কাহিনী ১১১
লʼৰাজন টোপনি গʼল
ইয়াত কি হৈছে বাৰু? মাটিত পৰি থকা লʼৰাজনে আঘাত পালে নেকি? ঘৰৰ বাহিৰলৈ ওলাই অহা মানুহজন হৈছে পৌল। তেওঁৰ লগত তীমথিয়ক দেখিছানে? লʼৰাজন খিৰিকীৰপৰা পৰিল নেকি?
হয়, লʼৰাজন খিৰিকীৰপৰা পৰিল। পৌলে ত্ৰোৱা নামৰ নগৰখনত থকা শিষ্যসকলৰ আগত ভাষণ দি আছিল। পৌলে জানিছিল যে তেওঁ বহুদিনলৈকে ত্ৰোৱাত থকা শিষ্যসকলক দেখা নাপাব। পাছদিনাখন তেওঁ জাহাজেৰে বেলেগ এখন ঠাইলৈ যাত্ৰা কৰিবলগীয়া আছে। সেইবাবে তেওঁ মাজনিশালৈকে শিষ্যসকলৰ লগত আলোচনা কৰি আছিল।
উতুখ নামৰ এই লʼৰাজন খিৰিকীত বহি পৌলৰ ভাষণ শুনি আছিল। ভাষণ শুনি থাকোঁতেই সি টোপনি গʼল আৰু তিনিমহলাৰ ওপৰৰপৰা মাটিত পৰিল। লোকসকলে ইমান চিন্তিত হোৱাৰ কাৰণ তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা। তেওঁলোকে লৰা-লৰিকৈ আহি লʼৰাটোক দাঙি ধৰিলে। তেওঁলোকে যি ভয় কৰিছিল, সেয়াই হʼল। লʼৰাটোৰ মৃত্যু হৈছে।
পৌলে লʼৰাটোৰ মৃত্যু হোৱা দেখি, তাৰ ওপৰত শুই পৰিল আৰু তাক সাবটি ধৰিলে। ইয়াৰ পাছত তেওঁ লোকসকলক উদ্দেশ্য কৰি কʼলে: ‘চিন্তা নকৰিবা। সি ঠিকেই আছে।’ সঁচাকৈ, লʼৰাটো ঠিকেই আছে। ই এক আচৰিত কাৰ্য্য! পৌলে মৃত লʼৰাটোক পুনৰ জীৱিত কৰিলে। তাত উপস্থিত থকা সকলোৱে আনন্দিত হʼল।
ইয়াৰ পাছত সকলোৱে ওপৰ মহলালৈ উভতি যায় আৰু আহাৰ গ্ৰহণ কৰে। পৌলে ৰাতিপুৱালৈকে শিষ্যসকলৰ লগত আলোচনা কৰে। কিন্তু আমি নিশ্চিত হʼব পাৰোঁ যে এইবাৰ উতুখে টোপনি নাযাব। ইয়াৰ পাছত পৌল, তীমথিয় আৰু তেওঁলোকৰ লগত যাত্ৰা কৰা লোকসকলে জাহাজত উঠিল। তেওঁলোকে কʼলৈ যাত্ৰা কৰিছে তোমালোকে জানানে?
পৌলে শুভবাৰ্ত্তা ঘোষণা কৰা তৃতীয় যাত্ৰা সমাপ্ত কৰি নিজৰ ঘৰলৈ গৈ আছে। এই যাত্ৰাৰ সময়ত পৌলে তিনিবছৰলৈকে ইফিচ নগৰত আছিল। শুভবাৰ্ত্তা ঘোষণা কৰা দ্বিতীয় যাত্ৰাতকৈ, পৌলৰ তৃতীয় যাত্ৰা দীঘলীয়া আছিল।
ত্ৰোৱা নগৰ ত্যাগ কৰি জাহাজখন মিলীত নামৰ নগৰখনত কিছুসময়ৰ বাবে ৰʼল। ইয়াৰপৰা ইফিচ নগৰখন বেছি দূৰৈত নহয়। পৌলে ইফিচ মণ্ডলীৰ প্ৰাচীনসকলক মিলীত নগৰলৈ মাতি পঠালে, যাতে তেওঁ অন্তিমবাৰৰ বাবে তেওঁলোকৰ লগত কথা-বতৰা হʼব পাৰে। সেই অনুসৰি প্ৰাচীনসকলে পৌলক দেখা কৰিবলৈ আহিল। পৌলে যাবলৈ ওলোৱাত ইফিচৰ এই প্ৰাচীনসকলে বৰ দুখ কৰিলে।
অৱশেষত জাহাজখন কৈচৰিয়া পালেহি। ইয়াত পৌলে ফিলিপ নামৰ এজন শিষ্যৰ ঘৰত আছে। সেই সময়ছোৱাত আগাব ভৱিষ্যতবক্তাই তেওঁক আহিবলগীয়া বিপদৰ বিষয়ে সতৰ্ক কৰে। তেওঁ কয় যে যিৰূচালেমত পৌলক বন্দী কৰা হʼব। আৰু সঁচাকৈ ভৱিষ্যতবক্তাই কোৱাৰ দৰেই ঘটিল। পৌলক যিৰূচালেমত বন্দী কৰাৰ পাছত, কৈচৰিয়ালৈ লৈ অনা হয় আৰু তাত তেওঁ দুবছৰ থাকে। ইয়াৰ পাছত পৌলক বিচাৰৰ বাবে, ৰোমৰ শাসক কৈচৰৰ ওচৰলৈ পঠোৱা হয়। ৰোমলৈ যাত্ৰা কৰাৰ সময়ত কি ঘটিল, আহাঁ আমি তাৰ বিষয়ে চাওঁ।