যিহোৱাৰ নিৰপেক্ষতাক অনুকৰণ কৰক
১ যিহোৱাই সকলোৰ বাবে চিন্তাশীল। যিসকলে তেওঁৰ ইচ্ছাৰ অনুসৰি চলে, তেওঁ কোনো পক্ষপাত নকৰাকৈ তেওঁলোকক গ্ৰহণ কৰে। (পাঁচ. ১০:৩৪, ৩৫) যীচুৱে লোকসমূহক প্ৰচাৰ কৰা সময়ছোৱাত সেই একেই দৰে নিৰপেক্ষতা গুণক প্ৰতিফলিত কৰিছিল। (লূক ২০:২১) আমি তেওঁলোকে দেখুউৱা আৰ্হিক অনুকৰণ কৰা আৱশ্যক, যেনেকৈ পৌলে কৈছিল: “কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, সেই সকলোলৈ তেওঁ ধন্যবান।”—ৰোমী. ১০:১২.
২ ঈশ্বৰক সন্মানীত কৰিবলৈ আমি আনক ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ। তেওঁলোকৰ জাতি, সমাজ, শিক্ষা, আৰ্থিক অৱস্থা যিয়ে নহওঁক কিয় আমি নিশ্চয়ে তেওঁলোকক অপূৰ্ব বাৰ্ত্তাৰ বিষয়ে কোৱা উচিত। (ৰোমী. ১০:১১-১৩) ইয়াৰ অৰ্থ হৈছে আগ্ৰহী পুৰুষ, স্ত্ৰী, কিশোৰ-কিশোৰী, বৃদ্ধা সকলোকে প্ৰচাৰ কৰা আৱশ্যক। প্ৰত্যেক গৃহস্থসকলক সত্য জনাৰ সুযোগ দিবলৈ, আমি ঘৰে-ঘৰে প্ৰচাৰ কৰা উচিত।
৩ সকলোৰ প্ৰতি আগ্ৰহী হওঁক: যিমান সম্ভৱ, সকলোকে সাক্ষাৎ কৰাটোৱেই হৈছে আমাৰ প্ৰধান লক্ষ্য। এই কথা মনত ৰাখি, কিছুমান প্ৰচাৰকে ডাক্টৰ, চিকিৎসালয়, নাৰ্চিং হোম, জন-কল্যাণ অফিচ আৰু পুনৰ সংস্থাপনৰ প্ৰতিষ্ঠানসমূহত সাক্ষী দিয়া কাৰ্য্য কৰি সফলতা লাভ কৰিছে। ইয়াৰ উপৰিও, তেওঁলোকে আৰক্ষী বিষয়া, স্কুলৰ পৰিদৰ্শক, উপদেষ্টা আৰু ন্যায়ধীশসকলক সাক্ষী দিয়াত সফলতা লাভ কৰিছে। যেতিয়া অফিচবিলাকত সাক্ষী দিয়া কাৰ্য্য কৰে, তেতিয়া সমাজৰ উন্নতিৰ হকে কৰা তেওঁলোকৰ কাৰ্য্যৰ প্ৰতি প্ৰশংসা কৰক। সন্মানীয়ৰূপে তেওঁলোকৰ কাৰ্য্য আৰু তাৰ সৈতে জড়িত থকা সমস্যাবিলাকৰ ওপৰত আধাৰিত প্ৰবন্ধবোৰৰ বাচঁনি কৰক।
৪ এগৰাকী ভনীয়ে এজন ন্যায়াধীশক তেওঁৰ ঘৰত সাক্ষাৎ কৰি কথা-বতৰা পাতিবলৈ সক্ষম হৈছিল। এক ৰোমাঞ্চজনক কথা-বতৰাৰ পাছত, সেই ন্যায়াধীশ জনে কৈছিল: “আপুনি জানেনে, মই যিহোৱা সাক্ষীসকলক কিয় পছন্দ কৰোঁ? কিয়নো তেওঁলোকৰ অটল সিদ্ধান্ত আছে যাৰ পৰা তেওঁলোকে কেতিয়াও বিচলিত নহয়।” সেই ক্ষমতাশালী ব্যক্তিজনক এক উত্তম সাক্ষী প্ৰস্তুত কৰা হʼল।
৫ যিহেতু আমি লোকসকলৰ হৃদয়ত কি আছে তাক নাজানো। কিন্তু সকলোকে সাক্ষাৎ কৰি সাক্ষী দিয়াৰ কাৰ্য্যৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ যে আমি আমাৰ কাৰ্য্যৰ বাবে ঈশ্বৰৰ নিৰ্দ্দশনা আৰু তেওঁৰ সক্ষমতাৰ ওপৰত বিশ্বাস কৰোঁ। ইয়াৰ ওপৰিও, এই প্ৰচাৰ কাৰ্য্যৰ বাবে আনে আশাৰ বাৰ্ত্তা শুনিবলৈ আৰু তাৰ প্ৰতি সহাঁৰি জনাবলৈ সুযোগ পায়। (১ তীম. ২:৩, ৪) আহঁক আমি আমাৰ সময়ক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰি আৰু ৰাজ্যৰ বাৰ্ত্তাক সকলোকে প্ৰচাৰ কৰি যিহোৱাৰ দৰে নিৰপেক্ষতা হবলৈ মনে প্ৰাণে চেষ্টা কৰোঁহক।—ৰোমী. ২:১১; ইফি. ৫:১, ২.