প্ৰশ্ন বক্স
▪ কাৰগাৰত বন্দী হৈ থকাসকলক সাক্ষী দিয়াৰ সময়ত কেনে সতৰ্কতা অৱলম্বন কৰা উচিত?
বিশ্বজুৰি প্ৰায়ে ৮ লাখ জন কাৰগাৰত থকা বন্দীসকলৰ কিছুমানে শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহকতা প্ৰকাশ কৰিছে। (১ তীম. ২:৪) এখন শাখা কাৰ্য্যালয়ে কাৰগাৰত বন্দী হৈ থকা ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা প্ৰকাশনসমূহ বা ব্যক্তিগত সাক্ষাতকাৰ বিচাৰি নিৱেদন কৰি লিখা গড় হিচাবে প্ৰত্যেক মাহে প্ৰায় ১,৪০০ খনকৈ চিঠি পায়। যদিও তেওঁলোকৰ বহুতে আন্তৰিকতাৰে আগ্ৰহী হোৱা দেখা যায় তথাপিও অভিজ্ঞতাসমূহে দেখুৱাইছে যে তেওঁলোকৰ কিছুমানে নিজৰ স্বাৰ্থৰ বাবেহে ঈশ্বৰৰ লোকসকলৰ কাষ চাপে। এই বিষয়টো মনত ৰাখি আমাৰ সকলোৱে কাৰাগাৰত বন্দী হৈ থকাসকলক সাক্ষী দিয়াৰ সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত।
প্ৰায়ভাগ ক্ষেত্ৰত কাৰাগাৰত বন্দী হৈ থকা আচামী ব্যক্তিক চিঠিৰ দ্বাৰা সাক্ষী দিয়া হয়। যদিও তেওঁলোকলৈ আধ্যাত্মিক সহায় আগবঢ়োৱাটো সন্মিলিত আছে, এই ক্ষেত্ৰত ভনীসকলক কাৰাগাৰত বন্দী হৈ থকা কোনো পুৰুষ ব্যক্তিক চিঠিৰ দ্বাৰা যোগাযোগ নকৰিবলৈ দৃঢ়ভাৱে কোৱা হৈছে। সেই দায়িত্ব কেৱল উপযুক্ত ভাইসকলেহে বহন কৰা আৱশ্যক। উপযুক্ত ভনীসকলক মহিলা কাৰাগাৰত বন্দী থকা আন্তৰিক আগ্ৰহকতা প্ৰকাশ কৰা মহিলাসকলক বাইবেল সত্যতাৰ বিষয়ে কʼবলৈ যোগাযোগ কৰিবলৈ নিযুক্ত কৰিব পাৰে। কৰাগাৰত বন্দী হৈ থকাসকলে যদিও অনুৰোধ কৰে আৰু আইন অনুসাৰে স্বীকৃতিযুক্ত তথাপিও তেওঁলোকক কোনো টকা-পইচা বা ব্যক্তিগত উপহাৰ দিয়াটো উচিত নহয়।
যদি কাৰাগাৰত বন্দী হৈ থকা এজনে আগ্ৰহকতা দেখুৱাইছে, তেন্তে কাৰাগাৰৰ ওচৰত থকা মণ্ডলীলৈ তেওঁৰ নাম আৰু ঠিকনা পঠোৱা উচিত। সাধাৰণতে তাত থকা উপযুক্ত ভাইসকলে জানে যে ঘটিব পৰা বিভিন্ন পৰিস্থিতিসমূহ কেনেকৈ সমাধান কৰিব পাৰে। যদি উত্থাপন হʼব পৰা পৰিস্থিতিৰ বিষয়ে মণ্ডলীৰ কোনো জ্ঞান নাই, তেনেহʼলে সেই সংবাদসমূহ শাখা কাৰ্য্যালয়লৈ পঠোৱা আৱশ্যক।
কাৰাগাৰত বন্দী হৈ থকাসকলৰ বহুতে এটা সময়ত অধ্যয়ন কৰিবলৈ বন্দীসকলৰ সৈতে এজন নিযুক্ত ভায়ে সভা পৰিচলনা কৰাটো কোনো আপত্তিজনক বিষয় নহয়। যিহেতু কিছুমান বিশেষ উপলক্ষ্যত তেওঁলোকৰ সৈতে প্ৰকাশকসকলে মুকলিকৈ সাক্ষাৎ কৰিব পাৰে তথাপিও কাৰাগাৰৰ ভিতৰত তেনে কৰাটো উচিত নহয়। তদুপৰি তেওঁলোকক সাক্ষাৎ কৰিবলৈ অবিবেচনাপূৰ্বক যোৱা আৰু বন্দীসকলৰ সৈতে সঙ্গতি কৰাটো একেবাৰে নিষেধ।
সেয়েহে আমি কাৰাগাৰত বন্দী হৈ থকা ব্যক্তিসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে “সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা হোজা হোৱা” আৱশ্যক।—মথি ১০:১৬.