এজন যিহূদী ব্যক্তিক আপুনি কি কব?
১ প্ৰথম শতাব্দীত, ‘ইস্ৰায়েলৰ সন্তানৰ’ বহুতো লোকে যীচু আৰু তেওঁৰ পাঁচনিসকলে কৰা প্ৰচাৰ কাৰ্য্যত প্ৰশংসনীয়ভাৱে সঁহাৰি জনাইছিল। (পাঁচনিৰ কৰ্ম্ম ১০:৩৬) প্ৰাৰম্ভিক সময়ৰ দৰে বৰ্তমান সময়ত বহুতো সৰল মনৰ যিহূদীসকলেও সত্যক পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰিছে—কেৱলমাত্ৰ ইজ্ৰায়েলতে নহয় কিন্তু ভাৰত, ৰুছিয়া, সংযুক্ত ৰাষ্ট্ৰ আৰু অন্যান্য দেশটো সত্যক গ্ৰহণ কৰিছে। যিহূদী লোকসকলৰ সৈতে সফলতাপূৰ্ব্বক কথা-বতৰা হোৱাটো আপুনি বিচাৰে নে? গোড়া যিহূদী আৰু সাধাৰণ যিহূদীসকলে কৌশলপূৰ্ণতাৰে সাক্ষী দিবলৈ তলত দিয়া পৰামৰ্শবোৰ আপোনাক সহায় কৰিব।
২ ধৰ্ম্মীয় যিহূদীসকলক সাক্ষী দিয়া: এইটো মনত ৰখা উচিত যে ধৰ্ম্মীয় যিহূদী লোকে প্ৰায়ে মূলনীতিত বৰ্ণনা কৰা শিক্ষাতকৈ ধৰ্ম্মীয় গুৰুবোৰৰ কথিত পৰম্পৰাক বেছি গুৰুত্ব দিয়ে। সাধাৰণতে তেওঁলোকে কথিত পৰম্পৰাক শাস্ত্ৰীয় অধিকাৰৰ সৈতে একেদৰে দৃষ্টি কৰে। সেইবাবে, তেওঁলোকে গভীৰভাৱে বাইবেলৰ বিষয়ক আলোচনা কৰিবলৈ আগ্ৰহী নহয়। তেওঁলোকে এইটোও ভাৱে যে বাইবেলখন হৈছে খ্ৰীষ্টানসকলৰ গ্ৰন্থ। এই কাৰণে, যেতিয়া বাইবেলৰ পৰা কোৱা হয় তেতিয়া বাইবেলক “হিব্ৰু শাস্ত্ৰ,” “তৌৰা,” বা শাস্ত্ৰ বুলি উল্লেখ কৰাটো উত্তম হʼব। সেইবাবে বিশেষকৈ যিহূদীসকলৰ বাবে এখন উপযুক্ত ব্ৰচাৰ তৈয়াৰ কৰা হৈছে যিখনৰ নাম হৈছে কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ হবনে? (ইংৰাজী)
৩ গোড়া যিহূদীসকলে কি কি বিষয়ত আগ্ৰহী হব পাৰে? তেওঁলোকে বিশ্বাস কৰে যে এজন ঈশ্বৰ আছে, যিজনে মানৱজাতিৰ প্ৰতি অতিশয়ৰূপে চিন্তা কৰে। তেওঁলোকে এইটোও বিশ্বাস কৰে যে ঈশ্বৰে মানৱজাতিৰ কাৰু-কাৰ্য্যৰ মাজত প্ৰৱেশ কৰিব। আপুনি হয়তো তেওঁলোকৰ সৈতে সহজভাৱে কথা-বতৰা হবলৈ এই বিষয়সমূহক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ওপৰিও, বহুতো যিহূদী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ লোকসকলে যান্ত্ৰণাত ভুগাৰ বিষয়ে ভালদৰে জানে। তেওঁলোকে আচৰিত হয় যে ঈশ্বৰে কিয় এনেধৰণৰ অন্যায়-অত্যাচাৰবোৰৰ অনুমতি দিছে আৰু কেতিয়া এই দুষ্টতাৰ অন্ত হʼব। আমি এনেধৰণৰ প্ৰশ্নবোৰৰ ভালদৰে উত্তৰ দিবলৈ প্ৰস্তুত আৰু উদাহৰণস্বৰূপে আমি কব পাৰো যে সেই সময়ত আমাৰ ভাইসকলো কি কি সমস্যাৰ সন্মূখীন হৈছিল।
৪ নিঃসন্দেহ, গৃহস্থক বিদ্বেষী কৰাৰ পৰা আতঁৰি থাকিবলৈ, আলোচনাৰ সময়ত তৎক্ষণাত মচীহৰ বিষয়টো উত্থাপন নকৰিব। তাৰ পৰিৱৰ্তে আপুনি হয়তো ইস্ৰায়েলৰ ইতিহাসত মোচিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব পাৰে আৰু যদি গৃহস্থই বিশ্বাস কৰে যে মোচিৰ শিক্ষা বৰ্তমান সময়তো ব্যৱহাৰিক, তেনেহʼলে তেওঁক প্ৰশ্ন সুধিব পাৰে। যেতিয়া মচীহৰ চিনাক্তকৰণৰ বিষয়ে আলোচনা কৰাটো উপযুক্ত যেন বোধ হব, তেতিয়া হয়তো আপুনি দ্বিতীয় বিবৰণ ১৮:১৬ পদটো পঢ়িব পাৰে, যিয়ে বাখ্যা কৰিছে: “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ মাজৰ পৰা, তোমাৰ ভাইবিলাকৰেই মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব; তোমালোকে তেওঁৰ কথালৈহে কাণ পাতিবা।” গৃহস্থক সোধক যে যেতিয়া মোচিয়ে তেওঁৰ দৰে এজন ভাববাদীৰ বিষয়ে কৈছিল তেতিয়া তেওঁৰ অভিপ্ৰায় কি আছিল। যুদ্ধ বিহীন সংসাৰ ব্ৰচাৰখনৰ, ১৪ পৃষ্ঠা, ১৭ আৰু ১৮ অনুচ্ছেদৰ পৰা কিছুমান বিষয় উল্লেখ কৰক।
৫ সাধাৰণ যিহূদীসকলে বিষয়বোৰক বেলেগ ধৰণে দৃষ্টি কৰে: যিসকলে নিজকে যিহূদী বুলি চিনাকি দিয়ে তেওঁলোকৰ সকলোৱে যিহূদী ধৰ্ম্মীয় শিক্ষা গ্ৰহণ নকৰে। বহুতো যিহূদীয়ে এইবোৰক জাগতিক বুলি দৃষ্টি কৰে। যিহূদী ধৰ্ম্ম অভ্যাস কৰা লোকসকলতকৈ তেওঁলোকে সংস্কৃতি, পৰম্পৰা, আৰু শিক্ষা ক্ষেত্ৰত নিজকে ভিন্ন যিহূদীৰূপে চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়ে। কিছুমান যিহূদী ব্যক্তি সন্দেহবাদী আৰু কিছুমানে ঈশ্বৰৰ অস্তিত্বক বিশ্বাস নকৰে। আৰম্ভণিতে, হিব্ৰু শাস্ত্ৰৰ পৰা কিছুমান পদ পঢ়ি তেনে ব্যক্তিক আগ্ৰহী কৰিব পাৰে। যিসকল গোড়া যিহূদী নহয় তেওঁলোকৰ সৈতে যিকোনো বিষয়ৰ সৈতে আলোচনা আৰম্ভ কৰিলে লাভজনক হব। উদাহৰণস্বৰূপে আপুনি বৰ্ণনা কৰিব পাৰে যে বাইবেল বৰ্তমান সময়ৰ বাবে কেনেকৈ ব্যৱহাৰিক। যদি গৃহস্থই বাইবেলখন ঈশ্বৰৰ অনুপ্ৰেৰিত বুলি বিশ্বাস নকৰে, তেওঁলোকক যুদ্ধ বিহীন সংসাৰ ব্ৰচাৰখনৰ পৰা কিছুমান বিষয় দেখুৱালে লাভজনক হব, বিশেষকৈ, ৩ পৃষ্ঠাত থকা ভাগৰ বিষয়টো “বাইবেল—ঈশ্বৰৰ নিশ্বাসিত নে?”
৬ যেতিয়া এজন যিহূদী ব্যক্তিক সাক্ষী দিয়ে, আপুনি কব পাৰে:
▪ “আমি নিজৰ আপোনজনক মৃত্যুত হেৰুৱাব লগীয়া হোৱাৰ বাবে শোকগ্ৰস্ত হওঁ। যেতিয়া আমি মৰোঁ, আমাৰ কি হয় বুলি আপুনি ভাৱে?” উত্তৰ বাবে সময় দিয়ক। তাৰ পাছত গৃহস্থক যুদ্ধ বিহীন সংসাৰ ব্ৰচাৰৰ পৰা ২২ পৃষ্ঠাত থকা বক্সৰ বিষয়টো দেখুৱাওঁক যাৰ শিৰোনামা হৈছে “মৃত্যু আৰু আত্মা—এইবোৰ কি? এই বক্সত গুৰুসকলৰ শিক্ষাৰ সৈতে শাস্ত্ৰই মৃত্যুৰ পাছত জীৱনৰ বিষয়ে কি কয় তাক তুলনা কৰা হৈছে। তাৰ পাছত ২৩ পৃষ্ঠাত থকা ১৭ অনুচ্ছেদটো খুলি দেখুৱাওঁক যে শাস্ত্ৰৰ অনুসাৰে পৰমদেশ পৃথিৱীত মৃতসকল জীৱনলৈ পুনৰুত্থান হব। ব্ৰচাৰখন আগবঢ়াওঁক। পুনৰ সাক্ষ্যাত বাবে প্ৰস্তুতি কৰিব বাবে, আপুনি উল্লেখ কৰিব পাৰে যে আদিপুৰুষ ইয়োবে পুনৰুত্থানৰ আশাক বিশ্বাস কৰিছিল। ১৭ অনুচ্ছেদৰ শেষত উদ্ধৃত থকা শাস্ত্ৰপদবোৰ উল্লেখ কৰি কওঁক যে আপুনি পুনৰ লগ পোৱা সময়ত এই বিষয়ে আলোচনা কৰিব বিচাৰে।
৭ মথি, মাৰ্ক, লূক, যোহন আৰু পাঁচনিৰ কৰ্ম্ম কিতাপত সেইসকল যিহূদী বিষয়ে কোৱা হৈছে যিসকলে সত্যক শুনিছিল আৰু সেইমতে কাৰ্য্য কৰিছিল। যিহোৱাই এতিয়াও অনন্তকালৰ বাবে জীৱনৰ পথক মুকলি কৰি ৰাখিছে। বহুতো সৰল মনৰ যিহূদীসকলে সত্য ঈশ্বৰ, যিহোৱাৰ বিষয়ে শিকিছে যাতে তেওঁলোকেও ঈশ্বৰৰ নতুন সংসাৰত চিৰকালৰ বাবে জীৱন লাভ কৰিব পাৰে।—মীখা ৪:১-৪.