ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১০-১১
যীচুৱে লোকসকলক জিৰণি দিছিল
“মোৰ যুৱলি সুসহ্য”
এজন বাঢ়ৈ বা কাঠমিস্ত্ৰী হিচাপে যীচুৱে যুৱলিৰ আকাৰৰ বিষয়ে ভালদৰে জানিছিল। যুৱলিখন আৰামদায়ক হʼবলৈ তেওঁ হয়তো কাপোৰ অথবা চামৰা লগাইছিল। আমি যেতিয়া বাপ্তিষ্মা লৈ যীচুৰ শিষ্য হোৱাৰ যুৱলি গ্ৰহণ কৰোঁ, তেতিয়া আমি প্ৰত্যাহ্বানজনক কাৰ্য্য আৰু দায়িত্ববোৰ পালন কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰোঁ। কিন্তু এনে কৰাৰ যোগেদি আমি সতেজ অনুভৱ কৰোঁ আৰু বহুতো আশীৰ্ব্বাদ লাভ কৰিবলৈ সক্ষম হওঁ।
যেতিয়াৰপৰা আপুনি যীচুৰ যুৱলি কঢ়িয়াবলৈ আৰম্ভ কৰিছে, তেতিয়াৰপৰা আপুনি কি কি আশীৰ্ব্বাদ লাভ কৰিবলৈ সক্ষম হৈছে?