প্ৰশ্ন বক্স
▪ মণ্ডলীৰ সভাবোৰত কোনে প্ৰাৰ্থনা কৰা উচিত?
মণ্ডলীৰ প্ৰাৰ্থনা হৈছে আমাৰ উপাসনাৰ এক গুৰুত্বপূৰ্ণ ভাগ। সকলোৰে হৈ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাটো হৈছে এক বিশেষ অধিকাৰ আৰু মহত্বপূৰ্ণ দায়িত্ব। সেইবাবে, ইয়াক দৃষ্টিত ৰাখি, প্ৰাচীনসকলে মীমাংসা কৰা উচিত যে কোনসকল ভাই প্ৰাৰ্থনা কৰাৰ বাবে যোগ্য। যিসকল বাপ্তিস্মা প্ৰাপ্ত ভায়ে মণ্ডলীত প্ৰাৰ্থনা কৰে তেওঁলোক পৰিপক্ক খ্ৰীষ্টান সেৱক হোৱা উচিত। লগতে মণ্ডলীত তেওঁলোকৰ ভাল উদাহৰণ হোৱা উচিত যাতে তেওঁলোকে সকলোৰে পৰা সন্মান পায়। তেওঁলোকৰ নম্ৰ আৰু সন্মানকাৰী প্ৰাৰ্থনাত যিহোৱা ঈশ্বৰৰ সৈতে ভাল সমন্ধক প্ৰকাশ পোৱা উচিত। যিসকলে মণ্ডলীৰ বাবে ৰাজহুৱাভাবে প্ৰাৰ্থনা কৰে তেওঁলোকৰ কাৰণে প্ৰহৰীদূৰ্গ মে’ ১৫, ১৯৮৬ চনৰ “নম্ৰ হৃদয়েৰে আনৰ আগত প্ৰাৰ্থনা কৰা” বিষয়টো বিশেষকৈ উত্তম।
যিসকল ভাইৰ আচৰণ সন্দেহজনক বা চঞ্চলতা, তেনে লোকক প্ৰাচীনসকলে প্ৰাৰ্থনা কৰিবলৈ কোৱাটো উচিত নহয়। যি ভায়ে প্ৰায়ভাগ কথাতে অসন্তুষ্ট হয় বা কোনো ভাইৰ লগত থকা ব্যক্তিগত মনোমালিন্যৰ বিষয়ে প্ৰকাশ কৰিবলৈ ৰাজহুৱা প্ৰাৰ্থনাক এটা পথ বুলি ভাবে তেনে ভাইক প্ৰাৰ্থনা কৰিবলৈ দিয়াটো ভুল হʼব। (১ তীম. ২:৮) যদিও এজন কিশোৰ ভাই বাপ্তিস্মা প্ৰাপ্ত, তেওঁক প্ৰাৰ্থনা কৰিবলৈ দিয়াৰ আগতে প্ৰাচীনসকলে তেওঁৰ আধ্যাত্মিক পৰিপক্কতাক পৰিক্ষা কৰা অতি গুৰুত্বপূৰ্ণ।—পাঁচ. ১৬:১, ২.
কেতিয়াবা-কেতিয়াবা হয়তো প্ৰচাৰ কাৰ্য্যৰ বাবে সভাত প্ৰাৰ্থনা কৰিবলৈ কোনো ভাই নাথাকিব পাৰে, সেই সময়ত প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা গ্ৰুপৰ বাবে এগৰাকী বাপ্তিস্মা প্ৰাপ্ত ভনীয়ে প্ৰাৰ্থনা কৰিব পাৰে। কিন্তু সেই সময় তাই উপযুক্তৰূপে নিজৰ মূৰত ওৰণি লোৱা আৱশ্যক। যেতিয়া জনা যায় যে প্ৰচাৰ ক্ষেত্ৰৰ বাবে কোনো উপযুক্ত ভাই নাই সেই সময়ত প্ৰাচীনে, এগৰাকী উপযুক্ত ভনীক প্ৰাৰ্থনা কৰিবলৈ নিযুক্তি দিয়া উচিত।
যিহেতু ৰাজহুৱা সভাৰ বাবে যিজন ভাই চেয়াৰমেন হয় সকলো সময়তে সভাৰ আৰম্ভণিৰ প্ৰাৰ্থনাটো তেওঁ কৰে। কিন্তু অন্য সভাবোৰত যদি উপযুক্ত ভাইসকল থাকে আৰু যিসকলে সভাৰ আৰম্ভ বা সভাৰ শেষৰ ভাগত প্ৰাৰ্থনা কৰাৰ কোনো নিযুক্তি নাই, তেনেহʼলে সভাৰ আৰম্ভণি বা শেষত তাৰে যিকোনো ভাইক প্ৰাৰ্থনাৰ বাবে অনুৰুধ কৰিব পাৰে। যিকোনো ক্ষেত্ৰত, যি ভাইক সভাত প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, তেওঁক আগতীয়াগৈ জনাই থোৱা আৱশ্যক যাতে প্ৰাৰ্থনাত কি কি কব পাৰি তাৰ বিষয়ে তেওঁ চিন্তা কৰিব পাৰে। তেতিয়া তেওঁ সেই সভাৰ বাবে যি উচিত আৰু অনুকুল তাক গভীৰভাৱে প্ৰাৰ্থনাত আগবঢ়াব পাৰে।
তেনেধৰণৰ প্ৰাৰ্থনা দীঘলীয়া হোৱা আৱশ্যক নহয়। প্ৰাৰ্থনা কৰাৰ সময়ত যদি ভাইজনে থিয় হৈ স্পষ্টৰূপে সকলোৱে শুনি পোৱাকৈ প্ৰাৰ্থনা কৰে তেনেহʼলে সকলোৱে তেওঁৰ প্ৰাৰ্থনা বুজি পাব। আৰু এইদৰে সভাত অহা সকলো ভাই-ভনীয়ে স্পষ্টকৈ প্ৰাৰ্থনা শুনি পাব আৰু শেষত পূৰ্ণ হৃদয়েৰে “আমীন” কব পাৰিব।—১ বং. ১৬:৩৬; ১ কৰি. ১৪:১৬.