“যিহোৱাৰ সকলো পথ সৰল”
“যিহোৱাৰ সকলো পথ সৰল, আৰু ধাৰ্ম্মিকবিলাকে সেইবোৰত গমন কৰিব।”—হোচেয়া ১৪:৯.
১, ২. যিহোৱাই ইস্ৰায়েলসকলক কেনেকৈ সুসজ্জিত কৰিছিল, কিন্তু পিছলৈ তেওঁলোকৰ সৈতে কি হʼল?
যিহোৱাই মোচিৰ সময়ত ইস্ৰায়েলসকলক ধাৰ্ম্মিকতাৰ পথেৰে গমন কৰাবলৈ আধ্যাত্মিকভাৱে সুসজ্জিত কৰিছিল। কিন্তু সা.যু.পূ. আঠ শতিকাত ইস্ৰায়েলসকলৰ আধ্যাত্মিক অৱস্থাৰ অৱনতি চূড়ান্ত সীমা চুইছিল, যাৰ বাবে যিহোৱাই তেওঁলোকক দোষী সাবস্ত্য কৰিলে। এই বিষয়ে বিস্তৃতভাৱে হোচেয়া ১০-১৪ অধ্যায়ত পঢ়িবলৈ পোৱা যায়।
২ ইস্ৰায়েলসকলৰ হৃদয়ত কপটীয়া বিচাৰধাৰাবোৰ বাঁহ লʼবলৈ ধৰিছিল। এই দহ জাতিৰ লোকসকলে ‘দুষ্টতাৰূপ ভূমি চহালে আৰু অন্যায়ৰূপ শস্য দালে।’ (হোচেয়া ১০:১, ১৩) লক্ষ্য কৰক যে আৰম্ভণিতে যিহোৱাই তেওঁলোকৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিছিল। এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “ইস্ৰায়েলৰ লৰা কালত মই তাক স্নেহ কৰিছিলোঁ, আৰু মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।” (হোচেয়া ১১:১) যিহোৱাই কেনেকৈ তেওঁলোকক মিচৰৰ দাসত্বৰ পৰা উদ্ধাৰ কৰিছিল, সেই বিষয়ে তেওঁলোকে পাহৰি গʼল আৰু তেওঁৰ আগত মিছা কথা আৰু প্ৰৱঞ্চনা কৰিবলৈ ধৰিলে। (হোচেয়া ১১:১২) সেইবাবে যিহোৱাই তেওঁলোকক পৰামৰ্শ দি এইদৰে কৈছিল: “তুমি তোমাৰ ঈশ্বৰলৈ ঘূৰা; দয়া আৰু ন্যায় বিচাৰ পালন কৰা।”—হোচেয়া ১২:৬.
৩. বিদ্ৰোহী চমৰিয়াৰ সৈতে কি ঘটিবলগীয়া আছিল, কিন্তু ইস্ৰায়েলসকল কেনেকৈ দয়াৰ পাত্ৰ হʼব পাৰিলেহেঁতেন?
৩ বিদ্ৰোহী চমৰিয়া আৰু ইয়াৰ ৰজাবোৰৰ সৰ্ব্বনাশ হʼব লগীয়া আছিল। (হোচেয়া ১৩:১১, ১৬) তথাপিও হোচেয়াৰ ভৱিষ্যতবাণীৰ শেষ অধ্যায়ৰ আৰম্ভণী এক অনুৰোধৰ দ্বাৰা হৈছে; যাৰ বিষয়ে এইদৰে কৈছে: “হে ইস্ৰায়েল, তোমাৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা।” যদি তেওঁলোকে প্ৰায়শ্চিত্ত কৰি যিহোৱাৰ পৰা ক্ষমা বিচাৰে, তেন্তে তেওঁলোকলৈ দয়া দেখুৱা হʼব। কিন্তু ইয়াৰ বাবে তেওঁলোকে ‘যিহোৱাৰ সকলো সৰল পথৰ’ বিষয়ে জানি, সেই অনুসাৰে চলিব লাগিছিল।—হোচেয়া ১৪:১-৬, ৯.
৪. আমি এতিয়া কেনে সিদ্ধান্তবোৰৰ বিষয়ে আলোচনা কৰিম?
৪ হোচেয়া ভৱিষ্যতবাণীৰ অধ্যায়ত এনে কিছুমান সিদ্ধান্ত দাঙি ধৰিছে যি আমাক যিহোৱাৰ সৈতে চলিবলৈ সহায় কৰিব। এতিয়া আঁহক আমি এই সিদ্ধান্তবোৰৰ বিষয়ে আলোচনা কৰোঁহঁক: (১) যিহোৱাই তেওঁৰ সেৱা নিষ্কপট হৃদয়েৰে কৰাটো বিচাৰে, (২) যিহোৱাই তেওঁৰ লোকসকললৈ আনুগত্য প্ৰেম দেখুৱায়, (৩) আমি নিৰন্তৰে যিহোৱাত ভাৰসা ৰাখা উচিত আৰু (৫) পাপ কৰোঁতাসকলে যিহোৱালৈ ঘূৰি আহিব পাৰে।
যিহোৱাই তেওঁৰ সেৱা নিষ্কপট হৃদয়েৰে কৰাটো বিচাৰে
৫. আমি কেনে ধৰণৰ উপাসনা কৰাটো যিহোৱাই বিচাৰে?
৫ আমি নিষ্কপট হৃদয়েৰে সেৱা কৰাটো যিহোৱাই বিচাৰে। প্ৰাচীন ইস্ৰায়েলসকল ফল-উৎপন্নকাৰী নোহোৱা “জক্মকীয়া দ্ৰাক্ষালতাস্বৰূপ” আছিল। তেওঁলোকে মিছা উপাসনাৰ সম্বন্ধে ঠায়ে ঠায়ে ‘অনেক যজ্ঞ-বেদী’ স্থাপন কৰিছিল। আনকি তেওঁলোকৰ ধৰ্মচ্যুত ব্যক্তিসকলে অশুদ্ধ উপাসনাৰ নিমিত্তে উত্তম স্তম্ভবোৰ সাজিছিল। যিহোৱাই অতি শীঘ্ৰেই তেওঁলোকে স্থাপন কৰা যজ্ঞ-বেদী আৰু স্তম্ভবোৰ ধ্বংস কৰিবলগীয়া আছিল।—হোচেয়া ১০:১, ২.
৬. আমি যদি ঈশ্বৰৰ সৈতে চলিব বিচাৰিছোঁ, তেন্তে কিহৰ পৰা আঁতৰি থকা উচিত?
৬ যিহোৱাৰ উপাসকবিলাকৰ মাজত কপটীয়া বিচাৰধাৰাবোৰৰ কোনো স্থান নাই। তথাপিও ইস্ৰায়েলসকলৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকে কপটময় হৃদয় বিকশিত কৰা নাছিলনে বাৰু! যদিও তেওঁলোকে এক সমৰ্পিত লোক হিচাপে যিহোৱাৰ সৈতে নিয়ম স্থাপিত কৰিছিল, তথাপিও যিহোৱাই তেওঁলোকক দোষী সাবস্ত্য কৰিছিল। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যিহেতু আমি নিজকে যিহোৱালৈ সমৰ্পিত কৰাৰ বাবে কপটময় হৃদয় বিকশিত কৰাটো উচিত নহয়। কিয়নো হিতোপদেশ ৩:৩২ পদৰ অনুসাৰে, “কুটিল লোক যিহোৱাৰ ঘিণলগীয়া; কিন্তু তেওঁৰ গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ লগতহে।” গতিকে যিহোৱাৰ সৈতে চলিবলৈ আমি তেওঁক “শুচি হৃদয়, উত্তম বিবেক আৰু অকল্পিত বিশ্বাসেৰে” উপাসনা কৰা উচিত।—১ তীমথিয় ১:৫.
যিহোৱাই তেওঁৰ লোকসকললৈ আনুগত্য প্ৰেম দেখুৱায়
৭, ৮. (ক) আমি কেনে পৰিস্থিতিটো যিহোৱাৰ আনুগত্য প্ৰেমৰ দ্বাৰা লাভৱান হʼব পাৰোঁ? (খ) আমি যদি কোনো গম্ভীৰ পাপ কৰিছোঁ, তেন্তে কেনে পদক্ষেপ লোৱা উচিত?
৭ আমি যদি নিষ্কপট হৃদয়েৰে আৰু ন্যায়পৰায়ণতাৰে যিহোৱাৰ উপাসনা কৰোঁ, তেন্তে তেওঁ আমালৈ আনুগত্য প্ৰেম প্ৰকাশ কৰিব। বিপথে যোৱা ইস্ৰায়েলসকলক এইদৰে কোৱা হৈছিল: “তোমালোকে তোমালোকৰ নিমিত্তে ধাৰ্ম্মিকতাত কঠীয়া বোৱা, আৰু দয়া অনুসাৰে দোৱা, পতিত ভূমি চহোৱা; কিয়নো, যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্ম্মিকতাৰূপ বৃষ্টি নবৰ্ষোৱালৈকে, তেওঁক বিচাৰিবৰ সময় আছে।”—হোচেয়া ১০:১২.
৮ ইস্ৰায়েলসকলে প্ৰায়শ্চিত্ত কৰি যিহোৱাক বিচৰা হʼলে, যিহোৱাই নিশ্চয়ে তেওঁলোকক ‘ধাৰ্ম্মিকতাৰে শিক্ষা প্ৰদান কৰিলেহেঁতেন।’ আমি যদি ব্যক্তিগতভাৱে কোনো গম্ভীৰ পাপ কৰিছোঁ, তেন্তে আঁহক আমি ক্ষমা বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা আৰু মণ্ডলীৰ প্ৰাচীনসকলৰ পৰা পৰামৰ্শ বিচাৰোঁহঁক। (যাকোব ৫:১৩-১৬) তদুপৰি আমি ঈশ্বৰৰ আত্মাৰ মাৰ্গদৰ্শন বিচাৰোঁহঁক, কিয়নো শাস্ত্ৰীয় পদত কৈছে যে, “যি জনে নিজৰ মাংসৰ উদ্দেশে বয়, তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশে বয়, আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।” (গালাতীয়া ৬:৮) যদি আমি ‘আত্মাৰ উদ্দেশে’ বওঁ, তেন্তে নিৰন্তৰে যিহোৱাৰ আনুগত্য প্ৰেমৰ দ্বাৰা লাভৱান হʼব পাৰিম।
৯, ১০. হোচেয়া ১১:১-৪ পদটো কেনেকৈ ইস্ৰায়েলৰ বাবে প্ৰযোজ্য?
৯ আমি আশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই কেতিয়াও তেওঁৰ লোকসকলৰ সৈতে কঠোৰতাৰে ব্যৱহাৰ নকৰে। ইয়াৰ প্ৰমাণ আমি হোচেয়া ১১:১-৪ পদত পঢ়িবলৈ পাওঁ: “ইস্ৰায়েলৰ লৰা কালত মই তাক স্নেহ কৰিছিলোঁ, আৰু মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ। . . . তেওঁবিলাকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ নিমিত্তে ধূপ জ্বলাইছিল। তথাপি মই ইফ্ৰয়মিক খোজ কাঢ়িবলৈ শিকালোঁ তেওঁবিলাকক মোৰ কোলাত ললোঁ; কিন্তু মই যে তেওঁবিলাকক সুস্থ কৰিলোঁ তাক তেওঁবিলাকে নুবুজিলে। মই মানুহৰ যোগ্য ৰছীৰে, প্ৰেমজৰীৰে তেওঁবিলাকক টানি আনিলোঁ; আৰু মই তেওঁবিলাকলৈ, ডিঙিৰ পৰা যুৱলিখন দাঙি গুচুউৱা মানুহ যেন হলোঁ আৰু মই মৰম কৰি তেওঁবিলাকক আহাৰ দিলোঁ।”
১০ লক্ষ্য কৰক যে ইয়াত ইস্ৰায়েলসকলক এটি সৰু লʼৰাৰ সৈতে তুলনা কৰিছে। যিহোৱাই তেওঁলোকক যত্নেৰে খোজ কাঢ়িবলৈ শিকালে আৰু কোলাত বহুৱালে। তদুপৰি তেওঁলোকক ‘প্ৰেমজৰীৰে টানি আনিলে।’ এনে এক দৃশ্যৰ বিষয়ে কল্পনা কৰাটো কিযে এক মৰ্মস্পৰ্শী বিষয়! কল্পনা কৰক যে, আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে নিজৰ সন্তানটিক খোজ কাঢ়িবলৈ শিকাইছে। সন্তানটি যাতে উজুটি খাই নপৰে, তাৰ বাবে আপুনি হাত দুখন মেলি থৈছে বা ৰছীত ধৰি ধৰি তেওঁ বা তাইক খোজ কাঢ়িবলৈ শিকাইছে। ঠিক সেইদৰে যিহোৱাই আপোনাৰ সৈতে যত্নেৰে ব্যৱহাৰ কৰে। তেওঁ আপোনাক “প্ৰেমজৰীৰে” পৰিচালিত কৰিবলৈ পাই আনন্দিত হয়।
১১. যিহোৱাই কি অৰ্থত ‘ডিঙিৰ পৰা যুৱলিখন দাঙি গুচুউৱা মানুহৰ’ নিচিনা আছিল?
১১ যিহোৱাই ‘ডিঙিৰ পৰা যুৱলিখন দাঙি গুচুউৱা আৰু মৰম কৰি আহাৰ দিয়া মানুহজনৰ’ নিচিনা হৈ ইস্ৰায়েলসকলৰ সৈতে ব্যৱহাৰ কৰিছিল। কিন্তু যেতিয়া তেওঁলোকে যিহোৱাৰ আজ্ঞাকাৰী হৈ থাকিবলৈ নিবিচাৰিলে, তেতিয়া তেওঁলোকক শত্ৰুৰ হাতত গতাই দিলে। (দ্বিতীয় বিবৰণ ২৮:৪৫, ৪৮; যিৰিমিয়া ২৮:১৪) গতিকে আঁহক আমি চয়তানৰ দ্বাৰা পৰিচালিত হৈ কোনো দুখ-কষ্ট ভূগাৰ পৰিৱৰ্তে প্ৰেমময় ঈশ্বৰৰ সৈতে চলি থাকোঁহঁক।
নিৰন্তৰে যিহোৱাত ভাৰসা ৰাখা
১২. হোচেয়া ১২:৬ পদৰ অনুসাৰে যিহোৱাৰ সৈতে চলি থাকিবলৈ কি কৰা উচিত?
১২ আমি যিহোৱাৰ সৈতে চলি থাকিবলৈ নিৰন্তৰে তেওঁৰ ওপৰত ভাৰসা ৰাখা উচিত। ইস্ৰায়েলসকলক এইদৰে কোৱা হৈছিল: “তুমি তোমাৰ ঈশ্বৰলৈ ঘূৰা; দয়া আৰু ন্যায় বিচাৰ পালন কৰা, আৰু অনবৰত তোমাৰ ঈশ্বৰলৈ অপেক্ষা কৰা।” (হোচেয়া ১২:৬) তেওঁলোকে দয়া, ন্যায় আৰু ‘নিৰন্তৰে যিহোৱাত ভাৰসা ৰাখাৰ’ দ্বাৰা প্ৰায়শ্চিত্ত কৰা প্ৰমাণ দিব পাৰিলেহেঁতেন। আমি সম্ভৱতঃ বহু বছৰ ধৰি যিহোৱাৰ সৈতে চলি থকাৰ স্বত্বেও দয়া, ন্যায় আৰু নিৰন্তৰে তেওঁত ভাৰসা ৰাখা উচিত।—গীত ২৭:১৪.
১৩, ১৪. পাঁচনি পৌলে উদ্ধৃত কৰা হোচেয়া ১৩:১৪ পদটোৱে আমাক যিহোৱাত ভাৰসা ৰাখিবলৈ কি কাৰণ প্ৰদান কৰে?
১৩ ইস্ৰায়েলসকলৰ সম্বন্ধে থকা হোচেয়াৰ ভৱিষ্যতবাণীয়ে ঈশ্বৰত ভাৰসা ৰাখাৰ এক মুখ্য কাৰণ দাঙি ধৰিছে। যিহোৱাই কোৱা এই বাক্যবোৰ লক্ষ্য কৰক। তেওঁ এইদৰে কৈছে: “মই চিয়োলৰ হাতৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিম, মৃত্যুৰ পৰা তেওঁবিলাকক মুক্ত কৰিম; হে মৃত্যু, তোমাৰ মহামাৰী কʼত? হে চিয়োল, তোমাৰ সংহাৰ কʼত? মনপালটন মোৰ চকুৰ পৰা গুপ্ত থাকিব।” (হোচেয়া ১৩:১৪) যিহোৱাই স্বাভাৱিক মৃত্যুৰ পৰা ইস্ৰায়েলসকলক উদ্ধাৰ কৰা নাছিল, কিন্তু নিকট ভৱিষ্যতে তেওঁ মৃত্যুকো চিৰকাললৈকে নাইকিয়া কৰিবলগীয়া আছিল।
১৪ এই সম্পৰ্কে পাঁচনি পৌলে হোচেয়াৰ ভৱিষ্যতবাণীৰ উদ্ধৃত কৰি তেওঁৰ সঙ্গী অভিষিক্ত সকলক এইদৰে কৈছিল: “যেতিয়া এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক, আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে, জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হল, সেয়ে সিদ্ধ হব। হে মৃত্যু, তোমাৰ জয় কʼত? হে মৃত্যু, তোমাৰ হুল কʼত? মৃত্যুৰ হুল পাপ, আৰু পাপৰ বল বিধান; কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে।” (১ কৰিন্থীয়া ১৫:৫৪-৫৭) ঈশ্বৰৰ স্মৃতিত থকা লোকসকল পুনৰাই জী উঠিব, সেই বিষয়ে তেওঁ যীচুক পুনৰুত্থান কৰি এক মহান আশা প্ৰদান কৰিছিল। (যোহন ৫:২৮, ২৯) গতিকে যিহোৱাত ভাৰসা ৰাখা কিযে এক আনন্দৰ বিষয়! তদুপৰি আমি যিহোৱাৰ সৈতে চলিবলৈ আৰু এটা দৃঢ় কাৰণ আছে।
যিহোৱাৰ সকলো পথ সৰল
১৫, ১৬. চমৰিয়াৰ সম্বন্ধে কি ভৱিষ্যতবাণী কৰা হৈছিল আৰু ইয়াৰ পূৰ্ণতা কেতিয়া হʼল?
১৫ ‘যিহোৱাৰ সকলো পথ সৰল’ বুলি থকা দৃঢ় বিশ্বাসে আমাক তেওঁৰ সৈতে নিৰন্তৰে চলি থাকিবলৈ সহায় কৰে। চমৰিয়াৰ লোকসকলে ধাৰ্ম্মিকতাৰ পথেদি গমন কৰিবলৈ ত্যাগ দিছিল। গতিকে তেওঁলোকৰ অপৰাধ আৰু অল্প বিশ্বাসৰ বাবে পৰিণাম ভূগীবলগীয়া আছিল। যাৰ বিষয়ে এইদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “চমৰিয়াই নিজৰ দোষৰ ভাৰ বব, কৰণ তাই নিজ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁবিলাক তৰোৱালৰ দ্বাৰাই পতিত হব, তেওঁবিলাকৰ শিশুবিলাকক আছাৰি ডোখৰ ডোখৰ কৰা হব, আৰু তেওঁবিলাকৰ গৰ্ভৱতী তিৰোতাবিলাকৰ উদৰ ফলা হব।” (হোচেয়া ১৩:১৬) ইতিহাসে স্পষ্টকৈ প্ৰমাণ কৰিছে যে কেনেকৈ অচূৰৰ সৈন্য-বাহিনীয়ে আহি চমৰীয়া নগৰখন ধ্বংস কৰি নিষ্ঠুৰতাৰে ইস্ৰায়েলসকলৰ সৈতে ব্যৱহাৰ কৰিছিল।
১৬ ইয়াত উল্লেখ কৰা ইস্ৰায়েলৰ দহ জাতিৰ ৰাজ্যৰ ৰাজধানী চমৰিয়া হয়তো সম্পূৰ্ণ ৰাজ্যখনক বুজাইছে। (১ ৰাজাৱলি ২১:১) সা.যু.পূ. ৭৪২ চনত অচূৰৰ ৰজা চলমনেচৰ পঞ্চমে চমৰিয়া নগৰখন আক্ৰমণ কৰিলে। অৱশেষত সা.যু.পূ. ৭৪০ চনত সেই নগৰখন সম্পূৰ্ণকৈ ধ্বংস হʼল আৰু তাৰ সৰহভাগ নিবাসীক বন্দী হিচাপে মিচপতামিয়া আৰু মাদিয়ালৈ নিয়া হʼল। আজিলৈকে এই কথাষাৰ স্পষ্ট হোৱা নাই যে চমৰিয়া নগৰখন ৰজা চলমনেচৰ পঞ্চম বা তেওঁৰ পিছৰজন ৰজা চৰ্গোন দ্বিতীয়ই অধিকাৰ কৰিলে। (২ ৰাজাৱলি ১৭:১-৬, ২২, ২৩; ১৮:৯-১২) যিয়েই নহওক, চৰ্গোন অভিলেখৰ অনুসাৰে উজনিৰ ফৰাৎ মহানদী আৰু মাদিয়া অঞ্চললৈ বন্দী কৰি নিয়া ইস্ৰায়েলসকলৰ সংখ্যা আছিল ২৭,২৯০ জন।
১৭. আমি ঈশ্বৰৰ স্তৰ তুচ্ছ বুলি মনাৰ পৰিৱৰ্তে কি কৰা উচিত?
১৭ চমৰিয়াৰ নিবাসীসকলে যিহোৱাৰ সৰল পথবোৰৰ অনুসাৰে নচলাৰ বাবে গম্ভীৰ পৰিণামৰ সম্মুখীন হʼবলগীয়া হʼল। ঠিক সেইদৰে যদি আমি সমৰ্পিত খ্ৰীষ্টানসকলে যিহোৱাৰ স্তৰৰ অনুসাৰে নচলি পাপময় কাৰ্য্যত লিপ্ত হওঁ, তেন্তে আমিও গম্ভীৰ পৰিণামৰ সম্মুখীন হʼব লাগিব। এতেকে আঁহক আমি কেতিয়াও তেনে পাপময় কাৰ্য্য বা মনোবৃত্তি বিকশিত নকৰোঁহঁক। বৰঞ্চ, আমি সকলোৱে পাঁচনি পিতৰৰ এই পৰামৰ্শ মানি চলোঁহঁক: “তোমালোকৰ মাজত কোনেও নৰ-বধী, বা চোৰ, বা কুকৰ্ম্মকাৰী, বা পৰ-চৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক; কিন্তু খ্ৰীষ্টীয়ান হোৱা কাৰণে যদি দুখভোগ কৰে, তেন্তে তেওঁ লজ্জিত নহৈ, সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক।”—১ পিতৰ ৪:১৫, ১৬.
১৮. আমি কেনেকৈ ‘ঈশ্বৰক স্তুতি কৰিব’ পাৰোঁ?
১৮ আমি নিজৰ ইচ্ছাৰ অনুসাৰে চলাৰ পৰিৱৰ্তে যিহোৱাৰ সৰল পথবোৰ অনুকৰণ কৰি ‘তেওঁক স্তুতি কৰি’ থকা উচিত। যিহোৱাৰ সতৰ্কবাণীৰ প্ৰতি মনোযোগ নিদি নিজৰ ইচ্ছাৰ অনুসাৰে চলাৰ বাবে কয়িনে তেওঁৰ ভায়েক হাবিলক বধ কৰিলে। (আদিপুস্তক ৪:১-৮) বিলিয়মে মোৱাবৰ ৰজাৰ পৰা পুৰষ্কাৰ লৈ ইস্ৰায়েলসকলক শাও দিবলৈ গৈছিল, কিন্তু বিফল হʼল। (গণনা পুস্তক ২৪:১০) কোৰহ আৰু তেওঁৰ লগৰীয়াসকলে মোচি আৰু হাৰোণৰ বিৰুদ্ধে থিয় হোৱাৰ বাবে ঈশ্বৰে মৃত্যুদণ্ড দিলে। (গণনা পুস্তক ১৬:১-৩, ৩১-৩৩) আমি নিশ্চয়ে হত্যাকাৰী “কয়িনৰ পথ,” “বিলিয়মৰ ভ্ৰান্তিৰূপ পথ” আৰু “কোৰহৰ প্ৰতিবাদত” সন্মিলিত হʼবলৈ নিবিচাৰোঁ। (যিহূদা ১১) যদি আমি বিপথগামী হৈছোঁ, তেন্তে হোচেয়াৰ ভৱিষ্যতবাণীয়ে আমালৈ শান্ত্বনা প্ৰদান কৰিছে।
পাপ কৰোঁতাসকলে যিহোৱালৈ ঘূৰি আহিব পাৰে
১৯, ২০. প্ৰায়শ্চিত্ত ইস্ৰায়েলসকলে কেনে বলিদানসমূহ কৰিবলৈ সক্ষম হৈছিল?
১৯ আনকি গম্ভীৰ পাপ কৰি উজুটি খোৱা সকলে যিহোৱালৈ ঘূৰি আহিব পাৰে। আমি হোচেয়া ১৪:১, ২ পদত এইদৰে পঢ়িবলৈ পাওঁ: “হে ইস্ৰায়েল, তোমাৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, কিয়নো তুমি নিজ অপৰাধৰ দ্বাৰাই পতিত হলা। তোমালোকে বাক্যৰূপ উপহাৰ লগত লৈ যিহোৱালৈ ঘূৰা; তেওঁক এই কথা কোৱা, তুমি আটাই অপৰাধ দূৰ কৰা, যি উত্তম, তাক গ্ৰহণ কৰা; তাতে আমি আমাৰ ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ কৰিম।”
২০ প্ৰায়শ্চিত্ত কৰা ইস্ৰায়েলসকলে ‘ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ কৰিবলৈ’ সক্ষম হৈছিল। ইয়ে আন্তৰিকতাৰে ঈশ্বৰৰ স্তুতি কৰাৰ প্ৰমাণ আছিল। পাঁচনি পৌলে হোচেয়াৰ ভৱিষ্যতবাণীলৈ উনুকিয়াই খ্ৰীষ্টানসকলক “ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ” কৰিবলৈ কৈছিল। (ইব্ৰী ১৩:১৫) বৰ্তমান সময়ত ঈশ্বৰৰ সৈতে চলা আৰু তেনে ধৰণৰ উৎসৰ্গ কৰিবলৈ পোৱাটো কিযে এক মহান বিশেষাধিকাৰ!
২১, ২২. প্ৰায়শ্চিত্ত ইস্ৰায়েলসকলে কেনে পুনঃস্থাপনাৰ অনুভৱ কৰিবলগীয়া আছিল?
২১ যেতিয়া ইস্ৰায়েলসকলে কুকৰ্ম্মৰ পথবোৰ ত্যাগ কৰি যিহোৱালৈ ঘূৰি আহিল আৰু ‘ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ’ কৰিলে, তেতিয়া তেওঁলোকে ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসাৰে আধ্যাত্মিকভাৱে পুনৰুজ্জীৱিত হোৱা অনুভৱ কৰিলে। এই সম্বন্ধে হোচেয়া ১৪:৪-৭ পদত এইদৰে কৈছে: “মই তেওঁবিলাকৰ বিপথ-গমনস্বৰূপ ৰোগ সুস্থ কৰিম, মই এনেই তেওঁবিলাকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তাৰ পৰা ঘূৰিল। মই ইস্ৰায়েললৈ নিয়ৰস্বৰূপ হম; তেওঁ কনাৰি ফুলৰ নিচিনাকৈ ফুলিব, আৰু লিবানোনৰ নিচিনাকৈ মূল ধৰিব। তেওঁৰ গজালিবোৰ বাঢ়ি যাব; জিতগছৰ নিচিনা তেওঁৰ শোভা, আৰু লিবানোনৰ নিচিনা তেওঁৰ সুগন্ধ হব। তেওঁৰ ছাঁত বাস কৰাবিলাক পুনৰায় আহিব, শস্যৰ দৰে পুনৰ্জীৱিত হব, দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব, আৰু লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁৰ সুখ্যাতি হব।”
২২ প্ৰায়শ্চিত্ত ইস্ৰায়েলসকল পুনৰাই আধ্যাত্মিকভাৱে সুস্থ হʼব আৰু পুনৰাই ঈশ্বৰৰ প্ৰেমত আনন্দিত হʼব। যিহোৱাই তেওঁলোকলৈ প্ৰচুৰমাত্ৰাত আশীৰ্ব্বাদ বৰ্ষায় নিয়ৰস্বৰূপ হʼব। পুনৰাই গঢ়ি উঠা ঈশ্বৰৰ লোকসকল “জিতগছৰ নিচিনা” হʼব আৰু তেওঁৰ পথবোৰত চলিব। আমি স্বয়ং যিহোৱাৰ সৈতে চলিবলৈ সঙ্কল্প লৈছোঁ, গতিকে আমাৰ পৰা কি অপেক্ষা কৰা হৈছে?
যিহোৱাৰ সৰল পথবোৰৰ অনুসাৰে চলক
২৩, ২৪. হোচেয়াৰ কিতাপখন কেনে উৎসাহজনক ভৱিষ্যতবাণীৰ দ্বাৰা সমাপ্তি হৈছে আৰু ই আমাক কেনেকৈ প্ৰভাৱিত কৰে?
২৩ যদি আমি ঈশ্বৰৰ সৈতে চলি থাকিবলৈ বিচাৰিছোঁ, তেন্তে ‘ওপৰৰ পৰা অহা জ্ঞান’ আৰু তেওঁৰ সৰল পথবোৰৰ অনুসাৰে জীৱন-যাপন কৰা উচিত। (যাকোব ৩:১৭, ১৮) হোচেয়াৰ শেষ অধ্যায়ৰ সমাপ্তিত এইদৰে কৈছে: “জ্ঞানৱানে এইবোৰ কথা বুজিব, বুদ্ধিমানে এইবোৰ কথা জানিব; কিয়নো যিহোৱাৰ সকলো পথ সৰল, আৰু ধাৰ্ম্মিকবিলাকে সেইবোৰত গমন কৰিব, কিন্তু অধাৰ্ম্মিকবিলাকে সেইবোৰৰ মাজত উজুটি খাই পৰিব।”—হোচেয়া ১৪:৯.
২৪ আঁহক আমি এই জগতৰ স্তৰ আৰু জ্ঞানৰ পৰিৱৰ্তে যিহোৱাৰ সৰল পথবোৰৰ অনুসাৰে চলিবলৈ সঙ্কল্প লওঁহঁক। (দ্বিতীয় বিবৰণ ৩২:৪) হোচেয়াই বিশ্বাসী হৈ ৫৯ বছৰতকৈ অধিক সময় ভৱিষ্যতবক্তা হিচাপে কাৰ্য্য কৰিল। তেওঁ জানিছিল যে বুদ্ধিমান আৰু সুবিবেচক ব্যক্তিসকলে ঈশ্বৰৰ বাক্যবোৰৰ প্ৰতি মনোযোগ দিব। আমাৰ সম্বন্ধে কি কʼব পাৰি? আমি যিহোৱাই নোকোৱালৈকে নম্ৰ মনৰ ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা কৰি ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ’ সৈতে একেলগে শুভবাৰ্ত্তা প্ৰচাৰ কৰি থাকোঁহঁক।—মথি ২৪:৪৫-৪৭.
২৫. হোচেয়াৰ ভৱিষ্যতবাণী বিবেচনা কৰাৰ দ্বাৰা আমি কি কৰিবলৈ সহায় পাওঁ?
২৫ এতিয়া আঁহক আমি হোচেয়া ভৱিষ্যতবাণীৰ পৰা যি শিকিলোঁ তাক মনত ৰাখি চিৰকাল জীয়াই থকা আশাৰে যিহোৱাৰ সৈতে চলি থাকোঁহঁক। (২ পিতৰ ৩:১৩; যিহূদা ২০, ২১) সঁচাকৈ, ই কিযে এক অত্যুত্তম আশা! আমি যেতিয়া ‘যিহোৱাৰ সৰল পথবোৰৰ’ অনুসাৰে কাৰ্য্য কৰিম, তেতিয়া আমাৰ বাবে সেই আশা বাস্তৱিক হৈ পৰিব। (w05 11/15)
আপুনি কেনেকৈ উত্তৰ দিব?
• যদি আমি নিষ্কপট হৃদয়েৰে যিহোৱাক উপাসনা কৰোঁ, তেন্তে তেওঁ আমাৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব?
• আমি কিয় নিৰন্তৰে যিহোৱাত ভাৰসা ৰাখা উচিত?
• আপুনি কিয় যিহোৱাৰ পথবোৰ সৰল বুলি কʼব?
• আমি কেনেকৈ নিৰন্তৰে যিহোৱাৰ সৰল পথবোৰত চলি থাকিব পাৰোঁ?
[১৪ পৃষ্ঠাৰ ছবি]
আধ্যাত্মিক সহায়ৰ বাবে মণ্ডলীৰ প্ৰাচীনসকলৰ কাষ চপা
[১৫ পৃষ্ঠাৰ ছবি]
হোচেয়া ভৱিষ্যতবাণীয়ে আমাক পুনৰুত্থানৰ সম্বন্ধে থকা যিহোৱাৰ প্ৰতিজ্ঞাত ভাৰসা ৰাখিবলৈ সহায় কৰে
[১৭ পৃষ্ঠাৰ ছবিসমূহ]
চিৰকাল জীয়াই থকা আশাক মনত ৰাখি যিহোৱাৰ সৈতে চলি থাকক