স্থানীয় ৰীতি-নীতি আৰু সত্য উপাসনা
১ লোকসকলৰ বন্ধুত্ব স্বভাৱে প্ৰায়ে তেওঁলোকৰ ৰীতি-নীতিৰ একাংশক পালন কৰিবলৈ আমাক আমন্ত্ৰণ কৰে। এই ৰীতি-নীতি হয়তো কোনো নতুনকৈ জন্ম হোৱা শিশু আৰু বিবাহ উপলক্ষে আনন্দৰ সময়ছোৱা অথবা কোনো এজনৰ মৃত্যুত হোৱা শোকাগ্ৰস্ত অৱস্থাৰ সৈতে জড়িত থাকিব পাৰে। যেতিয়া সত্যত নথকা কোনো বন্ধু বা সম্বন্ধীয়া লোকে এনেবোৰ ৰীতি-নীতি পালন কৰিবলৈ আমন্ত্ৰণ কৰে তেতিয়া এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে কেনে পদক্ষেপ লোৱা আৱশ্যক?
২ আমাৰ স্থানীয় এলেকাত সাধাৰণতে পালন কৰা বিশেষ কিছুমান ৰীতি-নীতিত কৰা আমন্ত্ৰণ ৰক্ষাৰ বাবে নিৰ্ণয় লোৱা হয় তেতিয়া এই বিষয়ে বিতংকৈ বিবেচনা কৰিলে উত্তম হʼব। আমি এই ধৰণৰ কাৰণসমূহ বিবেচনা কৰা আৱশ্যক: সেই ৰীতি-নীতি কʼৰ পৰা আৰম্ভ হৈছে বা বৰ্তমান সময়ত ইয়াৰ অৰ্থ কি? এই ধৰণৰ ৰীতি-নীতিসমূহ ঈশ্বৰৰ বাক্যৰ বিপৰীতনে? যদি আমি সন্মানৰ অৰ্থে তাত উপস্থিত হʼবলৈ নিৰ্ণয় লওঁ তেন্তে তাত আমাৰ বিশ্বাসৰ সৈতে নিস্পত্তি কৰাৰ বিপদ আছেনে? কিছুমান ৰীতি-নীতিত ভাগ লোৱাৰ পৰা আঁতৰি থাকি আনৰ বাবে অনাৱশ্যকীয়ভাৱে বাধাৰ কাৰণ হʼবনে?
৩ শিশুৰ জন্মৰ সৈতে সন্মিলিত থকা ৰীতি-নীতি: নতুন সদস্যৰ আগমনত পৰিয়ালৰ সকলোৱে আনন্দিত হয়, কিন্তু জন্মৰ কিছুসময়ৰ পিছত বন্ধুবৰ্গ আৰু আত্মীয়-স্বজনে শিশুটিৰ নামকৰণত তেওঁলোকে আমন্ত্ৰিত হোৱাটো আশা কৰে। এইটো হৈছে এটা ধৰ্ম্মীয় ৰীতি-নীতি, যাক পূজাৰী বা পুৰোহিতৰ দ্বাৰা পৰিচালনা কৰা হয়। হিন্দু শাস্ত্ৰত উল্লেখ কৰা অনুসাৰে তাত বিধি-বিধান সন্মিলিত থাকে আৰু ইয়াৰ উপৰিও জ্যোতিষিসকলৰ দ্বাৰা শিশুটিৰ জন্ম দিনটোৰ ওপৰত আধাৰিত কৰি সোঁৱৰণী লিপিবদ্ধ কৰা হয়।
৪ সাধাৰণতে যেতিয়া শিশুটি সাতমহীয়া হয় তেতিয়া সকলোকে আন এক উদযাপনৰ বাবে আমন্ত্ৰণ কৰা হয়। সেই উদযাপনক “অন্নপ্ৰাশন” বুলি কোৱা হয়। ঠায়ে ঠায়ে এই বিধি আৰু আৱশ্যকতাসমূহ ভিন্ন হʼব পাৰে, ইয়াক প্ৰায়ে সামাজিক নহয় কিন্তু ধৰ্ম্মীয় ৰীতি-নীতি বুলি বিবেচনা কৰা হয় আৰু বিশেষ কিছুমান মন্ত্ৰ বা নিয়মেৰে পালন কৰিবলৈ কেতিয়াবা পূজাৰীক ভাড়া কৰি অনা হয়। কিছুমান স্থানত খ্ৰীষ্টীয়জগতৰ কিছুমান সদস্যই স্থানীয় পুৰোহিতৰ দৰে কাৰ্য্য কৰে।
