প্ৰশ্ন বক্স
◼ আন দেশত আৱশ্যক থকা ভাই-ভনীসকলক সহায় কৰিবলৈ ভৌতিক দান কৰাৰ উত্তম পদ্ধতি কি?
কোনো কোনো সময়ত আমি আন দেশত থকা ভাই-ভনীসকলে উৎপীড়ন, প্ৰাকৃতিক দুৰ্যোগ বা আন কঠিন পৰিস্থিতিৰ বাবে ভৌতিক সহায়ৰ আৱশ্যক হোৱাৰ বিষয়ে বাতৰি শুনিবলৈ পাওঁ। তেওঁলোকৰ সহায়ৰ বাবে কিছুমান ভাই-ভনীয়ে পোনপটীয়াকৈ তেনেবোৰ দেশত থকা শাখা কাৰ্য্যালয়লৈ নিজৰ নিজৰ পুঁজি পঠিয়াবলৈ প্ৰেৰিত হয়। পঠোৱা সেই আৰ্থিক দানৰ সৈতে পঠাওঁতা ভাই-ভনীসকলে কোনো নিৰ্দ্দিষ্ট ভাই-ভনী বা মণ্ডলী অথবা ঘৰ নিৰ্মাণ কৰাৰ প্ৰকল্পত সহায়ৰ বাবে সেই দান পঠোৱা হৈছে বুলি নিৱেদন কৰিব পাৰে।—২ কৰি. ৮:১-৪.
সঙ্গী বিশ্বাসী ভাই-ভনীসকলৰ প্ৰতি প্ৰকাশ কৰা তেনে প্ৰেমপূৰ্বক সাহায্য বাস্তৱতে প্ৰশংসনীয়। প্ৰায়ে তেনে দান-বৰঙণি দানকৰ্ত্তাসকলে উল্লেখ কৰা ভাই-ভনীসকলৰ আৱশ্যকতাতকৈ আন আৱশ্যকতা পূৰণ কৰাত অধিক জৰুৰী হয়। কিছুমান ক্ষেত্ৰত নিৰ্দ্দিষ্ট ভাই-ভনীসকলৰ আৱশ্যকতা ইতিমধ্যেই পূৰ্ণ কৰা হৈছে। আমি নিশ্চিত হʼব পাৰোঁ যে বিশ্বব্যাপী কাৰ্য্যৰ বাবে স্থানীয় শাখা কাৰ্য্যালয়লৈ দানকৰ্ত্তাসকলে নিৰ্দ্দিষ্ট কৰি পঠোৱা দানৰ পুঁজি কেৱল ৰাজ্যগৃহৰ নিৰ্মাণ বা দুৰ্যোগৰ সম্মুখীন হোৱা ভাই-ভনীসকলক সাহায্যৰ অৰ্থেহে ব্যৱহাৰ কৰা হয়।
ভাই-ভনীসকলৰ অপ্ৰত্যাশিত আৱশ্যকতাবোৰ অনতিপলমে পূৰ্ণ কৰিবলৈ সকলো শাখা কাৰ্য্যালয়কে প্ৰশিক্ষণ দিয়া হৈছে। সকলো ক্ষেত্ৰতে শাখা কাৰ্য্যালয়ে বিষয়টোৰ সম্পৰ্কে বিতংকৈ প্ৰশাসন গোষ্ঠীক বিৱৰণী দিয়ে। যদি কোনো অতিৰিক্ত সহায়ৰ প্ৰয়োজন হয়, তেন্তে প্ৰশাসন গোষ্ঠীয়ে ওচৰে-পাজৰে থকা শাখা কাৰ্য্যালয়বোৰক সহায় কৰিবলৈ আমন্ত্ৰণ কৰে বা মুখ্য কাৰ্য্যালয়ৰ পৰা পোনপটীয়াকৈ পুঁজি পঠিয়াই।—২ কৰি. ৮:১৪, ১৫.
সেয়েহে বিশ্বব্যাপী কাৰ্য্য, আন দেশত হোৱা নিৰ্মাণ প্ৰকল্প বা দুৰ্যোগত সহায় কৰিবলৈ আপোনাৰ দেশত থকা শাখা কাৰ্য্যালয়লৈ মণ্ডলীৰ যোগে বা ব্যক্তিগতভাৱে পোনপটীয়াকৈ সকলো দান-বৰঙণি পঠোৱা উচিত। এইদৰে প্ৰশাসন গোষ্ঠীয়ে ব্যৱস্থা কৰা সংগঠনমূলক ব্যৱস্থাৰ দ্বাৰা ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ সুশৃংখলাবদ্ধতাৰে বিশ্বজুৰি ভাতৃত্ব সমাজক চোৱাচিতা কৰিব পাৰে।—মথি ২৪:৪৫-৪৭; ১ কৰি. ১৪:৩৩, ৪০.