ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/৯৯ পৃষ্ঠা ৭
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আঁহক আমি আমাৰ উপাসনা স্থান পৰিপাটিকৈ ৰাখোঁহঁক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/৯৯ পৃষ্ঠা ৭

প্ৰশ্ন বক্স

▪ ৰাজ্যগৃহ পৰিষ্কাৰকৈ ৰখাটো কাৰ দায়ীত্ব?

এখন পৰিষ্কাৰ পৰিচ্ছন্নতা থকা সুন্দৰ ৰাজ্যগৃহই আমি কৰা প্ৰচাৰৰ বাৰ্ত্তাত অনুকূলৰূপে প্ৰতিফলিত কৰে। (১ পিতৰ ২:⁠১২ তুলনা কৰক।) ৰাজ্যগৃহক পৰিপাটি আৰু সুন্দৰকৈ ৰখাটো অতি আৱশ্যক। ইয়াক ভালদৰে আৰু সুন্দৰকৈ ৰাখিবলৈ সকলোৱে কাৰ্য্য কৰিব পাৰে। আমি এইটো আশা কৰাটো উচিত নহয় যে ইয়াৰ সকলো ভাৰ মাত্ৰ কিছুমান লোকেহে লোৱা আৱশ্যক। সাধাৰণতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম, মণ্ডলীৰ পুস্তক অধ্যয়নৰ গ্ৰুপৰ অনুসৰি ব্যৱস্থা কৰা হয়, যʼত অধ্যয়নৰ পৰিচালক বা তেওঁৰ সহায়কে নেতৃত্ব লয়। যি ৰাজ্যগৃহবোৰত এটাতকৈ বেছি মণ্ডলী একত্ৰিত হয়, তাত প্ৰাচীনে এই বিষয়বোৰত ব্যৱস্থা কৰিব যাতে মণ্ডলী­বোৰৰ সকলো ব্যক্তিয়ে ইয়াক পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি ৰাখিবলৈ ভাগ লব পাৰে।

এই দায়ীত্বক উত্তমৰূপে পালন কৰিবলৈ আমি কেনেকৈ কাৰ্য্য কৰিব পাৰোঁ? নিয়মিত তালিকাৰ অনুসৰি ৰাজ্যগৃহক পৰিষ্কাৰ কৰা উচিত। পৰিষ্কাৰ কাৰ্য্যৰ বাবে লাগতিয়াল সামগ্ৰী থকা আৱশ্যক। যি যি কাৰ্য্য কৰিব লাগে তাৰে এটা তালিকা তৈয়াৰ কৰি মণ্ডলীৰ নোটিচ বৰ্ডত লগোৱা উচিত যাতে ভাই-ভনীসকলে নিজ নিজ কাৰ্য্য বিষয়ে পৰামৰ্শ লব পাৰে। তাত হয়তো দুটা ভিন্ন তালিকা হব পাৰে, এটা হৈছে প্ৰত্যেক সভাৰ পাছত সাধাৰণতে কৰা পৰিষ্কাৰ কাৰ্য্য আৰু দ্বিতীয়টো হৈছে সপ্তাহিকৰূপে কৰা সম্পূৰ্ণকৈ ৰাজ্যগৃহ পৰিষ্কাৰ কৰা কাৰ্য্য। পুস্তক অধ্যয়ন পৰিচালকে সুবিধা অনুযায়ী পৰিষ্কাৰৰ বাবে দিন আৰু সময়ৰ তালিকা প্ৰস্তুত কৰা আৱশ্যক যাতে তাত নিযুক্তি থকা সকলোৰে বাবে সুবিধাজনক হয়। গছ-গছনিত আৰু ফুলনিৰ প্ৰতিও নিয়মীয়াকৈ মনোযোগ দিয়া আৱশ্যক। ফুটপাথ আৰু বাহন ৰখা স্থানবোৰত আৱৰ্জনাৰ পেলোৱা উচিত নহয়। হয়তো স্মাৰক উদ্‌যাপন কৰা কিছুদিনৰ আগতে বছৰত এবাৰ সম্পূৰ্ণ ৰাজ্যগৃহ পৰিষ্কাৰ কৰা আৱশ্যক। যʼত সন্মিলিত আছে খিৰিকী আৰু দেৱালবোৰ চফা কৰা, ৰং দিয়া, আৰু পৰ্দাবোৰ পৰিষ্কাৰ কৰা কাৰ্য্য ইত্যাদি।

নিশ্চয়ে, আমি সকলোৱে গৃহৰ বাহিৰত বা ভিতৰত আৱৰ্জনা নেপেলাই পৰিষ্কাৰৰ কাৰ্য্যৰ ভাৰ লঘু কৰিব পাৰোঁ। শৌচ-প্ৰচাৱৰ গৃহ ব্যৱহাৰ কৰাৰ পাছত পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ যাতে আন ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে। কিন্তু তাত থকা সুবিধাবোৰ যাতে অনিষ্ট নহয় তাৰ প্ৰতি সাৱধান হওঁক। অনিষ্ট হোৱা চকীবোৰ, পানীৰ পাইপ, বেয়া হোৱা লাইট বা বাল্ববোৰ, আৰু অন্য সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যগৃহৰ চোৱা-চিতাৰ বাবে দায়িত্বত থকা ভাই­জনক এইবোৰৰ বিষয়ে জনোৱা আৱশ্যক।

আহঁক আমি সকলোৱে আমাৰ দায়িত্বত থকা কাৰ্য্যসমূহ ইচ্ছাকৃতভাৱে কৰোঁহঁক। ইয়ে আমাক উপাসনাৰ বাবে এক সুন্দৰ গৃহ নিৰ্মাণ কৰাত আৰু যিহোৱা ঈশ্বৰৰ উপাসনা কৰা এক পৰিষ্কাৰ-পৰিচ্ছন্নতা থকা লোকৰূপে আনৰ পৰা পৃথক কৰিব।​—⁠১ পিত. ১:⁠১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক