কাহিনী ৯৩
বহুতোলোকক আহাৰ দিয়া
এক ভয়ানক ঘটনা ঘটিল। যোহন বাপ্তাইজকক অলপতে হত্যা কৰা হʼল। ৰজা হেৰোদৰ পত্নীয়ে যোহন বাপ্তাইজকক একেবাৰে দেখিব নোৱাৰিছিল। তাই ৰজা হেৰোদক কোৱাই যোহনৰ ডিঙি দুচোৱা কৰিলে।
যোহনৰ মৃত্যুৰ খবৰ শুনি যীচুৰ বৰ দুখ লাগিল। কিছুসময়ৰ বাবে তেওঁ অকলে থাকিবলৈ বিচাৰিলে আৰু এক নিৰ্জন ঠাইলৈ গʼল। কিন্তু লোকসকলেও তেওঁৰ পিছে পিছে গৈ সেই ঠাইত উপস্থিত হয়। এই লোকসকলক দেখি যীচুৰ দয়া উপজিল। যীচুয়ে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বৰ্ণনা কৰিবলৈ ধৰিলে আৰু বেমাৰী লোকসকলক সুস্থ কৰিলে।
গধূলি সময়ত শিষ্যসকলে যীচুৰ ওচৰলৈ আহি কʼলে: ‘এই ঠাই নিৰ্জন আৰু বেলিও পৰিল। ওচৰত থকা গাঁৱলৈ গৈ, নিজৰ নিমিত্তে খোৱা বস্তু কিনিবলৈ লোকসকলক বিদায় দিয়ক।’
কিন্তু যীচুয়ে উত্তৰ দিলে: ‘তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।’ ফিলিপলৈ চাই যীচুয়ে সুধিলে: ‘এই লোকসকলৰ বাবে আমি আহাৰ কʼত কিনিবলৈ পাম?’
ফিলিপে উত্তৰ দিলে: ‘তেওঁলোকৰ বাবে আহাৰ কিনিবলৈ বহুত ধনৰ প্ৰয়োজন হʼব।’ চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়ই কʼলে: ‘এই লʼৰাটোৰ ওচৰত পাঁচোটা পিঠা আৰু দুটা সৰু মাছ আছে। কিন্তু ইমান মানুহৰ মাজত এয়া যথেষ্ট নহʼব।’
যীচুয়ে পাঁচনিসকলক কʼলে: ‘লোকসকলক ঘাঁহৰ ওপৰত বহিবলৈ কোৱা।’ ইয়াৰ পাছত যীচুয়ে আহাৰৰ বাবে ধন্যবাদ জনাই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে আৰু পিঠাকেইটা ভাঙিবলৈ ধৰিলে। পাঁচনিসকলে পিঠা আৰু মাছ লোকসকলৰ মাজত বিতৰণ কৰিলে। এই লোকসকলৰ ভিতৰত ৫,০০০ পুৰুষ আৰু কেইবাহাজাৰো তিৰোতা আৰু সৰু সৰু লʼৰা-ছোৱালীও আছিল। সকলোৱে তৃপ্ত হৈ আহাৰ খালে। অৱশিষ্ট থকা মাছ আৰু পিঠাৰে ১২টা পাচি ভৰি পৰিল।
ইয়াৰ পাছত এখন নাৱেৰে গালীল সাগৰৰ সিপাৰে যাবলৈ যীচুয়ে পাঁচনিসকলক আজ্ঞা কৰিলে। ৰাতি সাগৰত এক ধুমুহাৰ সৃষ্টি হয় আৰু নাৱখন টুলুং-ভুটুং কৰিবলৈ ধৰিলে। ইয়াৰ বাবে পাঁচনিসকলে বৰ ভয় খালে। হঠাতে এক আচৰিত ঘটনা ঘটিল। সাগৰৰ পানীত কোনোবাই খোজকাঢ়ি আহি থকা তেওঁলোকে দেখিলে। পানীৰ ওপৰত কোনে খোজ কাঢ়িছে, তাক বুজিব নোৱাৰি পাঁচনিসকলে ভয়ত চিঞৰিবলৈ ধৰিলে।
তেতিয়া যীচুয়ে কʼলে: ‘ভয় নকৰিবা। মই যীচু।’ যীচুয়ে নিজৰ পৰিচয় দিয়াৰ সত্ত্বেও পাঁচনিসকলে বিশ্বাস কৰিবলৈ টান পালে। সেইবাবে পিতৰে কʼলে: ‘হে প্ৰভু, যদি আপুনি হয়, তেন্তে পানীৰ ওপৰেদি মোক আপোনাৰ ওচৰলৈ আহিবলৈ আজ্ঞা দিয়ক।’ যীচুয়ে উত্তৰ দিলে: ‘আহাঁ।’ পিতৰে নাৱৰপৰা নামি পানীৰ ওপৰেদি খোজকাঢ়িবলৈ ধৰিলে। খোজকাঢ়ি থাকোঁতে পিতৰৰ ভয় লাগিল আৰু তেওঁ পানীত ডুবিবলৈ ধৰিলে। কিন্তু যীচুয়ে তেওঁক ৰক্ষা কৰিলে।
ইয়াৰ পাছত, আন এক সময়ত যীচুয়ে কেইবাহাজাৰ লোকক আহাৰ খুৱায়। এইবাৰ তেওঁ সাতটা পিঠা আৰু কেইটামান সৰু মাছেৰে লোকসকলক আহাৰ খাবলৈ দিয়ে। আগৰ দৰে এইবাৰো সকলোৱে পেট ভৰাই আহাৰ খালে। যীচুয়ে যে সকলোৰে বাবে চিন্তা কৰে, ইয়াৰ বিষয়ে জানি আমি আনন্দিত নহওঁনে? যেতিয়া যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিব, তেতিয়া আমি কোনো বিষয় চিন্তা কৰাৰ প্ৰয়োজন নাই।