৫ বাইবেলৰ সময়ত কোনো শিশুৰ নামকৰণ কৰাক এটা আনন্দৰ উৎসৱ হিচাবে গুৰুত্ব দি পালন কৰা হৈছিল। (লূক ১:৫৯; ২:২১; আদি. ২১:৮) যিহেতু ওপৰত উল্লেখ কৰা বিৱৰণীৰ পৰা জানিব পৰা গৈছে যে নামকৰণ আৰু অন্নপ্ৰাশন, প্ৰকৃততে ধৰ্ম্মীয় ৰীতি-নীতি বা পূজাৰ সৈতে জড়িত আছে, যাক উপস্থিত হোৱা সকলে ৰীতি-নীতি অনুসাৰে পালন কৰে বা অংশ গ্ৰহণ কৰে। সেই ৰীতি-নীতিত অশাস্ত্ৰীয় বিচাৰধাৰা, কাৰ্য্য আৰু উপস্থিত হোৱা সকলক প্ৰসাদ দিয়া হয় বা আন ধৰ্ম্মৰ পুৰোহিত অথবা পূজাৰীৰ সৈতে প্ৰাৰ্থনা কৰিবলৈ একত্ৰিত হোৱাটো অন্তৰ্ভূক্ত আছে। প্ৰকাশিত বাক্য ১৮:৪ পদত দিয়া আজ্ঞাৰ অনুসাৰে এজন খ্ৰীষ্টান ব্যক্তিয়ে তেনেধৰণৰ উৎসৱত কোনো ভাগ লʼব নোৱাৰে।
৬ বিবাহ উপলক্ষে: এতিয়ালৈকে সকলোতকৈ অধিক আমন্ত্ৰণ কৰা উৎসৱটো হৈছে বিবাহ সমাৰোহ আৰু অতিথিক জনোৱা আদৰ-সাদৰ। সাধাৰণতে এই উপলক্ষত বন্ধু-বান্ধৱ আৰু দূৰ-সম্পৰ্কীয় ব্যক্তিসকলক বিবাহ ভোজত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰা হয় আৰু তেওঁলোকে নৱ-বিবাহিত দম্পতীক অভিবাদন জনায়। এই বিবাহ একেই ঠাইতে বিভিন্ন ৰীতি-নীতি অনুসাৰে পূজাৰীৰ দ্বাৰা সাধাৰণতে এটা বিশেষ সময়ক শুভ মানি কৰা হয় যদিও সেই সময়ছোৱা সামাজিক সময়-সূচিৰ অনুসাৰে উপযোগী নোহোৱাৰ বাবে সেই উপলক্ষত সাক্ষী হʼবলৈ অতিথিসকলক উপস্থিত থাকিবলৈ আমন্ত্ৰণ কৰা নহয়। যিহেতু ঘনিষ্ঠ সম্পৰ্কীয় লোকসকলে প্ৰায়ে বিবাহ “আচাৰ বিধিত” জড়িত থাকে, যাক নামতেহে কেৱল ধৰ্ম্মীয় অনুক্ৰমে পালন কৰা হয়। বৰ্তমান সময়ত বিবাহত পালন কৰা নীতি-নিয়মৰ প্ৰাৰম্ভিক অৰ্থ লোপ পাইছে আৰু সম্প্ৰদায়ৰ সাধাৰণ বিবাহিক পৰম্পৰা হৈ পৰিছে। তথাপিও আমি এনেবোৰ ক্ষেত্ৰৰ পৰা নিজকে আঁতৰত ৰাখিব লাগে, যি যিহোৱাৰ পৰিৱৰ্তে মিছা ঈশ্বৰৰ উপাসনা, মিছা ধৰ্ম্মীয় বিশ্বাস বা দুষ্ট আত্মাবোৰক আতঙ্ক আৰু সন্তুষ্টিৰ সৈতে জড়িত আছে।
৭ মৃত ব্যক্তিৰ অৰ্থে পালন কৰা উৎসৱ: এইটো হৈছে এনে এটা সময় যʼত সহানুভূতি আৰু প্ৰেমে বন্ধু-বান্ধৱ আৰু প্ৰিয়জনক শোকাগ্ৰস্ত লোকক সান্ত্বনা দিয়াত উপস্থিত হবলৈ পৰিচালিত কৰে। যিহেতু সত্যত নথকা আত্মীয়-স্বজনে আমি তেনে উপলক্ষত উপস্থিত বা অন্ত্যেষ্টিক্ৰিয়া অথবা শৱদাহ কৰ্ম্মৰ বিভিন্ন বিধিত জড়িত হোৱাটো আশা কৰে। আত্মীয়-স্বজনৰ পুৰুষসকলৰ পৰা অপেক্ষা কৰা হয় যে যিদিনা সেই