ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০২ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ডিচেম্বৰ ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০২ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ডিচেম্বৰ ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৯৩

১২ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক,) আৰু ডিচেম্বৰ ২২ সচেতন! আলোচনীখন বিতৰণ কৰিব পাৰি।

১৫ মি: “ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা ঘোষণা কৰা।”a যেতিয়া ৩ অনুচ্ছেদটো আলোচনা কৰা হয় তেতিয়া পোনপটিয়াকৈ বাইবেল পদ পঢ়ি শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সম্বন্ধে দিয়া পৰামৰ্শসমূহ সন্মিলিত কৰক।​—⁠km-AE ১২/০১ ১ পৃ. ৩ অনু. চাওক।

১৮ মি: সকলো উত্তম কৰ্ম্মক ফলদায়ক কৰি তুলক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। এজন প্ৰাচীনে এই ভাগটোক পৰিচালনা কৰে। স্থানীয় মণ্ডলীয়ে কৰা উন্নতিৰ ফলাফলক পুনৰ নিৰীক্ষণ কৰক আৰু মণ্ডলী গঠনৰ বাবে কৰা প্ৰচেষ্টাক সন্মিলিত কৰক। মণ্ডলী গঠনৰ সময়ত উপস্থিত থকাসকলৰ পৰা উৎসাহজনক অভিজ্ঞতা শুনিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক। ভৱিষ্যতে মণ্ডলী বৃদ্ধি হোৱা সম্ভাৱনাৰ বিষয়ে বিবেচনা আৰু সকলোকে মণ্ডলীৰ কাৰ্য্যবোৰত আগ্ৰহেৰে অংশ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰক।

গীত ১১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২৯

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। ডিচেম্বৰ ২৫ আৰু জানুৱাৰী ১ তাৰিখে বিশেষভাৱে প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰক।

১৫ মি: যিসকল জ্ঞানী তেওঁলোকে বুজি পাব। (দানি. ১২:⁠৩, ১০) এটা প্ৰদৰ্শন প্ৰস্তুত কৰক। আগ্ৰহী ব্যক্তিয়ে এইদৰে সোধে: “মই কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে বাইবেলে শিকোৱা বিষয়বোৰক আপুনি সঠিকভাৱে বুজি পাইছে?” প্ৰকাশকজনে বৰ্ণনা কৰে যে বাইবেলখনৰ পৰা অনুসন্ধান কৰাৰ সময়ত কেনেকৈ নিৰ্ঘন্টমূলক প্ৰণালী ব্যৱহাৰ কৰা হয়। (w৯৬ ৫/১৫ অনু. ১৯-২০) ৰীজনিং কিতাপৰ ১১২-১৭ পৃষ্ঠাৰ পৰা এটা বা দুটা উদাহৰণ দাঙি ধৰে আৰু প্ৰকাশকজনে সাৱধানে শাস্ত্ৰীয় পদৰ পৰা বৰ্ণনা কৰি দেখুৱাই যে কেনেকৈ আমি এই পৃথিৱীৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে বুজিব পাৰিছোঁ। ইয়াৰ উপৰিও প্ৰকাশকজনে বৰ্ণনা কৰে যে সেই একেই পদ্ধতিৰ দ্বাৰা আনক সঠিক বাইবেলৰ শিক্ষাক বুজোৱা আৰু বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰা হয়।

২০ মি: “বিশ্বাসী বয়োবৃদ্ধ লোকসকলক স্মৰণ কৰক।”b আগষ্ট ১, ১৯৯৪ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ২৯ পৃষ্ঠাত দিয়া পৰামৰ্শক সন্মিলিত কৰক। স্বাস্থ্য ভালে নথকাসকলৰ বাবে কেৱল ১৫ মিনিট হʼলেও প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট কৰিবলৈ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰক। এনে কিছুমান অনুভৱ দাঙি ধৰক যʼত বৰ্ণনা কৰা হৈছে যে তেনে লোকৰ সৈতে সঙ্গতি কৰি আশীৰ্ব্বাদ লাভ কৰিছে।

গীত ১৫৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৪৮

১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনীৰ বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন ব্যৱহাৰ কৰক,) আৰু জানুৱাৰী ৮ সচেতন! আলোচনীখন দিব পাৰে, এই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। জানুৱাৰী ৬ তাৰিখৰ সেৱা সভাত কৰিবলগীয়া আলোচনাৰ বাবে সাজু হৈ আহিবলৈ সকলোকে ঔষধে তেজবিহীন চিকিৎসাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅখন চাই আহিবলৈ উৎসাহিত কৰক।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০ মি: “আপুনি সঠিককৈ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিয়েনে?”c যেতিয়া ২ অনুচ্ছেদ আলোচনা কৰা হয় তেতিয়া আমাৰ পৰিচৰ্য্যা নামৰ কিতাপখনৰ ১০৬-৮ পৃষ্ঠাত দিয়া মন্তব্যক সন্মিলিত কৰক।

গীত ১৬৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৫২

৮ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক ডিচেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। যদি আপোনাৰ মণ্ডলীয়ে নতুন বছৰৰ বাবে সভাৰ সময় সাল-সলনি কৰিছে, তেন্তে সকলোকে সেই নতুন সময়ৰ অনুসাৰে নিয়মীয়াকৈ সভাত উপস্থিত হʼবলৈ আগ্ৰহ কৰক। জানুৱাৰী মাহত বিতৰণ কৰিবলগীয়া সাহিত্যসমূহৰ বিষয়ে উল্লেখ কৰক আৰু মণ্ডলীত উপলব্ধ থকা কিতাপবোৰৰ বিষয়ে আলোকপাত কৰক।

১২ মি: বিশ্বাসত কিয় দুৰ্ব্বল হৈ পৰে? শ্ৰোতাসকলৰ সৈতে আলোচনা। আমি প্ৰায়ে এনেবোৰ লোকক লগ পাওঁ যিসকলে অলপমাত্ৰাত ঈশ্বৰক বিশ্বাস কৰে। (২ থিচ. ৩:⁠২) তেনেবোৰ লোকক যিহোৱাৰ বিষয়ে সত্যতাক জনাবলৈ সৰ্বপ্ৰথমে আমি নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা উচিত যে কিহে তেওঁলোকৰ ভাৱধাৰাত প্ৰভাৱিত কৰিছে। ৰীজনিং কিতাপৰ ১২৯-​৩০ পৃষ্ঠাৰ পৰা চাৰিটা কাৰণক বিবেচনা কৰক যে কিহে তেওঁলোকক বিশ্বাস কৰিবলৈ বাধা জন্মাইছে। বিভিন্ন পৰিস্থিতিত বিশ্বাস নকৰা লোকসকলৰ সৈতে কথোপকথন কৰিবলৈ কেনে পৰামৰ্শ ব্যৱহাৰিক হʼব এই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। তেনে লোকসকলৰ সৈতে ব্যৱহাৰিকৰূপে কথোপকথন হোৱা এটা অভিজ্ঞতাক দাঙি ধৰক বা আগষ্ট ২২, ১৯৯৩ চনৰ সচেতন! আলোচনীৰ ১৪-​১৫ পৃষ্ঠাত দিয়া এটা অভিজ্ঞতাক বৰ্ণনা কৰক।

২৫ মি: “স্থানীয় ৰীতি-নীতি আৰু সত্য উপাসনা।”d এজন উপযুক্ত প্ৰাচীনে এই ভাগটো পৰিচালিত কৰে। চমুকৈ দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰথমটো উপস্থাপনত এগৰাকী ভনীয়ে এটা উপযুক্ত সুযোগত সত্যত নথকা স্বামীক পৰিয়ালে উদযাপন কৰা নামকৰণ বা অন্নপ্ৰাশন আচাৰ-অনুষ্ঠানত তাই কিয় ভাগ নলয় এই বিষয়ে বৰ্ণনা কৰে। আনটো উপস্থাপনত এজন সহায়ক সেৱকে অভিনয় কৰি দেখুৱাই যে সত্যত নথকা তেওঁৰ পিতৃ-মাতৃক তেওঁ বিশেষ অন্ত্যেষ্টিক্ৰিয়া ৰীতি-নীতি বা শ্ৰাদ্ধৰ সৈতে জড়িত ৰীতি-নীতিত কিয় ভাগ লʼব নোৱাৰে, তাৰ বিষয়ে বৰ্ণনা কৰে।

গীত ২০৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৬৭

১৩ মি: স্থানীয় ঘোষণাসমূহ। ভালকৈ তৈয়াৰী কৰা এটা উপস্থাপন প্ৰস্তুত কৰি দেখুউৱাক যে কেনেকৈ সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখন গৃহস্থক দিব পাৰে। প্ৰকাশকে গৃহস্থজনক নিজৰ পৰিচয় দিয়াৰ পিছত, এইদৰে কʼব পাৰে, “যেতিয়া কোনোবাই যীচু খ্ৰীষ্টৰ বিষয়ে উল্লেখ কৰে, তেতিয়া বহুতে যীচুক এটা কণমানি শিশু বা যাতনা স্তম্ভত মৃত্যু হʼবলগীয়া ব্যক্তি হিচাবে কল্পনা কৰে। কিয়নো লোকবিলাকে এই দুটা সংক্ৰান্তত অৰ্থাৎ কেৱল যীচুৰ জন্ম আৰু মৃত্যুৰ বিষয়ে চিন্তা কৰে। দৰাচলতে তেওঁৰ জীৱনৰ সময়ছোৱাত কোৱা কথা আৰু অলৌকিক কাৰ্য্যবোৰৰ প্ৰতি প্ৰায়ে লক্ষ্য কৰা নহয়। তেওঁ যি সম্পন্ন কৰিলে সেয়ে এই পৃথিৱীত থকা সকলোৰে জীৱন প্ৰভাৱিত কৰিলে। সেইবাবে তেওঁ আমাৰ নিমিত্তে কৰা আলৌকিক কাৰ্য্যবোৰৰ প্ৰতি শিক্ষা লোৱাটো অতি আৱশ্যক।” যোহন ১৭:⁠৩ পদটো পঢ়ক। সৰ্বশ্ৰেষ্ঠ মানৱ কিতাপখনৰ প্ৰথম পৃষ্ঠাত দিয়া পাতনি খুলক আৰু তাৰ চতুৰ্থ অনুচ্ছেদটো পঢ়ক। যদি গৃহস্থজনে আগ্ৰহী হয়, তেন্তে প্ৰকাশকজনে এইদৰে কʼব পাৰে, “মই আপোনাক এই কিতাপখন দিব বিচাৰিছোঁ, মই ভাবো আপুনি নিশ্চয়ে পঢ়ি আনন্দিত হʼব। যদি আপুনি পঢ়িববলৈ আগ্ৰহী তেনেহʼলে এইখন ৰাখিব পাৰে।” ঘৰে ঘৰে বা অনিয়মিতৰূপে কৰা প্ৰচাৰ নহওঁক কিয় অৰ্থাৎ প্ৰচাৰৰ সকলো বৈশিষ্ট্যতাক আগ্ৰহকতা প্ৰকাশ কৰা লোকসকলক সৰ্বশ্ৰেষ্ঠ মানৱ কিতাপখন দিবলৈ সকলো প্ৰকাশকক উৎসাহিত কৰক।

১৫ মি: তেজ সম্বন্ধে দিয়া ঈশ্বৰৰ আজ্ঞাক পালন কৰাত সহায় কৰা। শাখা কাৰ্য্যালয়ে প্ৰবন্ধ কৰা পৰিলেখৰ ওপৰত ভিত্তি কৰি এজন উপযুক্ত প্ৰাচীনে ভাষণৰ দ্বাৰা এই ভাগটো প্ৰস্তুত কৰে। মণ্ডলীৰ সচিবে তলত দিয়া পত্ৰ অথবা কাৰ্ডবোৰ বিতৰণ কৰিবলৈ তেওঁৰ ওচৰত যথেষ্ট মাত্ৰাত উপলব্ধ থকা আৱশ্যক: অগ্ৰিম চিকিৎসীয় নিৰ্দেশ/মুক্তি পত্ৰ, চিনাক্ত পত্ৰ। এই পত্ৰখন আজিৰ সভা শেষ হোৱাৰ পিছত কেৱল বাপ্তিষ্মা লোৱা প্ৰকাশকসকলক দিয়া হʼব, কিন্তু তেওঁলোকে আজিয়েই সেই পত্ৰখন ভৰ্ত্তি কৰা আৱশ্যক নাই। পত্ৰখনত চহী, সাক্ষী আৰু তাৰিখ পৰৱৰ্তী পুস্তক অধ্যয়নত কৰা হʼব আৰু যিসকলক এই পত্ৰখন ভৰ্ত্তি কৰোঁতে সহায়ৰ আৱশ্যক তেওঁলোকে পুস্তক অধ্যয়ন অধ্যক্ষৰ পৰা সহায় লʼব পাৰে। [চিনাক্ত পত্ৰবোৰ লʼৰা-ছোৱালীৰ মাক-দেউতাকক দিয়া উচিত।] যিসকলে সাক্ষীৰূপে চহী কৰে, আচলতে তেওঁলোকৰ সম্মুখত সেই ব্যক্তিজনে নিৰ্দেশ/মুক্তি পত্ৰখনত চহী কৰা আৱশ্যক। বাপ্তিষ্মা নোলোৱা প্ৰকাশকসকলে তেওঁলোকৰ পৰিস্থিতি আৰু বিশ্বাসৰ অনুসাৰে অগ্ৰিম চিকিৎসীয় নিৰ্দেশ পত্ৰখনৰ বাক্যখিনিক নিজ হাতেৰে প্ৰতিলিপি কৰি নিজৰ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ বাবে প্ৰমাণপত্ৰ বনোৱা আৱশ্যক।

১৭ মি: “আপুনি নিশ্চয়ে ঔষধে তেজবিহীন চিকিৎসাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅʼখন চোৱা উচিত।” এই ভাগটো এজন উপযুক্ত প্ৰাচীনে পৰিচালনা কৰে। ৭ পৃষ্ঠাত দিয়া বক্সটোত প্ৰবন্ধ কৰা প্ৰশ্নবোৰ ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে পোনপটিয়াকৈ তেজবিহীন চিকিৎসা ভিডিঅখনৰ বিষয়ে আলোচন কৰক। সামৰণিত বক্সটোৰ শেষ অনুচ্ছেদটো পঢ়ক।

গীত ৭৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক