পাঠ ৮৪
যীচুৱে পানীত খোজ কাঢ়িলে
যীচুৱে বেমাৰী লোকসকলক সুস্থ কৰিব পাৰিছিল আৰু মৃত লোকসকলক আকৌ জীয়াই তুলিব পাৰিছিল। কেৱল ইমানেই নহয়, তেওঁ ধুমুহা বতাহ আৰু বৰষুণকো ৰখাব পাৰিছিল। এবাৰ পাহাৰত প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ দেখিলে যে তলত গালীল সাগৰত ধুমুহা বতাহ আহিছে। তেওঁৰ পাঁচনিসকলে নাৱত আছিল আৰু তেওঁলোকৰ কাৰণে নাও চলাবলৈ বহুত কষ্ট হৈছিল। যীচু তললৈ গʼল আৰু পানীত খোজকাঢ়ি তেওঁলোকৰ নাৱৰ ফালে যাবলৈ ধৰিলে। যেতিয়া তেওঁৰ পাঁচনিসকলে দেখিলে যে পানীত কোনোবাই খোজকাঢ়ি আছে, তেতিয়া তেওঁলোকে বহুত ভয় খালে। কিন্তু যীচুৱে তেওঁলোকক কʼলে, ‘ভয় নকৰিবা, মইয়ে হওঁ।’
পিতৰে কʼলে, ‘প্ৰভু যদি আপুনিয়েই হয়, তেনেহʼলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ খোজকাঢ়ি যাবলৈ মোক আজ্ঞা দিয়ক।’ যীচুৱে পিতৰক কʼলে, ‘মোৰ ওচৰলৈ আহা।’ তেতিয়া পিতৰে সেই ধুমুহা বতাহত নাৱৰ পৰা নামিলে আৰু খোজকাঢ়ি যীচুৰ ওচৰলৈ যাবলৈ ধৰিলে। কিন্তু তেওঁ যীচুৰ কাষ চপাৰ লগে লগে তেওঁ ধুমুহা বতাহক দেখিলে আৰু বহুত ভয় খালে আৰু পানীত ডুবিবলৈ ধৰিলে। পিতৰে চিঞৰিবলৈ ধৰিলে, “প্ৰভু, মোক বচাওক!” যীচুৱে তেওঁৰ হাতখন ধৰি লʼলে আৰু কʼলে, ‘তুমি কিয় সন্দেহ কৰিলা? ক’ত গʼল তোমাৰ বিশ্বাস?’
যীচু আৰু পিতৰ নাৱত উঠিল আৰু লগে লগে ধুমুহা বতাহ বন্ধ হৈ গʼল। তুমি চিন্তা কৰি চোৱাচোন, এইবোৰ দেখি পাঁচনিসকলৰ কেনেকুৱা লাগিছিল? তেওঁলোকে কʼলে, “আপুনি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ।”
যীচুৱে আৰু এবাৰ ধুমুহা বতাহক শান্ত কৰিছিল। যেতিয়া তেওঁ আৰু পাঁচনিসকলে নাৱেৰে গালীল সাগৰৰ সিপাৰলৈ গৈ আছিল, তেতিয়া যীচু নাৱৰ পিছৰ অংশত শুই আছিল। তাৰ পিছত এটা ডাঙৰ ধুমুহা হʼবলৈ ধৰিলে। ঢৌৱে নাওখনক জোৰকৈ খুন্দা মাৰিবলৈ ধৰিলে আৰু নাওখনত পানী ভৰি গʼল। তেতিয়া পাঁচনিসকলে যীচুক জগালে আৰু চিঞৰিবলৈ ধৰিলে, ‘গুৰু, আমাক সহায় কৰক নহʼলে আমি মৰি যাম।’ যীচুৱে উঠি সাগৰক কʼলে, ‘শান্ত হৈ যা।’ ধুমুহা আৰু সাগৰ লগে লগে শান্ত হৈ গʼল। যীচুৱে পাঁচনিসকলক সুধিলে, “তোমালোকৰ বিশ্বাস কʼত গʼল?” তেওঁলোকে এজনে-আনজনক সুধিবলৈ ধৰিলে, “ধুমুহা আৰু সাগৰেও তেওঁৰ কথা মানে।” পাঁচনিসকলে শিকিলে যে যদি তেওঁলোকে যীচুৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখে, তেনেহʼলে তেওঁলোকে কোনো বিষয়ক লৈ ভয় কৰাৰ প্ৰয়োজন নাই।
“যিহোৱাই মোৰ জীৱন কালত ভাল কাম কৰিব, এই বুলি বিশ্বাস নকৰা হʼলে, মোৰ কি হʼলহেঁতেন!”—গীতমালা ২৭:১৩ NW