ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০১ পৃষ্ঠা ৮
  • কৰোঁতাসকল ধন্য

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কৰোঁতাসকল ধন্য
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “আনন্দৰে যিহোৱাৰ সেৱা কৰা”
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • শস্যক্ষেত্ৰৰ বনুৱাবিলাক আনন্দিত হওঁক!
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আনন্দময় ঈশ্বৰৰ সৈতে উল্লাসিত হওঁক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আনন্দক বৃদ্ধি কৰক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০১ পৃষ্ঠা ৮

কৰোঁতাসকল ধন্য

১ যীচুৱে কৈছিল যে তেওঁৰ আগমনৰ সময়ত বৰ্তমান জগতখনৰ অৱস্থা নোহৰ সময়ৰ দৰে হʼব, কিয়নো সেই সময়ত ‘মানুহবিলাকে জ্ঞান নাপালে।’ (মথি ২৪:⁠৩৭-​৩৯) এতেকে সেই সময়ৰ দৰে বৰ্তমান সময়তো বহুতো লোকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুনিবলৈ অস্বীকাৰ কৰিব। গতিকে কিহে আমাক প্ৰচাৰ কাৰ্য্যত আনন্দ বজাই ৰখাত সহায় কৰিব?​—⁠গীত. ১০০:⁠২.

২ সৰ্বপ্ৰথমে আমি এইটো মনত ৰখা উচিত যে আমি প্ৰচাৰ কৰা বাৰ্ত্তা আৰু ইয়াৰ বাবে পোৱা আজ্ঞা, এই দুয়োটা ঈশ্বৰৰ পৰাহে আহিছে। এতেকে আমি সম্পূৰ্ণ মন আৰু হৃদয়েৰে চেষ্টা কৰা স্বত্ত্বেও যদি লোকসকলে শুনিবলৈ নিবিচাৰে, তেন্তে তেওঁলোকে বাস্তৱতে আমাক নহয় যিহোৱা ঈশ্বৰকহে অগ্ৰাহ্য কৰে। সেয়েহে আমি বিশ্বাসী হৈ কৰা প্ৰচাৰ কাৰ্য্যত তেওঁ সুখী হয় আৰু ঈশ্বৰৰ বাক্যৰ অনুসাৰে কাৰ্য্য কৰি আনন্দ বজাই ৰখাত সহায় হয়।​—⁠যাকো. ১:⁠২৫.

৩ আমি আনন্দ বজাই ৰখাৰ দ্বিতীয়তো কাৰণ হৈছে, আমি প্ৰচাৰ কাৰ্য্যত এনেধৰণৰ ব্যক্তিসকলক লগ পাওঁ যিসকলে উদ্ধাৰ পাবলৈ যিহোৱাৰ বাৰ্ত্তাক গ্ৰহণ কৰাত ইচ্ছুক। যদিও বেছিভাগ ব্যক্তিয়ে এই বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নহয়, কিন্তু তথাপিও এই শেষকালত এনে বহুতো নম্ৰ হৃদয়ৰ লোকে সত্যক স্বীকাৰ কৰিব। সেইবাবে আমি এই প্ৰচাৰ কাৰ্য্যৰ দ্বাৰাই “যি কোনো নগৰত বা গাৱঁত সোমোৱা, তাত কোন মানুহ যোগ্য,” তাক বিচাৰি উলিওৱাত একেৰাহে চেষ্টা কৰি থকা আৱশ্যক।​—⁠মথি ১০:⁠১১-​১৩.

৪ এক সঠিক মনোবৃত্তি বজাই ৰাখক: যিহেতু বহুতে মিছা ধৰ্ম্মৰ কাৰ্য্যৰ পৰা হতাশ হৈ পৰিছে। আন কিছুমানে এই জগতৰ ৰীতি-নীতিৰ বাবে “ক্লান্ত হৈ” পৰিছে। (মথি ৯:⁠৩৬) বহুতে নিবনুৱা সমস্যা, ৰোগীয়া স্বাস্থ্য আৰু নিৰাপত্তাহীনৰ বাবে তেওঁলোকৰ অৱস্থা জুৰুলা হৈ পৰিছে। কিন্তু এই চলি থকা পৰিস্থিতিসমূহে আমাক প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ একেৰাহে সহায় কৰিব। কিয়নো এই ঘটনাসমূহৰ বিষয়ে উল্লেখ কৰি নিজৰ এলেকাত থকা লোকসকলক ঈশ্বৰৰ ৰাজ্যই যে এই সকলোকে সমাধান কৰিব, ইয়াকে কবলৈ আগভাগ লোৱাত আপোনাক সহায় কৰিব। যিখন আলোচনী আপুনি তেওঁলোকলৈ আগবঢ়াই তাত উল্লেখ কৰা শাস্ত্ৰৰ পদ আৰু বিশেষ কিছুমান মুখ্য বিষয় উল্লেখ কৰক যাতে ৰাজ্যৰ শুভবাৰ্ত্তাই তেওঁলোকৰ হৃদয় স্পৰ্শ কৰে।​—⁠ইব্ৰী ৪:⁠১২.

৫ আনন্দিত হৈ ঈশ্বৰৰ বাক্য পালন কৰোঁতাসকলে সদায়ে এই বাক্য স্মৰণ কৰে: “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি।” (নহি. ৮:⁠১০) এতেকে এই কাৰ্য্যত আমি দুখী হোৱাৰ কোনো কাৰণ নাই। কিয়নো বাইবেলে এইদৰে কৈছে: “সেই ঘৰ যদি যোগ্য হয়, তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকক; কিন্তু যদি যোগ্য নহয়, তেন্তে সেই কুশল তোমালোকলৈ উলটি আহক।” (মথি ১০:⁠১৩) গতিকে যেনেকৈ আমি ঈশ্বৰৰ পবিত্ৰ সেৱাত বিশ্বাসী হৈ একেৰাহে লাগি থাকিম যিহোৱাই আমাৰ আনন্দ, শক্তিক নবীকৰণ কৰিব আৰু ইয়াৰ ওপৰিও তেওঁ আমাক আশীৰ্ব্বাদ দিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক