“অন্তঃকৰণে সৈতে” আজ্ঞাকাৰী হʼবলৈ আনক সহায় কৰক
১ যিহোৱালৈ কৰা উপাসনা গ্ৰহণযোগ্য হʼবলৈ আজ্ঞাকাৰী হোৱাটো অতি গুৰুত্বপূৰ্ণ। (দ্বিতী. ১২:২৮; ১ পিত. ১:১৪-১৬) অতি শীঘ্ৰেই “ঈশ্বৰক নজনাবোৰৰ আৰু . . . শুভবাৰ্ত্তা নমনাবোৰৰ” ওপৰত ঈশ্বৰে ন্যায়-বিচাৰ কৰিব। (২ থিচ. ১:৬) এতেকে “অন্তঃকৰণে সৈতে” ঈশ্বৰৰ বাক্য পালন কৰাত আমি কেনেকৈ আনক সহায় কৰিব পাৰোঁ?—ৰোমী. ৬:১৭.
২ প্ৰেম আৰু বিশ্বাস গঢ়ি তুলাত সহায় কৰক: শাস্ত্ৰত আজ্ঞাকাৰীতাক বিশ্বাসৰ সৈতে নিবিড় সম্পৰ্ক থকা বুলি উল্লেখ কৰিছে। সেয়েহে পাঁচনি পৌলে “অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে . . . বিশ্বাসৰ আজ্ঞাধীনতাৰ নিমিত্তে” বুলি উল্লেখ কৰিছিল। (ৰোমী. ১৬:২৫) ইব্ৰী ১১ অধ্যায়ত বিশ্বাসী লোকসকলৰ বহুতো উদাহৰণ উল্লেখ কৰা হৈছে, যিসকলে যিহোৱাৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিছিল। (ইব্ৰী ১১:৭, ৮, ১৭) আনহাতে, অবাধ্যতাক বিশ্বাসহীনতাৰ সৈতে সম্পৰ্ক ৰাখা বুলি কৈছে। (যোহ. ৩:৩৬; ইব্ৰী ৩:১৮, ১৯) আনক সহায় কৰি আজ্ঞাকাৰীতা হʼবলৈ তেনে বিশ্বাস বিকশিত কৰিবলৈ আমি ঈশ্বৰৰ বাক্যক নিপুণতাৰে ব্যৱহাৰ কৰা আৱশ্যক।—২ তীম. ২:১৫; যাকো. ২:১৪, ১৭.
৩ তদুপৰি আজ্ঞাকাৰীতা ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ সৈতেও সম্পৰ্ক আছে। (দ্বিতী. ৫:১০; ১১:১, ২২; দ্বিতী. ৩০:১৬) এই সম্পৰ্কে ১ যোহন ৫:৩ পদত এইদৰে কৈছে যে, “ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” আমি বিদ্যাৰ্থীসকলক ঈশ্বৰৰ প্ৰতি তেনে প্ৰেম বিকশিত কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ? অধ্যয়নৰ সময়ত যিহোৱাৰ গুণসমূহৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰিবলৈ সুযোগ গ্ৰহণ কৰক। ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ নিজৰ গভীৰ অনুভূতিৰ বিষয়ে প্ৰকাশ কৰক। যিহোৱাৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিবলৈ থকা উক্তিবোৰৰ বিষয়ে ভাবিবলৈ বিদ্যাৰ্থীজনক সহায় কৰক। সকলোতকৈ আৱশ্যকীয় বিষয় হৈছে, যিহোৱাৰ প্ৰতি থকা প্ৰেমে আনক আৰু আমাক হৃদয়েৰে তেওঁৰ আজ্ঞাকাৰীতা হʼবলৈ প্ৰেৰিত কৰিব।—মথি ২২:৩৭.
৪ আমাৰ আৰ্হিৰ দ্বাৰা: আনক শুভবাৰ্ত্তাৰ প্ৰতি আজ্ঞাকাৰীতা হʼবলৈ আমি নিজৰ আৰ্হিৰ দ্বাৰা শক্তিশালীৰূপে সহায় কৰিব পাৰোঁ। কিন্তু ‘আজ্ঞাকাৰীতা হৃদয়ৰ’ বাবে আমি নিৰন্তৰে প্ৰচেষ্টা কৰা উচিত। (১ ৰাজা. ৩:৯, NW; হিতো. ৪:২৩) এনে কৰাত কি সন্মিলিত আছে? আপোনাৰ হৃদয়ক পৃষ্ঠপোষকতা কৰিবলৈ আপুনি নিয়মিত বাইবেল অধ্যয়ন আৰু সভাত উপস্থিত হোৱা আৱশ্যক। (গীত ১:১, ২; ইব্ৰী ১০:২৪, ২৫) তেনে লোকসকলৰ সৈতে সঙ্গতী কৰক যিসকলৰ হৃদয় সত্য উপাসনাত ঐক্যবদ্ধ। (হিতো. ১৩:২০) আপোনাৰ এলেকাত থকা নম্ৰ লোকসকলক সহায় কৰাৰ ইচ্ছাৰে নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লওক। এক উত্তম হৃদয় বিকশিত কৰিবলৈ সহায় আৰু নিৰ্দ্দেশনা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গীত ৮৬:১১) আপোনাৰ হৃদয়ক ভ্ৰষ্ট কৰিব পৰা অনৈতিক বা হিংসাত্মক মনোৰঞ্জনৰ পৰা আঁতৰি থাকক। এনে বিষয়বোৰ গ্ৰহণ কৰক যিয়ে আপোনাক ঈশ্বৰৰ নিকটৱৰ্ত্তী কৰি তেওঁৰ সৈতে থকা আপোনাৰ সম্বন্ধক শক্তিশালী কৰিব। (যাকো. ৪:৭, ৮)
৫ যিহোৱাই প্ৰাচীন সময়ৰ লোকসকলক কৈছিল যে যদি তেওঁলোকে তেওঁৰ আজ্ঞা পালন কৰে, তেন্তে নিশ্চয়ে আশীৰ্ব্বাদ লাভ কৰিব। (দ্বিতী. ২৮:১, ২) একেইদৰে বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে “তেওঁৰ আজ্ঞা মনাবিলাকক” অধিককৈ আশীৰ্ব্বাদ কৰে। (পাঁচ. ৫:৩২) এতেকে আঁহক আমি আমাৰ শিক্ষাদান আৰু আৰ্হিৰ দ্বাৰা হৃদয়েৰে আজ্ঞাকাৰী হʼবলৈ আনক সহায় কৰোঁহঁক।
[Study Questions]
১. যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলৰ পৰা কি বিচাৰে?
২. দৃঢ় বিশ্বাস বিকশিত কৰিবলৈ আনক কিয় সহায় কৰা আৱশ্যক?
৩. (ক) আজ্ঞাকাৰীতা কেনেকৈ প্ৰেমৰ সৈতে সম্পৰ্কে আছে? (খ) যিহোৱাৰ প্ৰতি প্ৰেম বিকশিত কৰিবলৈ আমি বিদ্যাৰ্থীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?
৪. (ক) আমাৰ আৰ্হিয়ে কিয় গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে? (খ) এক ‘আজ্ঞাকাৰী হৃদয়’ বিকশিত কৰিবলৈ আমি কি কৰা উচিত?
৫. আজ্ঞাকাৰী সকলে কেনেকৈ আশীৰ্ব্বাদ লাভ কৰিছে?