ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যই জীৱন ৰক্ষা কৰাত সহায় কৰে!
১ বৰ্তমান সময়ত এই জগতত চলি থকা কাৰ্য্যটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। কিয়নো এই কাৰ্য্যৰ প্ৰতি যিহোৱা ঈশ্বৰ, যীচু খ্ৰীষ্ট আৰু কোটি কোটি স্বৰ্গদূতসকলে মনোযোগ দিছে। সেই কাৰ্য্যটো কি আৰু কিয় অতি গুৰুত্বপূৰ্ণ? সেই কাৰ্য্যটো হৈছে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্য আৰু ইয়ে জীৱন ৰক্ষা কৰাত সহায় কৰে!—ৰোমী. ১:১৬; ১০:১৩, ১৪.
২ কিছুমানে হয়তো ভাবিব পাৰে যে এই জগতখনৰ পৰিস্থিতিসমূহক উন্নত কৰা কাৰ্য্যত জড়িত হৈ আমি ভালদৰে আনৰ সেৱা কৰিব পাৰোঁ। সেয়েহে, বহুতে শান্তি স্থাপন, ৰোগীক সুস্থ আৰু আৰ্থিক অৱস্থাক উন্নত কৰা কাৰ্য্যত ব্যস্ত হৈ পৰিছে। বাস্তৱতে কিহে লোকসকলক সহায় কৰিব?
৩ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য্য: এই ৰাজ্যৰ বাৰ্ত্তাই কেৱল জীৱনৰ উদ্দেশ্য, মানুহে দুখ-কষ্ট ভোগী থকা কাৰণসমূহ আৰু এক ভাৰসাযুক্ত ভৱিষ্যতৰ বিষয়ে বৰ্ণনা কৰিছে। এই শুভবাৰ্ত্তাই লোকসকলক যিহোৱাৰ বন্ধু আৰু “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি” লাভ কৰাত সক্ষম কৰিছে। (ফিলি. ৪:৭) কেৱল ৰাজ্যৰ বাৰ্ত্তাই লোকসকলক বৰ্তমান জীৱনৰ সমস্যাসমূহৰ সৈতে সফলতাৰে সন্মুখীন হʼবলৈ ব্যৱহাৰিক পথ-প্ৰদৰ্শন আৰু ভৱিষ্যতে আহিবলগীয়া এই দুষ্ট জগতৰ ধ্বংসত ৰক্ষা পোৱাৰ বিষয়ে বৰ্ণনা কৰিছে। (১ যোহ. ২:১৭) গতিকে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰাটো উপযুক্ত নহয়নে?
৪ উদাহৰণস্বৰূপে: প্ৰবল পানীৰ হেঁচাত অতি সোনকালে এটা বান্ধ ভাঙি পৰিবলৈ সম্ভাৱনা থকা এই বিপদৰ সময়ছোৱাত ওচৰৰ গাওঁখনৰ গভীৰ টোপনিত থকা বাসিন্দাসকলক সহায় কৰিবলৈ কি কৰাটো উত্তম হʼব? দুৰ্ব্বল বান্ধাটোৰ পিছফালে থকা পানী সিঁচিবনে? গাওঁখনক ধ্বংস হʼবলৈ এৰি দিবনে? অৱশ্যেই নিদিয়ে! সেই গাওঁবাসীক নিশ্চয়ে টোপনিৰ পৰা জগাই তুলি আগন্তুক বিপদৰ বিষয়ে জাননী দিব আৰু বিপদৰ পৰা ৰক্ষা পাবলৈ সহায় কৰিব! যিসকলে বৰ্তমান সময়ত আধ্যাত্মিকৰূপে নিদ্ৰিত, তেওঁলোকৰ জীৱন এক ভয়ানক বিপদজনক পৰিস্থিতিত আছে। (লূক ২১:৩৪-৩৬) কিয়নো অতি সোনকালে এই ৰীতি-ব্যৱস্থাৰ ধ্বংস হʼব। গতিকে আঁহক আমি সকলো প্ৰচেষ্টাৰে এই অতি আৱশ্যকীয় প্ৰচাৰ কাৰ্য্য কৰিবলৈ যত্ন কৰোঁহঁক!—২ তীম. ৪:২; ২ পিত. ৩:১১, ১২.
৫ এই কাৰ্য্যত একেৰাহে লাগি থাকক: এতেকে আমি নম্ৰ মনৰ লোকসকলক শুভবাৰ্ত্তাৰ বিষয়ে কবলৈ, ঘৰ-ঘৰে, ৰাস্তা-ঘাটত, টেলিফোন আৰু অনিয়মিতৰূপে সকলো প্ৰকাৰে চেষ্টা কৰোঁহঁক। যিহোৱাই আমাক দিয়া এই কাৰ্য্য সকলোতকৈ গুৰুত্বপূৰ্ণ, সেয়েহে আমি ইয়াৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰা আৱশ্যক। যদি আমি উৎসাহেৰে এই কাৰ্য্য কৰোঁ, তেনেহʼলে আমি ‘নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰিব পাৰিম।’—১ তীম. ৪:১৬.