ব্যক্তিৰ মৃত্যু হয়, কোনো পলম নকৰাকৈ তেওঁলোকে যেন সেই মৃতদেহক শ্মশানলৈ নি দহন কৰে আৰু তাৰ পিছত ভস্মসমূহ একত্ৰিত কৰি গঙ্গা বা আন নদীত পেলাই দি অস্থি-সঞ্চয় কৰে। মৃত ব্যক্তিজনৰ বাবে আত্মীয়-স্বজনসকলে শোক কৰাৰ সময়ছোৱাত তেওঁলোকে বিশেষ ধৰণৰ বস্ত্ৰ পৰিধান, খাদ্য খোৱা আৰু নিয়ম পালন কৰাটো সন্মিলিত আছে। এই অন্ত্যেষ্টিক্ৰিয়া নীতি-নিয়ম পালন কৰা ১৩ দিনৰ পিছত শ্ৰাদ্ধ পালন কৰা হয়। তাৰ পিছত পৰিয়ালবৰ্গই সাধাৰণভাৱে আমিষ আহাৰ গ্ৰহণ কৰে, মৃতকৰ আত্মাৰ সন্মানৰ অৰ্থে আত্মীয়-স্বজনক আৰু মঙ্গল কামনা কৰা সকলক আমন্ত্ৰণ কৰে। সাধাৰণতে শ্ৰাদ্ধ পালন কৰিবলৈ বা পূজাৰ পিছত এটা ভোজৰ বাবে আমন্ত্ৰণ কৰা হয়।
৮ এক শুদ্ধ বিবেক ৰাখক: ওপৰত উল্লেখ কৰা বেদৰ মন্ত্ৰসমূহ এজন পূজাৰী বা এজন ব্ৰাহ্মণ অথবা এজন সম্বন্ধীয়া পুৰুষে আত্মা অমৰতাৰ ওপৰত বিশ্বাস কৰি এই ৰীতি-নীতিসমূহ আবৃত্তি কৰে। ঠিক তেনেদৰে খ্ৰীষ্টীয়জগতৰ সদস্যসকলৰ সৈতেও একেইভাৱে প্ৰযোজ্য হয়, যিসকলৰ পুৰোহিতে বিবাহ, অন্ত্যেষ্টিক্ৰিয়া, নামকৰণ আৰু বাপ্তিষ্মাৰ পৰিচালনা কৰে।
৯ তেনে সত্য খ্ৰীষ্টান সদস্যসকলৰ সম্পৰ্কে কি কʼব পাৰি, যিসকলক সত্যত নথকা সম্বন্ধীয়া পৰিয়ালে তেওঁলোকৰ বিশেষ কিছুমান উদযাপনত উপস্থিত হʼবলৈ জোৰ কৰি আমন্ত্ৰণ কৰে? যেনে, অন্য ঈশ্বৰক সন্মান, দুষ্ট আত্মাক সন্তুষ্ট আৰু অমৰ আত্মাক কৰা বিশ্বাসৰ ওপৰত আধাৰিত। হয়তো এনে হʼব পাৰে, সত্যত নথকা পৰিয়ালৰ আন সদস্যসকলে এগৰাকী পত্নী, বোৱাৰী বা বাঢ়ি অহা পুত্ৰক তেনে উদযাপনত উপস্থিত হʼবলৈ অধিক জোৰ দিব পাৰে।
১০ তেনে অৱস্থাত এজন খ্ৰীষ্টানে নামানৰ আৰ্হিক অনুকৰণ কৰিব পাৰে। কিয়নো তেওঁ কুষ্ঠৰোগৰ পৰা সুস্থ হোৱাৰ পিছত যিহোৱাৰ বাহিৰে আন কোনো ঈশ্বৰক উপাসনা নকৰিবলৈ নিৰ্ণয় লৈছিল। যিহেতু তেওঁ ৰজাৰ আৱশ্যকতাসমূহ পূৰণ কৰাৰ সৈতে ৰজাৰ লগত মিছা দেৱতা ৰিম্মোনৰ গৃহত যোৱাতো সন্মিলিত আছিল। তেওঁ হয়তো মিছা দেৱতাৰ সন্মুখত প্ৰণিপাত কৰিবলৈ ৰজাক সহায় কৰিব লগীয়া হৈছিল। সেয়েহে তেওঁ যিহোৱাক তেওঁৰ এই কাৰ্য্যৰ বাবে ক্ষমা বিচাৰি কোনো দায়-দোষ নধৰিবলৈ নিৱেদন কৰিছিল। নামান এজন ঈশ্বৰৰ সত্য উপাসক আছিল, তেওঁ নিজে কোনো মিছা ঈশ্বৰক উপাসনা কৰা নাছিল; তেওঁ তাত কেৱল শাসন ব্যৱস্থাৰ অধীনতহে আছিল।—২ ৰাজা. ৫:১-১৯.
১১ হয়তো আমিও ভাবিব পাৰোঁ যে আমাকো একেইদৰে কাৰ্য্য কৰা আৱশ্যক, যেনে, কেৱল সেই উদযাপনত উপস্থিত থকা কিন্তু কোনো মিছা ধৰ্ম্মীয় কাৰ্য্যত অংশ গ্ৰহণ নকৰা। এজন ব্যক্তিয়ে তেনেবোৰ উদযাপনত উপস্থিত হʼব বা নহʼব, সেইটো হৈছে তেওঁ এটা ব্যক্তিগত নিৰ্ণয়। তেওঁলোকে ঈশ্বৰৰ বাক্যৰ প্ৰশিক্ষিত বিবেকৰ দ্বাৰা যিহোৱা আৰু তেওঁলোকৰ স্বামী বা পিতৃ-মাতৃৰ আজ্ঞাকাৰীতাৰ মাজত থকা বিৰোধিতাক নিৰ্দ্ধাৰণ কৰা আৱশ্যক।—১ পিত. ৩:১৬; ইফি. ৬:১.
১২ কিন্তু মনত ৰাখক যে কিছুমানে হয়তো আপোনাক লক্ষ্য কৰিব আৰু তেওঁলোকে আপোনাৰ ধৰ্ম্মৰ বিষয়ে নাজানিবও পাৰে। তেওঁলোকে হয়তো এই সিদ্ধান্তত উপনীত হʼব পাৰে যে আপুনি সেই ৰীতি-নীতিত সম্পূৰ্ণৰূপে অংশ গ্ৰহণ কৰিছে বা সেই উদযাপনৰ পিছত থকা উদ্দেশ্যত কিছুমাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ মান্তি হৈছে। এই ক্ষেত্ৰত পাঁচনি পৌলে উৎসাহিত কৰা এই বাক্যশাৰীৰ অনুসাৰে কাৰ্য্য কৰাটো কিমান যে উত্তম হʼব। তেওঁ এইদৰে কৈছিল: “প্ৰেম যেন জ্ঞানত আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে, আৰু খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে তোমালোক নিষ্কলঙ্ক আৰু নিৰ্ব্বিঘ্ন” হোৱা।—ফিলি. ১:১০.
১৩ আমাৰ আত্মীয়-স্বজনক আমি কৰা বিশ্বাস আৰু শাস্ত্ৰীয় অৱস্থানৰ বিষয়ে বৰ্ণনা কৰাটো উত্তম নহʼবনে বাৰু? প্ৰকৃততে প্ৰায়ে তেনেধৰণৰ আমন্ত্ৰণ গ্ৰহণ কৰাৰ পূৰ্বেই আমাৰ বিশ্বাসৰ বিষয়ে কোৱাৰ সুযোগ পোৱা যায়। গতিকে বাইবেলত বৰ্ণীত ইষ্টেৰ ৰাণীৰ পৰা শিকা পাঠটোৰ কথা মনত ৰাখি এনে সময় বাছি লওক যেতিয়া তেওঁলোকে ভাল বা সুথিল অৱস্থাত থাকে। তেওঁলোকক সতৰ্কতাৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰক যে আমি কিয় এক শুদ্ধ বিবেকেৰে তেনেধৰণৰ উপলক্ষত ভাগ লʼব নোৱাৰিলোহেঁতেন আৰু আমি কৰা বিশ্বাসৰ এক সাক্ষী দিয়ক। আন বিষয়সমূহৰ সৈতে তেওঁলোকক এইটোও কওক যে যদিও আমি তাত উপস্থিত হওঁ, কিন্তু তাৰ কোনো ৰীতি-নীতিত ভাগ নলওঁ যিটো পৰিয়ালৰ আন সদস্যসকলৰ বাবে অধিক লাজৰ কাৰণ হʼব পাৰে।—ইষ্টে. ৫:১-৮.
