সহনশীলতাৰ বাবে পুৰষ্কাৰ পোৱা
১ “তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।” (লূক ২১:১৯) এই বাক্যশাৰী যীচুৰ সেই ভৱিষ্যতবাণীৰ পৰা লোৱা হৈছে, যʼত তেওঁ “এই জগতৰ শেষ হোৱাৰ” বিষয়ে উল্লেখ কৰি আমাক স্পষ্টকৈ কৈছিল যে অখণ্ডতা বজাই ৰাখিবলৈ আমি অৱশ্যেই অনেক উৎপীড়নৰ সম্মুখীন হʼবলৈ নিজকে প্ৰস্তুত কৰা আৱশ্যক। কিন্তু যিহোৱাৰ শক্তিত আমি প্ৰত্যেকজনে ‘শেষলৈকে সহি থাকি পৰিত্ৰাণ পাম।’—মথি ২৪:৩, ১৩; ফিলি. ৪:১৩.
২ যাতনা, শাৰীৰিক অসুস্থতা, আৰ্থিক সমস্যা আৰু মানসিকৰূপ ভাঙি পৰাতো হৈছে দৈনন্দিন জীৱনৰ বৈশিষ্ট্যতা। কিন্তু আমি কেতিয়াও পাহৰি যোৱা উচিত নহয় যে চয়তানে আমাৰ অখণ্ডতাক ভাঙিবলৈ চেষ্টা কৰে। কিন্তু সকলো সময়ত আমি আমাৰ স্বৰ্গীয় পিতৃৰ প্ৰতি আনুগত্য বজাই ৰাখি আন দিনা তেওঁৰ ঠাট্টাকাৰীৰ প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ দিবলৈ সহযোগ কৰিব পাৰিম। ‘চকু-লোৰে’ যাতনা সম্মুখীন হোৱাটোৰ বিষয়ে তেওঁ কেতিয়াও পাহৰি নাযায়, এই সম্পৰ্কে জানিবলৈ পোৱাটো আমাৰ বাবে কিমান যে আশীৰ্ব্বাদজনক বিষয়! আমি বজাই ৰাখা অখণ্ডতা হৈছে অতি মূল্যৱান, কিয়নো ইয়াৰ দ্বাৰা যিহোৱাৰ মন আনন্দিত হয়!—গীত ৫৬:৮; হিতো. ২৭:১১.
৩ পৰীক্ষাৰ দ্বাৰা পৰিশোধিত হোৱা: যাতনা হৈছে আমাৰ বিশ্বাসৰ দুৰ্ব্বলতা বা এটা ব্যক্তিগত বিগুণ, যিয়ে অহঙ্কাৰ অথবা অধৈৰ্য্যশীল গুণ প্ৰকাশ কৰিব পাৰে। আমি অশাস্ত্ৰীয় উপায়েৰে যাতনাৰ পৰা ৰেহাই বা তাক ওৰ পেলাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্যৰ পৰামৰ্শ পালন কৰি “সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য্য সিদ্ধ কাৰ্য্যবিশিষ্ট” হোৱা আৱশ্যক। কিয় কাৰ্য্যবিশিষ্ট হোৱা আৱশ্যক? কিয়নো পৰীক্ষাসমূহত বিশ্বাসেৰে ধৈৰ্য্যশীল হৈ “সিদ্ধ আৰু সম্পূৰ্ণ” হোৱাত সহায় কৰে। (যাকো. ১:২-৪) ধৈৰ্য্যশীলতাই আমাক মূল্যৱান গুণসমূহ, যেনে, যুক্তিসঙ্গত, সমঅনুভূতি আৰু দয়াৰ দৰে গুণবোৰ বিকশিত কৰিবলৈ সহায় কৰে।—ৰোমী. ১২:১৫.
৪ বিশ্বাস পৰীক্ষা-সিদ্ধতা হোৱা: আমি পৰীক্ষাৰ সম্মুখীন হৈ বিশ্বাস পৰীক্ষা-সিদ্ধতা গুণ আহৰণ কৰোঁ আৰু এই গুণটো হৈছে ঈশ্বৰৰ দৃষ্টিত অধিক মূল্যৱান। (১ পিত. ১:৬, ৭) এনে বিশ্বাসে আমাক আগন্তুক পৰীক্ষা বা যাতনাত দৃঢ় হৈ থাকিবলৈ সাজু কৰি তুলে। তদুপৰি আমি ঈশ্বৰৰ অনুমোদন উপলব্ধি কৰি বাস্তৱিকতাৰ প্ৰতি আমাৰ আশা অধিক শক্তিশালী হৈ পৰিব।—ৰোমী. ৫:৩-৫.
৫ ধৈৰ্য্যশীল হৈ পোৱা আশীৰ্ব্বাদৰ বিষয়ে যাকোব ১:১২ পদত আলোকপাত কৰা হৈছে, যʼত এইদৰে কৈছে: “যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষাসিদ্ধ হলে, . . . জীৱনৰূপ যি কিৰীটি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে।” এতেকে আঁহক আমি যিহোৱাৰ সেৱাক নিষ্ঠাৰে বজাই ৰাখোঁহঁক, কিয়নো আমি নিশ্চিত যে, ‘যিহোৱাক একেৰাহে প্ৰেম কৰাবিলাকে’ অধিক আশীৰ্ব্বাদ লাভ কৰিব।