যিহোৱা হৈছে আমাৰ সহায়ক
“যি জনাই আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।”—গীত ১২১:২.
১, ২. (ক) আমাৰ সকলোকে সহায়ৰ আৱশ্যক বুলি কিয় কʼব পাৰি? (খ) যিহোৱাক এজন কেনে ধৰণৰ সহায়ক হিচাপে ভাৰসা কৰিব পাৰি?
আমাৰ মাজত এনে কোনো ব্যক্তি আছেনে যিজনে সহায়ৰ কোনো আৱশ্যক নাই বুলি কʼব পাৰে? দৰাচলতে আমি সকলোৱে কোনো গম্ভীৰ সমস্যা, বেদনাদায়ক পৰিস্থিতি বা তাড়নাৰ সম্মুখীন হোৱাৰ সময়ত সহায়ৰ আৱশ্যকতা অনুভৱ কৰোঁ। প্ৰকৃততে সহায়ৰ আৱশ্যক হোৱাৰ সময়ত সকলোৱে আগ্ৰহী হোৱা প্ৰেমময় বন্ধুজনৰ কাষ চপাটো বিচাৰে। কিয়নো তেনে বন্ধুজনৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ কৰি সতেজ হʼব পাৰি। কিন্তু মনকৰিবলগীয়া যে তেওঁ কেৱল সীমিতভাৱেহে আমাক সহায় কৰিব পাৰে। আনহাতে আৱশ্যকতাৰ সময়ত সদায়ে যে লোকসকলে আমাক সহায় কৰিব, তাৰো আশা কৰিব নোৱাৰি।
২ যিয়েই নহওঁক, এনে এজন ব্যক্তি আছে যিজনে আমাক চিৰকাললৈকে সহায় কৰিব পাৰে। তদুপৰি তেওঁ আমাক কেতিয়াও ত্যাগ নিদিব বুলি আশ্বাস দিছে। যাৰ বিষয়ে গীতমালা ৰচোঁতাজনে সম্পূৰ্ণ আশ্বাসেৰে এইদৰে কৈছিল: “যিহোৱাৰ পৰা মোৰ সহায় আহিব।” (গীত ১২১:২) কিহে তেওঁক এনে ধৰণৰ আশ্বাস বিকশিত কৰিবলৈ সহায় কৰিলে? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হʼলে আমি গীত ১২১ অধ্যায়টো বিবেচনা কৰা উচিত। তদুপৰি তেনে কৰাৰ দ্বাৰা আমি যিহোৱাক সহায়ক হিচাপে কিয় ভাৰসা কৰিব পাৰোঁ, সেই বিষয়েও জানিব পাৰিম।
চিৰকলীয়া সহায় প্ৰদান কৰোঁতাজন
৩. গীতমালা ৰচোঁতাজনে কিয় আৰু কোনখন পৰ্ব্বতলৈ দৃষ্টি কৰিছিল?
৩ গীতমালা ৰচোঁতাজনে সকলোবোৰ সৃষ্টিৰ মূল যিহোৱাত বিশ্বাস ৰাখি এইদৰে কৈছিল: “মই পৰ্ব্বতবোৰৰ ফাললৈ মোৰ চকু তুলি কওঁ, কʼৰ পৰা মোৰ সহায় আহিব? যি জনাই আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।” (গীত ১২১:১, ২) লক্ষ্য কৰক যে তেওঁ যিকোনো পৰ্ব্বতৰ ফালে দৃষ্টি কৰি নিজৰ মনোযোগ কেন্দ্ৰিত কৰা নাছিল। সম্ভৱতঃ তেওঁ যিহূদাৰ উচ্চ পৰ্ব্বতৰ ওপৰত অৱস্থিত যিৰূচালেম চহৰত থকা মন্দিৰটোলৈ দৃষ্টি কৰি যিহোৱাৰ পৰা সহায় পোৱাৰ ভাৰসা ৰাখিছিল। (গীত ১৩৫:২১) তেওঁ কিয় যিহোৱাৰ পৰা সহায় পোৱাটো নিশ্চিত বুলি ভাবিছিল? কিয়নো তেওঁ ভালদৰে জানিছিল যে যিহোৱাই হৈছে “আকাশ-মণ্ডল আৰু পৃথিবীৰ” সৃষ্টিকৰ্ত্তা। আন শব্দত কʼবলৈ গʼলে তেওঁ ইয়াকে কʼব বিচাৰিছিল যে, ‘মোলৈ অহা পৰাক্ৰমী ঈশ্বৰৰ সহায়ৰ আগত কোনেও বাধা হʼব নোৱাৰে!’—যিচয়া ৪০:২৬.
৪. গীতমালা ৰচোঁতাজনে কেনেকৈ দেখুৱাইছে যে যিহোৱাই নিজৰ লোকসকলৰ প্ৰতি সজাগে থাকে আৰু সেই বিষয়ে আমি জ্ঞাত হোৱাটো কিয় এক শান্ত্বনাৰ বিষয়?
৪ ইয়াৰ পিছত গীতমালা ৰচোঁতাজনে, যিহোৱাই নিজৰ উপাসকসকলক নিৰন্তৰে সহায় কৰাৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছিল: “তেওঁ তোমাৰ ভৰি লৰচৰ হবলৈ নিদিব; তোমাক ৰাখোঁতা জনা টোপনি নাযাব। চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহব।” (গীত ১২১:৩, ৪) যিহোৱাই তেওঁত ভাৰসা ৰাখা সকলক কেতিয়াও “লৰচৰ হʼবলৈ” বা আপদত পৰি বিনিষ্ট হʼবলৈ অনুমতি নিদিব। (হিতোপদেশ ২৪:১৬) কিয় তেনে হʼবলৈ নিদিব? কিয়নো তেওঁ সজাগে থকা এজন মেৰৰখীয়াৰ দৰে কাৰ্য্য কৰে। ইয়াকে জানি আমি শান্ত্বনা পোৱা অনুভৱ নকৰোনে বাৰু? আনকি তেওঁ সকলো সময়তে নিজৰ লোকসকলক দৃষ্টি কৰে। আন বাক্যত কʼবলৈ গʼলে, তেওঁ দিন-ৰাতিয়ে তেওঁলোকৰ তত্বাৱধানৰ প্ৰতি চিন্তা কৰে।
৫. যিহোৱাই কিয় আমাৰ “সোঁহাতে” থাকে বুলি কʼব পাৰি?
৫ নিজৰ লোকসকলৰ বাবে যিহোৱাই সদায়ে সুৰক্ষা প্ৰদান কৰিব বুলি আশ্বাস ৰাখি গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁহাতে থকা তোমাৰ ছাঁস্বৰূপ। দিনত সূৰ্য্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।” (গীত ১২১:৫, ৬) যিদৰে মধ্যপ্ৰাচ্য দেশত যাত্ৰা কৰা এজন যাত্ৰীৰ বাবে সূৰ্য্যৰ প্ৰখৰ তাপৰ পৰা ৰক্ষা পাবলৈ জীৰণি লোৱা স্থানৰ ব্যৱস্থা আছে, ঠিক সেইদৰে অত্যন্ত তাড়নাৰ পৰা ৰক্ষা পাবলৈ যিহোৱাই নিজৰ লোকসকলৰ বাবে সুৰক্ষা স্থান প্ৰমাণিত হয়। লক্ষ্য কৰক যে তেওঁ আমাৰ “সোঁহাতে” থাকে বুলি কৈছে। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ত যুদ্ধত ভাগ লোৱা এজন সৈনিকৰ সোঁহাতখন প্ৰায়ে নিৰাপদ নাছিল বুলি কʼব পাৰি। কিয়নো তেওঁক বাওঁহাতেৰে ঢালখন ধৰি সোঁহাতেৰে যুঁজ কৰিবলগীয়া হৈছিল। তেনে অৱস্থাত ভাৰসাযুক্ত বন্ধুজনে তেওঁৰ সোঁফালে থাকি সুৰক্ষা প্ৰদান কৰিছিল। সেই ভাৰসাযুক্ত বন্ধুজনৰ দৰে যিহোৱা ঈশ্বৰেও নিজৰ উপাসকসকলক সহায় কৰিবলৈ সাজু থাকে।
৬, ৭, (ক) যিহোৱাই যে সদায়ে তেওঁৰ লোকসকলক সহায় কৰিব, সেই বিষয়ে গীতমালা ৰচোঁতাজনে কেনে আশ্বাস দিছে? (খ) আমি কিয় গীতমালা ৰচোঁতাজনৰ দৰে আশ্বাস ৰাখিব পাৰোঁ?
৬ যিহোৱাই সদায়ে নিজৰ লোকসকলৰ বাবে সহায়ক হিচাপে প্ৰমাণিত হʼবনে? নিশ্চয়ে হʼব! কিয়নো সেই বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে, তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।” (গীত ১২১:৭, ৮) মন কৰক যে ৰচোঁতাজনে এতিয়াৰ পৰা লৈ অনন্ত কাললৈকে যিহোৱাই ৰক্ষা কৰিব বুলি জোৰ দি কৈছে। ইয়াৰ পূৰ্বে তেওঁ ৫ পদত এইদৰে কৈছিল: “যিহোৱা তোমাৰ ৰক্ষক।” কিন্তু ৭ আৰু ৮ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ: “যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব।” সেয়েহে সত্য উপাসকবিলাকে আশ্বাস ৰাখিব পাৰে যে যিহোৱাই তেওঁলোকক ভৱিষ্যতেও সুৰক্ষা প্ৰদান কৰিব। তেওঁলোকে যʼতেই নাথাকক বা যিকোনো পৰিস্থিতিৰেই সম্মুখীন নহওঁক কিয়, যিহোৱাই তেওঁলোকক সহায় কৰিব।—হিতোপদেশ ১২:২১.
৭ অৱশ্যেই গীত ১২১ অধ্যায়ৰ ৰচোঁতাজনে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে এজন স্নেহশীল মেৰৰখীয়াৰ দৰে যিহোৱাই নিজৰ লোকসকলৰ প্ৰতি সজাগ থাকে আৰু তত্বাৱধান লয়। সেইবাবে আমিও সম্পূৰ্ণকৈ আশ্বাস ৰাখিব পাৰোঁ যে তেওঁ কেতিয়াও পৰিৱৰ্তন নহয়। (মলাখী ৩:৬) তেনেহʼলে ইয়াৰ অৰ্থ এইটো নে যে, আমি সদায়ে শাৰীৰিকভাৱে সুৰক্ষা পোৱাৰ আশা কৰিব পাৰোঁ? অৱশ্যেই তেনে আশা কৰিব নোৱাৰোঁ। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি যিহোৱাৰ সহায় বিচাৰোঁ তেন্তে তেওঁ আমাক আধ্যাত্মিকতাৰ সকলো বিপদৰ পৰা ৰক্ষা কৰিব। এতেকে এনেদৰে সোধাটো স্বাভাৱিক যে, ‘যিহোৱাই কেনেকৈ আমাক সহায় কৰে?’ এই বিষয়ে জানিবলৈ আঁহক আমি চাৰিটা কাৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক। এই লেখটোত আমি প্ৰাচীন কালত আৰু পৰৱৰ্তী লেখটোত বৰ্তমানে কৰা যিহোৱাৰ সহায়ৰ বিষয়ে বিবেচনা কৰিম।
স্বৰ্গদূতসকলে কৰা সহায়
৮. পৃথিৱীত থকা ঈশ্বৰৰ উপাসকসকলৰ প্ৰতি স্বৰ্গদূতবিলাকে আগ্ৰহী হোৱাৰ বিষয়ে জানিবলৈ পোৱাটো কিয় এক আচৰিত বিষয় নহয়?
৮ যিহোৱাৰ সম্মুখত সদায়ে কোটি কোটি স্বৰ্গদূত উপস্থিত থাকে। (দানিয়েল ৭:৯, ১০) এই আত্মিক পুত্ৰসকলে নিষ্ঠাৰে যিহোৱাৰ ইচ্ছাৰ অনুসাৰে কাৰ্য্য সম্পন্ন কৰে। (গীত ১০৩:২০) তেওঁলোকে ভালদৰে জানে যে যিহোৱাই নিজৰ উপাসকবিলাকক অধিক প্ৰেম কৰে আৰু তেওঁবিলাকক সহায় কৰিবলৈ সদায়ে সাজু থাকে। এইহেতুকে স্বৰ্গদূতবিলাকে পৃথিৱীত থকা ঈশ্বৰৰ উপাসকবিলাকৰ হিতৰ প্ৰতি অতি আগ্ৰহী। (লূক ১৫:১০) তদুপৰি তেওঁলোকে নিশ্চয়ে ঈশ্বৰৰ উপাসকবিলাকক সহায় কৰিবলৈ পাই আনন্দিত হয়। প্ৰাচীন কালত যিহোৱাই নিজৰ উপাসকবিলাকক সহায় কৰিবলৈ কেনে ধৰণে স্বৰ্গদূতবিলাকক ব্যৱহাৰ কৰিছিল?
৯. বিশ্বাসী উপাসকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ ঈশ্বৰে স্বৰ্গদূতবিলাকক কেনেকৈ শক্তি প্ৰদান কৰিছিল, তাৰ এটা উদাহৰণ দিয়ক।
৯ প্ৰাচীন সময়ত বিশ্বাসী উপাসকবিলাকৰ সুৰক্ষা আৰু উদ্ধাৰ কৰিবলৈ যিহোৱাই স্বৰ্গদূতবিলাকক অধিকাৰ দিছিল। উদাহৰণস্বৰূপে, চদোম আৰু ঘমোৰা চহৰৰ ধ্বংসৰ সময়ত দুজন স্বৰ্গদূতে আহি লোট আৰু তেওঁৰ জীয়েকবিলাকক ৰক্ষা কৰিবলৈ সহায় কৰিলে। (আদিপুস্তক ১৯:১, ১৫-১৭) কেৱল এজন স্বৰ্গদূতে ১,৮৫,০০০ অচূৰীয়া সৈন্যক বধ কৰিলে। (২ ৰাজাৱলি ১৯:৩৫) দানিয়েলক সিংহবোৰৰ গাতত পেলাই দিয়াৰ সময়ত যিহোৱাই “তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে।” (দানিয়েল ৬:২১, ২২) আন এক উপলক্ষ্যত এজন স্বৰ্গদূতে আহি পাঁচনি পিতৰক বন্দীশালৰ পৰা মুক্তি কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১২:৬-১১) বাইবেলত স্বৰ্গদূতবিলাকে সুৰক্ষাৰ সম্বন্ধে কৰা বহুতো বৃতান্ত উল্লেখ কৰা আছে। তেনে ধৰণৰ সহায়ৰ সম্বন্ধে গীত ৩৪:৭ পদে এইদৰে কৈছে: “যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে, আৰু তেওঁবিলাকক উদ্ধাৰ কৰে।”
১০. ভৱিষ্যতবক্তা দানিয়েলক উৎসাহিত কৰিবলৈ যিহোৱাই কেনেকৈ এজন স্বৰ্গদূতক ব্যৱহাৰ কৰিলে?
১০ আনকি বিশ্বাসী সেৱকসকলৰ মনোবল দৃঢ় আৰু তেওঁলোকক উৎসাহিত কৰিবলৈও ঈশ্বৰে স্বৰ্গদূতবিলাকক ব্যৱহাৰ কৰিছিল। এই সম্বন্ধে থকা এক হৃদয়স্পৰ্ষী উদাহৰণ আমি দানিয়েল ১০ অধ্যায়ত পঢ়িবলৈ পাওঁ। সেই সময়ত দানিয়েলৰ বয়স প্ৰায় ১০০ বছৰ আছিল। যিৰূচালেমৰ দুৰ্দশা আৰু মন্দিৰ নিৰ্মাণ কাম আধাতে বন্ধ হোৱা দেখি তেওঁ অতি দুখিত হৈছিল। তদুপৰি এক ভয়ানক দৰ্শন দেখাৰ বাবেও তেওঁ নিৰুৎসাহিত হৈ পৰিছিল। (দানিয়েল ১০:২, ৩, ৮) এনেতে যিহোৱাই তেওঁক উৎসাহিত কৰিবলৈ এজন স্বৰ্গদূত পঠিয়ালে। সেই স্বৰ্গদূতজনে সঘনাই তেওঁক ঈশ্বৰৰ দৃষ্টিত “প্ৰিয় পুৰুষ” হিচাপে প্ৰমাণিত হৈছে বুলি কৈ উৎসাহিত কৰিছিল। ফলস্বৰূপে, তেওঁ কেনে অনুভৱ কৰিছিল, তাৰ বিষয়ে স্বৰ্গদূতজনে শান্ত্বনা দিয়াৰ পিছত বৃদ্ধ ভৱিষ্যতবক্তাজনে এইদৰে কৈছিল: “আপুনি মোক সবল কৰিলে।”—দানিয়েল ১০:১১, ১৯.
১১. প্ৰচাৰ কাৰ্য্যক পৰিচালিত কৰিবলৈ স্বৰ্গদূতবিলাকে কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়ে এটা উদাহৰণ কি?
১১ ইয়াৰ উপৰিও তেওঁ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক পৰিচালিত কৰিবলৈ স্বৰ্গদূতবিলাকৰ ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, স্বৰ্গদূতৰ দ্বাৰা মাৰ্গদৰ্শিত হৈ ফিলিপে কুচ-দেশীয় নপুংসকজনক যীচুৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু পিছলৈ গৈ সেই ব্যক্তিজনে বাপ্তিষ্মা লʼলে। (পাঁচনিৰ কৰ্ম্ম ৮:২৬, ২৭, ৩৬, ৩৮) সেই ঘটনাৰ কিছু সময়ৰ পিছত অন্যজাতিৰ আগতো শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে বুলি ঈশ্বৰে পাঁচনিবিলাকক জনাইছিল। এই সম্পৰ্কে কৰ্ণীলিয় নামৰ ব্যক্তিজনৰ বিষয়ে বিবেচনা কৰক। তেওঁ এজন ধাৰ্ম্মিক আৰু ঈশ্বৰলৈ ভয় ৰাখোঁতা অন্যজাতিৰ ব্যক্তি আছিল। যিহোৱাৰ এজন স্বৰ্গদূতে পাঁচনি পিতৰক দৰ্শনৰ দ্বাৰা জনালে যে তেওঁ যেন গৈ কৰ্ণীলিয় নামৰ ব্যক্তিজনক সাক্ষ্যাৎ কৰে। কৰ্ণীলিয়ে পঠোৱা কটকীসকলে পাঁচনি পিতৰক সাক্ষাৎ কৰি এইদৰে কʼলে: “কৰ্ণীলিয় . . . আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ, পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পালে।” তেতিয়া পাঁচনি পিতৰ গৈ কৰ্ণীলিয়ক শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে, যাৰ ফলস্বৰূপে মণ্ডলীত খ্ৰীষ্টান সদস্য হোৱা তেওঁ প্ৰথমজন অন্যজাতিৰ ব্যক্তি আছিল। (পাঁচনিৰ কৰ্ম্ম ১০:২২, ৪৪-৪৮) কল্পনা কৰক যে আপুনি স্বৰ্গদূতৰ দ্বাৰা মাৰ্গদৰ্শিত হৈ এজন ব্যক্তিক সত্যতাৰ বিষয়ে শিকাবলৈ পোৱা হʼলে কেনে অনুভৱ কৰিলেহেঁতেন!
পবিত্ৰ আত্মাৰ দ্বাৰা সহায়
১২, ১৩. (ক) যীচুৰ শিষ্যবিলাকে কিয় পবিত্ৰ আত্মাৰ দ্বাৰা সহায় পাব বুলি ভাৰসা কৰিব পাৰিছিল? (খ) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনেকৈ পবিত্ৰ আত্মাৰ দ্বাৰা শক্তি লাভ কৰিলে?
১২ যীচুৱে মৃত্যুৰ কিছু সময়ৰ আগেয়ে তেওঁৰ শিষ্যবিলাকক সহায় কৰাৰ বিষয়ে আশ্বাস দি কৈছিল যে স্বৰ্গৰ পিতৃয়ে তেওঁলোকক “সহায়কৰ্ত্তা, অৰ্থাৎ পবিত্ৰ আত্মা” প্ৰদান কৰিব। (যোহন ১৪:২৬) পবিত্ৰ আত্মা সহায়ক হোৱাৰ বাবে পাঁচনিবিলাকৰ ওচৰত ভাৰসা ৰাখাৰ এক উত্তম কাৰণ আছিল। যিহোৱা ঈশ্বৰে নিজৰ উপাসকসকলক সহায় কৰিবলৈ কেনেকৈ এই সক্ৰিয় শক্তিৰ ব্যৱহাৰ কৰিছিল, সেই বিষয়ে শাস্ত্ৰীয় পদবোৰত বহুতো উদাহৰণ দেখিবলৈ পোৱা যায়।
১৩ অন্য উপলক্ষ্যবোৰত পবিত্ৰ আত্মাই বিশ্বাসী ব্যক্তিবিলাকক ঈশ্বৰৰ উদ্দেশ্যৰ অনুসাৰে কাৰ্য্য কৰিবলৈ শক্তি প্ৰদান কৰিছিল। উদাহৰণস্বৰূপে, ইস্ৰায়েলসকলক দাসত্বৰ পৰা উদ্ধাৰ কৰিবলৈ বিচাৰকৰ্ত্তাবিলাকক শক্তি প্ৰদান কৰা হৈছিল। (বিচাৰকৰ্ত্তাবিলাক ৩:৯, ১০; ৬:৩৪) সেই একেই সক্ৰিয় শক্তিয়ে তাড়নাৰ সময়ত প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক সাহসী হৈ প্ৰচাৰ কৰিবলৈ তেওঁলোকৰ মনোবল দৃঢ় কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১:৮; ৪:৩১) তেওঁলোকে প্ৰচাৰ কাৰ্য্যত লাভ কৰা সফলতাই পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হোৱাৰ প্ৰমাণ দিলে। “অপণ্ডিত সামান্য মানুহ যেন বুজা” এই ব্যক্তিবিলাকে সেই সময়লৈকে প্ৰসিদ্ধ হোৱা সমুদায় জগতত কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সক্ষম হʼল?—পাঁচনিৰ কৰ্ম্ম ৪:১৩; কলচীয়া ১:২৩.
১৪. যিহোৱাই নিজৰ লোকসকলক অন্তৰ্দৃষ্টি প্ৰদান কৰিবলৈ কেনেকৈ পবিত্ৰ আত্মাৰ দ্বাৰা সহায় কৰিছিল?
১৪ যিহোৱাই নিজৰ লোকসকলক অন্তৰ্দৃষ্টি প্ৰদান কৰিবলৈও পবিত্ৰ আত্মা প্ৰদান কৰিছিল। পবিত্ৰ আত্মাৰ সহায়ৰ বাবে যোচেফে ৰজা ফৰোণে দেখা দৰ্শনৰ অৰ্থ বুজাই দিবলৈ সক্ষম হʼল। (আদিপুস্তক ৪১:১৬, ৩৮, ৩৯) এই পবিত্ৰ আত্মাৰ যোগেদি যিহোৱাই নম্ৰ মনৰ লোকসকলক নিজৰ উদ্দেশ্যৰ বিষয়ে জনালে, কিন্তু অভিমানীসকলৰ পৰা লুকুৱাই ৰাখিলে। (মথি ১১:২৫) যিহোৱাই যে “তেওঁক প্ৰেম কৰোঁতাবিলাকৰ” নিমিত্তে থকা বিষয়বোৰ প্ৰকাশ কৰে, সেই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিল।” (১ কৰিন্থীয়া ২:৭-১০) কেৱল পবিত্ৰ আত্মাৰ দ্বাৰাহে এজন ব্যক্তিয়ে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে বুজিব পাৰে।
ঈশ্বৰৰ বাক্যৰ দ্বাৰা সহায় আগবঢ়োৱা
১৫, ১৬. যিহোচূৱাই বুদ্ধিমানেৰে কাৰ্য্য কৰি সফলতা পাবলৈ তেওঁক কি কৰিবলৈ কোৱা হৈছিল?
১৫ যিহোৱাৰ প্ৰেৰিত বাক্য হৈছে “শিক্ষাৰ অনুযোগ” আৰু তেওঁৰ উপাসকবিলাকক “সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত” কৰে। (২ তীমথিয় ৩:১৬, ১৭) প্ৰাচীন সময়ত ঈশ্বৰৰ বাক্যই লোকবিলাকক সহায় কৰাৰ সম্পৰ্কে বহুতো উদাহৰণ বাইবেলত লিপিবদ্ধ কৰা আছে।
১৬ তদুপৰি ঈশ্বৰৰ উপাসকবিলাকক সঠিক মাৰ্গদৰ্শন পাবলৈও তেওঁৰ বাক্যই সহায় কৰিছিল। ইস্ৰায়েলৰ পৰিচালনা কৰিবলৈ নেতৃত্বৰ দায়িত্ব দিয়াৰ সময়ত যিহোচূৱাক এইদৰে কোৱা হৈছিল: “এই ব্যৱস্থা-পুস্তকখনি তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক; কিন্তু তাত লিখা আটাইখিনিকে পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে তাক ধ্যান কৰা; কিয়নো তাকে কৰিলে, তোমাৰ শুভগতি হব, আৰু তুমি কৃতকাৰ্য্য হবা।” মনকৰিবলগীয়া এই যে যিহোৱাই তেওঁক আচৰিত ধৰণে অগম বুদ্ধিৰ আশীৰ্ব্বাদ দি সহায় কৰিব বুলি কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে যিহোচূৱাই কৃতকাৰ্য্য হʼবলৈ নিজেই “ব্যৱস্থা-পুস্তকখনি” পঢ়িব লাগিছিল।—যিহোচূৱা ১:৮; গীত ১:১-৩.
১৭. সেই সময়ত উপলব্ধ থকা ব্যৱস্থা-পুস্তকখনে কেনেকৈ দানিয়েল আৰু ৰজা যোচিয়াক সহায় কৰিলে?
১৭ তদুপৰি ঈশ্বৰৰ লিখিত বাক্যই তেওঁৰ প্ৰকাশিত ইচ্ছা আৰু উদ্দেশ্যৰ বিষয়ে বুজি পোৱাত সহায় কৰিলে। এই বিষয়ে আমি দানিয়েলৰ আৰ্হিক বিবেচনা কৰিব পাৰোঁ, যিজনে যিৰিমিয়াৰ ভৱিষ্যতবাণীৰ পৰা বুজিব পাৰিছিল যে যিৰূচালেম চহৰখন কিমান দিনলৈকে উচ্ছন্ন অৱস্থাত থাকিব। (যিৰিমিয়া ২৫:১১; দানিয়েল ৯:২) ইয়াৰ উপৰিও ৰজা যোচিয়াৰ ৰাজত্বকালত যিহূদাৰ অৱস্থা কি হৈছিল, তাৰ বিষয়ে বিবেচনা কৰক। সেই সময়ছোৱাত যিৰূচালেমৰ লোকসকলে সত্য উপাসনাক ত্যাগ কৰি ঘৃণনীয় কাৰ্য্যবোৰত লিপ্ত আৰু ৰজাবিলাকেও ব্যক্তিগতভাৱে ব্যৱস্থা-পুস্তকখনৰ অনুলিপি বনোৱা আৰু অনুকৰণ কৰাত বিফল হৈছিল। (দ্বিতীয় বিবৰণ ১৭:১৮-২০) কিন্তু মন্দিৰ-নিৰ্মাণ কাৰ্য্যৰ সময়ত সম্ভৱ ৮০০ বছৰ পূৰ্বেই মোচিয়ে লিখা “বিৱস্থা পুস্তকখন” যেতিয়া বিচাৰি পাইছিল তেতিয়া ইয়াৰ মূল কথাবোৰ শুনাৰ পিছত যোচিয়াই জানিব পাৰিছিল যে তাৰ লোকসকলে সত্য উপাসনাৰ পৰা কিমান দূৰলৈকে আঁতৰি গৈছিল। গতিকে তেওঁ অনতিপলমে ব্যৱস্থা-পুস্তকৰ অনুসাৰে কাৰ্য্য কৰিবলৈ পদক্ষেপ লʼলে। (২ ৰাজাৱলি ২২:৮; ২৩:১-৭) সেয়েহে ইয়াত এইটো দেখিবলৈ পোৱা নাযায়নে নে যে ঈশ্বৰৰ বাক্যই কেনেকৈ প্ৰাচীন সময়ৰ লোকসকলক সহায় কৰিছিল?
সঙ্গী ভাই-ভনীসকলৰ দ্বাৰা সহায়
১৮. এজন সত্য উপাসকৰ আৱশ্যকতাৰ সময়ত যিহোৱাহে সহায়ৰ আচল উৎস বুলি কিয় কʼব পাৰি?
১৮ যিহোৱাই সদায়ে আমাৰ বিশ্বাসী সঙ্গী ভাই-ভনীসকলৰ দ্বাৰা সহায় আগবঢ়ায়। বাস্তৱতে কোনো এজন ঈশ্বৰৰ উপাসকৰ আৱশ্যকতাৰ সময়ত একমাত্ৰ তেওঁকেই সহায়ৰ আচল মূল বুলি কʼব পাৰি। কিয় তেনেদৰে কʼব পাৰি? এই সম্বন্ধে থকা দুটা কাৰণৰ বিষয়ে বিবেচনা কৰক। প্ৰথমটো হৈছে, তেওঁৰ পবিত্ৰ আত্মাই সত্য উপাসকবিলাকৰ মাজত আত্মাৰ ফল অৰ্থাৎ প্ৰেম আৰু মঙ্গলভাৱ উৎপন্ন কৰিবলৈ সহায় কৰে। (গালাতীয়া ৫:২২, ২৩) এই আত্মাৰ ফলে ইয়াৰ প্ৰভাৱ আমি ঈশ্বৰৰ লোকসকলে পৰস্পৰে ইজন সিজনৰ বাবে কৰা কাৰ্য্যত দেখিবলৈ পাওঁ। দ্বিতীয়টো, আমাক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰা হৈছে। (আদিপুস্তক ১:২৬) ইয়াৰ অৰ্থ হৈছে আমাত থকা তেওঁৰ গুণবোৰ যেনে, দয়া আৰু সহানুভূতি দেখুৱাব পৰা ক্ষমতা আছে। সেয়েহে যিহোৱাৰ এজন উপাসকে যেতিয়া কোনো সঙ্গী ভাই বা ভনীৰ পৰা সহায় বিচাৰে তেতিয়া আচলতে সেই ভাই বা ভনী গৰাকীয়ে নহয়, কিন্তু যিহোৱাইহে সহায়ৰ উৎস হিচাপে প্ৰমাণিত হয়।
১৯. বাইবেলত উল্লেখ কৰা অনুসাৰে যিহোৱাই সঙ্গী ভাই-ভনীসকলৰ দ্বাৰা কেনেকৈ সহায় আগবঢ়াইছিল?
১৯ প্ৰাচীন সময়ত যিহোৱাই কেনেকৈ সঙ্গী ভাই-ভনীসকলৰ দ্বাৰা সহায় আগবঢ়াইছিল? যিহোৱা ঈশ্বৰে প্ৰায়ে উপাসকসকলৰ এজনে আনজনক পৰামৰ্শ দিবলৈ ব্যৱহাৰ কৰে, যিদৰে যিৰিমিয়াই বাৰূকক জীৱনৰক্ষক পৰামৰ্শ দিছিল। (যিৰিমিয়া ৪৫:১-৫) আন এক উপলক্ষ্যত, যিৰূচালেমৰ ভাই-ভনীসকলৰ আৱশ্যকতাৰ সময়ত মাকিদনীয়া আৰু আখায়ত থকা সঙ্গী উপাসকবিলাকে ভৌতিকভাৱে সহায় আগবঢ়াইছিল। তেওঁলোকে দেখুৱা তেনে দানশীল মনোবৃত্তি যে ‘ঈশ্বৰলৈ ধন্যবাদ কৰা সাধনৰ’ এক অভিব্যক্তি, সেই বিষয়ে পাঁচনি পৌলেও দাঙি ধৰিছিল।—২ কৰিন্থীয়া ৯:১১.
২০, ২১. পাঁচনি পৌলে কেনে ধৰণৰ পৰিস্থিতিত ৰোম চহৰত থকা ভাইসকলৰ পৰা উৎসাহ আৰু শান্ত্বনা পাইছিল?
২০ পৰস্পৰে ইজনে সিজনৰ বিশ্বাস দৃঢ় আৰু উৎসাহিত কৰিবলৈ সত্য উপাসকবিলাকে কৰা প্ৰচেষ্টাৰ বিষয়ে থকা বৃতান্তবোৰে আমাৰ হৃদয় স্পৰ্শ কৰে। বন্দী হিচাপে ৰোম চহৰৰ অভিমুখে যাত্ৰা কৰা পাঁচনি পৌলৰ উদাহৰণক বিবেচনা কৰক। তেওঁক ৰোম নগৰলৈ আহিবলৈ আপ্পিয়ান নামৰ ঘাই পথেৰে যাত্ৰা কৰিবলগীয়া হৈছিল। কিন্তু সেই ঘাই পথৰ শেষছোৱা অতিক্ৰম কৰাটো সহজ নাছিল, কিয়নো যাত্ৰীসকলে জলাহময় ভূমিয়েদি অতিক্ৰম কৰি অপ্পিয় নগৰলৈ আহিবলগীয়া হৈছিল।a ৰোমত থকা ভাই-ভনীসকলে পৌলে অহাৰ বিষয়ে জানিব পাৰি কি কৰিলে? পাঁচনি পৌলে ৰোম চহৰত আহি নোপোৱালৈকে তেওঁলোকে ঘৰতে থাকি তেওঁক সম্ভাষণ জনাবলৈ বাট চাই আছিলনে?
