টি ব্যৱহাৰ কৰি আমি তেনে কৰিব পাৰোঁ। (হিতো. ১৬:২৩) এই অন্তদৃষ্টি বজাই ৰাখিবলৈ তলত দিয়া তিনিটা পদ্ধতিয়ে আমাক সহায় কৰিব।
৩ মনযোগেৰে শুনক: আপুনি যেতিয়া আন ব্যক্তিৰ সৈতে কথা-বতৰা হয়, তেতিয়া তেওঁ কি কয় তাক মনোযোগেৰে শুনক। যদি ব্যক্তিজনে কোনো প্ৰশ্ন কৰে, তেনেহʼলে সেই প্ৰশ্নৰ যুক্তিক বিচাৰি উত্তৰ দিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে, সেই ব্যক্তিজনে কি বিশ্বাস কৰে, তেওঁ কিয় বিশ্বাস কৰে আৰু কিহে তেওঁক এই বিশ্বাসক দৃঢ় কৰিছে তাক জানিবলৈ সহায় কৰিব। (হিতো. ১৮:১৩) এইদৰে আপুনি বুদ্ধিমানৰূপে তেওঁক সত্যক বুজি পাবলৈ সহায় কৰক।
৪ প্ৰশ্ন সোধক: যদি ব্যক্তিজনে ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰে বুলি কয়, তেনেহʼলে আপুনি তেওঁক সুধিব পাৰে যে “আপুনি আগৰে পৰা ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰি আহিছেনে? ইয়াৰ সম্পৰ্কে বাইবেলে কি কৈছে তাৰ বিষয়ে আপুনি কেতিয়াবা গভীৰভাৱে অধ্যয়ন কৰিছেনে?” আপুনি তেওঁক এইটোও সুধিব পাৰে: “যদি ঈশ্বৰ ত্ৰিমূৰ্ত্তিৰ এটা ভাগ হোৱা হʼলে, বাইবেলে ইয়াৰ বিষয়ে স্পষ্ট নকৰিলেহেঁতেন নে?” ইয়াৰ পাছত আপুনি যি উত্তৰ পাব ইয়ে আপোনাক বাইবেলে ইয়াৰ বিষয়ে কি কৈছে তাক ব্যক্তিজনৰ সৈতে যুক্তি দেখুৱাই আলোচনা কৰিবলৈ সহায় কৰিব।
৫ যথাৰ্থ যুক্তি দেখুৱাক: যীচুক ঈশ্বৰ বুলি বিশ্বাস কৰা এগৰাকী মহিলাক এজন সাক্ষী ভায়ে এইদৰে প্ৰশ্ন কৰিছিল: ‘ধৰি লওঁক এটা পৰিয়ালত যদি এনে দুজন ব্যক্তি আছে যি সকলো ক্ষেত্ৰতে একেই, আপুনি তেওঁলোকৰ সম্বন্ধক বুজাবলৈ কেনেকৈ বৰ্ণনা কৰিব?” তাই উত্তৰ দি কৈছিল: “মই তেওঁলোকক দুজন ভাই বুলি বৰ্ণনা কৰিম।” তেতিয়া সেই ভায়জনে তাইক এইদৰে কʼলে: “হয়তো তেওঁলোকক যঁজা বুলিও কʼব পাৰে। কিন্তু যীচুৱে ঈশ্বৰক পিতৃ আৰু নিজকে পুত্ৰ বুলি শিক্ষা দি তেওঁ আচলতে কি কʼব বিচাৰিছিল?” তেতিয়া সেই মহিলাগৰাকীয়ে বুজি পালে যে এজন ব্যক্তি আনজনকৈ ডাঙৰ আৰু তেওঁৰ ওচৰত অধিক ক্ষমতা আছে। (মথি ২০:২৩; যোহ. ১৪:২৮; ২০:১৭) এতেকে ভাইজনে সত্যৰ প্ৰতি বিশ্বাস জন্মাবলৈ তেনে যথাৰ্থ যুক্তি দাঙি ধৰাৰ ফলত তাই সত্যক গ্ৰহণ কৰিবলৈ সক্ষম হয়।
৬ আমি সত্যৰ প্ৰতি থকা কাৰণসমূহক যুক্তিসঙ্গত আৰু প্ৰাকৃতিকৰূপে বৰ্ণনা কৰাৰ ফলতো সকলোৱে সত্যক গ্ৰহণ নকৰিব পাৰে। কিন্তু তথাপিও আমি পৌলৰ দৰে হোৱা আৱশ্যক। এতেকে আঁহক আমি আমাৰ এলেকাত থকা নম্ৰ হৃদয়ৰ লোকসকলক বিচাৰি পাবলৈ পৰিশ্ৰম কৰোঁহঁক আৰু ৰাজ্যৰ বাৰ্ত্তাক গ্ৰহণ কৰিবলৈ বিশ্বাস জন্মাওহঁক।—পাঁচ. ১৯:৮.