ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০১ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ফেব্ৰুৱাৰী ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ফেব্ৰুৱাৰী ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ফেব্ৰুৱাৰী ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০১ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ফেব্ৰুৱাৰী ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৬

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ফ্ৰেব্ৰুৱাৰী ২৬ তাৰিখৰ সেৱা সভাত বাইবেল​—⁠মানৱজাতিৰ আটাইতকৈ প্ৰাচীন আধুনিক কিতাপ নামৰ ভিডিঅ কেছেটখনৰ বিষয়ে আলোচনা কৰা হʼব। এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৃষ্ঠাত থকা প্ৰশ্নবোৰৰ আধাৰিত কৰি এই আলোচনাটো বিবেচনা কৰা হʼব।

১৫ মি: “উত্তম কাৰ্য্যৰে যিহোৱাৰ মহিমা কৰা।”a প্ৰোক্লেমাৰ্চ কিতাপৰ ১৮৭ পৃষ্ঠা, ২-৩ অনুচ্ছেদৰ পৰা মন্তব্যসমূহ অন্তৰ্ভূক্ত কৰক।

২০ মি: “সত্যৰ প্ৰতি কেনেকৈ আনক বিশ্বাস জন্মাব পাৰি।” মে’ ১৫, ১৯৯৮, প্ৰহৰীদুৰ্গ, ২১-৩ পৃষ্ঠাত থকা লেখৰ কিছুমান নিৰ্দ্দিষ্ট বিষয়ক আধাৰিত কৰি এজন মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালকে এজন অগ্ৰগামী সেৱক বা এজন উপযুক্ত প্ৰচাৰকৰ সৈতে আলোচনা কৰে। ২৩ পৃষ্ঠাৰ বক্সত থকা “বিদ্যাৰ্থীসকলৰ হৃদয় স্পৰ্ষ কৰা” বিষয়টোক ব্যাখ্যা কৰক। স্থানীয় এলেকাবোৰত সাধাৰণতে পোৱা ধৰ্ম্মীয় বিশ্বাসক বাছি লৈ বাইবেলে সেই বিষয়ে কি কৈছে আৰু কেনেকৈ এজন ব্যক্তিক বিশ্বাস জন্মাব পাৰি তাক আলোচনা কৰক।

গীত ২০৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ফেব্ৰুৱাৰী ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২২১

৮ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: “যিহোৱাৰ আচৰিত কাৰ্য্যবোৰৰ প্ৰতি মনোযোগ দিয়ক।”b যিচয়াৰ ভৱিষ্যতবাণী নামৰ কিতাপখনৰ পৰা কিছুমান বিষয়ৰ উদাহৰণ দিয়ক যাতে যিচয়া ভৱিষ্যতবাণীৰ প্ৰতি মুল্যাঙ্কন বৃদ্ধি কৰিব।

২২ মি: “ঈশ্বৰৰ নাম আৰু তেওঁৰ কাৰ্য্যবোৰক জনাজাত কৰা।”c মাৰ্চ আৰু এপ্ৰিল মাহত প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ স্থানীয়ভাৱে তৈয়াৰ কৰা আচঁনিসমূহৰ বিষয়ে পুনৰ আলোচনা কৰক আৰু যিমান সম্ভৱ বেছিভাগ লোকক সহযোগী অগ্ৰগামী কৰিবলৈ উৎসাহিত কৰিবলৈ প্ৰাচীনে এই ভাগটোক পুনৰ আলোচনা কৰে। যিসকল লোকে যোৱা বছৰৰ এপ্ৰিল মাহত অগ্ৰগামী কাৰ্য্য কৰিছিল তেওঁলোকে এই কাৰ্য্যত কেনেদৰে আনন্দ লাভ কৰিছিল, তাৰ বিষয়ে কবলৈ তেওঁলোকক আমন্ত্ৰণ কৰক। প্ৰচাৰ কাৰ্য্যৰ বাবে উপযুক্ত নিষ্ক্ৰিয় ভাই-ভনীসকলক, লʼৰা-ছোৱালীবোৰক প্ৰচাৰ কৰিবলৈ সহায় আগবঢ়োৱা আৰু বাইবেল অধ্যয়ন কৰা যি বিদ্যাৰ্থীসকল বাপ্তিষ্মা নোহোৱা প্ৰচাৰকৰ বাবে যোগ্য, এই সকলোৰে ওপৰত প্ৰাচীনসকলে ধ্যান কেন্দ্ৰিত কৰি প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰিব পাৰে।​—⁠২০০০ চনৰ নবেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত থকা প্ৰশ্ন বক্সটো চাওঁক।

