কাহিনী ৯৯
ওপৰ তলাৰ কোঠালিত
আজিৰ দিনটো হৈছে বৃহস্পতিবাৰ। যীচু আৰু তেওঁৰ ১২জন পাঁচনিয়ে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাবলৈ এই ওপৰ তলাৰ কোঠালিটোত একগোট হৈছে। কোঠালিৰপৰা বাহিৰলৈ ওলাই যোৱা ব্যক্তিজন হৈছে ঈষ্কৰিয়োতীয়া যিহূদা। যীচুক কেনেকৈ আটক কৰিব পাৰি, তাৰ বিষয়ে পুৰোহিতবিলাকক কʼবলৈ তেওঁ ওলাই গৈছে।
মাত্ৰ এদিনৰ আগতে যিহূদাই পুৰোহিতবিলাকৰ ওচৰলৈ গৈ সুধিছিল: ‘মই আপোনালোকৰ হাতত যীচুক শোধাই দিলে, মোক কি দিব?’ তেওঁলোকে কৈছিল: ‘ডেৰ কুৰি ৰূপ দিম।’ যীচুক আটক কৰাত সহায় কৰিবলৈ যিহূদাই পুৰোহিতসকলক লগ কৰিবলৈ গৈছে। এয়া এক বেয়া কাম নহয়নে?
নিস্তাৰ-পৰ্ব্বৰ ভোজ খোৱা ইতিমধ্যেই শেষ হʼল। ইয়াৰ পাছত যীচুয়ে এক বিশেষ ভোজ আৰম্ভ কৰে। নিজৰ পাঁচনিসকলক পিঠাৰ টুকুৰা দি যীচুয়ে কʼলে: ‘খোৱা, এয়ে তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ।’ ইয়াৰ পাছত যীচুয়ে দ্ৰাক্ষাৰসেৰে ভৰা এটা পান-পাত্ৰ পাঁচনিসকলক দি কʼলে: ‘খোৱা, তোমালোকৰ নিমিত্তে উলিওৱা এয়া মোৰ তেজ।’ যীচুয়ে উদ্যাপন কৰা এই বিশেষ ভোজক বাইবেলত ‘প্ৰভুৰ সন্ধ্যা ভোজ’ বা ‘প্ৰভুৰ ভোজ’ বুলি কোৱা হৈছে।
ইস্ৰায়েলী লোকসকলে নিস্তাৰ-পৰ্ব্ব কিয় পালন কৰিছিল বাৰু? তেওঁলোকে মিচৰত থকাৰ সময়ছোৱাত ঈশ্বৰৰ স্বৰ্গদূতে তেওঁলোকৰ ঘৰৰ ওপৰেদি পাৰ হৈ গৈছিল। স্বৰ্গদূতে ঘৰৰ ওপৰেদি যাওঁতে ইস্ৰায়েলীসকলৰ পৰিয়ালত কাৰো মৃত্যু হোৱা নাছিল, কিন্তু মিচৰীয়াসকলৰ প্ৰথমজাত সন্তানৰ মৃত্যু হৈছিল। এই ঘটনাক সোঁৱৰণ কৰি ইস্ৰায়েলীসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰে। কিন্তু এতিয়া যীচুয়ে নিস্তাৰ-পৰ্ব্বৰ পৰিৱৰ্তে, তেওঁক সোঁৱৰণ কৰাটো বিচাৰে। তেওঁ কেনেকৈ নিজৰ প্ৰাণ দিলে তাক সোঁৱৰণ কৰি, প্ৰতিবছৰে এই দিনটো পালন কৰিবলৈ যীচুয়ে পাঁচনিসকলক আজ্ঞা কৰে।
প্ৰভুৰ সন্ধ্যা ভোজ শেষ কৰাৰ পাছত, যীচুয়ে নিজৰ পাঁচনিসকলক সাহসী হʼবলৈ আৰু বিশ্বাসত মজবুত হʼবলৈ উৎসাহিত কৰে। ইয়াৰ পাছত তেওঁলোকে ঈশ্বৰৰ স্তুতিগীত গালে আৰু তাৰপৰা বাহিৰ হʼল। এতিয়া হয়তো মাজনিশা হৈছে। এই মাজনিশা যীচু আৰু পাঁচনিসকলে কʼলৈ গৈছে? আহাঁ আমি ইয়াৰ বিষয়ে চাওঁ।