পাঠ ৮৭
যীচুৰ শেষ ভোজ
যিহূদীসকলে প্ৰতিবছৰে নিচান মাহৰ ১৪ তাৰিখে নিস্তাৰ-পৰ্ব পালন কৰিছিল। যিহোৱাই তেওঁলোকক মিচৰ দেশৰ দাসত্বৰ পৰা কেনেকৈ উলিয়াই লৈ আনিছিল আৰু প্ৰতিজ্ঞা কৰা দেশলৈ লৈ গৈছিল, এই কথাবোৰ মনত পেলাবলৈ এই উৎসৱ তেওঁলোকে পালন কৰিব লাগিছিল। ৩৩ খ্ৰীষ্টাব্দত যীচুৱে নিজৰ পাঁচনিসকলৰ লগত যিৰূচালেমৰ এখন ঘৰৰ ওপৰৰ কোঠালিত নিস্তাৰ-পৰ্ব পালন কৰিছিল। যেতিয়া তেওঁলোকে খানা খাই শেষ কৰিবলৈ হৈছিল, তেতিয়া যীচুৱে কʼলে, ‘তোমালোকৰ মাজৰ এজনে মোৰ লগত বিশ্বাসঘাত কৰিব।’ এয়া শুনি পাঁচনিসকলে আচৰিত হʼল, তেওঁলোকে যীচুক সুধিবলৈ ধৰিলে, ‘কোনে এইদৰে কৰিব?’ যীচুৱে কʼলে, ‘যাক মই এই ৰুটিৰ টুকুৰা দিম, তেৱেঁই হয়।’ তাৰ পাছত তেওঁ সেই ৰুটিৰ টুকুৰাটো যিহূদা ঈষ্কৰিয়োতীয়াক দিলে। তেতিয়াই যিহূদা উঠিল আৰু তাৰ পৰা গুচি গʼল।
তাৰ পাছত যীচুৱে প্ৰাৰ্থনা কৰি এখন ৰুটি টুকুৰা কৰিলে আৰু তাত থকা পাঁচনিসকলক দিলে। তেওঁ তেওঁলোকক কʼলে, ‘লোৱা, এয়া খোৱা। ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে, যি মই তোমালোকৰ কাৰণে দিম।’ তাৰ পাছত তেওঁ দ্ৰাক্ষাৰসৰ কাৰণে প্ৰাৰ্থনা কৰিলে আৰু নিজৰ পাঁচনিসকলক দিলে। তেওঁ কʼলে, ‘এই দ্ৰাক্ষাৰস লোৱা। ইয়ে মোৰ তেজক চিত্ৰিত কৰে যাতে লোকসকলে পাপৰ পৰা ক্ষমা পাব পাৰে, তাৰ কাৰণে দিম। মই তোমালোকক প্ৰতিজ্ঞা কৰিছোঁ তোমালোকে স্বৰ্গত মোৰ লগত ৰজা হʼবা, তোমালোকে মোক মনত পেলাবলৈ প্ৰতিবছৰে এইদৰেই কৰিবা।’ আজিও যীচুৰ শিষ্যসকলে প্ৰতিবছৰে সেই দিনৰ সন্ধিয়াত একগোট হয়। সেই সভাক ‘প্ৰভুৰ সন্ধ্যা ভোজ’ বুলি কোৱা হয়।
খানা খোৱাৰ পাছত পাঁচনিসকলে এজনে-আনজনৰ লগত কাজিয়া কৰিবলৈ ধৰিলে যে তেওঁলোকৰ মাজত সকলোতকৈ ডাঙৰ কোন হয়। তেতিয়া যীচুৱে তেওঁলোকক বুজালে, ‘তোমালোকৰ মাজত যিজনে সকলোতকৈ সৰু অৰ্থাৎ একোৱেই নহয় বুলি ভাবে, তেৱেঁই সকলোতকৈ ডাঙৰ।’
তেওঁ এয়াও কʼলে, ‘তোমালোক মোৰ বন্ধু হোৱা। মই তোমালোকক সেই সকলো কথা জনাওঁ, যি কথাবোৰ তোমালোকে জনাটো পিতৃয়ে বিচাৰে। অতি সোনকালে মই পিতৃৰ ওচৰত স্বৰ্গলৈ যাম, কিন্তু তোমালোকে ইয়াতে থাকিবা আৰু তোমালোকে এজনে-আনজনক প্ৰেম কৰিবা, যাৰ যোগেদি লোকসকলে চিনি পাব যে তোমালোক মোৰ শিষ্য হয়। যিদৰে মই তোমালোকক প্ৰেম কৰিলোঁ, ঠিক সেইদৰে তোমালোকেও এজনে-আনজনক প্ৰেম কৰা।’
অৱশেষত যীচুৱে প্ৰাৰ্থনা কৰিলে যাতে যিহোৱাই তেওঁৰ সকলো শিষ্যক ৰক্ষা কৰে। যীচুৱে যিহোৱাক তেওঁৰ শিষ্যসকলক মিলি-জুলি কাম কৰাত সহায় কৰিবলৈ কʼলে। তেওঁ যিহোৱাৰ নাম পবিত্ৰ কৰিবলৈ প্ৰাৰ্থনা কৰিলে। তাৰ পাছত যীচুৱে নিজৰ পাঁচনিসকলৰ লগত যিহোৱাৰ কাৰণে প্ৰশংসাৰ গীত গালে আৰু বাহিৰলৈ ওলাই গʼল। এতিয়া যীচুক গ্ৰেপ্তাৰ কৰাৰ সময় আহি পৰিছিল।
“হে সৰু জাক, ভয় নকৰিবা, কিয়নো তোমালোকৰ পিতৃয়ে তোমালোকক ৰাজ্য দিবলৈ আনন্দিত হৈছে।”—লূক ১২:৩২