উত্তম কাৰ্য্যৰে যিহোৱাৰ মহিমা কৰা
১ কল্পনা কৰক যদি আপুনি কোনোবা এখন ঠাইলৈ গৈ থাকোঁতে, ৰাস্তাত এক প্ৰচণ্ড ধুমুহাৰ সৈতে সন্মূখীন হয় আৰু তেনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ যদি ঘৰ বিচাৰি পায়, তেনেহʼলে আপুনি কিমান যে উপশম অনুভৱ কৰিব! ঘৰখনত প্ৰৱেশ কৰাৰ পাছত যেতিয়া আপুনি নিৰাপদ অনুভৱ কৰে আৰু যদি তাৰ সদস্যসকলে আপোনাক অতিথিৰূপে আদৰ সন্মান কৰে সেইসময়ত আপুনি আনন্দিত নহবনে? ঠিক সেইদৰে ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যই ধুমুহাৰূপী চয়তানৰ ব্যৱস্থাৰ পৰা লোকসকলক নিৰাপত্তাৰ আশ্ৰয় প্ৰদান কৰে। এই সুৰক্ষিত আশ্ৰয় স্থানত লোকসকলক নিমন্ত্ৰণ কৰিবলৈ আমাৰ আচাৰ-ব্যৱহাৰে তেওঁলোকক সহায় কৰেনে? নিশ্চয় কৰে। কিয়নো যীচুৱে কৈছিল যে লোকসকলে ‘আমাৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা আমাৰ পিতৃৰ স্তুত্তি কৰিব।’—মথি ৫:১৬.
২ তেনেহʼলে আমাৰ আচাৰ-ব্যৱহাৰৰ যোগেদি কেনেকৈ ভাল কৰ্ম্ম কৰিব পাৰোঁ যিয়ে লোকসকলক যিহোৱা আৰু তেওঁৰ সংগঠনলৈ আহিবলৈ সহায় কৰিব? লূক ৬:৩১ আৰু ১০:২৭ পদত যীচুৱে আদেশ দিয়া বাক্যবোৰক প্ৰত্যেক দিনা নিজৰ জীৱনত প্ৰয়োগ কৰি আমি উত্তম কৰ্ম্ম কৰিব পাৰোঁ। ইয়ে আমাক সঙ্গী মানৱৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ আৰু আধ্যাত্মিকৰূপে চেচাঁ আৰু দুশ্চিন্তাগ্ৰস্ত জগতৰ পৰা পৃথকে থাকিবলৈ সহায় কৰে।
৩ এগৰাকী ভনীয়ে নাৱেৰে যাত্ৰা কৰি থকা সময়ত এনে এগৰাকী মহিলাৰ ওপৰত তাইৰ চকু পৰে যিগৰাকীয়ে নদীৰ ঢৌবোৰত নাওঁখনে তল-ওপৰ কৰাৰ ফলত অসুস্থ হৈ পৰে আৰু সেইবাবে তাই নিজৰ সন্তানটিক চোৱা-চিতা কৰিব পৰা নাছিল। তেতিয়া ভনী গৰাকীয়ে তাইৰ কাষলৈ আগবাঢ়ি গৈ তাই শিশুটিক চোৱা-চিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। তেতিয়া সেই মহিলা গৰাকীয়ে ভনীজনীক কয় যে মই আপোনাৰ এই সহায়ৰ বাবে কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ? ভনীগৰাকীয়ে কʼয: ‘যেতিয়া যিহোৱাৰ সাক্ষীসকলে আপোনাৰ ঘৰলৈ আহিব, তেতিয়া অনুগ্ৰহ কৰি তেওঁলোকে কি কয় তাক মনোযোগেৰে শুনক।’ সেই মহিলাগৰাকীয়ে তেনেদৰে কৰাৰ ফলত তাই আৰু তাইৰ স্বামীয়ে যিহোৱাৰ সাক্ষীসকলৰ সদস্য হৈ পৰিল। এতেকে লোকসকলে ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি কেনেকৈ প্ৰতিক্ৰিয়া দেখুৱাই, এই কথা আমি দেখুৱা উত্তম আচাৰ-ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে।
৪ উত্তম আচাৰ-ব্যৱহাৰত আমাৰ গোটেই জীৱন জড়িত আছে: আমি ওচৰ-চুবুৰীয়া, কাৰ্য্যস্থল বা স্কুল আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত উত্তম আচাৰ-ব্যৱহাৰ প্ৰতিফলিত কৰিলে, ইয়ে আনক আমাৰ বিষয়ে আৰু আমাৰ ধৰ্ম্মৰ সম্পৰ্কে অভিমত দিবলৈ সহায় কৰিব। সেয়েহে আমি নিজকে সোধা উচিত: ‘মোক আৰু মোৰ পৰিয়ালৰ প্ৰতি আনে কেনে দৃষ্টিভঙ্গী ৰাখে? আমাৰ চুবুৰীয়াই আমাৰ ঘৰ আৰু চোতালক পৰিস্কাৰ-পৰিচ্ছন্নতা দেখি প্ৰশংসা কৰেনে? আমাৰ সহকৰ্ম্মী আৰু স্কুলৰ সহপাঠীয়ে আমাক সময়ানুবৰ্তী আৰু কৰ্তব্যনিষ্ঠ বুলি দৃষ্টি কৰেনে? আনে আমাৰ সাজ-পোছাক পৰিপাটি আৰু শিষ্টাচাৰী বুলি দৃষ্টি কৰেনে?’ আমাৰ ভাল কাৰ্য্যই আনক যিহোৱাৰ উপাসনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে।
৫ এই সম্পৰ্কে পিতৰে সতৰ্ক কৰি কৈছিল যে খ্ৰীষ্টানসকলে আনৰ হাঁহিয়াতৰ পাত্ৰ হোৱাৰ পৰা বিৰত থকা উচিত। (১ পিতৰ ৪:৪) আমাৰ আচৰণত যাতে আনে ঠাট্টা কৰিব নোৱাৰে তাৰ প্ৰতি আমি নিজকে মনোযোগ দিয়া উচিত। (১ পিতৰ ২:১২) যদি আমাৰ দৈনন্দিন কাৰ্য্যই ঈশ্বৰৰ উপাসনাত মহিমা কঢ়িয়াই আনে, তেনেহʼলে আমি আমাত থকা দীপ্তিৰে আনক যিহোৱাই প্ৰৱন্ধ কৰা সুৰক্ষা-স্থান বিচাৰি পাবলৈ পোহৰৰ বাট দেখুৱাব পাৰিম।—মথি ৫:১৪-১৬.