২১ পাঁচনি পৌল অহা বিষয়ে শুনি ৰোম চহৰত থকা ভাই-ভনীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে, সেই বিষয়ে পৌলৰ সহযাত্ৰী লূকে এইদৰে কৈছে: “তাৰ পৰা [ৰোমৰ] ভাইবিলাকে আমাৰ সম্বাদ শুনি, অপ্পিয় হাট আৰু তিনি চৰাইলৈকে আমাক আগ বঢ়াই নিবলৈ আহিছিল।” আপুনি সেই দৃশ্যটোৰ বিষয়ে মনতে কল্পনা কৰিব পাৰিছেনে? পৌলে অহা বিষয়ে বাৰ্ত্তা পাই ভাইসকলৰ এটা প্ৰতিনিধিৰ দলে ৰোম চহৰৰ পৰা যাত্ৰা কৰি তেওঁক সাক্ষাৎ কৰিবলৈ আহিছিল। তেওঁলোকৰ কিছুমানে অপ্পিয়ৰ হাট-বজাৰত আহি অপেক্ষা কৰিছিল যি ৰোম চহৰৰ পৰা ৭৪ কিলোমিটাৰ দূৰত অৱস্থিত আছিল। আনসকলে ৫৮ কিলোমিটাৰ আঁতৰত অৱস্থিত থকা তিনি চৰাইৰ ওচৰত ৰৈ আছিল। তেওঁলোকৰ এনে প্ৰেম দেখি পাঁচনি পৌলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? এই বিষয়ে পৌলৰ সঙ্গী লূকে এইদৰে কয়: “পৌলে তেওঁবিলাকক দেখি ঈশ্বৰৰ স্তুতি কৰি সাহ পালে।” (পাঁচনিৰ কৰ্ম্ম ২৮:১৫) কল্পনা কৰক যে সেই ভাইসকলে সকলো ধৰণৰ কষ্ট নেওচি পৌলক লগ কৰিবলৈ অহা বিষয়টো তেওঁৰ বাবে কিমান যে উৎসাহিত আৰু শান্ত্বনাৰ কাৰণ হৈছিল! এই সকলোবোৰৰ বাবে তেওঁ কাক ধন্যবাদ জনাইছিল? তেওঁ অৱশ্যেই যিহোৱা ঈশ্বৰক ধন্যবাদ জনাইছিল!
২২. অহা বছৰ অৰ্থাৎ ২০০৫ চনৰ বাৰ্ষিক পাঠৰ বিষয়বস্তু কি আৰু পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২২ যিহোৱা যে প্ৰকৃততে এজন সহায়কৰ্ত্তা সেই বিষয়ে বাইবেলত লিপিবদ্ধ কৰা উদাহৰণসমূহৰ পৰা তেওঁৰ ব্যৱহাৰৰ সম্পৰ্কে জানিব পাৰি। উপযুক্তভাৱে ২০০৫ চনৰ যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পাঠটো গীত ১২১:২ পদৰ পৰা লোৱা হৈছে। সেই পাঠটোৰ বিষয়বস্তু হৈছে: “যিহোৱাৰ পৰা মোৰ সহায় আহিব।” কিন্তু বৰ্তমান সময়ত যিহোৱাই কেনেকৈ আমালৈ সহায় আগবঢ়াইছে? এই বিষয়ে আমি পৰৱৰ্তী লেখত শিকিবলৈ পাম। (w04 12/15)
[ফুটনোট]
a হৰেʼছ নামৰ ৰোমান কবিজনে (সা.যু.পূ. ৬৫-৬৮ চন) সেই একেই পথেৰে যাত্ৰা কৰি যি ধৰণৰ কষ্টৰ সম্মুখীন হʼল, সেই বিষয়ে তেওঁ প্ৰতিবেদন কৰি কৈছিল যে, অপ্পিয় নামৰ বেহা-বেপাৰৰ ঠাইখন “নাৱৰীয়াসকলৰে ভৰি আছিল আৰু অতিথিশালাৰ গৰাকীসকল লোভীয়া স্বভাৱৰ লোক আছিল।” তদুপৰি সেই ঠাইৰ খোৱা পানী শৰীৰৰ বাবে অনিষ্টকাৰক আছিল, যʼত ভেঁকুলী আৰু চেৰেপাৰে ভৰি আছিল।
আপোনাৰ মনত আছেনে?
প্ৰাচীন সময়ত যিহোৱাই কেনেকৈ নিজৰ উপাসকসকলক
• স্বৰ্গদূত
• পবিত্ৰ আত্মা
• তেওঁৰ প্ৰেৰিত বাক্য
• আৰু সঙ্গী ভাইসকলৰ দ্বাৰা সহায় আগবঢ়াইছিল?
[১০ পৃষ্ঠাৰ ব্লাৰ্ব]
২০০৫ চনৰ বাৰ্ষিক পাঠৰ বিষয়বস্তু হৈছে: “যিহোৱাৰ পৰা মোৰ সহায় আহিব।”—গীত ১২১:২.
[১১ পৃষ্ঠাৰ ছবি]
ৰোম চহৰৰ ভাইসকলৰ পৰা পোৱা সহায়ৰ বাবে পাঁচনি পৌলে যিহোৱাক ধন্যবাদ জনাইছিল