১৪ এজন সত্য খ্ৰীষ্টান ব্যক্তিয়ে কেতিয়াও বিবেকী হৈ তেনেবোৰ কাৰ্য্যত সন্মিলিত বা প্ৰাৰ্থনাত অংশ গ্ৰহণ অথবা বাইবেল বিৰোধী ধৰ্ম্মীয় ৰীতি-নীতিক পালন কৰিব নোৱাৰে। নতুবা তেওঁ কেতিয়াও সত্যৰ সীমা লঙ্ঘন নকৰাকৈ কেনেকৈ ধৰ্ম্মত্যাগী কাৰ্য্যত ভাগ লʼব পাৰে তাক জানিবলৈ আগ্ৰহী হয়। কিয়নো শাস্ত্ৰৰ এই আজ্ঞাক পালন কৰিবলৈ তেওঁৰ আৱশ্যকীয় কৰ্তব্য। যʼত এইদৰে কোৱা হৈছে: “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমানভাবে যোঁতা নহবা কিয়নো ধাৰ্ম্মিকতা আৰু অধৰ্ম্ম পৰস্পৰৰ কি সম্পৰ্ক? . . . বিশ্বাস নকৰা জনৰ লগত বিশ্বাস কৰা জনৰ বা কি ভাগ? . . . তোমালোক সিহঁতৰ মাজৰপৰা ওলাই আহি পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা।”—২ কৰি. ৬:১৪-১৭.
১৫ তেনে উদযাপনসমূহত উপস্থিত নহৈ সত্যত নথকা পৰিয়ালৰ আন সদস্যসকলৰ সম্মুখত এনে ভাৱধাৰা দাঙি নধৰিম যে আমি আমাৰ বৃহৎ পৰিয়ালক অগ্ৰাহ্য কৰিছোঁ। আমি সত্যত নথকা পৰিয়ালৰ সদস্যসকলক প্ৰেম আৰু তেওঁলোকৰ প্ৰতি থকা চিন্তা প্ৰকাশ কৰিবলৈ আন সুযোগবোৰৰ প্ৰতি সজাগ হোৱা উচিত। প্ৰায়ে নতুনকৈ হোৱা পিতৃ-মাতৃক উপহাৰ দিয়াৰ দ্বাৰা এটা নতুন পৰিয়ালৰ সদস্যক আদৰণি জনাব পাৰোঁ আৰু ইয়াৰ বাবে আমাক কোনো বিশেষ সময় বা উপলক্ষৰ বাবে অপেক্ষা কৰাৰ আৱশ্যক নাই। ইয়াৰ উপৰিও বিবাহৰ প্ৰস্তুতি, বিবাহলৈ অহা অতিথি আৰু পৰিয়ালৰ আন সদস্যসক আদৰণি জনাই শাৰীৰিকভাৱে সাহায্য আৰু সহযোগ কৰিব পাৰি। এইবোৰ প্ৰায়ে কোনো ধৰ্ম্মীয় ৰীতি-নীতিৰ সৈতে সম্বন্ধ নাই আৰু আন পৰিয়ালৰ সদস্যসকলেও আমি যে বিবাহৰ প্ৰতি আগ্ৰহী তাক তেওঁলোকে দৃষ্টি কৰিব পাৰে। যেতিয়া কোনো এজনৰ মৃত্যু হয় তেতিয়া পৰিয়ালৰ আন সদস্যসকলে ধৰ্ম্মীয় ক্ৰিয়াকৰ্ম্মত ব্যস্ত থাকে। তেনে অৱস্থাত আমি আন ব্যৱহাৰিক পথেৰে সহায় কৰিব পাৰোঁ। সেই সময়ত অতিথিসকলক হয়তো আৱশ্যকীয় সহায় বা তেওঁলোকৰ থকা-মেলাৰ ব্যৱস্থা, স্কুলত যোৱা লʼৰা-ছোৱালী বা নাতি বা নাতিনীবিলাকৰ বাবে সাধাৰণতে খোৱা আহাৰ তৈয়াৰ কৰিব লগা হʼব পাৰে। ইয়াৰ উপৰিও আইন আৰু ৰেজিষ্টাৰৰ সম্পৰ্কে ব্যৱহাৰিক সহায় আগবঢ়াব পাৰি। তেতিয়া সত্যত নথকা পৰিয়ালৰ সদস্যই আমি কেৱল অন্নপ্ৰাশন, শ্ৰাদ্ধ বা আন ধৰ্ম্মীয় উদযাপনত উপস্থিত নোহোৱাৰ বাবে তেওঁলোকক প্ৰেম নকৰা বুলি ভাবিব নোৱাৰে।