ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ৪
  • সঠিক সময়ত আধ্যাত্মিক আহাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সঠিক সময়ত আধ্যাত্মিক আহাৰ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাৰ মেজৰ প্ৰতি মূল্যাঙ্কন দেখুৱাউক
  • ◼ সকলো কাৰ্য্যক্ৰম মনোযোগেৰে শুনক
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ৪

সঠিক সময়ত আধ্যাত্মিক আহাৰ

১ সাৰ্ব্বভৌম প্ৰভু যিহোৱাই এইদৰে কৈছে যে, “মই . . . তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহু ধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।” (যিহি. ৩৬:⁠২৯) সেই ভৱিষ্যতসূচক বাক্যশাৰী বৰ্তমান সময়ৰ যিহোৱাৰ উপাসকসকলত প্ৰযোজ্য হয়। লাক্ষণিকৰূপে কʼবলৈ গʼলে যিহোৱা ঈশ্বৰে তেওঁৰ লোকবিলাকৰ বাবে প্ৰচুৰমাত্ৰাত জীৱন-ৰক্ষক শস্য অঙ্কুৰিত হʼবলৈ আশীৰ্ব্বাদ দিছে। উপযুক্ত সময়ত জিলা অধিৱেশনৰ দ্বাৰা আধ্যাত্মিক আহাৰ প্ৰদান কৰি এই সত্যতাৰ প্ৰমাণ দিলে।

২ কলম্বাছ অহাইয়ত ১৯৩১ চনত হোৱা অধিৱেশনত যিহোৱাই তেওঁৰ উপাসকসকলক ‘যিহোৱাৰ সাক্ষী’ বুলি এক নতুন নাম ধাৰণ কৰিবলৈ নিৰ্দ্দেশনা দিলে। (যিচ. ৪৩:⁠১০-১২) প্ৰকাশিত বাক্য ৭:⁠৯-১৭ পদত উল্লেখ কৰা অনুসাৰে ১৯৩৫ চনত এক বৰ লোকসমূহক চিনাক্ত কৰা হʼল। ভাই নʼৰে ১৯৪২ চনত দিয়া ৰাজহুৱা ভাষণৰ বিষয় আছিল, “শান্তি​—⁠ই চিৰস্থায়ী হʼব পাৰেনে?” সেই ভাষণত বিশ্বব্যাপী প্ৰচাৰ কৰিবলৈ আৰু ৱাচ্ছটাৱাৰ বাইবেল স্কুল অৱ গিলিয়েড্‌ স্থাপন কৰিবলৈ উৎসাহিত কৰা হʼল। কিছুমান অধিৱেশন যদিও বিশেষভাৱে স্মৰণ কৰিবলগীয়া আছিল, তথাপিও সকলোতে প্ৰচুৰমাত্ৰাত পৰিপোষকতা আধ্যাত্মিক আহাৰ উপযুক্ত সময়ত দিয়া হৈছিল।​—⁠গীত ২৩:⁠৫; মথি ২৪:⁠৪৫.

৩ আপুনি কিমান ভালকৈ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰিছে? আমি যদি আহাৰ খাবলৈ যত্ন নকৰোঁ, তেনেহʼলে পুষ্টিকৰ আহাৰেৰে আগুৰি থকাৰ স্বত্ত্বেও পুষ্টিহীনতাত ভোগীব পাৰোঁ। (হিতো. ২৬:⁠১৫) একেইদৰে আধ্যাত্মিক অৰ্থতো সঁচা। কিছুমান অধিৱেশনত এইটো লক্ষ্য কৰা হৈছে যে কিছুমান ভাই-ভনীয়ে অনাৱশ্যকীয়ভাৱে কাৰ্য্যক্ৰম চলি থকাৰ সময়ত বাহিৰত ঘূৰি ফুৰে বা কথা-বতৰা পাতি থাকে। এইটো সঁচা যে উৎসাহজনক কথোপকথন হৈছে অধিৱেশনৰ এটা গুৰুত্বপূৰ্ণ অংশ, যিটো বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে বা শেষত কৰা আৱশ্যক। (উপ. ৩:⁠১, ৭) যদি আমি অধিৱেশনৰ কাৰ্য্যক্ৰম চলি থকাৰ সময়ত নিজৰ আসনত নাথাকোঁ, তেনেহʼলে আমি এক অত্যাৱশ্যকীয় বিষয় শুনাৰ পৰা বঞ্চিত হʼব পাৰোঁ। যাত্ৰাত ভাগৰি পৰা বা গৰম বতৰৰ বাবে কিছুমানে টোপনিয়াব পাৰে। কিন্তু নিশাৰ ভাগত ভালকৈ টোপনি যোৱাই পিছ দিনা অধিৱেশনৰ কাৰ্য্যক্ৰম মনোযোগেৰে শুনিবলৈ সহায় কৰিব। অধিৱেশনৰ বিভাগৰ অধ্যক্ষসকল আৰু অধিৱেশনত নিযুক্ত থকা ভাইসকলে হয়তো কেতিয়াবা অধিৱেশন সংক্ৰান্তত কাৰ্য্যক্ৰম চলি থকাৰ সময়ছোৱাত কোনো আৱশ্যকীয় বিষয়ত কথোপকথন হʼব পাৰে। অন্যথা তেওঁলোকে কাৰ্য্যক্ৰমৰ প্ৰতি মনোযোগ দি এক উত্তম আৰ্হি ৰাখা আৱশ্যক। সকলোৱে সমাপ্তিৰ প্ৰাৰ্থনা নোহোৱালৈকে কাৰ্য্যক্ৰম চলি থকাৰ সময়ত উপস্থিত থকা আৱশ্যক। আমাৰ কোনো এজনেও আধ্যাত্মিক আহাৰৰ বাবে কৰা ব্যৱস্থাৰ প্ৰতি আওকাণ কৰা উচিত নহয়।​—⁠১ কৰি. ১০:⁠১২; ফিলি. ২:⁠১২.

৪ খ্ৰীষ্টীয় জগতৰ জঁয় পৰি যোৱা অপুষ্টিকৰ মিছা সিদ্ধান্তসমূহৰ বিপৰীতে যিহোৱা ঈশ্বৰে প্ৰদান কৰা সত্যতাৰ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰি আমি আনন্দিত নহওঁনে বাৰু! (যিচ. ৬৫:⁠১৩, ১৪) অধিৱেশনবোৰৰ দ্বাৰা যিহোৱাই আমাক দিয়া শিক্ষা লাভৰ সুযোগ গ্ৰহণ কৰি আমি ‘কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ।’ (কল. ৩:⁠১৫) অধিৱেশনত ভাইসকলে দিয়া ভাষণবোৰক আমাৰ ‘মহান শিক্ষকজনৰ’ পৰা অহা বাৰ্ত্তা বুলি গ্ৰহণ কৰা আৱশ্যক। (যিচ. ৩০:⁠২০, ২১; ৫৪:⁠১৩) মনোযোগ দি শুনক আৰু অত্যাৱশ্যকীয় বিষয়বোৰৰ মুখ্য বিষয়বোৰক চমুকৈ টোকি ৰাখক। এনে কৰাৰ দ্বাৰা প্ৰত্যেক সন্ধ্যা কেৱল অধিৱেশনৰ কাৰ্য্যক্ৰমক পুনৰাই আলোকপাত কৰিবলৈ সহায় কৰিব এনে নহয়, কিন্তু বছৰৰ পিছলৈ পৰিচালিত হোৱা সেৱা সভাত মৌখিক পুনৰ নিৰীক্ষণত ভাগ লʼব পাৰিব। তদুপৰি যি শিকিলে তাক নিজৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰক।

৫ হৰমাগিদোন অহাৰ আগেয়ে শৰণাৰ্থী শিবিৰ, যুদ্ধগ্ৰস্ত দেশ বা শান্তিপূৰ্ণভাৱে আয়োজন কৰা সকলো ঠাইৰ জিলা অধিৱেশনসমূহেই নহওক কিয়, এনে কৰাৰ দ্বাৰা চয়তানক পৰাস্ত কৰা হয়। ঐক্যতাবদ্ধ ভাতৃত্ব সমাজৰ সদস্য হিচাবে আমি জিলা অধিৱেশনবোৰত একত্ৰিত হোৱাৰ সুযোগক আন্তৰিকতাৰে মূল্যাঙ্কন কৰোঁ। (যিহি. ৩৬:⁠৩৮) আমি নিশ্চিত যে যিহোৱা ঈশ্বৰে পুনৰাই এবাৰ প্ৰেমপূৰ্বকভাৱে “উচিত সময়ত নিৰূপিত আহাৰ” প্ৰদান কৰিব।​—⁠লূক ১২:⁠৪২.

[Study Questions]

১. যিহিষ্কেল ৩৬:⁠২৯ পদতো আমাৰ সময়ত কেনেকৈ পূৰ্ণ হৈছে?

২. যিহোৱা ঈশ্বৰে জিলা অধিৱেশনবোৰৰ দ্বাৰা উপযুক্ত সময়ত কেনেকৈ আধ্যাত্মিক আহাৰ প্ৰদান কৰে?

৩. আমাৰ জিলা অধিৱেশনত আধ্যাত্মিক ভোজৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ আমি কি কৰা উচিত?

৪. যিহোৱাই প্ৰচুৰ পৰিমাণে দিয়া আধ্যাত্মিক আহাৰৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

৫. জিলা অধিৱেশনবোৰে আমাক কেনেবোৰ কাৰণ প্ৰদান কৰে যাৰ বাবে আমি আনন্দিত হʼব পাৰোঁ?

[Box on page 4]

যিহোৱাৰ মেজৰ প্ৰতি মূল্যাঙ্কন দেখুৱাউক

◼ সকলো কাৰ্য্যক্ৰম মনোযোগেৰে শুনক

◼ মুখ্য বিষয়বোৰক টোকি ৰাখক

◼ প্ৰত্যেক সন্ধ্যা অধিৱেশনৰ কাৰ্য্যক্ৰমক আলোকপাত কৰক

◼ আপুনি শিকা বিষয়বোৰক দৈনন্দিন জীৱনত প্ৰয়োগ কৰক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক