খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পিতৃ-মাতৃসকল, লʼৰা-ছোৱালীক আধ্যাত্মিকতাত আগবাঢ়িবলৈ সহায় কৰক
ঈশ্বৰৰ প্ৰতি ভয় ৰখা পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱা ঈশ্বৰৰ বিশ্বাসী সেৱক হোৱাটো বিচাৰে। পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক সৰুৰেপৰা বাইবেলৰ সত্যতা শিকোৱাৰ যোগেদি এনে কৰিবলৈ সহায় কৰিব পাৰে। (দ্বিতী ৬:৭; হিতো ২২:৬) ইয়াৰ বাবে কিছুমান ত্যাগ কৰাৰ প্ৰয়োজন আছে নেকি? নিশ্চয়! কিন্তু মনত ৰাখিব পাৰোঁ যে পৰিশ্ৰমৰ বিনিময়ত যি ফল পোৱা যায়, সেয়া অতুলনীয়।—৩যোহ ৪.
পিতৃ-মাতৃসকলে, যোচেফ আৰু মৰিয়মৰপৰা বহুতো কথা শিকিব পাৰে। অসুবিধা আৰু খৰচ-পাতি হোৱাৰ সত্ত্বেও, তেওঁলোকে “বছৰে বছৰে নিস্তাৰ-পৰ্ব্বৰ সময়ত যিৰূচালেমলৈ” গৈছিল। (লূক ২:৪১) তেওঁলোকে পৰিয়ালৰ আধ্যাত্মিক প্ৰয়োজনীয়তাক প্ৰথম স্থান দিছিল। ঠিক সেইদৰে, বৰ্তমান সময়ত পিতৃ-মাতৃসকলে বাক্য আৰু কাৰ্য্যৰ যোগেদি নিজৰ লʼৰা-ছোৱালীক শিক্ষা দি সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰিব পাৰে।—গীত ১২৭:৩-৫.
তেওঁলোকে প্ৰতিটো সুযোগ গ্ৰহণ কৰিলে নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
জন আৰু চেৰণ স্বীলাৰে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ লগতে কেনেকৈ যিহোৱাৰ সেৱা কৰিছিল?
প্ৰতিজন সন্তানক শিক্ষা দিয়া, নিৰ্দেশনা দিয়া আৰু শুধৰণি কৰাৰ বাবে পিতৃ-মাতৃসকলে কিয় বেলেগ বেলেগ উপায় অৱলম্বন কৰা উচিত?
পৰীক্ষাৰ সময়ত বিশ্বাসেৰে স্থিৰে থাকিবলৈ পিতৃ-মাতৃসকলে নিজৰ সন্তানক কেনেকৈ সাজু কৰিব পাৰে?
যিহোৱাৰ সংগঠনে এনে কি কি প্ৰকাশন আগবঢ়াইছে, যিবোৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ লʼৰা-ছোৱালীক আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ সহায় কৰিব পাৰে?
আপোনাৰ পৰিয়ালত আধ্যাত্মিক কাৰ্য্যক প্ৰথম স্থান দিয়ক