পাঠ ৮৩
যীচুৱে হাজাৰ হাজাৰ লোকক খানা খোৱালে
নিস্তাৰ-পৰ্বৰ কিছু সময়ৰ আগৰ ৩৩ খ্ৰীষ্টাব্দৰ কথা, পাঁচনিসকলে প্ৰচাৰ কৰি ঘূৰি আহে। তেওঁলোকে বহুত ভাগৰি পৰিছিল, সেইবাবে যীচুৱে তেওঁলোকক নাৱেৰে বৈৎচৈদালৈ লৈ গʼল যাতে তেওঁলোকে অলপ আৰাম কৰিব পাৰে। কিন্তু যেতিয়া নাওখন পাৰত গৈ পালে, তেতিয়া যীচুৱে হাজাৰ হাজাৰ লোকসকলক তাত গৈ পোৱা দেখে। যদিও যীচুৱে পাঁচনিসকলৰ লগত অলপ সময় কটাব বিচাৰিছিল, তথাপি তেওঁ লোকসকলক ভালদৰে লগ কৰিলে। তেওঁ বেমাৰী লোকসকলক সুস্থ কৰিলে আৰু তেওঁলোকক শিকাবলৈ ধৰিলে। যীচুৱে গোটেই দিন তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকালে। যেতিয়া গধূলি হʼবলৈ ধৰিলে, তেতিয়া পাঁচনিসকলে তেওঁক কʼলে, ‘লোকসকলক হয়তো ভোক লাগিছে; তেওঁলোকক পঠাই দিয়ক যাতে তেওঁলোকে কিবা কিনিব পাৰে।’
কিন্তু যীচুৱে কʼলে, ‘তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকে তেওঁলোকক ইয়াতে কিবা খাবলৈ দিয়া।’ পাঁচনিসকলে সুধিলে, ‘আমি তেওঁলোকৰ কাৰণে ৰুটি কিনি আনি দিয়াটো আপুনি বিচাৰে নে?’ তেওঁলোকৰ মাজৰ এজন পাঁচনি ফিলিপে কʼলে, ‘আমাৰ ওচৰত বহুতো টকা থাকিলেও, আমি এই ভিৰৰ কাৰণে ইমান ৰুটি কিনিব নোৱাৰোঁ।’
যীচুৱে সুধিলে, ‘আমাৰ ওচৰত কিমান খানা আছে?’ আন্দ্ৰিয়ে কʼলে, ‘আমাৰ ওচৰত পাঁচখন ৰুটি আৰু দুটা সৰু মাছ আছে। ইমানততো একোৱেই নহʼব।’ যীচুৱে কʼলে, ‘ৰুটি আৰু মাছ মোৰ ওচৰলৈ লৈ আনা।’ তেওঁ লোকসকলক ৫০-৫০ আৰু ১০০-১০০ জনকৈ গোট বান্ধি বহিবলৈ কʼলে। যীচুৱে ৰুটি আৰু মাছ লৈ স্বৰ্গলৈ চাই প্ৰাৰ্থনা কৰিলে আৰু পাঁচনিসকলক সেয়া বিলাই দিবলৈ কʼলে। তাত ৫,০০০ জন পুৰুষ আৰু বহুতো তিৰোতা, লগতে লʼৰা-ছোৱালী আছিল; সকলোৱে পেট ভৰাই খালে। তাৰ পাছত পাঁচনিসকলে বাচি যোৱা খানা গোটালে যাতে একো নষ্ট হৈ নাযায়। বাচি যোৱা খানাৰে ১২ টা টুকুৰী ভৰি গʼল। কি ভাবা এয়া আচৰিত চমৎকাৰ নাছিল নে?
লোকসকলে ইমানেই আনন্দিত হʼল যে তেওঁলোকে যীচুক ৰজা বনাব বিচাৰিছিল। কিন্তু যীচুৱে জানিছিল যে যিহোৱাই তেওঁক এতিয়া ৰজা বনাব বিচৰা নাছিল। সেইবাবে, তেওঁ ভিৰক পঠিয়াই দিলে আৰু নিজৰ শিষ্যসকলক গালীল সাগৰৰ সিপাৰলৈ যাবলৈ কʼলে। শিষ্যসকলে নাৱত উঠিলে আৰু যীচুৱে অকলে পাহাৰলৈ গুচি গʼল। কিয় বাৰু? কিয়নো তেওঁ নিজৰ পিতৃক প্ৰাৰ্থনা কৰিব বিচাৰিছিল। যীচুৰ ওচৰত বহুতো কাম থাকিছিল, তথাপিও তেওঁ প্ৰাৰ্থনা কৰিবলৈ সদায় সময় উলিয়াইছিল।
“যি আহাৰ নষ্ট হৈ যায়, তাৰ কাৰণে পৰিশ্ৰম নকৰিবা, কিন্তু যি আহাৰ নষ্ট নহয় আৰু অনন্ত জীৱন দিয়ে, তাৰ কাৰণে পৰিশ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব।”—যোহন ৬:২৭