গীত ২৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ফেব্ৰুৱাৰী ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪৮

৮ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে ফেব্ৰুৱাৰী মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১২ মি: জ্ঞান কিতাপ বিতৰণ কৰিবলৈ আগবঢ়োৱা পৰামৰ্শৰ প্ৰস্তুতিকৰণবোৰৰ বিষয়ে উল্লেখ কৰক। মাৰ্চ মাহত জ্ঞান কিতাপখনক আগবঢ়াবলৈ কোনো প্ৰস্তুতিকৰণ বিষয়ে মনত পৰিছেনে? যদি আপুনি যোৱা বছৰবোৰৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ শেষৰ পৃষ্ঠাবোৰক লক্ষ্য কৰে, তেনেহʼলে আপুনি দেখিবলৈ পাব যে সেই পৃষ্ঠাসমূহত প্ৰথম সাক্ষাততে গৃহস্থক কি কʼব লাগে তাৰ বিষয়ে পৰামৰ্শ দিয়া আছে। ইয়াৰ ওপৰিও এনে বহুতো পৰামৰ্শ দিয়া আছে যিয়ে আপোনাক পুনৰ সাক্ষাতৰ বাবে পৰিচালিত কৰিব। সেই পৰামৰ্শবোৰৰ দুটা বা তিনিটাক পুনৰ আলোচনা কৰক। (মাৰ্চ, জুন, নবেম্বৰ ১৯৯৬; জুন ১৯৯৭; মাৰ্চ ১৯৯৮) প্ৰথম সাক্ষাততে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ ১৯৯৬ চনৰ নবেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া পৰামৰ্শবোৰৰ পৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ বাবে বিশেষ চেষ্টা কৰিবলৈ সকলো প্ৰচাৰককে উৎসাহিত কৰক।

২৫ মি: “বাইবেল​—⁠মানৱজাতিৰ আটাইতকৈ প্ৰাচীন আধুনিক কিতাপ নামৰ ভিডিঅ কেছেটখনৰ প্ৰতি মুল্যাঙ্কন বৃদ্ধি কৰা।” এই পৃষ্ঠাত থকা প্ৰশ্নবোৰ ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ বাইবেলখন ১০০ লাখতকৈ অধিক কপি সম্পূৰ্ণ সংস্কৰণ বা ইয়াৰ আধা অংশ ৩৭ টা ভাষাত সকলো কিতাপতকৈ অধিক বিতৰণ কৰাৰ প্ৰমাণৰ বিষয়ে উল্লেখ কৰক। এপ্ৰিল মাহত ধাৰাবাহিকৰূপে প্ৰস্তুত কৰা এই কেছেটখনৰ তৃতীয়খনক পুনৰ আলোচনা কৰা যাব আৰু সেই ভিডিঅ কেছেটখনৰ বিষয় হৈছে বাইবেল​—⁠ইয়াৰ শক্তিয়ে আপোনাৰ জীৱন প্ৰভাৱিত কৰে।

গীত ৬৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮১

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৮ মি: “যিহোৱাই অসীম শক্তি প্ৰদান কৰে।”d বাইবেলৰ পদসমূহক কেনেকৈ নিজ জীৱনত প্ৰয়োগ কৰিব পাৰি, এই বিষয়ে শ্ৰোতাসকলক কʼবলৈ আমন্ত্ৰণ কৰক।

২২ মি: “টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰা।”e সেৱা ওভাৰচিয়াৰে এই ভাগটো পৰিচালনা কৰে। তেওঁ ডিচেম্বৰ ১৫, ১৯৯৯, প্ৰহৰীদুৰ্গ, ২৩ পৃষ্ঠাৰ ১৭ অনুচ্ছেদত থকা উৎসাহজনক বিষয়টোক অন্তৰ্ভূক্ত কৰে। ২০০০ চনৰ নবেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ বক্সত থকা “টেলিফোনৰ সৈতে সংযোগ থকা উত্তৰ দিয়া যন্ত্ৰৰ সৈতে কেনেকৈ কথোপকথন কৰিব?” বিষয়টোক পুনৰ আলোচনা কৰে। টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যৰ বাবে কোনবোৰ এলেকাক বাছি লোৱা হৈছে তাক বৰ্ণনা কৰে। স্থানীয় এলেকাত এইদৰে প্ৰচাৰ কাৰ্য্য কৰি পোৱা কিছুমান অনুভৱক চমুকৈ বৰ্ণনা কৰক।

গীত ১০৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক