খ্ৰীষ্টান হিচাপে জীৱন-যাপন
খ্ৰীষ্টৰ দৰে নম্ৰ আৰু বিনয়ী হওক
এতিয়ালৈকে এই পৃথিৱীত জীৱিত থকা লোকসকলৰ ভিতৰত যীচু খ্ৰীষ্টই আছিল সবাতোতকৈ মহান ব্যক্তি। কিন্তু তেতিয়াও তেওঁ নম্ৰ আৰু বিনয়ী আছিল। সেইবাবে, তেওঁ যিহোৱা ঈশ্বৰক মহিমা কৰিছিল। (যোহ ৭:১৬-১৮) আনহাতে, চয়তান বা দিয়াবলৰ মনোবৃত্তি যীচুতকৈ একেবাৰে বেলেগ আছিল। দিয়াবলৰ অৰ্থ হৈছে “মিছলীয়া।” (যোহ ৮:৪৪) ফৰীচীসকলেও চয়তানৰ দৰে অহংকাৰী আছিল আৰু সেইবাবে তেওঁলোকে খ্ৰীষ্ট বা মচীহক বিশ্বাস কৰা লোকসকলক তুচ্ছ জ্ঞান কৰিছিল। (যোহ ৭:৪৫-৪৯) যেতিয়া আমি মণ্ডলীত কোনো কাৰ্য্য কৰাৰ বাবে দায়িত্ব লাভ কৰোঁ, তেতিয়া আমি যীচুৰ দৰে কেনেকৈ নম্ৰ আৰু বিনয়ী হʼব পাৰোঁ?
‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—ঈৰ্ষা আৰু ফিতাহি মৰাৰপৰা আঁতৰি থাকক, ভাগ ১ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নটো আলোচনা কৰক:
আজেশে কেনেকৈ ফিতাহি মাৰি কথা কৈছিল?
‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—ঈৰ্ষা আৰু ফিতাহি মৰাৰপৰা আঁতৰি থাকক, ভাগ ২ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
আজেশে কেনেকৈ নম্ৰতা দেখুৱায়?
আজেশে কেনেকৈ দিলীপ আৰু কপিলক উৎসাহিত কৰে?
‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অহংকাৰ আৰু অভদ্ৰ আচৰণ কৰাৰ পৰা দূৰে থাকক, ভাগ ১ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নটো আলোচনা কৰক:
ভাই তৰুণে কেনেকৈ বিনয়ী গুণ দেখুৱাত বিফল হয়?
‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অহংকাৰ আৰু অভদ্ৰ আচৰণ কৰাৰ পৰা দূৰে থাকক, ভাগ ২ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
ভাই তৰুণে কেনেকৈ বিনয়ী গুণ দেখুৱায়?
ভাই তৰুণৰ ভাল উদাহৰণৰপৰা আকাঙ্খাই কি শিক্ষা লাভ কৰে?