ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ৩
  • দুৰ্যোগৰ পিছত কেনেকৈ সহায় কৰিব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুৰ্যোগৰ পিছত কেনেকৈ সহায় কৰিব পাৰি?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত যিহোৱাৰ সাক্ষীসকলে সহায় আগবঢ়ায়নে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰশ্ন বক্স
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বিপত্তিৰ সময়ত আমি আমাৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰোঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

দুৰ্যোগৰ পিছত কেনেকৈ সহায় কৰিব পাৰি?

আজি দিনক দিনে প্ৰাকৃতিক দুৰ্যোগ বহুত বেছি বাঢ়ি গৈ আছে। সেইবাবে যেতিযা দুৰ্যোগ আহে, তেতিয়া ভাই-ভনীসকলক সাহায্য আগবঢ়োৱাটো অতি প্ৰয়োজন হৈ পৰে আৰু এই কামত ভাগ লোৱা ভাই-ভনীসকলৰ মাজত ভাল যোগাযোগ হোৱাটো অতি প্ৰয়োজন। সেইবাবে, প্ৰশাসন গোষ্ঠীয়ে প্ৰতিটো শাখা কাৰ্য্যালয়ত প্ৰাকৃতিক দুৰ্যোগ সাহায্য বিভাগ গঠন কৰিছে।

যেতিয়া এই বিভাগৰ ভাইসকলে গম পাই যে কোনো এখন এলেকাত দুৰ্যোগ হৈছে, তেতিয়া তেওঁলোকে লগে লগে সেই ঠাইৰ প্ৰাচীনসকলক যোগাযোগ কৰে আৰু ভাই-ভনীসকলৰ কিহৰ প্ৰয়োজন আছে, তাৰ বিষয়ে তেওঁলোকক সোধে। যদি বহুত বেছি লোকচান হৈছে আৰু সেই এলেকাৰ ভাই-ভনীসকলে নিজে একো কৰিব নোৱাৰে, তেনেহʼলে শাখা কাৰ্য্যালয়ে কিছুমান যোগ্য ভাইক সাহায্য কামৰ নেতৃত্ব লʼবলৈ নিযুক্ত কৰিব। তাৰ পাছত এই ভাইসকলে স্বেচ্ছাসেৱক বা আন বস্তুবোৰৰ বাবে অনুৰোধ কৰিব পাৰে বা তেওঁলোকে সেই এলেকাৰ পৰা প্ৰয়োজনীয় বস্তুবোৰ কিনি ভাই-ভনীসকলক দিব পাৰে।

ভাই-ভনীসকলে নিজে সহায় কৰাৰ পৰিৱৰ্তে সংগঠনে কৰা ব্যৱস্থাৰ অনুসৰি কাম কৰিলে বহুতো লাভ হয়। যেনে, এইদৰে কৰিলে কোনো খেলি-মেলি নহয় আৰু পইচা আৰু বস্তুবোৰ এনেই বৰ্বাদ নহয়। ইয়াৰ লগতে কোনো এটা কাম দুবাৰ দুবাৰ কৰাৰ পৰা আমি আঁতৰি থাকিম।

শাখা কাৰ্য্যালয়ে নিযুক্ত কৰা ভাইসকলে নিৰ্ণয় লʼব পাৰে যে সাহায্য কামত কিমান টকা-পইচা আৰু স্বেচ্ছাসেৱকৰ প্ৰয়োজন হʼব। তেওঁলোকে সেই এলেকাৰ অধিকাৰীসকলৰ লগতো যোগাযোগ কৰিব পাৰে, যাতে তেওঁলোকে আমাৰ সাহায্যৰ কাম সোনকালে কৰিবলৈ সহায় কৰিব পাৰে। সেইবাবে, ভাই-ভনীসকলে নিজে পইচা গোটাব নালাগে আৰু সাহায্যৰ বস্তুবোৰো পঠিয়াব নালাগে। ইয়াৰ উপৰিও যেতিয়ালৈকে তেওঁলোকক কোৱা নহয়, তেতিয়ালৈকে নিজৰ ইচ্ছাৰে যাত্ৰা কৰি সেই ঠাইলৈ যোৱা উচিত নহয়।

তথাপি আমি ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ, সেইবাবে দুৰ্যোগৰ সময়ত তেওঁলোকক সহায় কৰিব বিচাৰোঁ। (ইব্ৰী ১৩:১৬) এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমি দুৰ্যোগৰ সন্মুখীন হোৱা ভাই-ভনী আৰু সাহায্য কামত ভাগ লোৱা ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। দান দি আমি সহায় কৰিব পাৰোঁ। এই দান আমি গোটেই বিশ্বজুৰি হৈ থকা কামৰ বাবে দিব পাৰোঁ। আমি দিয়া দান কʼত ব্যৱহাৰ কৰিলে আটাইতকৈ ভাল হʼব, সেয়া শাখা কাৰ্য্যালয়ে প্ৰশাসন গোষ্ঠীৰ নেতৃত্বত নিৰ্ণয় লয়। আমি যদি ব্যক্তিগতভাৱে সাহায্য কামত সহযোগ কৰিব বিচাৰোঁ, তেনেহʼলে আমি স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কামৰ বাবে আবেদন (DC-50) আবেদন কৰিব পাৰোঁ।

ব্ৰাজিলত ক্ষতিকৰ বানপানী নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

 “ব্ৰাজিলত ক্ষতিকৰ বানপানী” নামৰ ভিডিঅʼখনৰ দৃশ্য। ওপৰৰ পৰা লোৱা ফটোত দেখুৱা হৈছে যে বানপানীৰ বাবে ঘৰ আৰু গছ-গছনিবোৰ পানীত ডুবি আছে।

২০২০ চনত ব্ৰাজিলত হোৱা বানপানীৰ পাছত যিহোৱাৰ সাক্ষীসকলে যিদৰে সাহায্যৰ কাম কৰিলে, তাৰ কি কি কথা আপোনাক ভাল লাগিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক