বিশ্বাসী বয়োবৃদ্ধ লোকসকলক স্মৰণ কৰক
১ হান্না নামৰ এগৰাকী ৮৪ বছৰীয়া বৃদ্ধাই কেতিয়াও ‘ধৰ্ম্মধামত উপস্থিত নোহোৱাকৈ নাথাকিল।’ যিহোৱাই তাইৰ বিশ্বাসযোগ্যতাৰ বাবে এক বিশেষ আশীৰ্ব্বাদ দিলে। (লূক ২:৩৬-৩৮) আজিৰ সময়টো ভাই-ভনীসকলে বিভিন্ন পৰিস্থিতিৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও হান্নাৰ দৰে মনোবৃত্তি প্ৰকাশ কৰিছে। যেতিয়া তেনে বিশ্বাসীসকলে কোনো শাৰীৰিক দুৰ্ব্বলতা বা বয়স বৃদ্ধি হোৱাৰ বাবে আন কোনো সমস্যাৰ সম্মুখীন হয় তেতিয়া তেওঁলোকে নিৰুৎসাহিত হৈ পৰে। আঁহক আমি তেওঁলোকক উৎসাহিত কৰি তুলা আৰু উত্তম আধ্যাত্মিকতাক বজাই ৰাখিবলৈ সহায় কৰাৰ কিছুমান ব্যৱহাৰিক পদ্ধতিক আলোচনা কৰোঁহঁক।
২ সভাসমূহ আৰু পৰিচৰ্য্যা: যেতিয়া আনসকলে তেনে বয়োবৃদ্ধ লোকসকলৰ বাবে প্ৰেমেৰে যাতায়তৰ ব্যৱস্থা কৰে তেতিয়া বহুতো বয়স্থ বিশ্বাসী লোকে সহজে নিয়মীয়াকৈ খ্ৰীষ্টান সভাবোৰত উপস্থিত হʼব পাৰে। এইদৰে দীৰ্ঘসময় ধৰি বিশ্বাসী হৈ থকা সেৱকসকলে আধ্যাত্মিকৰূপে লাভবান আৰু ইয়াৰ সৈতে মণ্ডলীৰো কল্যাণ হয়। আপুনি এনে উত্তম কাৰ্য্যত কেতিয়াবা ভাগ লৈছেনে?—ইব্ৰী ১৩:১৬.
৩ নিয়মীয়াকৈ পৰিচৰ্য্যাত ভাগ লোৱাৰ দ্বাৰা প্ৰকৃত খ্ৰীষ্টানসকলে আনন্দ আৰু সন্তুষ্টি লাভ কৰে। কিন্তু নিয়মীয়াকৈ পৰিচৰ্য্যাত ভাগ লোৱাটো বয়স্থ আৰু দুৰ্বল স্বাস্থ্য থকা লোকসকলৰ বাবে প্ৰত্যাহ্বানজনক বিষয় হৈ পৰে। আপুনি এনে প্ৰিয় ভাই-ভনীসকলক নিজৰ “সহকাৰী” হিচাবে লগত লৈ প্ৰচাৰ কাৰ্য্যৰ কিছুমান বৈশিষ্ট্যতাত ভাগ লʼব পাৰিবনে? (ৰোমী. ১৬:৩, ৯, ২১) আপুনি হয়তো তেনে ভাই বা ভনীক আপোনাৰ সৈতে পুনৰ সাক্ষাৎ অথবা এটা গৃহ বাইবেল অধ্যয়নত যাবলৈ নতুবা টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ আমন্ত্ৰণ কৰিব পাৰে। যদি কোনো বয়সস্থ ভাই বা ভনীয়ে ঘৰৰ পৰা কʼলৈকো যাব নোৱাৰে তেন্তে বাইবেল বিদ্যাৰ্থীজনে তেনে ভাই বা ভনীৰ ঘৰলৈ আহিব পাৰেনে?
৪ অধ্যয়ন আৰু সঙ্গতি: মাজে সময়ে কিছুমানে তেনে বয়সস্থ বা দুৰ্ব্বল স্বাস্থ্যৰ লোকসকলক তেওঁলোকৰ সৈতে পৰিয়াল অধ্যয়নত বহিবলৈ নিমন্ত্ৰণ কৰে আৰু কেতিয়াবা তেনে লোকসকলৰ ঘৰত পৰিয়াল অধ্যয়ন কৰিবলৈ ব্যৱস্থা কৰে। এগৰাকী মাতৃয়ে তাইৰ দুটা লʼৰা-ছোৱালীৰ সৈতে আন এগৰাকী বৃদ্ধা ভনীৰ ঘৰলৈ গৈ বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন নামৰ প্ৰকাশনৰ পৰা পৰিয়াল অধ্যয়ন পৰিচালনা কৰে আৰু তেওঁলোক সকলোৱে তেনে সঙ্গতিৰ পৰা উৎসাহিত হয়। তেনে ভাই-ভনীক একেলগে আহাৰ কৰিবলৈ বা আন কাৰ্য্যক্ৰমত ভাগ লবলৈ আমন্ত্ৰণ কৰিলেও তেওঁলোকে আনন্দিত হʼব। শাৰীৰিকৰূপে দুৰ্ব্বল হোৱাৰ বাবে যদি ভাই-ভনীয়ে কোনো ঠাইলৈ যাব নোৱাৰে, তেতিয়া আপুনি হয়তো তেওঁলোকক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে চমুকৈ সংস্থাই প্ৰকাশ কৰা সাহিত্যৰ পৰা পাঠ, প্ৰাৰ্থনা কৰি বা কোনো উৎসাহিতজনক অনুভৱৰ বিষয়ে কৈ তেওঁলোকক উৎসাহিত কৰিব পাৰে।—ৰোমী. ১:১১, ১২.
৫ যিহোৱাই সেই বিশ্বাসী বয়োবৃদ্ধ ভাই-ভনীক মূল্যাঙ্কন কৰে। (ইব্ৰী ৬:১০, ১১) গতিকে আমিও তেনে ভাই-ভনীৰ প্ৰতি যত্ন লৈ আৰু উত্তম আধ্যাত্মিকতা বজাই ৰাখিবলৈ সহায় কৰাৰ দ্বাৰা যিহোৱা ঈশ্বৰক অনুকৰণ কৰিব পাৰোঁ।