কাহিনী ১১২
জাহাজৰ ধ্বংস
ছবিখনলৈ চোৱাচোন। জাহাজখন ধ্বংস হৈছে। পানীত লোকসকলক দেখিছানে? কিছুমান লোকে সাঁতুৰি শুকান ঠাই পালেহি। ইয়াত পৌলক দেখিছানে? আচলতে ঘটনাটোনো কি? আহাঁ আমি ইয়াৰ বিষয়ে চাওঁ।
কৈচৰিয়াত পৌলে দুবছৰলৈকে বন্দী হৈ আছিল আৰু এই কথা তোমালোকৰ নিশ্চয় মনত আছে। ইয়াৰ পাছত পৌল আৰু আন কিছুমান বন্দীক জাহাজেৰে ৰোমলৈ লৈ যোৱা হয়। বাটত ক্ৰীতী নামৰ দ্বীপটোৰ ওচৰ পাওঁতে, তেওঁলোকে এক বৰ ধুমুহাৰ সন্মুখীন হয়। ধুমুহাৰ ফলত লোকসকলে জাহাজখন একেবাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই। দিনৰ ভাগত সূৰ্য্য বা ৰাতিৰ ভাগত তৰা একোৱেই দেখা নগʼল। এইদৰে কিছুদিন যোৱাৰ পাছত, জাহাজত থকা লোকসকলে জীয়াই থকাৰ সকলো আশা এৰিলে।
তেতিয়া পৌলে থিয় হৈ লোকসকলক কʼলে: ‘তোমালোকৰ মাজৰ কাৰো মৃত্যু নহʼব, কেৱল জাহাজখনহে ধ্বংস হʼব। কিয়নো ঈশ্বৰৰ এজন দূতে ৰাতি মোৰ ওচৰলৈ আহি কʼলে, “হে পৌল, ভয় নকৰিবা। তুমি নিশ্চয় কৈচৰৰ আগত থিয় হʼবা। তোমাৰ লগত যাত্ৰা কৰা লোকসকলক ঈশ্বৰে ৰক্ষা কৰিব।” ’
ধুমুহা আৰম্ভ হোৱা ১৪ দিনেই হʼল। প্ৰায় মাজনিশাৰ সময়ত নাৱিকসকলে লক্ষ্য কৰিলে যে সমুদ্ৰৰ গভীৰতা কমি আহিছে। জাহাজখন শিলত খুন্দা খাব বুলি ভয় কৰি, তেওঁলোকে জাহাজৰ লঙ্গৰ পানীত নমাই দিয়ে। পাছদিনাখন ৰাতিপুৱা তেওঁলোকে সমুদ্ৰৰ পাৰ দেখা পালে আৰু তালৈ জাহাজখন লৈ যোৱাৰ থিৰাং কৰিলে।
লাহে লাহে জাহাজখন পাৰলৈ বুলি আগবাঢ়ি যাবলৈ ধৰিলে। কিন্তু হঠাতে জাহাজখন বালিত খুন্দা খাই ৰৈ গʼল। পানীৰ ঢৌবোৰ ইমানেই শক্তিশালী আছিল যে জাহাজখন ভাঙিবলৈ ধৰিলে। বন্দীসকলক লৈ যোৱা সেনাৰ বিষয়াজনে লোকসকলক কʼলে: ‘যিলোকসকলে সাঁতুৰিব জানে, তেওঁলোকে সাঁতুৰি বামলৈ যাওক। বাকী লোকসকলে তক্তা বা জাহাজৰ যিয়ে পায়, তাকে ধৰি বামলৈ যাওক।’ তেওঁৰ বাক্য সকলোৱে পালন কৰিলে। স্বৰ্গদূতে কোৱাৰ দৰে জাহাজত থকা ২৭৬জন লোকৰ প্ৰাণ ৰক্ষা পৰিল।
জাহাজৰপৰা প্ৰাণ ৰক্ষা পোৱা লোকসকলে মিলিতা নামৰ দ্বীপটোত আছে। এই দ্বীপত বাস কৰা লোকসকল বৰ দয়ালু আছিল আৰু তেওঁলোকে জাহাজৰপৰা উদ্ধাৰ হোৱা লোকসকলক যত্ন লয়। যেতিয়া বতৰ ভাল হʼবলৈ ধৰিলে, তেতিয়া পৌলক আন এখন জাহাজত তুলি ৰোমলৈ লৈ যোৱা হয়।