শব্দবোৰৰ বুজা-বুজি
যীচুৱে “আজ্ঞা মানিবলৈ শিকিলে”
যীচুৱে সদায় যিহোৱাৰ আজ্ঞা মানিলে। (যোহ. ৮:২৯) তেনেহʼলে বাইবেলত কিয় লিখা আছে যে “তেওঁ বহুতো দুখ-কষ্ট সহন কৰি আজ্ঞা মানিবলৈ শিকিলে।”—ইব্ৰী ৫:৮.
পৃথিৱীত যীচুৱে এনে পৰিস্থিতিৰ মাজেদি পাৰ হৈছিল, যি স্বৰ্গত কেতিয়াও হোৱা নাছিল। যেনে, তেওঁক এনে পিতৃ-মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল, যিসকলে যিহোৱাক প্ৰেমতো কৰিছিল, কিন্তু অসিদ্ধ আছিল। (লূক ২:৫১) ধৰ্ম গুৰু আৰু অধিকাৰীসকলৰ বাবে তেওঁ বহুত কিছু সহ্য কৰিবলগীয়া হʼল। তেওঁলোকে যীচুৰ লগত অন্যায় কৰিলে আৰু বহুত শাস্তি দিলে। (মথি ২৬:৫৯; মাৰ্ক ১৫:১৫) অৱশেষত তেওঁক শাস্তি দি মাৰি পেলালে। বাইবেলত লিখা আছে যে ‘তেওঁ নিজকে নম্ৰ কৰিলে আৰু মৃত্যুলৈকে আজ্ঞা পালন কৰিলে।’—ফিলি. ২:৮.
এই পৰিস্থিতিত যীচুৱে নতুন উপায়েৰে আজ্ঞা মানিবলৈ শিকিলে, যি তেওঁ স্বৰ্গত শিকিব নোৱাৰিলেহেঁতেন। সেইবাবে, তেওঁ এনে এজন ৰজা আৰু মহা-পুৰোহিত হʼব পাৰিলে, যিজনে আমাৰ লগত সহানুভূতি দেখুৱাব পাৰে। (ইব্ৰী ৪:১৫; ৫:৯) দুখ-কষ্ট সহন কৰি যীচুৱে যিদৰে যিহোৱাৰ আজ্ঞা মানিবলৈ শিকিলে, তাৰ বাবে তেওঁ যিহোৱাৰ দৃষ্টিত আৰু বহুমূল্য হৈ পৰিল আৰু সেই কাম কৰিবলৈ যোগ্য হৈ পৰিল, যি যিহোৱাই তেওঁক দিছিল। যদি আমিও কঠিন পৰিস্থিতিত যিহোৱাৰ আজ্ঞা মানোঁ, তেনেহʼলে আমি তেওঁৰ দৃষ্টিত আৰু বহুমূল্য হৈ পৰিম আৰু তেওঁ আমাক যিয়ে কাম নিদিয়ক কিয় আমি সেয়া ভালদৰে পূৰ কৰিব পাৰিম।—যাকো. ১:৪.