ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৩/১ পৃষ্ঠা ৩
  • আপোনাৰ জীৱন প্ৰভাৱিত কৰা এক উদ্‌যাপন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ জীৱন প্ৰভাৱিত কৰা এক উদ্‌যাপন
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • প্ৰভুৰ ভোজ—এই উৎসৱে ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰভুৰ ভোজ পৰ্ব্ব কিয় উদযাপন কৰা আৱশ্যক?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰভুৰ সন্ধ্যা ভোজ কেনেকৈ উদ্‌যাপন কৰা হয়?
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ওপৰ তলাৰ কোঠালিত
    বাইবেলৰ কাহিনী
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৩/১ পৃষ্ঠা ৩

আপোনাৰ জীৱন প্ৰভাৱিত কৰা এক উদ্‌যাপন

পৃথিৱীত থকা সময়ছোৱাত যীচুৱে এক পৰ্ব্বৰ উদ্‌যাপন প্ৰতিষ্ঠিত কৰিছিল যিয়ে ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে। তেওঁ নিজৰ শিষ্যসকলক পালন কৰিবলৈ আজ্ঞা কৰা একমাত্ৰ এইটোৱেই এক ধৰ্ম্মীয় উদ্‌যাপন আছিল। এই পৰ্ব্বক প্ৰভুৰ সন্ধ্যা ভোজ বা অন্তিম ভোজন অথবা ‘লাষ্ট ছাপাৰ’ বুলিও কোৱা হয়।

ক্ষন্তেক কল্পনা কৰক যে যীচুৱে সেই পৰ্ব্বৰ উদ্‌যাপন কৰাৰ সময়ত আপুনি এজন অদৃশ্য শ্ৰোতা হিচাবে সকলোবোৰ লক্ষ্য কৰিছে। যীচু আৰু তেওঁৰ শিষ্যসকলে যিৰূচালেম নগৰত থকা এটা ঘৰৰ ওপৰ মহলাত ইহুদীসকলৰ নিস্তাৰ-পৰ্ব্ব উদ্‌যাপন কৰিবলৈ একগোট হৈছে। তেওঁলোকে ৰীতি অনুসাৰে নিস্তাৰ-পৰ্ব্বৰ ভোজত খৰিকাত দিয়া মেৰ পোৱালী, তিতা শাক, খমীৰ নিদিয়া পিঠা আৰু ৰঙা আঙ্গুৰৰ ৰসৰ সৈতে আহাৰ কৰি সমাপ্তি কৰিছে। তাৰ পিছত অলপতে যীচুক বিশ্বাসঘাট কৰিবলগীয়া ঈষ্কৰিয়োতীয়া যিহূদা নামৰ শিষ্যজনক তেওঁলোকৰ মাজৰ পৰা আঁতৰি যাবলৈ কʼলে। (মথি ২৬:১৭-২৫; যোহন ১৩:২১, ২৬-৩০) যীচু তেওঁৰ ১১ জন বিশ্বাসী শিষ্যৰ সৈতে তাতে থাকিল আৰু মথি তেওঁলোকৰ মাজৰে এজন আছিল।

মথিয়ে নিজ চকুৰে দেখি লিখা বৃতান্তত যীচুৱে কেনেকৈ প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্‌যাপন কৰিছিল, এই বিষয়ে তেওঁ এইদৰে কৈছে: “যীচুৱে পিঠা লৈ, আশীৰ্ব্বাদ কৰি, ভাঙি, শিষ্যবিলাকক দি কলে, লোৱা, খোৱা; এয়ে মোৰ শৰীৰ। পাছে তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি কলে, ইয়াক তোমালোক সকলোৱে পান কৰা; কিয়নো মোৰ যি তেজ, অৰ্থাৎ নিয়মৰ তেজ, পাপ-মোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।”—মথি ২৬:২৬-২৮.

যীচুৱে কিয় প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্‌যাপন কৰিছিল? সেই ভোজত কিয় খমীৰ নিদিয়া পিঠা আৰু ৰঙা আঙ্গুৰৰ ৰস ব্যৱহাৰ কৰা হৈছিল? খ্ৰীষ্টৰ অনুগামীসকলে কোন স্থানত এই পৰ্ব্বৰ উদ্‌যাপন কৰে? এই পৰ্ব্ব কিমান সঘনাই পালন কৰা উচিত? এই পৰ্ব্বই বাস্তৱতে আপোনাৰ বাবে কোনো অৰ্থ ৰাখেনে? (w04 3/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক