ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৫ পৃষ্ঠা ৭
  • বিনা বাক্যই সাক্ষী দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিনা বাক্যই সাক্ষী দিয়া
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উত্তম কাৰ্য্যৰে যিহোৱাৰ মহিমা কৰা
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱা কেনেধৰণৰ ঈশ্বৰ?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৫ পৃষ্ঠা ৭

বিনা বাক্যই সাক্ষী দিয়া

১ মৌনভাৱে থকা যিহোৱাৰ সৃষ্টিবোৰে বিনা বাক্যই তেওঁৰ অদৃশ্য গুণবোৰৰ বিষয়ে বৃহতভাৱে সাক্ষী দিয়ে। (গীত ১৯:⁠১-⁠৩; ৰোমী. ১:⁠২০) একেইদৰে আমাৰ উত্তম আচাৰ-ব্যৱহাৰ, খ্ৰীষ্টান গুণবোৰ আৰু শালীন সাজ-পোছাক পৰিধানে বিনা বাক্যই সাক্ষী দিয়ে। (১ পিত. ২:⁠১২; ৩:⁠১-⁠৪) গতিকে “আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ শিক্ষা সকলো বিষয়তে ভুষিত” হʼবলৈ আমি প্ৰত্যেকে আগ্ৰহী হোৱা আৱশ্যক।​—⁠তীত ২:⁠৯.

২ বাইবেলৰ এই আকৰ্ষণীয় শিক্ষাক অসিদ্ধ মানৱে কেনেকৈ পালন কৰিব পাৰে? এনে শিক্ষা পালন কৰাটো কেৱল ঈশ্বৰৰ নিৰ্দ্দেশনা আৰু তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা সম্ভৱ হʼব। (গীত ১১৯:⁠১০৫; ১৪৩:⁠১০) কিয়নো “ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা।” (ইব্ৰী ৪:⁠১২) তদুপৰি ঈশ্বৰৰ বাক্যই আমাৰ আন্তৰিক মনোভাৱত প্ৰবিষ্ট কৰি নতুন ব্যক্তিত্বক ধাৰণ কৰাত সহায় কৰে। (কল. ৩:⁠৯, ১০) পবিত্ৰ আত্মাই আমাত বাঞ্ছণীয় গুণসমূহ, যেনে, দয়া, মঙ্গলভাৱ, নম্ৰতা আৰু আত্মসংযম বিকশিত কৰে। (গালা. ৫:⁠২২, ২৩) ঈশ্বৰৰ বাক্য আৰু তেওঁৰ পবিত্ৰ আত্মাক আমাৰ নিজৰ জীৱনত কাৰ্য্য কৰিবলৈ আমি ব্যক্তিগতভাৱে পথ মুকলি কৰিছোঁনে?​—⁠ইফি. ৪:⁠৩০; ১ থিচ. ২:⁠১৩.

৩ আনে লক্ষ্য কৰে: যেতিয়া আমি যিহোৱাৰ স্তৰৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰি তেওঁৰ গুণসমূহ প্ৰতিফলিত কৰোঁ, তেতিয়া আনে অৱশ্যেই আমাক লক্ষ্য কৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তি চুটি-চাপৰ হোৱাৰ বাবে তেওঁৰ সহকৰ্ম্মীসকলে তেওঁক ঠাট্টা কৰিছিল। কিন্তু একেই অফিচত কাম কৰা এগৰাকী ভনীয়ে সদায়ে তেওঁৰ সৈতে সন্মানেৰে আচৰণ কৰিছিল। ভনী গৰাকীৰ এনে আচৰণৰ বাবে সেই ব্যক্তিজনে তাই কিয় আনসকলতকৈ ভিন্ন বুলি সুধিবলৈ প্ৰেৰিত হʼল। তাতে ভনী গৰাকীয়ে বৰ্ণনা কৰি কয় যে তাই বাইবেল সিদ্ধান্তৰ অনুসাৰে জীৱন-যাপন কৰি সকলোলৈ সন্মানীয় আচৰণ বজাই ৰাখে। তদুপৰি ভনী গৰাকীয়ে সেই ব্যক্তিজনক ঈশ্বৰৰ ৰাজ্যৰ অধিনত ভৱিষ্যতে আহিবলগীয়া উজ্জ্বল আশাৰ বিষয়ে কয়। সেই ব্যক্তিজনে বাইবেল অধ্যয়ন আৰম্ভ কৰি আধ্যাত্মিকতাত উন্নতি কৰে আৰু বাপ্তিষ্মা লৈ এজন যিহোৱাৰ সাক্ষী হৈ পৰে। যেতিয়া তেওঁ নিজৰ দেশলৈ ঘূৰি গʼল, তেতিয়া তেওঁৰ আচাৰ-ব্যৱহাৰ দেখি আত্মীয় লোকসকলে প্ৰভাৱিত হয় আৰু তেওঁলোকৰ বহুতে সত্যতাক গ্ৰহণ কৰে।

৪ গতিকে স্কুল বা আত্মীয় লোক আৰু প্ৰতিবেশী ব্যক্তিয়েই নহওঁক কিয়, আমি দিয়া সাক্ষীৰ সৈতে সকলোলৈকে আমাৰ আচাৰ-ব্যৱহাৰ উত্তম হোৱা উচিত, তেহে আনে ঈশ্বৰৰ মহিমা কৰিবলৈ সুযোগ লাভ কৰিব।​—⁠মথি ৫:⁠১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক